নিজৰ বাবে এটি কবিতা… (অশোক লাভ, অনুবাদ – মাখনলাল দাস)

নিজৰ বাবে এটি কবিতা…

(অশোক লাভৰ হিন্দী কবিতা ‘अपने लिए एक कविता ‘ৰ অসমীয়া অনুবাদ)

মাখনলাল দাস


বাৰু, এটি কবিতা নিজৰ বাবেই লিখোঁ,
বহুদিন হ’ল নিজৰ সতে কথা পতা নাই
নিজৰ খা-খবৰ লোৱা নাই
আনৰ ইচ্ছা পূৰণ কৰি কৰি
মনত নপৰিল নিজৰ অৱস্থাৰ বুজ ল’বলৈ ৷

ধাৰণা হয়, সকলো ঠিকেই আছে
কাৰণ বিশেষ একোতো নাই
কোনেও মোক মোৰ বিষয়ে সোধা নাই
সকলো ব্যস্ত, আপোন জগতত মতলীয়া হৈ৷

তেওঁলোকৰ জগতত ঘুৰি-ফুৰি
নিজৰেই পদুলিৰ বাট পাহৰি গ’লো
ব’লা, আজি নিজৰ মনৰ অলিয়ে-গলিয়ে ফুৰি লওঁ
নিজৰ খা-খবৰ সোধোঁ নিজকেই ৷

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!