নাৰী তুমি অনন্যা (লক্ষেশ্বৰ হাজৰিকা)
নাৰী তুমি অনন্যা
লক্ষেশ্বৰ হাজৰিকা
‘নাৰী’ এটা সুন্দৰ শব্দ,সুন্দৰ অনুভূতি প্ৰৱণ শব্দ যাৰ অৰ্থ হৈছে ললনা,তিৰোতা,বনিতা,মহিলা ইত্যাদি। নাৰী শব্দটোতে যেন সকলো সোমাই আছে। নাৰী হ’ব পাৰে কাৰোবাৰ জীয়াৰী, কাৰোবাৰ বোৱাৰী,কাৰোবাৰ পত্নী,কাৰোবাৰ ভগ্নী,কাৰোবাৰ মাতৃ ইত্যাদি। নাৰীৰ অভিধা ইয়াতকৈও বিশাল, যাক কেৱল সীমাহীন আকাশৰ লগতহে তুলনা কৰিব পাৰি। সেয়ে হয়তো নাৰীক ‘অৰ্দ্ধ আকাশ’ বুলিহে অভিহিত কৰা হয়।
নাৰীক সৃষ্টিকাৰী,মমতাময়ী,ৰহস্যময়ী,ছলনাময়ী,প্ৰাণদায়িনী আদি বিভিন্ন অভিধাৰে অলঙ্কৃত কৰা হয়। নাৰীৰ অবিহনে সৃষ্টিৰ কল্পনাই কৰিব নোৱাৰি। সৃষ্টিৰ পাতনিৰে পৰা আমি লক্ষ্য কৰিলে দেখা পাওঁ ভগৱানে প্ৰথমে প্ৰথম পুৰুষ ‘আদম’ক সৃষ্টি কৰি থমকি ৰ’ব লগা হৈছিল; কিয়নো সৃষ্টিৰ ধাৰা অব্যাহত ৰাখিবলৈ হ’লে এগৰাকী নাৰীৰ প্ৰয়োজন। সেয়ে তেওঁ এগৰাকী নাৰী আদমৰ অৰ্দ্ধাঙ্গিনী হিচাপে সৃষ্টি কৰিলে; সেয়া হ’ল- ‘ইভ’। আনহাতে আমি ক’ব পাৰোঁ যে ঈশ্বৰ হ’ল পুৰুষ আৰু প্ৰকৃতি হ’ল তেওঁৰ ভাৰ্যা। সেয়ে নাৰীক প্ৰকৃতি বুলিও কোৱা হয়।
এগৰাকী নাৰীৰ সমাজত প্ৰভাৱ অপৰিসীম। আদিম কালৰ পৰাই অৰ্থাৎ বৈদিক যুগ বা পুৰাণ,ৰামায়ণ,মহাভাৰতৰ যুগৰ পৰাই নাৰীয়ে সমাজত যথেষ্ট প্ৰভাৱ পেলাই আহিছে। এখন সুস্থ সৱল সমাজ গঠনত নাৰীৰ ভূমিকা অনস্বীকাৰ্য। এখন সমাজত পুৰুষতকৈও নাৰীৰ অৱদান বেছি বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। আমি ঘৰখনৰ পৰাই আৰম্ভ কৰোঁ। এগৰাকী নাৰীয়ে সৃষ্টি ৰক্ষাৰ্থে সন্তান গৰ্ভধাৰণ কৰাৰ পৰা সন্তান জন্ম দি লালন-পালন কৰি সুন্দৰ ভাৱে মানুহ হিচাপে গঢ় দিয়ালৈকে ষথেষ্ট কষ্ট কৰিব লগা হয়। নাৰীয়ে ‘মা’ৰ মমতাৰে সন্তানক বুকুৰ উম দি লালন-পালন কৰে। সেয়ে কোৱা হয় –‘আইৰ(মা) সমান হ’ব কোন,নৈৰ সমান ব’ব কোন’। আমি যদি ৰামায়ণৰ কাহিনীলৈ এবাৰ চকু ফুৰাওঁ, দেখা পাওঁ যে সীতাদেৱী ভাৰতীয় নাৰী সমাজৰ সহনশীলতা আৰু ধৈৰ্যশীলতাৰ এক উজ্জ্বল প্ৰতিবিম্ব স্বৰূপ । সীতাই স্বামীৰ পৰা পৰিত্যক্তা হৈও বনত ঋষিৰ আশ্ৰমত পুত্ৰদ্বয় লৱ-কুশক অতি কষ্টেৰে লালন-পালন কৰিছিল। সেইদৰে মহাভাৰতৰ কুন্তীয়ে কৌৰৱৰ দ্বাৰা নিৰ্বাসিত হৈ বাৰ বছৰ বনবাস খাতি নিজৰ পাঁচোটি পুত্ৰ(পাণ্ডৱ)ক অকলে লালন-পালন কৰিছিল। নিজৰ সন্তানক সুৰক্ষা দিয়াৰ বাবে মাতৃয়ে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰিব লগা হয়। সেয়ে এগৰাকী নাৰী জননী তথা মমতাময়ী হিচাপে প্ৰতিভাত হৈছে।
নাৰী হ’ল শক্তিৰ আধাৰ ; নাৰী শক্তি জাগ্ৰত হ’লে তাক প্ৰতিহত কৰাৰ ক্ষমতা কাৰো নাই। নাৰীৰ কৰাল মূৰ্ত্তি দেখিলে সাধাৰণ নৰমণিচ বাদেই দেৱতাও ত্ৰস্তমান হয়। মহিমাময়ী আদ্যাশক্তি দেৱী দুৰ্গা এই নাৰী শক্তিৰে এটি ৰূপ যি ৰূপে দেৱতাৰো অবধ্য প্ৰৱল প্ৰতাপী মহিষাসুৰক মষিমূৰ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল।
এখন সুখৰ সংসাৰ গঢ়াত নাৰীগৰাকীৰ প্ৰভাৱ অপৰিসীম। গৃহিণীৰ উপৰিও নাৰীক কোৱা হয় ঘৰৰ লখিমী। এখন ঘৰলৈ আন এখন ঘৰৰ পৰা ছোৱালীজনীক ‘লখিমী বোৱাৰী’ হিচাপে আদৰি অনা হয়। ন ঘৰখনৰ লগত নিজক খাপ খুৱাই সকলোকে মনত সন্তোষ লগাই নিজৰ পতিৰ লগত সৌহাদ্যপূৰ্ণ ব্যৱহাৰ আৰু সহযোগিতাৰে আগবাঢ়ি গ’লে সংসাৰত কেতিয়াও ঘুণে ধৰিব নোৱাৰে। অৱশ্যে ইয়াৰ বাবে ঘৰখনৰ বা স্বামীৰ সহযোগিতাও সমানেই প্ৰয়োজনীয়। নাৰীয়ে পতিব্ৰতা আৰু সতীত্ব আদি বিশাল গুণৰ প্ৰভাৱত অসাধ্য সাধন কৰাৰ বহুতো উদাহৰণ পোৱা যায়। সতীত্বৰ গুণৰ প্ৰভাৱত সতী সাবিত্ৰীয়ে স্বামী সত্যবানৰ আৰু বেউলাই লখীন্দৰৰ প্ৰাণ ঘূৰাই আনিবলৈ সক্ষম হৈছিল। সতী ৰাধিকাই নিজৰ সতীত্বৰ বলত শান্তিজানৰ বানপানী ভেটিবলৈ সমৰ্থ হোৱাৰ কথা সকলোৱে জানে। আহোম নাৰী সতী জয়মতী পতিব্ৰতা আৰু সহনশীলতা লগতে ত্যাগৰ এক চূড়ান্ত নিদৰ্শন। সেইদৰে মূলা গাভৰু,ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ, কনকলতা আদি নাৰী সকলো স্ব মহিমাৰে মহিমামণ্ডিত হৈ আছে।
বিভিন্ন গুণেৰে বিভূষিতা হৈয়ো পুৰুষ প্ৰধান সমাজত নাৰী প্ৰায়ে অৱহেলিত হোৱা দেখা যায়। যি নাৰীৰ পৰা সন্তান সৃষ্টি হৈ সংসাৰৰ ধাৰা অব্যাহত আছে সেই নাৰীকে কিছুমান সমাজত ভ্ৰুণ অৱস্থাতে হত্যা কৰা হয় বা যৌতুকৰ নামত নানা শাস্তি আনকি হত্যা পৰ্যন্ত কৰা হয়। সমাজত থকা এনে বৈষম্য বা কু সংস্কাৰ দূৰ কৰিব পাৰিলেহে নাৰীৰ নাৰীত্ব বৰ্ত্তি থাকিব। এখন সুস্থ সৱল সমাজ গঢ়িবলৈ হ’লে নাৰীক যথোচিত সন্মান আৰু মৰ্যাদা দিব লাগিব। আজিৰ নাৰী পুৰুষতকৈ কোনো গুণে কম নহয়। নাৰী অবলা কিম্বা দুৰ্বলা নহয়। আজিৰ নাৰী পুৰুষৰ সমানেই সাহিত্য-সংস্কৃতি,অভিনয়,ৰাজনীতি,ক্ৰীড়া আদি সকলো ক্ষেত্ৰত দক্ষতাৰে আগবাঢ়ি গৈছে। আজিৰ নাৰীয়ে পৰ্বতাৰোহণ কৰিছে,মহাকাশলৈ গৈছে,বিভিন্ন বিভাগৰ মূৰব্বী হোৱাৰ উপৰিও দেশৰ সৰ্বোচ্চ প্ৰশাসনিক পদতো অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে। নাৰী আৰু পুৰুষৰ মাজত দৈহিক গঠনৰ বাদে কোনো পাৰ্থক্য নাই। প্ৰতি গৰাকী নাৰীৰৰ মাজতে নিহিত হৈ আছে বিশাল প্ৰতিভাৰ ভাণ্ডাৰ। এই প্ৰতিভা বিকশিত হ’বৰ বাবে লাগে মাথোঁ উপযুক্ত পৰিস্থিতি,পৰিবেশ আৰু সমমৰ্মিতা। নাৰী তুমি সঁচাই অনন্যা ।