নাৰিকলৰ গাখীৰেৰে মিছা মাছ (বেংগলী চিংৰি মালাই কাৰী) (তিৰুজ্যোতি বৰা দাস)

উপকৰণ: ১. মিছা মাছ মজলীয়া আকাৰৰ ৩০ টা মান( অনুগ্ৰহ কৰি আপোনাৰ পৰিয়ালৰ সদস্যৰ হিচাপমতে মিলাই ল’ব পৰিমাণ বিলাক)
২. নাৰিকলৰ গাখীৰ ৪০০ মি.লি
৩. এক চামুচ মিহি নাৰিকলৰ গুড়ি
৪. নিমখ
৫. চেনী.
৬. কেঁচা জলকীয়া
৭. ১ টা ইলাচী, ১টা লং, তেজপাত আধা খিলা
৮. হালধি
৯. আদা নহৰুৰ পেষ্ট দুই চামুচ
১০.এটা পিয়াজ মিহিকৈ বটা

প্ৰণালী: খুব সহজ ৰান্ধিবলৈ। মিছা মাছ কেইটা ধুই লৈ নিমখ আৰু হালধি সানি কেৰাহীত ভাজি লওক। খুব বেছি ৰঙা হৈ যোৱাকৈ নাভাজিব। আন এখন কেৰাহীত এক চামুচ তেলত, লং , ইলাচী, তেজপাত দিয়ক। পিঁয়াজ আৰু আদা নহৰুৰ পেষ্ট দিয়ক। ৰঙা হোৱাৰ পিছত তাত নাৰিকলৰ গাখীৰ খিনি ঢালি দি তাত নিমখ আৰু এখুদমান চেনী দিয়ক। কমজুইত লৰাই থাকক। জলকীয়া কটি দিয়ক। মাছ খিনি দিয়াৰ পিছত এক চামুচ মিহি নাৰিকল ৰোকা দি পাচ মিনিট মান লৰাই থাকি গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!