‘‘নিমিলা অংক’’ – এক মিনিটৰ গল্প (মনোৰঞ্জন মজুমদাৰ)
আমাৰ গাঁওখনৰ সিটো মূৰে নিধিৰাম দেউৰ ঘৰ ৷ দেউৰ ঘৰৰ অৱস্থা সিমান এটা ভাল নহয় ৷ জোৰা–টাপলি মাৰি কোনোমতেহে চলাই আছে সংসাৰখন ৷ সংসাৰত মানুহ বুলিবলৈ তিনিটা ৷ দেউ, দেউৰ পত্নী আৰু তেওঁৰ যোগালী লিতিকাই ৷ বহুদিন হ’ল দেউৱে পূজা–পাতলৰ কাম পোৱা নাই ৷ সংসাৰ চলোৱা কঠিন হৈ পৰিছে তেওঁৰ বাবে ৷ লিতিকায়েও অ’ত ত’ত টুক–টাক কৰি হাত খৰছটো উলিয়াই আছে কোনোমতে ৷ এদিন হঠাতে দেউলৈ সুখবৰ এটা আহিল ৷ মৌজাদাৰৰ ঘৰলৈ বিদেশৰ পৰা বৰপুত্ৰ আহিছে ৷ এইবাৰ দেউতাকৰ বছৰেকীয়া তিথিভাগ তেওঁ পাতিব হেনো ৷ সেই হেতুকে নিধিৰাম দেউলৈ এই নিমন্ত্ৰণী পত্ৰ পঠিয়াইছে ৷ খবৰ পাই দেউ আৰু লিতিকাইৰ দেহত গোসাঁই নাইকিয়া হৈছে ৷ মৌজাদাৰৰ ঘৰৰ কাম ৷ নিশ্চয় দক্ষিণা–ধনেৰে দেউক উপচাই দিব ৷ তিথিৰ দিনা পুৱাই দেউ আৰু লিতিকাই গা–পা ধুই নিকা হৈ মৌজাদাৰৰ ঘৰলৈ ওলাল ৷ মৌজাদাৰৰ ঘৰত ব্যাপক আয়োজন চলিছে ৷ তাকে দেখি আমাৰ দেউ আৰু লিতিকাইৰ মনত উলাহে নধৰা হৈছে ৷ দেউক দেখি গৃহস্থৰ মানুহে তেওঁক আদৰি নিলে ৷ যথাসময়ত তিথিৰ কাম–কাজ সম্পন্ন হ’ল ৷ গৃহস্থৰ পৰিয়ালে দেউৰ সমুখতে আঠু ল’লে ৷ মৌজাদাৰৰ বৰপুত্ৰই এখন শৰাইত গামোচা সহিতে বগা ৰঙৰ দীঘলীয়া খাম এটা দেউলৈ বুলি আগবঢ়ালে ৷ ‘‘ডাঙৰ মানুহৰ ডাঙৰ কাম’’ এই বুলি ভাবি দেউৱে খামটো হাতেৰে তুলি ল’লে ৷ লিতিকায়ে মনতে হিচাপ কৰি চালে যে খামটোত অতি কমেও পাঁচহাজাৰ মান টকাতো থাকিবই ৷ সন্ধিয়া সময়ত লিতিকাই সহিতে দেউ ঘৰলৈ বুলি উভতিলে ৷ ঘৰলৈ আহি যেতিয়া খামটো খুলি চালে তাতে টকাৰ পৰিৱৰ্তে নীলা ৰঙৰ এখন কাগজ দেখি দেউ আৰু দেউৰ পত্নীয়ে তভক মানিলে ৷ লিতিকায়ে ঘটনাটো দেখি তাতে সি নৰ’লেই ৷ চিধাই সি তাৰ লগৰ মণিৰামৰ ওচৰলৈ দৌৰ দিলে ৷ মণিৰামে ঘটনাৰ বৃত্তান্ত শুনি মন্তব্য দিলে যে মৌজাদাৰৰ পুতেকে নিশ্চয় লটাৰীৰ টিকট এখন দিছে ৷ দেউৰ ভাগ্য ফুলিল ৷ ইফালে দেউৱে পাঠশালাৰ ডেকা মাষ্টৰ ৰবীনৰ ঘৰলৈ বুলি ওলাল ৷
– দেউ ৰাতিখন যে ৷ আহক আহক ৷
– বোপা ৰবীন ৷ এইখন কি কাগজনো চাই দিয়া চোন ! এইখন চোন দহহাজাৰ টকাৰ বেংকৰ চেক ৷ ক’ত পালে আপুনি ?
– এস্ আজি মৌজাদাৰৰ তিথি নাছিল জানো ! তাতে আশীৰ্বাদ দিওঁতে এইখন দিলে ৷ মই একো বুজি পোৱা নাই বোপা ৷ কি কৰিব লাগিবনো ৷
– অ’ এইখন ভঙাবৰ বাবে আপুনি বেংকলৈ যাব লাগিব ৷
– বোলো আমি আদাবেপাৰীয়ে জাহাজৰ খবৰ কেলৈনো ৰাখিম ৷ বেংকত কোনো কালে ভৰি দিয়েই পোৱা নাই বোপা ৷ কি কৰা যায় ?
চেকখন চাই চিন্তিত মনেৰে মাষ্টৰে দেউক ক’লে–
আপুনি এতিয়া এইখন সাগৰ পাবলৈ এটা পাহাৰ ভাঙিব লাগিব, মানে এই টকা দহহাজাৰ পাবলৈ আপুনি এহেজাৰ টকাৰে বেংকত এটা একাউণ্ট খুলিব লাগিব ৷
ৰবীন মাষ্টৰৰ কথা শুনি নিধিৰাম দেউৰ তালু শুকাই আহিল ৷ এহেজাৰ টকা যোগাৰৰ চিন্তাই তেওঁক ব্যাকুল কৰি তুলিলে ৷ তেওঁৰ অৱস্থা শিল পৰা কপৌৰ দৰে হ’ল ৷ দুখমনেৰে দেউৱে মাষ্টৰৰ হাতৰ পৰা চেকখন নল’লে নহয় বাবেহে চেকখন ল’লে আৰু নিজৰ ফিচিকি যোৱা চুৰিয়াখনৰ খোঁচনিত সুমুৱাই থ’লে ৷ মনলৈ আহিল যোৱা নিশা লঘোণে থকা অসুখীয়া মানুহজনীৰ শুকান মুখখন ৷ গোটেই ঘটনাটো তেওঁৰ বাবে এটা নিমিলা অংক হৈ ৰ’ল ৷