নিশ্বাস যেতিয়া থমকি ৰয় মূল হিন্দী: দীপ্তি নৱল অনুবাদ: ৰীতিমালা
কেতিয়াবা,
কথা কৈ থাকোঁতেই ৰৈ যাওঁ
উশাহটো ঘূৰাই নোপোৱা যেন লাগে
বচ,
তেতিয়াই জুমি চাওঁ নিজৰ সীমালৈ
সেই সময়ত, সেই সীমাত
এটা ভয়ানক হাহাঁকাৰৰ সৃষ্টি হয়
সপোনবোৰে অসময়তে ছটফটাব ধৰে
আৰু,
আমাৰ চকুৰ সন্মুখতে
শেষ নিশ্বাস এৰে!
কেৱল,
জনশূন্য, নীৰব, জংঘলেৰে আৱৰা
সীমাবোৰ ৰৈ যায়
মৃতদেহৰ দমেৰে সৈতে……
তেতিয়া,
আমি নিজৰ বৃত্তটোৰ পৰা
কিছুপৰৰ বাবে উঠি আহোঁ,
নিজৰ নিজৰ সীমালৈ গৈ
সপোনৰ ধুনীয়া শৱবোৰ কফিনত ভৰাওঁ
আৰু,
আকৌ উভতি আহি বহি পৰো
নিজৰ বৃত্তটোৰ ভিতৰত…….