নামে কি কৰে গুণেহে সংসাৰ তৰে – হেমন্ত কাকতি

ল’ৰা-ছোৱালীক ভয়ঙ্কৰ দাঁত ভঙা নাম দিয়া আৱেশ (জুনুন) টো এক বিশ্বব্যপী মহামাৰীলৈ পৰিণত হৈছে যদিও আমাৰ খাৰখোৱা সন্থাই এক দাবী চনদ প্ৰস্তুত কৰিব পৰা হৈছেগৈ যে “হোৱাট খাৰখোৱা থিংকচ ইয়েষ্টাৰ দে, ৱৰ্ল্ড থিংকচ টু ডে”৷ মিছা কৈছো যদি শুনক৷

ল’ৰা-ছোৱালীক মেঘালী বা বিজয় বুলি নাম কোনেও নৰখা হ’ল আজিকালি৷ যদিওবা কেনেবাকে দুৰ্গাপূজা বা বিহুৰ পেণ্ডেলত মেঘালীইইই…… বুলি চিঞৰে, কমচে কম ১৩ জনী মান ওলাই নাহিলেও ১২ জনীয়ে মোকেই মাতিছে বুলি আপোনাৰ ফালে ঘূৰি চোৱাতো প্ৰায় নিশ্চিতই! এতিয়া মনীষা, নীলাক্ষী, ৰিণ্টু, অভিজিত এইবোৰকো লিষ্টখনত যোগ কৰি লওক৷ তেওঁলোক এনে এটা প্ৰজন্মৰ অংশ যাৰ মাক দেউতাকে সিহঁতৰ নাম ৰাখোতে নিজকে সকলোতকৈ বেলেগ কিবা বুলিয়েই চাগৈ জ্ঞান কৰিছিল৷ মানে জনা বুজা৷

“হাঐ মেঘালী, তয়ে মোৰ কলিজা খালি” বা “কোন তুমি মেঘালী” জাতীয় গীতবোৰ গৈ “পিংকী হেই পৈচা ৱালো কী” বা “পাপ্পু কাণ্ট ডান্স চালা” হৈছিল হে৷ কাৰণ আধুনিক বুলি ভবা সকলে হয়তো পিংকী, চিল্কী, টিনা, ছানী, হানী, বানী, পাপু এইবোৰ নামেই ৰাখিছিল৷ বাকী সংস্কাৰী সকলে হয়তো এই দায়িত্ব আইতাক ককাক বা গনকলৈ এৰিছিল কাৰণ এই বয়সৰ শিশুৰ প্ৰতিবাদী কণ্ঠ নাথাকে৷ পিচে কাৰোবাৰ নাম যদি এতিয়াও জনাৰ্দন, কৃষ্ণ বা ইন্দ্ৰ বা লক্ষ্মী কিম্বা সৰস্বতী হয়গৈ জানি থব এই জীৱন জোৰা ‘শাস্তি’ৰ বাবে দায়ী কোন হব!

নতুন উত্তৰ আধুনিকতাবাদী যুগৰ পিতৃমাতৃ পাপু, হানী, ছানী, পিংকী হঁত আজিকালি বেলেগ হ’ল৷ তেওঁলোকে অকল কিতাপ পত্ৰ পঢ়িয়েই ক্ষান্ত নাথাকি গৰ্ভত থকা ভৱিষ্যত প্ৰজন্মক একোজন সু নাগৰিক হিচাবে গঢ়ি তুলিব পৰা কোনো চেষ্টাৰেই ত্ৰুটি নকৰে৷ তাৰেই প্ৰথম পদক্ষেপ হিচাবে গুগুলত ‘Unusual baby names’ বিচাৰিব ধৰে৷ তেওঁলোকৰ সমস্ত পৃথিৱী জুৰি থকা ভৌগোলিক আৰু সাংস্কৃতিক দৃষ্টিভংগীৰ সীমা অতিক্ৰম কৰি গৈ পায়গৈ অন্য এক প্ৰান্তৰ য’ত গৈ Zeus জাতীয় নামটো বিচাৰি পাই নিৰ্বানপ্ৰাপ্তি ঘটে৷ Zeus মানে যিয়ে সৰ্বত্ৰ বিশ্বজুৰি ৰাজত্ব কৰিব৷ আৰু এই জেউচ (নে জীয়াজ) বৰুৱাই প্লে স্কুলত গৈ পেনত মুতুৰা Khary কাকতিক লগ পাই কটকটীয়া হয় মাক দেউতাকৰ বন্ধুত্বৰ ক্ষীন এনাজৰী ডাল৷
Key-nah গগৈ আৰু শেঙুনটেপা Muffin বৰবৰাৰ মাক ছানীয়ে হয়তো Zeusৰ মাক পিংকীক কমপ্লেইন কৰাকৰি হয় তেওঁৰ ল’ৰাৰ টিফিন চুৰ কৰি খোৱা বুলি৷ এই নামবোৰে তেওঁলোকৰ কিটি পাৰ্টি বিলাকক এক অনন্য মাত্ৰা প্ৰদান কৰে৷

চৰী ডিয়েৰ মেঘালী মাজনী আৰু ভাইটী বিজয়, তোমালোকৰ যুগ শেষ! Kaira, Raisha আৰু Wrohit হতক বাট এৰি দিয়া৷ পিচে মমীজ হঁত, যদি প্লে স্কুলত গৈ Mishaaa বুলি চিঞৰো নহয় কম সে কম ছয়জনী মান ফুটফুটীয়া ফ্ৰক পিন্ধা অকমানি পোৱালী মোৰ ফালে দৌৰি আহিবও পাৰে৷ তাৰ মানে এই Kaira, Raisha, Mishaaa আৰু Wrohit হঁত নতুন মেঘালি আৰু বিজয় হল নেকি?

বাই ডা ৱে এটা কথা লক্ষ কৰিব এই নামাকৰন প্ৰক্ৰিয়া টোৰ এটা আচৰিত ভাবে ভাললগা দিশ টো হল ইয়াৰো এটা hierarchy আছে৷ মানে BMW (Bartan majne waali) সন্থাত পাব ববী বা সোণু আৰু তাহাঁতৰ মালিকনী পিংকী, চানী, চানীয়া হঁতৰ পোৱালী বোৰ হয়গৈ Kaira, Shyra নহ’লে Shanaya৷ কিন্তু চেলিব্ৰিটি ক্লাচে সৰ্বহাৰা শ্ৰেণীৰপৰা আকৌ প্ৰায় কেবাশ কিলোমিটাৰ দূৰত্বত অৱস্থান নকৰিলে নহ’বই৷ গতিকে হয়তো Taimur বা Bronx-Mowgli টাইপ কিবা ৰাখিব লাগিব যাতে এলাপেচা cattle class য়ে তেওঁলোকৰ ওচৰ চপা টো দুৰ কী বাত, নামটো মাতিবলৈকো সাহসেই কৰিব নোৱাৰে৷

সঁচা কৈছো নাম বিচৰা কামটো কোনো সাধাৰণ নৰ মনিচৰ কাম হৈ থকা নাই৷ নিতুমনি শইকীয়া বা অৰ্নভ গোস্বামীৰ টিভি চেনেলত হোৱা নিউজ আৱাৰ জাতীয় ডিবেটত কৈ উচ্চ স্তৰৰ তৰ্কযুদ্ধ, বাক বিতণ্ডা এখন আইতাক ককাক বা শাহুৱেক, খুৰীয়েকৰ লগত জিকি আহিহে এনে ধৰণৰ অসাধ্য সাধন কৰাও পৰিলক্ষিত হৈছে৷ মোৰ সাত বছৰীয়া ভাগিনজনীৰ আচল নামটো আজিলৈকে কোনেও মনত ৰাখিব পৰা নাই, একমাত্ৰ মাকৰ বাহিৰে৷ ঘৰত মতা নামটোহে জানো৷ টিকলি৷ আচল নামেদি তাইক কোনেও মতাৰ সাধ্য নাই! কিবা মিউনিশা নে কি! স্বয়ং বাপেকেও এদিন ভুলতে অমানিশা বুলি মাতোতে ভণ্টিয়ে চাহেই নুশুৱালে৷ খিকচ্৷ লৰাক কৈ ৰাখিছো যিদিনাই তই আমাৰ পচন্দৰ নামৰ ছোৱালী এজনী পাবি যাৰ ঘৰত মতা নাম মাইনা, ভেবেলী বা পুচকী হব সিদিনাই আঙুঠি এটা বিচাৰিবি!

আপুনিও এনে ধৰণৰ ডিজাইনাৰ বেবী এটাৰ কল্পনা কৰিছে নেকি? যেনে ধৰক তেওঁ কোনো এৰা গেৰা নহ’ব-মানে হি ইজ নট জাষ্ট এনআডাৰ ব্ৰিক ইন ডা ৱাল ইউ ন’৷ তেওঁ এজন গ্লোবেল চিটিজেন হ’বলৈ গৈ আছে যিয়ে ডলাৰত আৰ্জিব, ৰাতিপুৱা ষ্টাৰ-বাকৰ কফী খাই বা দুপৰীয়া মেকডোনাল্ডৰ ক্ৰিপচি ৰোষ্টেট চিকেন খাই ৰাতি লৈ ডমিন’জত খুদা পিজ্জা খাই শুই থাকিব৷ গতিকে নামটো তামাম ভাল হব্বই লাগিব৷ আপোনাৰ এই গ্লোবেল গাঁৱৰ নাগৰিক জনৰ নাম এটা চাজেষ্ট কৰো নেকি? Q-bir বা i-bir টো কেনে হব?

এতিয়া কিবা এক্সট্ৰা টেৰেষ্টিয়েল চিন্তা কৰিছে নেকি বাৰু? নিউক্লিয়েৰ একা? নে Aeryn, Kagin, boson এইবোৰ ইতিমধ্যে নে মাৰ্কেটত আহি গলেই?

যেতিয়া লাখৰ ঘৰত অত্যাধুনিক পিতৃমাতৃ সকলে এই ইউনিক নাম প্ৰাপ্তিৰ সন্ধানত ব্ৰতী হ’ব তেতিয়া কিমান পৃথক কিবা এটা হ’ব? অজানিত ভাবে সেই জাকটোৰে এটা অংশ হৈ নপৰিবনে?

সেইকাৰণেই জ্ঞানী সকলে কোৱা নাছিল জানো যে যিমানেই লোকত কে বেলেগ হবলৈ চাবা সিমানে শেষত গৈ একে হবা!
————–

ভুতৰ ওপৰত দানহ পৰাদি এদিন Canopy কাকতি, Renaissance বৰুৱা আৰু মিছাইল দত্তকো বিচাৰি পাই তবধ মানিলো৷ সিদিনাই প্ৰতিজ্ঞা কৰিলোঁ যে মোৰ নাতি পুতি কাৰোবাৰ নাম ইমপ্ৰুভমেণ্ট কাকতি ৰাখিমেই! অন্ততঃ হোটেলত থাকিবলৈ ৰূম এটা পাবই৷
কাৰণ
ডিয়েৰ ইজ অলৱেজ এ ৰূম ফৰ ইমপ্ৰুভমেণ্ট?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!