নিজৰ সতে এখন্তেক : চৰিফুল ইছলাম
(হীৰুদালৈ গভীৰ শ্রদ্ধাৰে)
১/
দেওধ্বনি উঠিছে খহিছে জহিছে মানুহৰ পদূলি
অকোৱা-পকোৱা অমৃত প্রেমৰ পানী তিনিপোৱা
মোৰে শপত, দূৰলৈ নাযাবা গুচি অ’ মোৰ মনৰ মাজুলী।
২/
এদিন ভাবিলোঁ বানপানী চাবলৈকে ক’ৰবালে যাম
বানপানীয়ে ক’লে, নালাগে আহিব এতিয়া সহজ হ’ল
পোনে পোনে ঘৰলৈকে নি তোমাক বানপানী দেখুৱাম।
৩/
মণি অ’ দেওপাৰি ফুৰিছ যে কিনো মৰম জুখিবলৈ ল’লি
অভিসাৰী নিশাটোকে আকৌ এবাৰ কিয়বা সজাই তুলিলি !
৪/
ভোকত চিঞৰি কন্দা শিশুসকলৰ মুখত দিবলৈ
ভোকৰ ঈশ্বৰে আনিলে মৌৰে সতে বৰভোগ
সুখতে ঢলি পৰিল সকলো শিশু দিবলৈ অভিযোগ!