নাগৰহ’লে ৰাষ্ট্ৰীয় উদ্যান : অঙ্কুৰ দত্ত
নাগৰহ’লে ৰাষ্ট্ৰীয় উদ্যান হৈছে কৰ্ণাটকৰ পশ্চিম প্ৰান্তৰ মহীশুৰ(মাইচৰ) আৰু কডাগু জিলাৰ সীমাত পাহাৰৰ নামনিত অৱস্থিত এখনি মনোমোহা অৰণ্য। তিনিখন সংৰক্ষিত অৰন্য আৰ্কেৰি, হাত্গাত আৰু নালকেৰিক একেলগ কৰি এই নাগৰহ’লে সংৰক্ষিত বনাঞ্চল গঠন কৰা হৈছিল। ১৯৮৩ চনত নাগৰহ’লেই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্য্যদা পায়। নাগৰহ’লেৰ অৰ্থ হৈছে snake river, মানে নদী নাগৰহ’লেৰ মাজেদি বৈ গৈছে সেইখন সাপৰ নিছিনা একা-বেঁকা। উদ্যানখনৰ মাটিকালি প্ৰায় ৬৪৩ বৰ্গ কিঃমিঃ। আজি মই এইখন ৰাষ্ট্ৰীয় উদ্যানৰ কথা লিখিব ওলাইছোঁ কাৰণ মই এতিয়ালৈকে চোৱা উদ্যানসমূহৰ ভিতৰত এইখন অলপ ব্যতিক্ৰম যেন লাগিল, অন্য ৰাষ্ট্ৰীয় উদ্যানসমূহৰ দৰে ইয়াত যেন এতিয়াও আধুনিকতাৰ পৰশ পৰা নাই।
নাহৰফুটুকী, চিতা বাঘ আৰু লেপাৰ্ডৰ ঘন আবাদীৰ বাবে পিছলৈ উদ্যানখনক “ব্যাঘ্ৰ প্ৰকল্প” হিচাবে ঘোষনা কৰা হৈছিল। বাঘৰ ওপৰিও ইয়াত বিভিন্ন প্ৰজাতিৰ হৰিণা, হাতী, বনৰীয়া ম’হ, বিষাক্ত সাপ, নানা ধৰনৰ চৰাই, হনুমান বান্দৰ (Grey langur), ভালুক, ঘৰিয়াল ইত্যাদিৰে ভৰপুৰ।
নাগৰহ’লেৰ প্ৰধান বৈশিষ্ট্য হৈছে অৰণ্যখনৰ সৌৰ্ন্দয্য আৰু জোপোহা বগা বাঁহবোৰে অৰণ্যখনত যেন সোণত সুৱগাহে চৰাইছে। নগৰৰ যান্ত্ৰিকতাৰ পৰা সম্পূৰ্ণ দূৰ আৰু অ-আধুনিকতা এটা পৰিবেশে ইয়ালৈ দূৰ-দুৰনিৰ পৰ্য্যটকৰ লগতে বিদেশৰ প্ৰকৃতিপ্ৰেমী সকলকো আকৰ্ষিত কৰে। বনাঞ্চলখন য’ৰপৰা আৰম্ভ হৈছে তাৰ পৰা মূল গেটলৈ প্ৰায় ২৫ কিঃমিঃ দূৰ, এই দূৰত্ব্খিনিত খুব সুন্দৰকৈ প্ৰাকৃতিক সৌন্দৰ্য্য জীৱ-জন্তুবোৰ উপভোগ কৰিব পাৰি। মূল গেটৰ পৰা ১৮ কিঃমিঃ আৰু ভিতৰত আছে এটি সৰু জলপ্ৰপাত, ইৰপু। চাৰিওফালে আছে হিংসুক জন্তুসমূহ, তাৰ মাজতে এই জলপ্ৰপাতটোত গা-ধোৱাটো এটা খুবেই শিহৰণকাৰী অভিজ্ঞতা। ব্যক্তিগত বাহনত গ’লে নিজাকৈ এই জলপ্ৰপাতটোলৈ যাব পাৰি।
প্ৰকৃতিপ্ৰেমী ফ’ট’গ্ৰাফাৰ সকলৰ বাবে একলম। অৰণ্যখনৰ পাৰপাৰ্শ্বিকতা আন হাবিবোৰতকৈ অলপ বেলেগ। ওখ-ওখ গছ উপস্থিতি আৰু কঁহুৱাৰ নিচিনা জোপোহা গছৰ অনুপস্থিতিৰ বাবে জীৱ-জন্তুৰ ফটো লবলৈ বহুত সুবিধা আৰু বেছি depth of field পোৱাত সহায় কৰে। কম আৰ্দ্ৰতা আৰু ধূলি-বালি আন এটা প্লাছ-পইন্ট।
কেনেকৈ যাব পাৰি – নাগৰহ’লেলৈ বাংগালোৰৰ পৰা প্ৰায় ২৫৫কিঃমিঃ, আৰু মহীশুৰৰ পৰা প্ৰায় ৮০কিঃমিঃ হয়। কোনাবাই মহীশুৰলৈ আহিলে তালৈ এপাক ভূমূকি মাৰিব পাৰে।
থাকিবৰ বাবে- ইৰপু গেষ্ট হাউছ (০৯৪৮০৩০৮৬১১/০৮২৭৪-২০১৩২৪)