নামৰ মহিমা (-তৰংগম ডেকা)
নলবাৰীত মই বহুত গাঁও ঘূৰিছো , তাত মানুহৰ কিছুমান অদ্ভূত নাম দেখি মই হতহম্ব হৈ যাও , প্ৰায়ে সেই নাম বোৰৰ উৎপত্তি কেনেকে হ’ল কৌতুহলবশত উলিয়াবলৈ চেষ্টা কৰোঁ, তাৰে কিছুমান আপোনালোকৰ আগত আগবঢ়ালোঁ –
এজন মানুহৰ নাম আছিল ৰামে , বৰ বৰ কথা হেনো তেখেতৰ৷সকলো কথাতে কয়—এইটো কথা নহে যদি মোৰ নাম উল্টে দিবি,বহু দিনৰ পৰা গাঁওৰ মানুহখিনিয়ে তাৰ বৰ বৰ কথাত বিৰক্ত হৈ এদিন সুবিধা পাই নাম থৈ দিলে মেৰা, সেই যে মেৰা আজিও মেৰা ই হৈ থাকিল |
এজন কাঠ মিস্ত্ৰি, নাম আছিল তৰুণ | এদিন অসাৱধানবশতঃ বহি দিলে মিস্ত্ৰিৰ বটালিটোত, গ’ল তপিনা কটা, তেতিয়াৰ পৰাই সেইখন গাঁওত তেখেতৰ নাম হ’ল তাইপ্লা কাটা |
আৰু যদি এজন মানুহৰ মুখখন দীঘল হয়, লগালগ নাম পাই যাই নেউলা , বেজীমুৱা আদি |
যদি চাপৰ হয় নাম পাই যাই ঘমৰু, কৰ্কটা (কেৰ্কেটুৱা ) |
আৰু ইঘৰৰ কথা সিঘৰত লগোৱা জন/জনীক তুইটকা বা তুইটকেনী বোলা হয় | গাওঁৰ তুইটাৰ ৷যাৰ নাম শশীন্দ্ৰ, তাৰ নাম হৈ পৰে শৈসা
সত্যেনৰ পৰা হৈ পৰে সৈতা
লোহিতৰ পৰা লেতো,
আমাৰ ককাৰ মাকৰ নাম আছিল ফেচনপ্ৰিয়া, মানুহে বুলিছিল ফেচী,
বিলাহী ,হতেৰী ,বটা এইবোৰ নামেৰে মাতাও মই শুনিছোঁ |
গুৱাহাটীত বিয়া খাবলৈ মাতিলে এবাৰ এখন গাঁওৰ প্ৰায়বোৰ মানুহক , সেইখন গাঁও জন্মস্থান হোৱা হেতুকে মানুহ এজনে নিজৰ ছোৱালীৰ বিয়াত মাতিছিল, তাত কেইজন মানে খাও বুলি গৈছিল.. বিয়া খাই ঘুৰি অহাৰ পাছত অতিপাত খোৱাৰ বাবে এজনৰ হ’লগৈ পেটৰ কামোৰ… লৰাজনৰ নাম হ’ল গৈ চেৰ গৰু |
দুই এজনৰ নাম আজিকালি একন,এলেকজেণ্ডাৰো থোৱা হয় |
মুঠতে কৈ শেষ কৰা টান | পাচত আকৌ কম , এতিয়ালৈ বিদায় |