নিঃসঙ্গ যাত্ৰাত মোৰ সহযাত্ৰী (- কামাৰুজ জামান )
মহাতীৰ্থৰ যাত্ৰী মই আজি
নিঃসঙ্গ যাত্ৰী,
কোনো নাই মোৰ লগত আজি
কোনো নাহিল মোৰ লগত
মোৰ ঘৰ, মোৰ ঘৰৰ মানুহ
মোৰ কোঠালি, মোৰ কিতাপ, কাগজ-কলম
মোৰ আত্মীয়, মোৰ গাঁও, মোৰ গাঁওবাসী
তুমি……….কোনো নাহিল
নাহিল সেউজীয়া গছ-পাত-ফুল-ধূলি-পানী
আনকি জোনাকী পৰুৱা কেইটাও
বহু দূৰলৈ আহি মই ঘূৰি চাইছিলোঁ
কিজানিবা কোনোবা আহিয়ে আছে, মোৰ পিছে পিছে
মৰমতে, নহ’লে আৱেগতে ।
মৰীচিকা খেদিলোঁ কিছু সময়
নাই কোনো নাহিল,
মোৰ শেষ আশা, তুমিও নাহিলা ।
দূৰত্ব ক্ৰমাৎ বাঢ়ি আহিল সকলোৰে স’তে
মোৰ ঘৰৰ স’তে, গাঁৱৰ স’তে
সেউজীয়া গছ-পাত-ফুলৰ স’তে
কোনেও মোৰ সঙ্গী নহ’ল
নাই, দুঃখ কৰিবলৈ কিনো আছে ?
হঠাৎ মনৰ ভিতৰত এক অজান অনুৰণন !
ভাৱৰ ৰামধেনু অথবা অনুভৱৰ বৰ্ণালী
ওপৰলৈ চালোঁ মই ।
আকাশখন দেখোন তাতেই আছে,
যাত্ৰাৰম্ভৰ সময়ত য’ত আছিল ঠিক তাতেই ।
এখন পোহৰ খোদিত আকাশ
য’ত অঁকা আছে তৰা-জোন-হাতীপটি
বেলিৰ লগত লুকা-ভাকু খেলা এজাক শাৰদীয় শুকুলা ডাৱৰ ।
তেনেহ’লে মইতো নিঃসঙ্গ নহওঁ, সহযাত্ৰী আছে মোৰ
আকাশখন আছে মোৰ স’তে, আছে তৰা-জোন
আৰু তাৰো ওপৰত আছে কোনেও নেদেখা
মোৰ সেই মহান সঙ্গী
নিঃসঙ্গ যাত্ৰাত মোৰ সহযাত্ৰী ।
(যোৱা ২২ অক্টোবৰত নশ্বৰ দেহ ত্যাগ কৰা মোৰ দেউতাৰ নামত উৎসৰ্গিত, তেখেতৰ নিঃসঙ্গ যাত্ৰাত মোৰ অনুভৱ)