নবীন ছাৰ
(শিক্ষক-শিক্ষয়িত্ৰী, বন্ধু-বান্ধৱীসকললৈ সন্মান আৰু শুভেচ্ছাৰে)
চাইকেলৰ কেৰিয়াৰত বগাকৈ দীঘল নুৰিয়াই বান্ধি অনা কাগজৰ টোপোলাটো দেখিয়েই মাষ্টৰনীয়ে ভাবিলে-হ’ল আৰু, এসপ্তাহমানলৈ ঘৰখন বাৰিষাৰ বতৰৰ নিচিনা হৈ থাকিব। এইমাত্ৰ যদি ফৰকাল, পিচমুহূৰ্ততে একেবাৰে গোমা।
স্কুলবোৰত বছৰেকীয়া পৰীক্ষা চলি আছে। নবীন ছাৰে মাখিবাহা হাইস্কুলত নৱম আৰু দশম শ্ৰেণীত অংক আৰু সপ্তম আৰু অষ্টম শ্ৰেণীত বিজ্ঞান পঢ়ায়। আজি নৱম শ্ৰেণীৰ অংকৰ পৰীক্ষা আছিল। স্কুলৰ পৰা আহোঁতে পৰীক্ষাৰ বহীবোৰ নুৰিয়াই বান্ধি চাইকেলৰ কেৰিয়াৰত লৈ ঘৰ পাইছেহি।
মাষ্টৰনী সন্ত্ৰস্ত হ’ল। দুপৰীয়া ধুই ৰ’দাবলৈ দিয়া কাপোৰকেইখন আনিবলৈ এৰি ততাতৈয়াকৈ ৰান্ধনী ঘৰত সোমাল। পৰীক্ষাৰ বহি আনিছে যেতিয়া আজি আৰু আন কাম একো নকৰে। ভৰি-হাত ধুইয়েই পঢ়া মেজত বহিব। তাৰ আগতেই চাহ একাপ ভালকৈ খুৱাই ল’ব লাগিব। পৰীক্ষাৰ বহী চাবলৈ ল’লে কি বা পৰিবেশ হয় ঠিকনা নাই। ৰাতিলৈ ভাত খোৱাৰো একো নিশ্চয়তা নাই।
চাহৰ বাবে গেছৰ চৌকাত পানী তুলি দি মাষ্টৰনীয়ে পিছচোতাললৈ চালে। মাষ্টৰ বাথৰূমৰ পৰা ওলোৱা নাই। চেনি-চাহপাত দি চাহখিনি উতলিবলৈ দি মাষ্টৰনী শোৱনি কোঠাৰ সংলগ্ন কোঠাটোলৈ আহিল আৰু মাষ্টৰৰ পঢ়া মেজখন বেৰৰ পৰা এহাতমান আঁতৰলৈ টানি আনিলে। মাষ্টৰ অহাৰ আগতেই তেওঁ চাহ জলপান সজাবলৈ ৰান্ধনী ঘৰলৈ গ’ল। পৰীক্ষাৰ বহীৰ টোপোলাটো খোলাৰ আগতে চাহ-জলপান খুৱাই ল’ব লাগিব। ইয়াৰ পাছত আৰু কেইদিনমানলৈ ঘৰখনত কেনেকুৱা পৰিবেশ হ’ব মাষ্টৰনীৰ জনা আছে।
বহীৰ টোপোলাটো খুলি প্ৰথমে মাষ্টৰে আটাইবোৰ বহী এটা এটাকৈ পাতবোৰ লুটিয়াই চাই যাব। অংকবোৰ শুদ্ধ হৈছে নে ভুল হৈছে নাচায়, মাথোঁ কোনজন ছাত্ৰ বা ছাত্ৰীয়ে কিমান পৰিপাটিকৈ অংকবোৰ কৰিছে ওপৰে ওপৰে চাব। এনেকৈ চাওঁতে এবাৰ যদি মুখখন বিৰক্তিত বিকটাই দিয়ে, পাছমুহূৰ্ততে হয়তো আনন্দত উজলি উঠে।
ইয়াৰ পাছত ছাৰৰ বহী চোৱা পৰ্ব আৰম্ভ হয়। প্ৰথমে আটাইতকৈ ভাল হ’ব বুলি ভবা বহীখন মেলি ল’ব। সকলো ঠিকে থাকিলেতো ভালেই, মাষ্টৰনীক ক’ব- ‘হেৰা, এই নিৰ্মালীয়ে বৰ ভাল কৰিছেহে। এটাও ভুল কৰা নাই। এই আমাৰ নাম ৰাখিব চাবা। দিয়াচোন ভালকৈ চাহ একাপ দিয়া।’
কিন্তু যদিহে নকৰিবলগীয়া ভুল কৰে বা বেছিকৈ ভুল কৰে, ছাৰৰ হাত আৰু মুখ সমানে চলিবলৈ ধৰে- ‘হেৰ’ তোৰ মূৰটো কৰিছ – বুলি বাওহাতখন সম্মুখলৈ। ইমানকৈ ক’লোঁ বাৰে বাৰে অনুশীলন কৰিবি, অংক পঢ়ি চোৱা বস্তু নহয় নহয়।’ ‘হেৰা, দেখিছানে ইয়াৰ কাণ্ড! এইটো অংক বাৰু ভুল কৰিব লাগেনে? কি কৰা যায় ইয়াকলৈ!’
এনেকুৱা বহী ওলালেই মাষ্টৰনীয়ে বুজি পায় যে মানুহজনে যেতিয়ালৈকে আন এখন সন্তোষজনক বহী নাপাব, তেতিয়ালৈকে মেজৰ পৰা নুঠে। সকলোৰে যে ভাল হ’ব লাগিব তেনে নহয়। আচলতে মেধা অনুযায়ী কোনে কিমান শুদ্ধকৈ অংকবোৰ কৰিব পাৰে নবীন ছাৰৰ এটা ধাৰণা থাকে। কোনোবা ছাত্ৰই ৪০-৫০ পালেও মুখত হাঁহি বিৰিঙাই ক’ব-‘হেৰা, ই মুকুলে বৰ ভাল কৰিছেহে। এইবাৰ ৫০ পালেহে। চাওঁ ভালকৈ চাহ একাপ দিয়াচোন। নে ভাতেই হ’ল?’ কিন্তু যেতিয়ালৈ সন্তোষজনক বহী এখন নাপাব, তেতিয়ালৈ মুখত বিৰক্তি, খং আৰু হাতেৰে বেৰ বা মেজত চৰ-ভুকু মাৰি হাত আৰু আঙুলিৰ বিষ তোলা সমানেই চলি থাকিব। মাষ্টৰনীয়ে সেয়েহে সদায় বেৰৰ পৰা মেজখন আঁতৰলৈ আনে, এই পৰীক্ষাৰ বহী চোৱা কেইদিন।
মাষ্টৰনীয়ে জানে এই খং, বিৰক্তি, হাতৰ আখৰা মাথোঁ ঘৰতহে। স্কুলত মানুহজন সদায় শান্ত-সৌম্য। ছাত্ৰ-ছাত্ৰীসকলৰ অতি আদৰৰ। নকৰিবলগীয়া ভুল কৰা কেউটিকে পৰীক্ষা শেষ হ’লেই অতিৰিক্ত শ্ৰেণীৰ ব্যৱস্থা কৰি শিকাই দিব।
বিয়াৰ পাছত সম্পৰ্কীয় মানুহতকৈয়ো ছাত্ৰ-ছাত্ৰীৰ কথা বেছিকৈ কোৱা, কোনো দুষ্ট ছাত্ৰৰ স্খলন আৰু দুৰ্ব্যৱহাৰত ব্যথিত হৈ ৰাতি ভাত নোখোৱাকৈ থকা আৰু ভালকৈ শুব নোৱাৰা, তাহানিতে স্কুল পাছ কৰি যোৱা কোনো প্ৰাক্তন ছাত্ৰৰ উল্লেখনীয় সফলতাত উৎফুল্ল হৈ এলবাম উলিয়াই মাষ্টৰনীক ফটো দেখুওৱা এই মানুহজনক যোৱা বিশ বছৰে পৰম আশ্বৰ্য্যৰে দেখি আহিছে মাষ্টৰনীয়ে।
ঘৰৰ বাকী সদস্যক ভাত-পানী দি মাষ্টৰনী ওচৰতে থকা বিচনাত বহি মানুহজনলৈ চাই ৰ’ল পৰম মমতা, আবেগ আৰু গৌৰৱেৰে। হয়, মোৰ মানুহজন এজন শিক্ষক। সঁচাকৈয়ে।
মাষ্টৰনীয়ে মনতে প্ৰাৰ্থনা কৰিলে- এইখন বহীৰ উত্তৰবোৰ ভাল হওক। মানুহজনক ভাতকেইটা গৰমে গৰমে খাবলৈ দিও।