নাৰী আৰু নাৰীৰ অনুভৱ- মামু দেৱী
নাৰী হৈছে প্ৰকৃতিৰ অনুপম সৃষ্টি৷ এই নাৰী শব্দৰ অন্তৰালতেই অন্তঃনিহিত হৈ আছে মমতা, সৌন্দৰ্য, ত্যাগ, সহনশীলতা, ধৈৰ্য্য, সাহস আদিৰ দৰে গুণসমূহ৷ নাৰী মানেই হৈছে জীৱনদায়িনী আৰু সৃষ্টিৰ বাহক৷ চীনৰ প্ৰতিবাদী লেখক মাও-চে তুঙে কৈছিল – ‘অৰ্ধ আকাশ নাৰীৰ হাতত’৷ সেয়ে এই শস্য-শ্যামলা সুন্দৰ পৃথিৱীখনত নাৰী আৰু পুৰুষক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি কোৱা হয়৷ সেয়েহে নাৰীক পুৰুষৰ অৰ্ধাংগিনী বুলিও কোৱা হয়৷
নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ সুদীৰ্ঘ সংগ্ৰামৰ বুৰঞ্জীত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুটি৷ কেৱল এই বিশেষ দিনটো অৰ্থাৎ নাৰী দিৱসৰ দিনা নাৰীক সন্মান কৰিলে নাইবা নাৰী সুৰক্ষাৰ বাবে শ্লোগান গালে জানো নাৰী সুৰক্ষিত হ’ব? সাম্প্ৰতিক নাৰী কিমান সুৰক্ষিত এচাম মানসিক বিকাৰগ্ৰস্ত পুৰুষৰ হাতৰ পৰা? নাৰী লাঞ্চিতা, অৱহেলিত নিজৰ পৰিয়ালৰ সদস্যৰ হাতৰ পৰা, নিজৰ আপোনজনৰ পৰা৷ নাৰী দিৱসৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা অনুভৱ নকৰিলেও অনান্য দিৱসৰ দৰে ৮ মাৰ্চ তাৰিখটো আন্তজাৰ্তিক নাৰী দিৱস হিচাপে পালন কৰি যাম নেকি?
বৰ্তমান নাৰীসকল পুৰুষৰ সমানে শিক্ষিত হৈ পৰিছে৷ পাকঘৰৰ চাৰিবেৰৰ মাজৰ পৰা গৈ দেশৰ সৰ্বোচ্চ পদবীত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে৷ এই ক্ষেত্ৰত প্ৰতিভা দেৱী সিং পাটিল, কল্পনা চাওলা, মাদাৰ টেৰেছাৰ আদিৰ দৰে মহিয়সী নাৰীৰ নাম নাৰী সমাজত সদায় স্মৰণীয় হৈ ৰ’ব৷ ৰাজনৈতিক, অৰ্থনৈতিক সকলাে ক্ষেত্ৰতে অধিকাৰ প্ৰদান কৰি মহিলা সবলীকৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা দেখা গৈছে৷ বেটী বচাও বেটী পঢ়াও এই চৰকাৰী শ্লোগানেৰে টিভিৰ পৰ্দাত বিভিন্ন বিজ্ঞাপনেৰে ভৰি থকাৰ পাছতাে কন্যা ভ্ৰুণ হত্যাৰ দৰে জঘন্য কাণ্ড ঘটি থকা দেখিবলৈ পোৱা গৈছে৷ যিখন সমাজত নাৰীক এফালে আদ্যা শক্তিৰূপে দুৰ্গা, কালী, লক্ষ্মী, সৰস্বতীক উপাসনা কৰে আৰু আনফালে পণ্য সামগ্ৰীৰূপে ব্যৱহাৰ কৰিবলৈও কুণ্ঠাবোধ নকৰে৷ আজিও আধুনিকতাৰ মুখা পিন্ধা এচাম ভণ্ড মানুহৰ কামনাৰ বলি হ’ব লগা হৈছে কণমানি ছমহীয়া শিশুজনীৰ পৰা আৰম্ভ কৰি বৃদ্ধা গৰাকীলৈকে৷ কিমান নীচ মনোবৃত্তিৰ হ’লে দৰিদ্ৰতাৰ বাবে ফটা কাপােৰ পিন্ধা ছােৱালীজনী পুৰুষৰ কামনাৰ বলি হ’ব লগা হয়৷ কাৰণ দৰিদ্ৰতাৰ বাবে কাপোৰ পিন্ধিব নোপোৱা আৰু আধুনিকতাৰ কবলত কাপোৰ কম পিন্ধাৰ মাজত যথেষ্ট পাৰ্থক্য আছে৷ নাৰীৰ গৰ্ভত জন্ম লাভ কৰি নাৰীৰ দুৰ্বলতাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি পশুতুল্য কাৰ্য কৰা পুৰুষক কাপুৰুষ’ বুলিহে আখ্যা দিয়া উচিত হব৷
বৰ্তমান সভ্য শিক্ষিত সমাজখনত নাৰী নিৰ্যাতন, কন্যা ভ্ৰুণ হত্যা, ধৰ্ষণ, অন্ধ বিশ্বাসৰ বলি হৈনাৰীক ডাইনী সজাই হত্যা কৰা আদি ঘৃণনীয় কাৰ্যৰ বাবে নাৰীসমাজ হতাশাত ভুগিব লগা হৈছে৷ বৰ্তমান
গোলকীকৰণৰ প্ৰভাৱত পাশ্চাত্য সংস্কৃতিৰ দ্বাৰা প্ৰৰোচিত হৈয়ে হওক বা নাৰীৰ ক্ষেত্ৰত আইনী ব্যৱস্থাত শিথিলৰ বাবেই হওক এচাম নাৰী অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱা কাৰ্য নাৰী সমাজৰ বাবে অত্যন্ত লজ্জাজনক৷ কিয়নো নাৰী হৈছে সৌন্দৰ্যৰ প্ৰতীক৷ নাৰীৰ ওপৰতে নিৰ্ভৰ কৰে এটি পৰিয়াল, সন্তানৰ জীৱন আৰু সমাজখন৷ সেয়েহে নিজৰ চৰিত্ৰত কালিমা সনা উচিত নহয়৷ আধুনিকতা মানে চুটি কাপোৰ পিন্ধা নুবুজায়৷ নাৰী হিচাপে শালিনতা ৰক্ষা কৰি সাজ-পােছাক পৰিধান কৰাৰ লগতে পুৰণিকলীয়া ৰীতিনীতিৰ পৰা ওলাই আহিআমাৰ মানসিকতাৰ সলনি কৰিব লাগিব৷
আমাৰ সমাজখন যদিও পুৰুষ প্ৰধান, তথাপিও পুৰুষৰ সমানে সমানে নাৰীক আগবঢ়াই নিবলৈ পুৰুষ আৰু নাৰী উভয়ে উভয়ক সন্মান কৰিব জানিব লাগিব৷ এগৰাকী নাৰী যে কাৰােবাৰ মাতৃ, ভগ্নী বা পত্নী হ’ব পাৰে সেই কথা পুৰুষজনেও উপলব্ধি কৰিব পাৰিব লাগিব৷ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগত এলান্ধুকলীয়া চিন্তা-চৰ্চা আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ এখন লিংগ বৈষম্যহীন নতুন সমাজ গঢ়ি তুলিব লাগিব৷ সমাজত খাপ নোখোৱা অশুভ পৰম্পৰাৰ মানসিকতাক বিসৰ্জন দিব পাৰিব লাগিব৷ উদাহৰণস্বৰূপে আমাৰ সমাজত বহুতে বিধবা তিৰােতা অমঙ্গলৰ চিন বুলি গণ্য কৰে৷ এই ক্ষেত্ৰত কিছু পৰিমাণে আমাৰ মহিলা সকলাে জগৰীয়া৷
ইয়াৰােপৰি আমাৰ সমাজত বংশৰক্ষাৰ বাবে বহুতাে মাক-দেউতাকে পুত্ৰ সন্তানক বেছি গুৰুত্ব দিয়া দেখা যায়৷ তাৰ পৰিৱৰ্তে সমাজে ছোৱালীৰ সংস্কাৰৰ ওপৰত যিদৰে গুৰুত্ব আৰােপ কৰে সেইদৰে পুত্ৰ সন্তানকো যদি অলপ সংস্কাৰ প্ৰদান কৰাৰ লগতে নিজৰ দায়িত্ববােধৰ জ্ঞান দিয়ে তেতিয়া হয়তো আমাৰ সমাজত বৃদ্ধা আশ্ৰমৰ সংখ্যা কমি গ’লহেঁতেন৷
কেৱল বাতৰি কাকত বা ফেচবুক হোৱাটচএপত গৰিয়সী, মহিয়সী বিভিন্ন বিশেষণ বা শুভেচ্ছাবাণীৰে উপচাই তোলাৰ পৰিৱৰ্তে সঁচা অৰ্থত নাৰীক সন্মান প্ৰদান কৰে যেন৷ পুৰুষ আৰু মহিলা মিলি এখন সুস্থ-সবল সমাজ গঢ়াৰ সংকল্পবদ্ধ হওঁ যেন৷
পঢ়ি ভাল লাগিল