নিঃসংগ নায়ক( -নটৰাজ দাস)

নিঃসংগ নায়ক
-নটৰাজ দাস৷

বিমূৰ্ত্ত কামনাত ডুবি আছে
নিঃসংগতাৰ সুৰ গুঞ্জড়িত এখনি আকাশ
আৰুletter
জেপত সযতনে কঢ়িয়াই ফুৰা
এখনি নীলা চিঠি৷
মানুহে কয় মই হেনো অকলশৰীয়া৷
তোমাৰ এলবামৰ পৃষ্ঠাত বন্দী
শিৰোনামহীন অতীত৷
নিসংগ নায়কৰ মিছা অভিধাৰে নামাতিবা মোক
তোমাৰ স্মৃতিৰে এতিয়াও ওমলোঁ তাত
সোঁৱৰণী সোণালীয়ে পাখি মেলে য’ত৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!