নাকফুলি পিন্ধা তিৰোতাবোৰ – তৃষ্ণা নেওগ বৰুৱা

নাকফুলি পিন্ধা তিৰোতাবোৰ দেখিলে

সবাতোকৈ সুখী যেন লাগে

এজাৰবুলীয়া কলিজাত তেওঁলোকে

সাঁচি ৰাখে সুখৰ সোণাৰু

নিৰন্ধ্ৰ আন্ধাৰক বশ কৰাৰ মন্ত্ৰ

বিচাৰি তেওঁলোকে হাবাথুৰি নাখায়

হিচাপ নাৰাখে শোৱাপাটীৰ পৰা

হৰলুকি হোৱা নিদ্ৰা আৰু মৈথুনৰ

চকুলোৰ বাবে আহৰি নাই তেওঁলোকৰ
ঘৰ্মাক্ত দুগালৰ

নাকফুলি পিন্ধা তিৰোতাবোৰ সবাতোকৈ সুখী

চিৰিলাচিৰিল আকাশখন সী থোৱাৰ

কিটিপ জানে বাবেই ৰ’দ-বৰষুণৰ সৈতে

তেওঁলোকৰ সহজ মিতিৰালি

তেওঁলোক চিলনীৰ জী

শূন্য পাত্ৰ পূৰ্ণ কৰি মজিয়াত সজাই ৰাখে

মাইহাং অভিযোগৰ সুযোগ নাৰাখি

মোৰ আইতাই নাকফুলি পিন্ধিছিল

আইতাৰ নাকৰ ছিদ্ৰটোৱে সদম্ভে সেইকথা
ঘোষণা কৰিছিল

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!