নানা দেশ নানা গীত-(১) (ৰক্তিম গোস্ৱামী)

পৃথিবীত এনে কোনো মানুহ হয়তো নোলাব যাৰ সংগীতৰ প্রতি অনুৰাগ নাই। জ্ঞাতে-অজ্ঞাতে সংগীতে আমাৰ সকলোৰে জীৱনৰ সমান্তৰালকৈ নিজৰ গতি অক্ষুন্ন ৰাখি সদাই আমাৰ আবেগ অনুভূতিৰ সংগী হৈ আহিছে। সংগীত প্ৰকৃতি আৰু প্ৰকৃতিয়ে সংগীত। প্ৰকৃতিৰ আৰাম্ভণিয়ে সংগীতৰ আৰাম্ভণি। সংগীতেই হয়তো প্ৰকৃতিৰ প্রথম আৰু শ্রেষ্ঠ সন্তান।

সংগীতৰ উৎপত্তি আৰু ক্ৰমবিকাশ, পৃথিবীৰ ইতিহাস সামৰা এক তত্ত্বগধুৰ আৰু বিশদ বিষয়। মানবীয় অনুভূতি, সৃষ্টিশীল মনোভাৱ, সমাজ ৱ্যবস্থাৰ ধৰণ, পৰিবৰ্তিত সময়- আদি কাৰকে নিৰ্ধাৰণ কৰে সংগীতৰ স্বৰূপ আৰু প্রকাৰ। পৃথিবীৰ প্রতিখন দেশৰ স্বকীয় সাংগিতীক পৰিচয় থকাৰ আঁৰৰ এক সৃষ্টিশীল ৰহস্য। সংগীতৰ ভূমিকা সময়, ইতিহাস আৰু সমাজৰ সাক্ষী হিচাবে অতুলনীয়। ব্যক্তিগত মানসিক প্রশান্তিৰ লগতে সামাজিক সচেতনতা আৰু পৰিবৰ্তনৰ অতিজৰে পৰা সংগীত এক সবল আঁহিলা।

পৰিবৰ্তনশীল মানবীয় বৌদ্ধিক ব্যুৎপত্তিৰ পৰিণতিতে হ’ল সৃষ্টি পৰিবৰ্তিত আৰু জটিল সমাজ ৱ্যবস্থাৰ।

সংগীতৰ স্বৰূপ আৰু প্রকাৰবোৰেও এই পৰিবৰ্তনৰ লগত সামাজিক ভাবে স্বীকৃত হৈ নিৰ্দিষ্ট গুনগত মানেৰে একো একোটা গোটত বিভক্ত হ’ল।

আজি মই এই সকলোবোৰৰ মাজৰে কিন্ত তুলনামুলক ভাবে কম জনাজাত এটা সংগীত প্রকাৰৰ বিষয়ে কিছু কথা জনাব বিছাৰিছো।

বাৰবাৰ শ্বপ্ মিউজিক-(ছেলুন সংগীত)

অতি কম মানুহৰ জ্ঞাত বাৰবৰ চপ্ মিউজিক-(ছেলুন সংগীত)। এই ধৰণৰ সংগীতৰ উৎপত্তি আমেৰিকা যুক্তৰাষ্ট্রত হৈছিলে। ইয়াৰ ইতিহাস্ তুলনামুলক ভাবে নতুন। কেৱল এটা শতিকা পুৰণি বুলি ক’লে ভুল

কোৱা ন’হব। বাৰবৰ চপ্ মিউজিকৰ জন্ম কেতিয়া হৈছিল সেইটো সঠিক কৈ কোৱাতো অলপ জটিল।

ধাৰণা অনুযায়ী ১৮৬০-১৯২০ চনৰ ভিতৰতে এই সংগীতে বিশ্বত নিজৰ প্রথম পৰিচয় দিয়ে।

এই সংগীতৰ উৎপত্তিৰ কাহিনী বৰ ৰসাল। ১৯ শতিকাৰ দ্বীতিয়াৰ্ধত আমেৰিকা যুক্তৰাষ্ট্রৰ কিছুমান ছেলুনআফ্রিকীয়-আমেৰিকীয় সকলৰ বাবে এক সামাজিক ভাবে মিলামিচা কৰা স্থান আছিলে। ছেলুনত নিজৰ চুলি কটাৰ পাল অহালৈকে আপেক্ষা কৰা সময় খিনি সকলোৱে মিলি নানা গীত বেলেগ বেলেগ স্বৰস্তৰত গাই আনন্দ কৰিছিলে। ছেলুনৰ এনে আনন্দৰ মাজত সৃষ্টি হোৱা এই গীতবোৰ লাহে লাহে জনপ্রিয় হৈ বাৰবাৰ শ্বপ্ মিউজিক বা ছেলুন সংগীত নামেৰে এক স্বকীয়ৰূপ ল’লে।

বাৰবাৰ শ্বপ্ মিউজিক মুলতঃ এক বহুকান্ঠিক সংগীত শৈলী। এই সংগীতত কোনো বাদ্য ব্যৱহাৰ কৰা নহৈছিল যদিও পিছলৈ কোনো কোনোয়ে পিয়ান’ ব্যবহাৰ কৰা আৰম্ভ কৰে। ‘হাৰমণি’ ভিত্তিক এই শৈলীৰ গীতবোৰ গায়ক সকলে চাৰিটা স্বৰভিত্তিক কণ্ঠস্তৰত ভাগ কৰি গাইছিলে। এই স্বৰভিত্তিক কণ্ঠস্তৰ সমূহৰ নাম হৈছে ক্রমে- লীড্, টেনৰ, বেচ্ আৰু বাৰিট’ন।

লীড্ – লীড্ গোৱাজনে গীতটিৰ মূল সুৰটো গাব।

টেনৰ – টেনৰ গোৱাজনে গীতটিৰ মূল সুৰটোৰ উচ্চ স্তৰ গাব।

বেচ্ – বেচ্ গোৱাজনে গীতটিৰ মূল সুৰটোৰ নিম্ন স্তৰ গাব।

বাৰিট’ন – বাৰিট’ন গোৱাজনে সমষ্ট গীতটিৰ কৰ্ডসমূহ গাব।

১৯৪০ দশকত খুউব সুৰিয়া আৰু সহজ গীতিকথাৰ বাবে জনাজাত এই সংগীতৰ পুণৰউথ্থাণ হয়। এই

ক্ষেএত ‘বাৰবাৰ শ্বপ্ মিউজিক’ক এক কলা হিচাবে বিশ্ববাসিক চিনাকি কৰি দিয়াৰ উদ্দ্যশ্যে ১৯৩৮ চনত

জন্ম হোৱা ‘বাৰবাৰ শ্বপ্ হাৰমনি চচাইটি’ৰ এক উল্লেখযোগ্য অৰিহনা আছে। আজিৰ তাৰিখত ‘বাৰবাৰ শ্বপ্

হাৰমনি চচাইটি’ৰ সদস্য সংখ্যা প্রায় ৪০ হাজাৰ। বিশ্বৰ প্রায় সকলো দেশত বাৰবাৰ শ্বপ্ মিউজিক আজি

এক অতি জনপ্রিয় সংগীত। বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্র আৰু কানাডাত ইয়াৰ জনপ্রিয়তা আত্যাধিক।

ডাপ্পেৰ ডেনশ’, ‘বাফেল’ বিলচ’, ‘মিড-ষ্ট্যেটচ ফ’ৰ’, ‘সানট’নচ’ আদি সংগীত গোট সমূহৰ বাৰবাৰ শ্বপ্ মিউজিকক প্রতিষ্ঠা কৰাত যথেষ্ট অৰিহনা আছে।

আপোনালোকৰ লগত চমুকৈ কৰাই দিয়া বাৰবাৰ শ্বপ্ মিউজিক-(ছেলুন সংগীত)ৰ পৰিচয় নিশ্চয় আনন্দদায়ক আছিল। সংগীত চহকী আমাৰ পৃথিবীখনৰ কোনো এক কোণৰ আন এক সংগীত শৈলীৰ সংক্ষিপ্ত ইতিহাস লৈ পুণৰবাৰ দেখা দিয়াৰ প্রতিশ্রুতি দিলো।

ধন্যবাদ্ -ৰক্তিম-

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!