নাজমা বেগমৰ কবিতা
নাজমা বেগমৰ কবিতা
সুৰুঙা
—–
নিজান আবেলি
বুকুত এসাগৰ কথা,
কাৰোবাৰ বুকুত হেৰাই যোৱাৰ হেঁপাহ,
নৈৰ নিজান পাৰৰ সুহুৰি,
যন্ত্ৰণাকাতৰ হিয়াৰ চটফটনি,
একেলগে খহাইছো দুখৰ মথাউৰি!
পাৰভগা চকুলোৰ ঢল,
নিশ্চুপ প্ৰতিটো পল৷
নজনাকৈ হাত ধৰিছো,
বুকুৰ বিষবোৰ ভগাইছো,
চকুলো মচি হাঁহিছো
প্ৰতিপল উদ্ যাপনৰ বাবে
আকৌ পণ কৰিছো৷
****
দেওবাৰ
——
তাহানিতেওঁ জীপাল হৈছিল দেওবাৰ,
মনত বাৰে বাৰে খুন্দা খাই উভতিছিল
এটাই প্ৰশ্ন ….
এই ধুনীয়া দিনটোৰ আগত দেও লগালে কোনে?
মহাভাৰতৰ বাবে ঘৰে ঘৰে ক’লা বগা
টি ভি বিচৰাৰ দৌৰ,
গোটেই দিন অনাই বনাই ঘূৰি অহাৰ
পিছত এসাঁজ জুতিৰ ভাত,
আইৰ অমাতৰ মাত,
পাতত পিতাইয়ে চিকুটি দিয়া মাছ৷
হোষ্টেলৰ ৰঙীন দেওবাৰবোৰো সতেজ আছিল,
হেঁপাহৰ এসাঁজ কাৰ ঘৰত খামগৈ বুলি
সপ্তাহটো গুণাগথা চলিছিল৷
হেনাই ফিৰফিৰিয়া কৰা এসোপা চুলি
চাঁদত যেনিতেনি নাচিছিল,
ভিজিটিং ৰুমটো গুণগুণনিৰে ভৰি আছিল৷
হেপাহৰ দেওবাৰটোত দীঘলীপুখুৰীও
চঞ্চল হৈছিল৷
মানুহজনৰ বাবেই চাগে দেওবাৰটো
আৰু অধিক ভাললগা হৈছিল৷
পৰিয়ালটোক এসপ্তাহৰ মুৰে মুৰে ল’গ পাবলৈ
তেৱোঁ যেন কাতৰ হৈ থাকিছিল৷
ল’ৰাটোৱেও আগ্ৰহেৰে ৰৈ থাকিব শিকিছিল,
মানুহজনীয়ে হেপাঁহৰে বিধে বিধে বনাইছিল,
প্ৰাণ পাই উঠা ঘৰখনৰ বাবে মাকেও
প্ৰতিটো দিন দেওবাৰ হোৱাটোকে যেন বিচাৰিছিল৷
তেওঁ নহা দেওবাৰটোত
লৰাটোৱে বাৰে বাৰে আজি কি বাৰ সুধিছিল?
মাকজনীয়ে মাছ নালাগে যা বুলি মাছ দিয়া লৰাটোক ওভতাই পঠিয়াইছিল৷
মানুহজনীয়ে পিতিকি থকা ভাতবোৰ
এটা পাকত নি মেকুৰীৰ আগত ঢালিছিল!
হেঁপাহৰ দেওবাৰটো বিষণ্ণতাত বুৰ গৈছিল৷
****
কেনে আছে ৰঞ্জন দৈমাৰী
———–
আজিৰ দিনটোত আপুনি কি কৰে?
সুখৰ নে পোহৰৰ যজ্ঞ পাতে?
নে বুকুলৈকে উজাই পোৰা মাংসৰ গোন্ধ?
গৰ্বত উফন্দি উঠেনে আপোনাৰ
জাতিৰ বাবে চিন্তা কৰা বুকুখন?
নে পুতৌত গদ্ গদ্ হৈ পৰে সেইসকল লোকলৈ,
যিসকলে আপোনাক আদৰিলে ৰজাৰ দৰে!
সন্মান দিলে জাতীয় নায়কৰ দৰে!
গামোচাখনৰ চকুপানীখিনিক কোনেওঁ নেদেখিলে!
কেনে আছে আপুনি?
বতাহত বিয়পি থকা হুমুনিয়াহবোৰ
আপোনাৰ প্ৰাপ্তি৷
কলিজাৰ কেঁচা দাগবোৰ
আপোনাৰ সফলতা৷
পংগুত্বৰ যন্ত্ৰণাবোৰ আপোনাৰ সুনাম
কাৰণ আপুনি যে জাতীয় নায়ক?
কেনে আছে আপুনি?
কেইটামান ফটকা চাগে আজি বেছিকৈয়ে ফুটাই!
উগাৰি থাকিব পৰাকৈ দুগৰাহ
বেছিকৈয়ে খাই!
পোৰা মাংসৰ গোন্ধৰ বাবে
উন্মাদ চাগে
আজি আকৌ হয়৷
কুশলেই থাকক বাৰু!
কিজানিবা ৰজাঘৰীয়া হৈ
আকৌ ঘূৰিব আমাৰ মাজলৈ!
আমি শাসিত হ’ম!
আমি শোষিত হ’ম
কৰাল মৰা শোণিতেৰে
গামোচাখন আপোনাকে পিন্ধাম,
উচৱত মতলীয়া হ’ম৷
ভাল দিনৰ বাবে আমি অধমবোৰে
বাট চাই ৰ’ম৷
সকলো সলনি হ’ব
দিন গৈ ৰাতি হ’ব
গছ পাতে বৰণ সলাব,
কাহানিও পিছে তেওঁলোকৰ বুকুৰ
ঘাঁ ডোখৰ নুশুকাব৷
প্ৰতিদিনে হুমুনিয়াহত আপোনালৈ
শাওপাত সৰিব৷
****
তাই ঘৰলৈ ঘূৰি আহিছে
——–
খবৰটো গাওঁখনত ঘূৰি ফুৰিছে,
মুখে মুখে বাগৰি খবৰটোৱে
নতুন নতুন ৰূপ পাইছে
“আইজনী ঘৰলৈ ঘূৰি আহিছে৷ ৷ “
মাহ হালধিৰ গোন্ধ লৈয়েই আইজনী
ঘৰলৈ ঘূৰি আহিছে৷
দেউতাক প্ৰয়োজনতকৈ গহীন হৈছে,
অকাৰণতে মাকৰ চিঞৰ বাখৰবোৰ
বাঢ়ি আহিছে,
ককায়েক দুয়োটা ৰাতি দেৰিকৈহে ঘৰলৈ উভতিছে,
চিনাকি মানুহকেইটাৰ অচিনাকি ৰূপত আইজনী জঠৰ লাগিছে৷
উকা কপালখন লৈ যে তাই ঘৰলৈ ঘূৰি আহিছে৷
সৌ সিদিনা
তাই ঠেহ পাতিলে
দেউতাকৰ ভাত পেটলৈ নগৈছিল,
ককায়েক দুয়োটা টাকুৰি ঘূৰাদি
তাইৰ কাষে কাষে ঘূৰিছিল,
মাকে কুকুৰাৰ ডাঙৰ মঙহ টুকুৰাটো
তাইৰ পাততে দিছিল৷
আইজনীৰ ঠেহ ভাঙিবলৈ যতনৰ
অভাৱ নাছিল৷
সৌ সিদিনা
তাই সৰু কইনা সাজিছিল
ককায়েক দুয়োটাকে যে তাই
নোচোৱাকৈ থাকিব লগা হৈছিল,
আঁৰে আঁৰে তাইক চাই থাকোঁতে
দুয়োটাকে তাই ধৰা পেলাইছিল৷
সৌ সিদিনা
বুকুৰ ঢপঢপনিৰে তাই
তামোলৰ বটা লৈছিল,
নখে মাটি বাকুহি
জীৱনৰ ন ঠিকনা গাঠিছিল,
উগুল থুগুল বুকুৰ শৱদ তাই
কাণেৰে শুনিছিল,
আইজনী কইনা সাজিছিল,
উৰুলিৰে ঘৰখন মুখৰ হৈছিল,
আইজনীপৰৰ হৈছিল৷
বুকুত সপোনৰ উঠা-নমাৰ ভৰ
মাৰ নৌ যাওঁতেই
খবৰটো আহিছিল,
লখিমী বোৱাৰী কুলক্ষণী হৈ
পৰিছিল,
ঘৰলৈ ঘুৰাৰ বাদে
আইজনীৰ উপায় নাছিল!
তাই এটা খবৰ হৈ পৰিছিল৷
চিনাকি মানুহকেইজন তাইৰ বাবে
অচিনাকি হৈ পৰিছিল!
আইজনী দ্বিতীয় বাৰলৈ বিধৱা হৈছিল৷
“খবৰটো পুৰণি হোৱাৰ আগতে
এটা নতুন খবৰে গাওঁখন কপাই গৈছিল,
“ঘৰৰ পুখুৰীটোত আইজনী উপঙি উঠিছিল৷ “