নাগাৰা নাম – দিপিকা ডেকা

 ‘নাগাৰা নাম’ শব্দটোত লুকাই আছে এক অনুভৱ৷ সৰুৰে পৰাই আমাৰ ঘৰখনত আছিল এক সুকীয়া পৰিবেশ৷ সৰু-ডাঙৰ সকলোৱেই নাগাৰা নাম বুলিলেই বলিয়া৷ নাগাৰা নামত ব্যৱহৃত বাদ্যযন্ত্ৰ নাগাৰা-তাল বজোৱা, বৰদেউতা-খুড়া-দেউতাহঁতক দেখি আমি সৰুবোৰো আকৰ্ষিত হৈছিলোঁ৷ নাগাৰা নামৰ কেছেটেৰে ভৰি আছিল আমাৰ ঘৰ৷ নাম শুনা-গোৱাটো আজৰি সময়ৰ কাম আছিল৷ পাঠকৰ মুখে মুখে আমিও চিঞৰি চিঞৰি গাইছিলোঁ৷
নাগাৰা নামৰ লগত চিনাকি হৈছিল অসমৰ এগৰাকী নাগাৰা নামৰ সাধক সন্মানীয় ৰামচৰণ ভঁৰালীদেৱৰ কণ্ঠেৰে৷ এক বিশেষ আকৰ্ষণ জাগিছিল এই কণ্ঠৰ প্ৰতি৷ সেই আকৰ্ষণেই টানি লৈ গৈছিল জাৰ-জহকো নেওচি তেখেতৰ অনুষ্ঠান উপভোগ কৰিবলৈ৷
সেই বিশেষ আকৰ্ষণীয় কণ্ঠৰ গৰাকীৰ লগতেই বন্ধুত্বৰ সম্পৰ্ক স্থাপন হ’ল ফেইচবুকৰ জৰিয়তে৷ এগৰাকী সুন্দৰ মনৰ ব্যক্তি৷ তেখেতৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰা মোৰ এটা অনুৰোধতে তেখেতে যুগুতাই দিছিল তেখেতৰ বিষয়ে বিভিন্নজনে কাকত-আলোচনীত লিখা কিছু কথা৷
সেই কথাবোৰকে আপোনাসবৰ ওচৰত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ৷ আশা কৰোঁ সকলোৱে পঢ়ি তেখেতৰ বিষয়ে কিছু কথা জানিবলৈ সক্ষম হ’ব৷

“নাগাৰা নামৰ যাদুকৰ ৰামচৰণ ভঁৰালী আৰু তেখেতৰ জীৱনৰ বিষয়ে কিছু আলোকপাত”

দুখেৰে পাতনি জীৱনৰ: –

এটা সাধাৰণ মধ্যবিত্ত পৰিয়ালত ১৯৩৩ চনত জন্ম লাভ কৰা ৰামচৰণ ভঁৰালীৰ জীৱনৰ আদিছোৱা আছিল পংকিলতৰে ভৰা৷ ঘাত-প্ৰতিঘাতেৰে মোকাবিলা কৰি জীৱনৰ পথত খোজ দিছিল তেওঁ৷ বিশেষকৈ জীৱন সম্পৰ্কে ধাৰণা নৌপজোঁতেই ১৫ বছৰ বয়সত পিতৃ-মাতৃ আৰু ভনীয়েকক চিৰদিনৰ বাবে হেৰুৱায়৷ বেদনাৰে ভাৰাক্ৰান্ত জীৱনটোক এক অন্য দৃষ্টিৰে চাবলৈ বাধ্য হৈছিল কিশোৰ ৰামচৰণ ভঁৰালী৷ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে ৯ বছৰ বয়সত ৰামচৰণ মাতৃহাৰা হোৱাৰ মৰ্মান্তিক বেদনা সহিবলগীয়া হয়৷ মাতৃ বিয়োগৰ পিছত মাহীমাকৰ অকৃত্ৰিম লালন-পালনত ডাঙৰ-দীঘল হয়৷ কিন্তু তাৰে দুবছৰ পিছতে দ্বিতীয়গৰাকী ভনীয়েক বীণা ভঁৰালীৰ আকস্মিক মৃত্যুৱে তেখেতৰ অন্তৰলৈ পুনৰ বেদনাৰ অশ্ৰু নমাই আনে৷ ভনীয়েক বীণা ভঁৰালীৰ পুষ্পিতা হোৱাৰ দিনাই মৃত্যুক সাৱটি লোৱা ঘটনাটোৱে আজিও ব্যথিত কৰি তোলে তেওঁক৷ ইয়াৰ পিছতো দুখে-সংগ এৰা নাছিল৷ জাগাৰা হাইস্কুলত অষ্টম শ্ৰেণীৰ ছাত্ৰ তেতিয়া৷ তেখেতৰ বয়স ১৫ বছৰ৷ সেই বছৰতে তেখেতৰ পিতৃ ললিত ভঁৰালী পৰলোকগামী হয়৷ মাত্ৰ ৬ টা বছৰৰ ভিতৰতে তিনিজনকৈ আপোন মানুহক হেৰুওৱাৰ বেদনাই ভাৰাক্ৰান্ত কৰি তুলিছিল তেখেতক৷ ইফালে পিতৃৰ মৃত্যুৰ পিছত যৌথ পৰিয়ালটোলৈ ভয়াৱহ দুৰ্যোগ নামি আহে৷ পিতৃ অবিহনে গুৰিয়ালবিহীন নাৱৰ দৰে হৈ পৰে দুৰ্ভগীয়া পৰিয়ালটি৷ একমাত্ৰ উপাৰ্জনকাৰী পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালটোৰ ভৰণ-পোষণৰ ক্ষেত্ৰত সাংঘাতিক সমস্যাই দেখা দিয়ে৷ এনে দুশ্চিন্তাই কিশোৰ ৰামচৰণকো আহুকালত পেলাইছিল৷ উপায়ন্তৰ হৈ পৰিয়ালটোৱে খোৱা-লোৱাৰ বাবে মাটি বিক্ৰী কৰিবলৈ আৰম্ভ কৰে৷ প্ৰায় ২৫/৩০ বিঘা মাটিৰ ওঠৰ বিঘামান মাটিৰ প্ৰতি বিঘাত ২০০/৩০০ মূল্যত বিক্ৰী কৰি সৰ্বস্বান্ত হৈছিল৷ এটা সময়ত ধনৰ অভাৱত পৰিয়ে তেখেতে দশম শ্ৰেণীতেই শিক্ষা জীৱনৰ সামৰণি মাৰিছিল৷

যাত্ৰা পাৰ্টিত খোজ: –

ইতিমধ্যে পিতৃৰ বিয়োগৰ পিছত পৰিয়ালটোত আৰ্থিক দৈন্যই দেখা দিছিল৷ আৰ্থিক দৈন্যত ভুগি ৰামচৰণে দশম শ্ৰেণীতেই পঢ়াৰ যৱনিকা পেলায়৷ এক দোদুল্যমান অৱস্থাতে বলোৱাৰ ‘প্ৰগতি সংঘ’ৰ যাত্ৰা পাৰ্টিৰ সৈতে এক সম্পৰ্ক গঢ়ি তুলিছিল৷ অভিনেতা মহানন্দ শৰ্মা, কামিনী শৰ্মা, বসন্ত শৰ্মা, ৰমণী মোহন ডেকা, চন্দ্ৰ ডেকা অভিনিত বলোৱাৰ এই যাত্ৰা পাৰ্টিটো সেইসময়ত বিখ্যাত আছিল বুলিয়ে ক’ব পাৰি৷ ৰামচৰণৰ মাজত কলাসুলভ গুণ বিচাৰি পাই তেওঁলোকৰ যাত্ৰা পাৰ্টিত সুমুৱাই লোৱাৰ প্ৰস্তাৱ আগবঢ়ায়৷ ৰামচৰণে সুৱৰ্ণ সুযোগ বুলি বিবেচনা কৰি পৰিয়ালৰ হকা-বাধা একো নামানি সেইবছৰেই অৰ্থাৎ ১৯৫২ চনত বলোৱা প্ৰগতি যাত্ৰা পাৰ্টিত যোগ দি যাত্ৰা অভিনয়ত খোজ পেলায়৷ ১৯৫২ চনৰ পৰা ১৯৬৩ চনলৈ মুঠ ১১ টা যাত্ৰা পাৰ্টিত তেওঁ অভিনয় কৰিছিল৷

শিল্প, কৰ্মক্ষেত্ৰ আৰু শিল্পকৰ্মৰাজিৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ: –

ইংৰাজী ১৯৬৪ চনত নাগাৰা নামৰ দল এটি গঠন কৰি তেখেতে নাগাৰা শিল্পী (পাঠক) হিচাপে নাগাৰা নামত মনোনিৱেশ কৰে আৰু আজি পৰ্যন্ত নাগাৰা নাম পৰিৱেশন কৰি আছে৷ উল্লেখযোগ্য যে সমগ্ৰ অসমতে নাগাৰা নাম পৰিৱেশন কৰাৰ উপৰি অৰুণাচল প্ৰদেশ আৰু দিল্লীতো তেখেতে নাগাৰা নাম পৰিৱেশন কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ভিতৰত ১৯৭৯ চনত অসম আন্দোলনৰ পটভূমিত ৰচিত আন্দোলনৰ শ্লোগানধৰ্মী নাম এটি পৰিৱেশন কৰি গোটেই অসমতে শ্ৰোতা-দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছতে পূৰ্বাঞ্চলীয় লোক পৰিষদৰ অধ্যক্ষ নিবাৰণ বৰাৰ জীৱন আৰু কৰ্মৰ ওপৰত এটি নাগাৰা নাম পৰিৱেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল৷ ইংৰাজী ১৯৯১ চনৰ পৰা ২০১০ চনলৈ অসমৰ শ্ৰোতা-দৰ্শকলৈ তেওঁ অডিঅ’ কেছেট ৮৫ খন আৰু ভিডিঅ’ কেছেট ৩০ খন উপহাৰ দিয়াৰ উপৰি ৬ খন নাগাৰা নামৰ কিতাপ উপহাৰ দিছে৷
১৯৭৯ চনৰ পৰা অসমত চলা বিদেশী বহিষ্কাৰ আন্দোলনৰ ঘোৰ সমৰ্থক আছিল নাগাৰা নামৰ শিল্পী ৰামচৰণ ভঁৰালী৷ ছাত্ৰসন্থাৰ নেতৃত্বত চলা এই আন্দোলনত যোগ দিয়া ৰামচৰণ ভঁৰালীয়ে এই আন্দোলনটোৰ উদ্দেশ্যৰ পটভূমিত ৰচিত নামটো সেই সময়ত বৰ জনপ্ৰিয় হৈ উঠিছিল৷ তেখেতৰ ভাষাত, “মোৰ এই নামটোৱে সৰ্বাধিক দিন ধৰি একেৰাহে পাঁচ-ছবছৰ অসমৰ বিভিন্ন ঠাইত পৰিৱেশন কৰিছোঁ৷ ইয়াৰ আগত বা পিছত মোৰ কোনো নাম ইমান জনপ্ৰিয় হোৱা নাছিল৷” এই নামটো দৰাচলতে আন্দোলনৰ শ্লোগানহে আছিল বুলি ক’ব পাৰি, যাৰ বাবে বিভিন্ন ঠাইত নাম পৰিৱেশন কৰি থকাৰ সময়ত আৰক্ষী আহি নাম বন্ধ কৰি দিছিল৷ আন্দোলনৰ ভৰপক সময়তে এই নামটো পৰিৱেশন কৰি থকাৰ সময়তে কেইবাহাজাৰ শ্ৰোতা-দৰ্শকে ‘ছাত্ৰ আন্দেলন জিন্দাবাদ’ ধ্বনি দি আকাশ-বতাহ মুখৰিত কৰি তুলিছিল৷
১৯৮০ চনত ৰামচৰণ ভঁৰালীক আৰক্ষীয়ে ঘৰৰ পৰা ধৰি নি মাৰ-পিট কৰি পিছত এৰি দিছিল৷ আৰক্ষীৰ দ্বাৰা অপদস্ত-নিৰ্যাতিত হোৱাটোৱে ৰামচৰণ ভঁৰালীৰ মনক আৰু অধিক জেদী কৰি তুলিছিল৷ আন্দোলনৰ সমৰ্থক হোৱাৰ বাবেই চৰকাৰী নিৰ্যাতনৰ সন্মুখীন হোৱা ৰামচৰণ ভঁৰালীয়ে আন্দোলনৰ পৰিসমাপ্তি নোহোৱা পৰ্যন্ত নিজৰ দাড়ি-চুলি নকটাৰ প্ৰতিজ্ঞা কৰে৷ দীঘল দাঢ়ি আৰু চুলিকোছাৰে পাঠক ৰামচৰণ ভঁৰালী এক অন্য ৰূপেৰে অসমবাসীৰ মাজত পৰিচিত হৈ পৰিল৷ ১৯৮৫ চনৰ ১৫ আগষ্টত চুক্তি অনুসাৰে এই আন্দোলনৰ যৱনিকা পৰাৰ পিছদিনা তেখেতে দাঢ়ি আৰু চুলি পৰিপাটিকৈ কাটিছিল৷ কিন্তু তেখেতে সেই বেশেৰে নাগাৰা নাম পৰিৱেশন কৰিবলৈ যোৱাত দৰ্শকে পূৰ্বৰ দীঘল দাঢ়ি-চুলিৰে দেখাৰ হাবিয়াস কৰাত পুনৰ তেওঁ দাঢ়ি-চুলি ৰখাৰ সিদ্ধান্ত লয় আৰু তেতিয়াৰ পৰাই আজি কেইবাবছৰো ধৰি ৰামচৰণ ভঁৰালীয়ে দাঢ়ি-চুলি কটা নাই৷

চৰকাৰী স্বীকৃতি নাগাৰা নামক: –

নাগাৰা নাম লোক-সংস্কৃতিৰ অংগ হোৱাৰ পিছতো তেখেতে কৃষ্টিবিধক জাউতিযুগীয়া কৰি ৰখাৰ বাবে যিখিনি ত্যাগ স্বীকাৰ কৰিছে, আন কোনেও কৰা নাছিল বুলিয়ে ক’ব পাৰি৷ চৰকাৰীভাৱেও এলাগি এইবিধ কৃষ্টি৷ অসমৰ লোক-সংস্কৃতিৰ কেইবাজনো শিল্পীক চৰকাৰী শিল্পী-পেঞ্চন প্ৰদান কৰি অহা হৈছে যদিও নাগাৰা নামৰ শিল্পীক এনে পেঞ্চন দিয়া হোৱা নাছিল৷ নাগাৰা নামেৰে অসম বিখ্যাত হোৱা ৰামচৰণ ভঁৰালীয়ে শিল্পী-পেঞ্চনৰ বাবে কেইবাবাৰো আৱেদন কৰি বিমুখ হ’বলগীয়া হৈছিল৷ ভঁৰালীয়ে ১৯৯৪ চনত এককালীন চৰকাৰী সাহায্য লাভ কৰে আৰু ১৯৯৮ চনত নাগাৰা নামে পোনপ্ৰথমবাৰৰ বাবে চৰকাৰী স্বীকৃতি হিচাপে নাগাৰা নামৰ যাদুকৰ ৰামচৰণ ভঁৰালীয়ে শিল্পী-পেঞ্চন পাবলৈ সক্ষম হয়৷

ৰেডিঅ’-টিভিত ৰামচৰণ ভৰালী: –

নাগাৰা নামেৰে অসমৰ লোক-সংস্কৃতিত বৰপীৰা পাৰি বহিবলৈ সক্ষম হোৱা ৰামচৰণ ভঁৰালীৰ ব্যস্ততাও বহুখিনি বাঢ়িল৷ মাহৰ প্ৰতিটো নিশাই নাগাৰা নাম পৰিৱেশনত ব্যস্ত থকা ৰামচৰণ ভঁৰালীয়ে ১৯৬৮ চনত গুৱাহাটীৰ চান্দমাৰিত নাম পৰিৱেশন কৰিছিল৷ সেইনিশা চান্দমাৰিস্থিত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অনুষ্ঠান সঞ্চালকগৰাকীয়ে ৰামচৰণ ভঁৰালীৰ নাগাৰা নাম চাই আপ্লুত হয়৷ নাগাৰা নাম পৰিৱেশনৰ অন্তত অনাতাঁৰ কেন্দ্ৰৰ বিষয়াগৰাকীয়ে তেখেতক লগ ধৰি ৰেডিঅ’ত নাগাৰা নাম পৰিৱেশন কৰাৰ বাবে আমন্ত্ৰণ জনায়৷ সেইবছৰতে তেখেতে ৰেডিঅ’ত ‘মহিসাসুৰ বধ’ শীৰ্ষক নাগাৰা নামটো পৰিৱেশন কৰি শ্ৰোতা-ৰাইজৰ মনত খলকনি তুলিছিল৷
গুৱাহাটী মহানগৰীৰ সকলো সৰু-বৰ অনুষ্ঠানতে ৰামচৰণ ভঁৰালীৰ নাগাৰ নাম পৰিৱেশন নিয়মিত হৈ পৰিছিল৷ গুৱাহাটীবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ মাজত তেখেতৰ জনপ্ৰিয়তাই তেখেতক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰতো নাগাৰা নাম পৰিৱেশনৰ সুযোগ আনি দিছিল৷ ১৯৯৬ চনত তেখেতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ যোগে ‘কৃষ্ণ-অৰ্জুন সংবাদ’ শীৰ্ষক নাগাৰা নামটো পৰিৱেশন কৰিছিল৷ টিভিত নাগাৰা নাম পৰিৱেশন কৰোঁতে কেনেকুৱা দেখা গৈছিল সেয়া নিজে উপভোগ কৰিব নোৱাৰিলে, কিয়নো যিদিনা টিভিত তেখেতৰ অনুষ্ঠান সম্প্ৰচাৰ হৈছিল সেইদিনা তেখেত আন ক’ৰবাত নাগাৰা নাম পৰিৱেশনত ব্যস্ত আছিল৷

নাগাৰা নামৰ কেছেট: –

নাগাৰা নামেৰে জনপ্ৰিয় হৈ পৰা ৰামচৰণ ভঁৰালীৰ নাগাৰা নামক লৈ এচামে ব্যৱসায় কৰাৰো চেষ্টা কৰে৷ ১৯৮৮ চনৰ কথা- সেই সময়ত কেছেট সম্পৰ্কে কোনো স্পষ্ট ধাৰণা নাছিল নাগাৰা নামৰ যাদুকৰ ৰামচৰণ ভঁৰালীৰ৷ বসন্ত বায়ন নামৰ এজন লোকে এদিন আহি তেখেতৰ ক’লে যে কেছেটত তেওঁ নাম গাব লাগে৷ ইয়াৰ বিনিময়ত তেওঁ একো দিব নালাগে৷ অসমৰ প্ৰতি ঘৰে ঘৰে তেওঁৰ নামে সমাদৰ পাব৷ টকা দিব নালাগে, সোণালী প্ৰস্তাৱ৷ লগে লগে সন্মতি জনালে তেওঁ৷ সেইমতে ৰেকৰ্ডিঙো হ’ল ‘লক্ষ্মীনাৰায়ণ’ শীৰ্ষক নামটো৷ এই কেছেটখনে ৰামচৰণ ভঁৰালীৰ জনপ্ৰিয়তা আৰু বহুখিনি বঢ়াই দিয়ে৷ অৱশ্যে মাজতে এদিন বসন্ত বায়নে আহি ২০০ টকা দি গৈছিল৷ ইয়াৰ পিছতে ৰামচৰণ ভঁৰালীৰ নাগাৰা নামৰ কেছেট নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহে সাংস্কৃতিক ক্ষেত্ৰত জড়িত যুৱক, নলবাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তফজ্জুল হুছেইনে৷ তফজ্জুল হুছেইনৰ গ্ৰীণডন ষ্টুডিঅ’ত ৰামচৰণ ভঁৰালীৰ দ্বিতীয়খন নাগাৰা নামৰ কেছেট ‘চিত্ৰকেতু’ ৰেকৰ্ডিং কৰা হয়৷ এই কেছেটখন অভিলেখ সংখ্যাত বিক্ৰী হয়৷ এই কেছেটখনে তেখেতৰ জনপ্ৰিয়তা আৰু দুগুণে বৃদ্ধি কৰে৷ তেতিয়াৰে পৰা এতিয়ালৈ তেখেতে প্ৰায় চাৰে তিনিকুৰি কেছেটত নাম পৰিৱেশন কৰিছে৷ ইয়াৰ উপৰি শেহতীয়াভাৱে ৬ খন নাগাৰা নামৰ ভি. চি. ডি. নিৰ্মাণ হৈ ওলাইছে৷ সেইকেইখন হ’ল – ‘পদ্মাৰ জন্ম’, ‘কলিৰ আগমন’, ‘সুনীতিৰ বনবাস’, ‘মহিষাসুৰ বধ’, ‘নাগেশ্বৰৰ বিয়া’ আৰু ‘কংসৰ জন্ম’৷

ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পোৱা সন্মান: –

১) ১৯৯৪ চনত অসম চৰকাৰৰ পৰা এককালীন সাহায্য৷
২) ১৯৯৮ চনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন৷
৩) ২০০২ চনৰ ১২ ছেপ্তমবেৰত অসম নাট্য সন্মিলনৰ পৰা ‘নাগাৰা সূৰ্য’ সন্মান প্ৰদান৷
৪) ২০০৮ চনত পূৰ্বাঞ্চলীয় লোক পৰিষদৰ পৰা ‘নিবাৰণ বৰা বঁটা’৷
৫) ২০০৮ চনৰ ২৬ এপ্ৰিলত অসম সাংস্কৃতিক মহাসভাৰ ‘জীৱন জোৰা সংস্কৃতি সাধনা বঁটা’৷
৬) ২০১০ চনৰ ২৬ মাৰ্চত ‘অসম নাম সমাৰোহ’, শ্ৰী শ্ৰী আউনীআটি সত্ৰত প্ৰতিনিধিত্ব৷
৭) ২০১০ চনৰ ৫ ডিচেম্বৰত ‘অখিল ভাৰতীয় নাম সমাৰোহ’-ত (নতুন দিল্লী) প্ৰতিনিধিত্ব৷
৮) ২০১০ চনৰ ১২ ডিচেম্বৰত ‘ভাৰতীয় দলিত সাহিত্য একাডেমী’-ৰ পৰা ‘ড° আম্বেদকাৰ কলাশ্ৰী বঁটা’৷
৯)২০১১ চনত ‘জীৱন জোৰা সংস্কৃতি সাধনা বঁটা’৷
১০) ২০১২ চনৰ ২৬ অক্টোবৰৰ পৰা ‘National Folklore Support Centre’ ৰ পৰা ‘টাটা ফেল’শ্বিপ’ লাভ৷
১১) ২০১৫ চনৰ ৩০ এপ্ৰিলত ‘এনাজৰী বঁটা’৷
১২) ২০১৭ চনৰ ১১ ফেব্ৰুৱাৰীত ‘মোহন ভাইৰা বঁটা’৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!