নাৰিকলৰ চিৰা (মিতালী বৰ্মন)

narikolor sira
উপকৰণ:
নাৰিকল: এযোৰ
চেনি: তিনি পোৱা
পানী: দুগিলাচ

প্ৰণালী:
প্ৰথমে নাৰিকলযোৰ বাকলি গুচাই ভালকৈ চাফা কৰি ফালি ল’ব লাগিব। এতিয়া ফালি লোৱা নাৰিকলখিনি ডোখৰ ডোখৰকৈ কোৰোকাৰ পৰা এৰুৱাই নাৰিকলৰ সাহৰ লগত লাগি থকা ক’লা অংশখিনি কটাৰীৰে গুচাই ল’ব। তাৰপাছত কটাৰীৰে মিহি মিহিকৈ নাৰিকলখিনি চিৰাৰ দৰে কাটিব লাগিব। এই কামটো চাটনি ৰোকা ৰুকনিত কৰিলে বেছি ভাল হয় আৰু সময়ো যথেষ্ট ৰাহি হয়। নাৰিকলৰ চিৰা কটা কামটো হোৱাৰ পাচত কেৰাহীত পানী দুগিলাচ বাকি দি তাত চেনিখিনি দি গলিবলৈ দিয়ক। সোনকালে গলি যাবলৈ মাজে মাজে হেতাৰে লৰাই থাকিব। চেনিখিনি গলি যোৱাৰ পাছত তাত কুটি থোৱা নাৰিকলখিনি দি দিয়ক। গেছৰ জুইকুৰা মধ্যমীয়া কৰি লৰাই থাকক। লৰাই লৰাই চেনিপানীখিনি যেতিয়া একেবাৰে শুকাই যাব তেতিয়া জুইকুৰা একেবাৰে কমাই দি বিৰামহীনভাবে চিৰাখিনি লৰাই থাকিব। নাৰিকলখিনি চেনিপানী শুহি লৈ আঠা আঠা হোৱাৰ দৰে হ’ব। এই আঠা আঠা ভাবটো গুচাবলৈ নাৰিকলখিনি ভালকৈ লৰাই থাকিব লাগিব। আঠা আঠা ভাবটো অলপ কমিলে কেৰাহীটো জুইৰ পৰা নমাই লৈ লৰাই থাকক। যেতিয়া নাৰিকলখিনি সম্পূৰ্ণকৈ শুকাই গৈ চিৰাবোৰ এটা এটা হৈ যাব তেতিয়াই আপোনাৰ নাৰিকলৰ চিৰা ভজা পৰ্ব সমাপ্ত হ’ব।

চিৰাখিনি ঠাণ্ডা হোৱাৰ পাছত বৈয়ামত ভৰাই ৰাখক আৰু চাহৰ লগত আলহি-অতিথিকো খাবলৈ দিয়ক আৰু নিজেও খাওক।

কিটিপ:
নাৰিকলৰ চিৰা প্ৰস্তুত কৰোঁতে চিৰাখিনিৰ ৰং ধকধকীয়া বগা হ’বৰ বাবে অন্য আঞ্জা নৰন্ধা এলুমিনিয়ামৰ কেৰাহী আৰু চাফা চেনি হ’লে ভাল।

(নাৰিকল কটাৰ পৰা চিৰা প্ৰস্তুত হোৱালৈ প্ৰায় দুঘণ্টা সময় লাগে।)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!