নাৱিকৰ চুমা আৰু কিছুমান বেবেৰিবাং চিন্তা৷ — জুৰী গোস্বামী


চন ১৯৪৫৷তাৰিখ আগষ্ট মাহৰ ১৪ তাৰিখ৷ নিউইয়ৰ্ক চহৰৰ ৰাজপথত দ্বিতীয় বিশ্বযুদ্ধৰ অভিজ্ঞতাৰে ভাৰাক্ৰান্ত এজন নাৱিক অকলশৰে কোনোবা গন্তব্যৰ দিশে গতি কৰিছিল৷ অকস্মাৎ তেওঁৰ কাণত পৰিল দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ সেই অকল্পনীয় শুভ বাতৰিটো৷ আনন্দত আত্মহাৰা হৈ তেওঁ বিপৰীত দিশৰ পৰা আহি থকা এগৰাকী নাৰ্ছক সাৱতি ধৰি উপৰ্যুপৰি চুমা খাবলৈ ধৰিলে৷ এজন ফটোগ্ৰাফাৰৰ সেই সুন্দৰ দৃশ্যটি চকুত পৰাত লগালগ সেই দৃশ্য তেওঁ কেমেৰাত বন্দী কৰিলে৷ৰাতিৰ ভিতৰত সেই ফটো খনে বিশ্বত তোলপাৰ লগালে৷ ১৯৪৫ চনৰে কথা৷ ফটো খনে এটা ৰাতিতে চৰম জনপ্ৰিয়তা অৰ্জন কৰিলে আৰু পৰবৰ্তী সময়ত সেই ফটোখনকে এটা ষ্টেচুলৈ ৰূপান্তৰিত কৰি নিউইয়ৰ্ক চহৰৰ টাইমচ স্কোৱাৰত স্থাপন কৰিলে৷বিখ্যাত সেই ষ্টেচুৰ নাম Kissing sailor৷
কথাটো পঢ়াৰে পৰা মই ৰিজনিত বহিলো৷ অনুৰূপ ঘটনা এটা আমাৰ দেশৰ ফটো সাংবাদিক এজনৰ চকুত পৰা হ’লে কি হ’লহেঁতেন? আচলতে প্ৰত্যেকটো কামৰ পৰা যোগাত্মক দিশটো বিছাৰি উলিয়াব পৰাটোহে সৃষ্টিশীলতাৰ পৰিচয়৷ সেই সময়তে সেই দেশৰ মানুহ ইমান শিক্ষিত যে সেই ঘটনাটোৰ নেতিবাচক কিবা দিশ থাকিব পাৰে বুলি বিবেচনা কৰিবলৈ তেওঁলোকৰ মন মানসিকতাই ঢুকিকে নাপালে৷ ভাৰতৰ দৰে এখন ৰক্ষণশীল দেশত হোৱা হ’লে হয়তো মহামান্য আদালতেও কঠোৰতম শাস্তিৰ বিধান দিলেহেঁতেন৷উন্নত দেশৰ উন্নত চিন্তা৷তেওঁলোকে সেই চুমাক দেশ প্ৰেমৰ জ্বলন্ত উদাহৰণ ৰূপে প্ৰতিষ্ঠা কৰিলে৷তাকো সেই ফটো সাংবাদিক জনৰ আপোন প্ৰচেষ্টাৰ বাবে৷
গতিকে চকুৰ আগত দেখা যিকোনো এখন ছবিকে নেতিবাচক দৃষ্টি ভঙ্গীৰে চোৱাৰ আগতে যোগাত্মক ভাবে দহবাৰ চিন্তা কৰি চোৱাটো যুগুত৷
এতিয়া আমি হাতত এটা এনৰইদ ফোন লৈ ফুৰাৰ সময় আহিল৷ কিন্তু আমাৰ মন মগজু আমি কিমান উন্নত হ’ল বুলি দাবী কৰিব পাৰো? ম’বাইলটো হাতত লৈ আমি বহুতেই পৰচৰ্চা পৰনিন্দাৰ দৰে কৌটিকলীয়া কুসংস্কাৰৰ পৰা নিজক মুক্ত কৰিবলৈ যত্ন কৰিব পৰা নাই৷ পৃথিৱীখন ইমান বিশাল৷ বিশাল পৃথিৱী খনত আমি শিকিবলগীয়া যে অ’তবোৰ কথা আছে! আমি আমাৰ মনটোৰ অনুসন্ধিৎসু চেতনাটো কেতিয়াও ভাল দিশত ব্যৱহাৰ কৰিবলৈ নিবিছাৰো৷ আমি কেতিয়াও লিখি চোৱা নাই আমি সদায় ব্যৱহাৰ কৰা জুইশলা বাহঁটোতনো কেইটা কাঠী থাকে? আমি ব্যৱহাৰ কৰা গামোছা এখননো দীঘলে পুতলে কিমান? এনে ধৰণৰ অভ্যাস বোৰৰ অনুশীলনে আপোনাৰ ওচৰে পাজৰে আপোনাক সততে অনুসৰণ কৰা লোক সকলক স্বতঃস্ফূৰ্ত ভাৱে অনুসন্ধিৎসু কৰি তুলিব৷ আপোনাৰ চৌপাশ আপোনা-আপুনি ব্যৱহাৰিক দিশত জ্ঞানী হৈ উঠিব৷ মাত্ৰ আমাৰ চিন্তাৰ ঘোঁৰাটো যোগাত্মক ৰাষ্টাত চলাবলৈ আমি সততে যত্নপৰ হ’ব লাগে৷ আমি কিছুমান কথা আগতে পঢ়িবলৈ পোৱা নাছিলো৷আমাৰ দিনত কিতাপ একোখন সোণতকৈয়ো দুষ্প্ৰাপ্য আছিল৷ আমাৰ শিকাৰ অতি আগ্ৰহ আছিল৷ মই কিন্তু বিদ্যালয়ৰ পাঠ্যক্ৰমত কৈ বাহিৰা কিতাপ পঢ়াত বেছি আগ্ৰহি আছিলো৷সেয়ে মই কেতিয়াও মেধাবী ছাত্ৰী নাছিলো৷ সকলো সময়তে কল্পনাপ্ৰৱন মনটোৰে মই পৃথিৱীৰ চৌপাশে ভ্ৰমি ফুৰিছিলো৷কেতিয়াবা গ্ৰীছ আৰু ৰোমত কেতিয়াবা আন আন বিদেশী গল্পৰ নায়িকা বুলি নিজকে কল্পনা কৰি উটি ভাঁহি ফুৰোতে শ্ৰেণী কোঠা মোৰ বাবে আছিল জ্বৰ উঠাৰ কাৰণ৷ কিন্তু অনুসন্ধিৎসু মন এটা মোৰ সৰুৰে পৰাই আছিল৷ মই বৰ মৰমত এটা অতি কোমল পৰিবেশত সত্ৰত ডাঙৰ হৈছিলো৷ বৰখুড়া সৰুখুড়া আইতা আৰু জেঠাই আছিল মোৰ শৈশৱৰ ভগৱান৷ প্ৰতিজনৰে মোক মৰম আৰু শাসন কৰাৰ নিজা নিজা সংবিধান আছিল৷ বৰ বহল আৰু উদাৰ আছিল তেখেত সকলৰ ভাৱ চিন্তা৷ সকলোৰে আগত মই নিমাতি৷ মোৰ কাম মাত্ৰ কল্পনা কৰা গান গোৱা কিতাপ পঢ়া৷ সেই পৰিবেশৰে ফলস্বৰূপ আমাৰ ঘৰত পাছলৈকো কোনো ধৰণৰ নেতিবাচক চিন্তাৰ ঠাই নাছিল৷ পৰচৰ্চাৰ ঠাই আমাৰ ঘৰত নাছিল৷ মা আছিল আনৰ বেয়া দেখি বেয়া কথা পতাৰ চৰম বিৰোধী৷ এতিয়া হাতত ইণ্টাৰনেট হ’ল দেশ দুনীয়া অকলে ঘৰত বহিয়েই তহিলং কৰি ফুৰিব পৰা হ’লো৷ গতিকে মই ভাৱো প্ৰত্যেক মানুহেই মবাইলটো এখন বিশ্বকোষলৈ পৰিবৰ্তন কৰি লোৱাটো প্ৰয়োজন৷ ইণ্টাৰনেটত প্ৰতি মাহে এখন এখন বহুত দামী কিতাপৰ খৰচ সমান পইছা আমি ব্যয় কৰো৷ কৰিছোৱেই যেতিয়া আমি ম’বাইলটো আৰু ছ’চিয়েল মেডিয়াকো যোগাত্মক দিশেৰে ব্যৱহাৰ কৰিব কিয় নোৱাৰো? সকলোৰে ব্যক্তিগত জীৱনত ভাল বেয়া থাকেই৷ সেইবোৰ বিশ্লেষণ কৰি সময় নষ্ট কৰাত কৈ নিজে কিছুমান যোগাত্মক কাম কৰাটোহে মানুহৰ কাম৷ কিমান মানুহৰ স্বনিৰ্ভৰশীলতাৰ খবৰ ফেছবুকত প্ৰকাশ পাই৷আমি প্ৰয়োজন বুলি ভাৱি অনুপ্ৰেৰণা লওঁনে? বা সেই অহৰহ কষ্ট কৰি আত্ম প্ৰতিস্থিত হোৱা ব্যক্তি জনক এশাৰ উদগনি মূলক বাক্যৰে অনুপ্ৰাণিত কৰোনে?নকৰো কাৰণ ইৰ্ষা নামৰ অহং ভাৱটোৱে আমাক তেনে কৰিবলৈ উদগনি নিদিয়ে৷ আনৰ অহিত ভবাতেই কিন্তু দেহত বিষক্ৰিয়া জন্মহোৱাৰ প্ৰধান কাৰণ৷ সেই হিংসা ইৰ্ষা পৰশ্ৰীকাতৰতাই আমাৰ ৰুগীয়া কৰি তোলাত বিশেষ ভূমিকা ল’ব পাৰে বুলি মই ধাৰণা কৰো৷ সেই বোৰৰ পৰা মুক্ত হ’বলৈ প্ৰথমে মানুহ সকলোদিশতে যোগাত্মক চিন্তাৰ হ’ব লাগিব৷ সন্তুষ্টিৰ ভাৱ এটা অহৰহ বৰ্তাই থাকিবলৈ মানুহে অন্তৰখন পৰিষ্কাৰ কৰি ৰখাতো অতি জৰুৰী৷

One thought on “নাৱিকৰ চুমা আৰু কিছুমান বেবেৰিবাং চিন্তা৷ — জুৰী গোস্বামী

  • January 21, 2020 at 6:31 pm
    Permalink

    খুউব ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!