নাবিক (শান্তনু চাংমাই)

(নাবিক, মোৰ ইংৰাজী গান – the sailor ভিত্তিত লিখা হৈছে)

এটা লাইট হাউছৰ পোহৰৰ উষ্ণতাই গলাব নোৱাৰে
এক নাবিকৰ বুকুত লাগি ৰোৱা হিম-চেঁচা অনুভৱবোৰ
এনে এক অকলশৰীয়া নাবিকৰ বুকুৰ পৰা-
যি ঘৰৰ পৰা বহু নিলগত—–

সাগৰত বাট হেৰুওৱা নাবিকজন
বঁঠাৰে নিযুত উদভ্ৰান্ত ঢৌৰ স’তে যুঁজ
নিযুত ঢৌ; যিবোৰ মিলি হাজাৰ হাজাৰ মাইললৈ পৰিৱৰ্তিত হয় প্ৰতিদিনেই
মছলাৰ বাকচবোৰ কাঠৰ বিৰাট অবয়ৱটোত কঢ়িয়াই গৈ থাকে তেওঁ

অহা বিহুৰ আগতে ঘৰ পোৱাৰ আশা বাদ দিছে তেওঁ
সাগৰখনেই তেওঁৰ সংগী
কাঠৰ জাহাজখনেই তেওঁৰ বিছনা
ঢুং ঢাং, চলপ চলপ
ধুমুহা ঢেৰেকণি
আন্ধাৰ  জোনাক
ৰ’দ পিয়াহৰ মাজতো
সৰু সৰু চকু দুটাই সপোন দেখে
ঘৰলৈ যোৱাৰ সপোন

সোণৰ খনি বিচাৰি
মৰমৰ তিৰোতা আৰু পোণাকণকেইটালৈ
অলপ সোণ লৈ যোৱাৰ সপোন

সৰু সৰু চকু দুটিৰ চকুলোৱেও
গলাব নোৱাৰে বুকুত লাগি ৰোৱা হিম-চেঁচা অনুভৱবোৰ |

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!