নিবনুৱা (নিপন নিয়ৰ শেনচোৱা)
এই যে চিটিবাচত ৰিক্সাত
অথবা তিনিআলি-চাৰিআলিবোৰত
মুখত বদনামী বিশ্বাস আৰু হাতত
বুকুৰ সমস্ত যান্ত্ৰনাৰ চাৰ্টিফিকেট লৈ
বাৰে বাৰে চাকৰিৰ কাঠগড়াত থিয় হয়
সি এটা নিৱনুৱা
সৌ যে আন্ধাৰ ঠাইটুকুৰা দেখিছে য’ত
কেতিয়াবা এটি ক্ষুদ্ৰ ৰঙা পোহৰক থপিওৱা থপিওৱি
কিছুমান কাচৰ বটলৰ ঠুং ঠাং শব্দ আৰু অবাইচ অশ্লীল মাত
তাত তাক প্ৰায়েই পোৱা যায়
এচপৰা কলা ডাৱৰৰ তলত
ক্ষীয়মান পোহৰৰ এন্দুৰৰ দৰে বাস কৰে সি
কুটি কুটি খাই মাক বাপেকৰ নিশাৰ টোপনি
ক্ষুধাৰ জ্বালাত সি মৰে
মৰে তাৰ দেশ মৰে তাৰ বিশ্বাস
তাৰ ফালে চোৱাচোন
কেনে নিপ্ৰভ চকু, কোনোমতে খোজকাঢ়িব পাৰে
হাওলি পৰা মূৰত কেতিয়াবা জলমলীয়া মাকৰ চকু ভাহে
সি থুৱাই দিয়ে তেজী সূৰ্যৰ ফালে
আৰামী চকীৰ হে বিষয় ববীয়াৰ দল
দুখে খঙে ভৰা সেই উন্মাদ মুখবোৰ ওচৰ চাপি
যেতিয়া গঢ়ি উঠিব এটা তাৰকাপুঞ্জ
এদিন এটা মিচিল ওলাব চিনেমা হ’লৰ পৰা
অফিচ কাচাৰীৰ বাৰান্দাৰ পৰা আন্ধাৰ আলি গলি
তিনিআলি চাৰিআলিবোৰৰ পৰা
তাৰ লগ লাগিব অজস্ৰ সহযোগী
তাৰ হাতত ধৰিয়েই আহি আছে
সমস্ত খং-ৰাগ-ক্ষোভ-ক্ষুধা আৰু আগ্নেয়গিৰিৰ লাভা
য’ৰ পৰা আৰম্ভ হয় বিপ্লৱৰ আদিপাঠ