নিয়ম- পাপৰি বৰ্মন
আইৰ মৃত্যুৰ দিনা দাদাৰ দৰে মই নীতি-নিয়ম কৰিব নোৱাৰিলোঁ৷ অথচ দাদাতকৈ বেচি দুখ মোৰ লাগিছিল৷ আইৰ বেমাৰত দূৰৰ পৰা মুখত কাপোৰ লৈ দাদা-বৌ অলপ সময় থিয় দিয়ে গুচি গৈছিল৷ সিহঁতৰ ল’ৰাটোলৈ আইয়ে নিজৰ জোনবিৰি লকেটটো দিওঁতে সি দৌৰি গৈ দাদাৰ বিলাসী গাড়ীত বহি চিঞৰি আছিল, “ পাপা, কাম হেয়াৰ চো ডাৰটি৷ “মোৰ পিছে দাদা, বৌ বা ভতিজাটোলৈ চাবলৈ ঘৃণ লাগিছিল৷ সিহঁতকহে মোৰ বেছি লেতেৰা যেন বোধ হৈছিল৷ দুখীয়া ঘৰখনত দুখীয়া মাকৰ পেটৰপৰা ওলাৱা দাদাক আইয়ে বহুত কষ্ট কৰি পঢ়াইছিল৷ ভাল চাকৰি এটা পালে সি, কিন্তু মানুহ হ’ব নোৱাৰিলে৷ আইৰ মৃত্যুৰ দিনা মনৰ দুখত ময়ে আইৰ মুখাগ্নি কৰিম বুলি কওঁতে বামুণে চিঞৰি উঠিছিল ছোৱালী মানুহে এইবোৰ নকৰে৷ তাতো তেওঁৰ ল’ৰা সন্তান আছে৷ ছোৱালীৰ মাক-পিতাক ঢুকোৱাৰ লগত কোনো কথা নাই৷ তেল, মচলা সকলো খাব পাৰে ছোৱালীয়ে৷ চাবোন, চাৰ্ফ সকলো ব্যৱহাৰ কৰিব পাৰে৷ নীতি-নিয়মবোৰ ল’ৰাৰ বাবেই৷ ল’ৰাই বংশৰ গুৰিধৰোতা৷ ছোৱালীজনীক মুখাগ্নি কৰিব দি মৃতকক নৰকত স্থান দিব নোৱাৰোঁ মই৷ বামুণক ওভতাই চিঞৰিছিলোঁ মই, “নৰক তই দেখি পাইছ, বুঢ়া বামুণ৷ আই তিনিমাহ বিছনাত পৰি থাকোঁতে মই দেখিছোঁ নৰক কি? বামুণ, তই দেখিছিলিনে দিন-ৰাতি আইৰ কিমান শুশ্ৰূষা কৰিছিলোঁ মই৷” কেইজনীমান মহিলাই ধমক দি মোক বহাই দিলে৷ সিহঁতে বামুণক হাতযোৰ কৰি ক’ব ধৰিলে তাইৰ মগজটো গ’ল৷ ভুল বকিছে, ক্ষমা কৰি দিয়ক৷ সকলোৱে বহুত বুজোৱাৰ পিছত সৰগ আৰু নৰক নেদেখা বামুণ বুঢ়াই চোতালত ৰৈ থাকিল, আইৰ মুখাগ্নি কৰিবলগীয়া বংশ অহালৈ৷
সকলোৰে গালি-শপনি খাই মই নিশব্দে বহি আছিলোঁ, দাদা আহিবনে? আই ৰাতিপুৱাই ঢুকাইছিল৷ তাক নৱ দাই খবৰো দিছিল ফোনত৷ আইৰ আত্মাৰ শান্তিৰ বাবেই যোগাৰ কৰোঁতে মই কান্দিবও পাহৰিলোঁ৷ অথচ বিদ্যালয়ৰ পৰা আহি আইক নেদেখিলে মই চিঞৰি চিঞৰি কান্দিছিলোঁ৷ দাদাই আইৰ চাদৰ এখন আনি মোক শুঙিব কৈছিল, “ময়ো শুঙোদে, আই খেতিপথাৰলৈ গ’লে৷ তয়ো শুঙি চা, আই থকা যেন পাবি৷” আয়ে আমাক বৰ মৰমেৰে আৱৰি আছিল৷ দাদা পঢ়া-শুনাত চোকা আছিল বাবেই আয়ে সদায় নিজৰ ভাগৰ গাখীৰখিনিও তাক খাব দিছিল৷ আমাৰ এজনী ক’লী গাইগৰু আছিল৷ পিতাই ঢুকুৱাৰ পিছত আয়ে মাছ-মাংস এৰিবলগীয়া হোৱাত গাখীৰ অকণমান লৈ ভাত খাইছিল৷ আয়ে বামুণৰ বিধৱাৰ সকলো নিয়ময়ে মানি চলিছিল৷ দাদাক বুদ্ধি বাঢ়িবলৈ নিজৰ ভাগৰ গাখীৰখিনি দিওঁতে বহুদিন মই দেখিছিলোঁ আয়ে ঘৰৰ চোতালত ৰোৱা জলকীয়াজোপাৰ পৰা জলকীয়া এটা লৈ নিমখ পানীৰে সানি ভাত খাইছিল৷ সেই আই আজি শৱ হৈ পৰি আছিল চোতালত৷ দাদা আহি পালে মুখাগ্নি কৰিব বুলি ৰৈ থকা কিছুমান মানুহ ঘৰাঘৰি গৈছিল৷ কিছুমান মানুহে ক’ব ধৰিলে গুৱাহাটীৰ পৰা নলবাৰীলৈ অহা ৰাস্তাত গাড়ীৰ বহুত ভীৰ হয়৷ আন কিছুমানে আইৰ কপালক ধিয়াই দুখ কৰিলে৷ মই মাথোঁ আইৰ নীতি-নিয়মত লগা বস্তুৰ যোগাৰ কৰি আছিলোঁ যাতে দাদা আহি পালেও মই নিলাজৰ দৰেই তাক হাত পাতিব নালাগে৷
আইয়ে ব্যৱহাৰ কৰা কাপোৰবোৰ গাঁৱৰ পেহী এজনীয়ে বিচাৰিলে পুৰিবলৈ৷ মই আচৰিতধৰণে পেহীলৈ চালোঁ৷ চকুৰ চাৱনিৰে বুজাব খুজিলোঁ; নিনিবি অ’ পেহী তাত আইৰ গাৰ গোন্ধ আছে৷ গাঁৱৰে খুৰা এজনে আইৰ বিছনাখন হুৰমুৰকৈ দাঙি নিলে৷ মোৰ মুখৰ পৰা একো মাত নোলোৱা দেখি কেইজনমান লোকে ক’বলৈ ধৰিলে মালতীয়ে বুজিলে, নিয়ম-নীতি বুলিও যে কথা এটা আছে৷ আচলতে বিছনাখনলৈ চাই মোৰ পিতাইলৈহে বৰকৈ মনত পৰিছিল৷ মই সমাজৰ কথা বুজা নাছিলোঁ সৰুৰ পৰাই৷ আগবাঢ়িব নোৱাৰা সমাজৰ নীতি-নিয়মবোৰ মোৰ কবৰৰ ভিতৰত থকা শৱ যেন লাগিছিল৷ কবৰৰ বাহিৰটো সুন্দৰ পিছে ভিতৰটো ফোপোলা, ঠিক কবৰ যদি খান্দি চাওঁ তাৰপৰা ওলাবলগীয়া উৎকট দুৰ্গন্ধ! ছিঃ! বেয়া গোন্ধ এটা মনলৈ অহাত মই থুৱাই দিলোঁ৷ আইৰ বিছনাখন চোতালৰ এটা মূৰত, ঘূণে ধৰি তেনেই পাতল হৈছে৷ পিতাই জীয়াই থাকোঁতে এবাৰ তেখেতে ঘূণে ধৰা কাঠবোৰ নিজে সলাইছিল৷ মনত পৰিলে হাঁহি উঠে, পিতায়ে আইক জোকাইছিল শহুৰেকে যৌতুকত ঘূণে ধৰা কাঠ দিলে বুলি৷ আইয়ে মুখখন ৰঙালাওৰ দৰেই কৰি পিতাইক নমতাকৈ থাকিছিল৷ সিদিনা ৰাতি মই কাষৰ কোঠাৰ পৰা শুনিছিলোঁ আইৰ অভিমান ভৰা সুৰ এটা, “বিছনাখন নিদিলে মৰম ক’ত কৰিলে হয়? ল’ৰা-ছোৱালীহাল এইখন বিছনাতে জন্ম হ’ল৷” পিতায়ে দুখৰে আইক কোৱা শুনিছিলোঁ, “তোমাক বিয়া কৰাই আনি মই খুব দুখ দিলোঁ হয়নে? ধন জন্ম হওঁতে তুমি চৌবিশ ঘণ্টা পেটৰ বিষত কান্দিলা অথচ মই গাঁৱৰ ধাই হৰোমাইক অনাৰ বাদে আন একো কৰিব নোৱাৰিলোঁ৷ চহৰৰ চিকিৎসকৰ তাত নিব পৰাকৈ মোৰ সাহসো নাছিল, টকাও নাছিল৷” আয়ে হুমুনিয়াহ কাঢ়ি কৈছিল, “এৰা ধনৰ মূৰটো বৰ ডাঙৰ আছিল, সেয়ে মই বৰ কষ্ট পাইছিলোঁ৷ মালতী অকণমানি নিগনি পোৱালিটোৰ মান আছিল বাবেই মই ইমান কষ্ট পোৱা নাছিলোঁ৷” সিদিনা আই-পিতাইৰ কথা শুনি মোৰ দাদালৈ ভীষণ খং উঠিছিল৷ দাদাই তেতিয়া গুণগুণাই পঢ়ি আছিল৷
গাঁৱতে থকা ডাঙৰ আয়ে আহি মোক ৰঙা চাহ আধাগিলাছ দিলে৷ মই মুখখন ঘূৰাই দিলোঁ৷ ডাঙৰ আয়ে বুজালে, “দাদাৰে ডাঙৰ মানুহ, কিমান কাম থাকে৷ আহিব দে, দুখ নকৰিবি৷ চাহখিনি খা চোন৷” মই আইৰ শৱটোলৈ চালোঁ৷ ডাঙৰ আয়ে মূৰত হাত বোলাই কৈ গ’ল, “ছোৱালী মানুহৰ একো চুৱা-ভাল নাথাকে, খা আই৷ আমি নাৰী হৈ জন্ম লৈছোঁ, পাপীষ্ঠ আমি৷ মোৰ পিতাই মৰোঁতে মৰিবৰ দিনা শাহুআয়ে ঘৰৰ পুখুৰী সিঁচালে, মাছ পালে৷ মোক বাচিব ক’লে৷ মোৰ পিতাই মৰাৰ এদিনো হোৱা নাছিল সেই দিনা৷ মই কান্দি কান্দিয়ে মাছ বাচিলোঁ৷ শাহুআয়ে ৰান্ধি-বাঢ়ি মোৰ ভাতৰ কাঁহীত মাছ দিওঁতে মই শাহুআইক কৈছিলোঁ, “পিতায়ে গোত্ৰ ছিঙি বিয়া দিলে কি হ’ব আই! পিতাইৰ তেজ মোৰ শৰীৰত পিৰপিৰাই আছে এতিয়াও৷” শাহুৱে ধমক দি কৈছিল, “ঘৰখনত বোৱাৰী কিমান আছে? সকলোৰে বাপেকৰ ঘৰৰ শ্ৰাদ্ধ পাতিম নেকি ইয়াত মই? তয়ো ইমান ডাঙৰ কথা নক’বি মোৰ আগত৷ মই সেয়ে সৰু বাপুক কৈ তোক বাপেৰৰ ঘৰৰ পৰা বাপেৰে ছাই হোৱাৰ আগতে আনিব ক’লোঁ৷ তহঁতৰ কপাল ভাল মোৰ দৰে শাহু পাইছ৷ মই যে মোৰ আই মৰিব দিনা যাবয়ে নাপালোঁ৷”
দুপৰীয়াৰ প্ৰখৰ ৰ’দত আইৰ শৱটোৱে কষ্ট পোৱা যেন বোধ হৈছিল মোৰ৷ শৱটোৰ ওচৰলৈ গৈ কাপোৰখন ভালকৈ ঢাকি দিলোঁ৷ বয়স হৈ অহাৰ পিছত আয়ে খেতি পথাৰৰ ৰ’দত বেছি সময় কাম কৰিলে মূৰ বিষাইছিল৷ মনত আছে মোৰ, মই নাৰিকল তেলেৰে মূৰটো মালিছ কৰি দিছিলোঁ আৰু দাদাই ভৰিদুখন৷ পিতাইৰ বেমাৰৰ সময়তো আইৰ মূৰৰ বিষটো বাঢ়িছিল৷ ফাৰ্মাছীৰ ল’ৰাটোৱে দাদাৰ হাতত ঔষধ দি কৈ পঠিয়ালে আয়ে যেন অলপ জিৰণি লয়৷ পিছে আইৰ কপালত জিৰণি নাছিল৷ পিতাইৰ বেমাৰ বেছি হৈছিল আৰু এদিন পিতায়ে আইৰ সেই লগত অনা বিছনাৰ পৰা উঠি গৈ মজিয়াত আইক এখন কাপোৰ পাৰি দিব কৈ তাতে শুইছিল৷ আয়ে দুখত কান্দিছিল, “হেৰৌ বিছনালৈ আহক৷ মোক আৰু কষ্ট নিদিব৷” পিতায়ে চাগে’ বুজিছিল আয়ে লগত অনা বিছনাত পিতাই মৰিলে, আয়ে মৰিবৰ দিনা কোনখন বিছনাত মৰিব৷ অন্ততঃ বিছনাখন থাকি গ’লে পিতাই মৰাৰ পিছতো আয়ে সেই বিছনাখন চাই অন্তৰ জুৰ পেলাব৷ বিছনাখন বোলে আইৰ পিতাকে নিজে ৰুৱা গছ পুলিক বঢ়াই তাৰপৰা কাঠ ফালি বনাই দিয়া বুলি গৰ্বৰে আয়ে আমাৰ আগত কৈছিল৷ এদিন দাদা আৰু মই বিছনাখনত খেলি খেলি জপিয়ালোঁ নহয় , আইয়ে দেখি ঠিকচে পিতিলে৷ মই সন্ধিয়ালৈ তুলসীজোপাৰ কাষত বহি কান্দি আছিলোঁ৷ দাদাই হাতত ধৰি টানিছিল, “শিয়াল আহিব ব’ল৷” সৰুতেই দাদা আৰু মোৰ জীৱনটো খুব ভাল আছিল৷ ঘৰৰ পিছফালৰ বাৰীৰ কেঁচা পায়খানালৈ গ’লে বা পিছফালে পেচাৱ কৰিবলৈ গ’লে দাদাই সদায় মোক ৰখি থাকিছিল৷ প্লাষ্টিকৰ বস্তাৰে চাৰিডাল বাঁহ পুতি দাদায়ে এটা গা ধোৱ ঘৰ বনাই দিছিল৷ আই আৰু মোৰ সিদিনা বৰ ফুৰ্তি লাগিছিল৷ ঘৰৰ কাষৰ ধনো মহাজনৰ পুতেকে মই গা ধুই থাকিলে চাব নোৱাৰাৰ ফুৰ্তিত৷ মই তেতিয়া ডাঙৰ হোৱাই নাই৷ দাদাই তাক দুদিন তেনেকৈ চাই থকা দেখি চাগে’ কিবা বুজিয়ে মোক আৰু আইক গা ধোৱা ঘৰ বনাই দিলে৷ মইতো সিদিনা ফুৰ্তিতে তিনিবাৰ গা ধুইছিলোঁ নহয়৷ সিদিনা দাদাই মোক খং দেখুৱাই কৈছিল, “মইনা, তই যদি আৰু গা ধুৱ, মই গা ধুৱা ঘৰ ভাঙিম কিন্তু৷” সকলো ভয়, শংকা আৰু বেয়া চাৱনিৰ পৰা আৱৰি ৰখা দাদাই আজি মোক ইমানেই স্বাৱলম্বী কৰি তুলিলে যে মই আজি আইৰ শৱৰ লগত একেলগে সময় কটাব পৰা হ’লোঁ৷ সেইদিনা ৰাতি আয়ে কৈছিল, “বস্তুৰ মূল্য বুজিবি৷ বিছনাখন ভাঙিলে?” পিতায়ে কৈছিল, “ভাঙিলে মাটিত শুৱ দিয়া৷ তুমি সেইবুলি এনেকৈ পিটিব লাগেনে সিহঁতক?” আয়ে চাদৰেৰে চকুৰ পানী মচি কৈছিল, “সেই বিছনাখনৰ লগত মোৰ বহুত কথা জড়িত হৈ আছে জানে৷ পিতায়ে মোৰ জন্মৰ সময়তে গছ পুলিজোপা দেখুৱাই কৈছিল মোৰ বিয়াত সেইজোপা পুলিৰ পৰা ডাঙৰ হোৱা গছৰ পৰা কাঠ উলিয়াই বিছনা এখন বনাই দিব৷ মই জনা হোৱাৰ পৰা সেই কইনা-দৰা খেলখন সঁচা হ’ব আৰু গছজোপাই কইনা-দৰাৰ বাবেই এখন ৰাজপালেং হ’ব বুলি ভাবি খুব ভাল পালোঁ নহয় গছজোপাক৷ গছজোপাৰ লগত খেলিছিলোঁ, কথা পাতিছিলোঁ৷ বকুল, তগৰ ফুলবোৰ বুটুলি আনি সেই গছজোপাৰ তলতে সখীহঁতৰ লগত ধেমালি কৰিছিলোঁ৷ মোৰ তোলনী হওঁতে গছ-লতা চাব নিদিয়া নিয়মটোৰ বাবেই সেইকেইদিন গছজোপাৰ পৰা আঁতৰি থাকি মোৰ বুকুখন বিষাইছিল৷ সৰু আছিলোঁ কিয় বিষাইছিল নাজানিছিলোঁ৷ এতিয়া ভাবোঁ একাত্মতা আছিল গছজোপাৰ লগত, এক বুজাব নোৱাৰা প্ৰেমৰ বান্ধোন৷ সেয়ে গছজোপাক কেইদিনমান নেদেখাৰ বেদনা এটা মনত আছিল৷ আমাৰ বিছনাৰ বাবেই গছজোপা কাটিব লওঁতে মই পিতাইৰ ভৰিত পৰি কান্দিছিলোঁ; পিতাই বিছনা নালাগে দে, নাকাটিবি অ’, মোৰ কলিজাটো মোচৰ খাব৷ পিতায়ে বুজাইছিল তই ভালপোৱা গছজোপা সদায় লগত ৰাখিব মন নাযাবনে তোৰ৷ ছোৱালী বিয়া দিওঁতে নিয়মৰো এটা কথা আছে, লগত একো এপদ নিদিলে সমাজে নাহাঁহিবনে? মই কৈছিলোঁ বুকুখন বিষাব অ’ পিতাই তাক কাটি পেলোৱা মই চাব নোৱাৰিম৷ গছজোপা কটাৰ আগদিনা গোটেই দিনটো মই কান্দিছিলোঁ৷ গছজোপাক সাৱতি ধৰি তাৰ দেহৰ কেঁচা গোন্ধটো পিছলৈ নোপোৱাৰ বেদনাত কান্দিছিলোঁ৷ বিয়া হৈ অহাৰ পিছত সঁচাকৈয়ে কিন্তু পিতায়ে কোৱাৰ দৰেই সি মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ সংগী হৈ গ’ল৷ তাক কাটি মসৃণ কৰি আমাৰ সংসাৰলৈ পঠিয়াই দিয়ালৈ মোৰ হৃদয়ৰ বেদনা কোনে বুজিব অ’? মোৰ প্ৰথম প্ৰেমে মোক জিৰণি দিব দি, বহাই লৈ আৰু আপোনাৰ মৰম আৰু ইহঁতক জন্ম দি এই কাল পোৱালৈ কঢ়িয়াই নিলে মোক৷ গছজোপাক ভাল পালোঁ, সি মোক সকলো দিলে; শৈশৱ … যৌৱনৰ, সকলো৷ হেৰি শুনিছে, এতিয়া সেইখন বিছনাতে ইহতে জঁপিয়াই ভাঙিলে মই কেনেকৈ সহ্য কৰিম? আপুনিয়ে কওক৷” …. পিতায়ে চাগে’ সিদিনা বহুত বুজিছিল৷ সেয়ে মৰিবৰ দিনাও বিছনাখনত নমৰি আইলৈ এৰি থৈ গৈছিল৷ আয়ে হাজাৰবাৰ কাকূতি কৰিছিল বিছনাত শুবলৈ৷ পিতায়ে বুজাইছিল মজিয়াতে গাৰ বিষটো কমে অ’ মোৰ৷ আচলতে পিতায়ে পিতাইৰ অনুপস্থিতিতো আইৰ ভাল পোৱা গছজোপাই আইক আৱৰি থকাটো বিচাৰিছিল৷
নৱ দাই মোৰ কাষলৈ আহি ক’বলৈ ধৰিলে, “ধন আহিব ফোন কৰিছোঁ মই, তই একো চিন্তা নকৰিবি মালতী৷” মই বাৰাণ্ডাৰ শাল কাঠৰ খুঁটাটোত আওজি মাটিত লেপেটা কাঢ়ি বহি আছিলোঁ৷ নৱ দালৈ চাই থাকিলোঁ৷ আইৰ লগত গাৰ ছাটোৰ দৰেই আছিলোঁ মই, অথচ আজি কিহৰ বাবেই আইৰ শৱটোক চোতালত এনেকৈ পেলাই থ’বলগীয়া হ’ল? হয়তো অশিক্ষিত আয়ে দাদাক পঢ়াই-শুনাই শিক্ষিত কৰাৰ লগতে মানুহৰ জীৱনত এই সমাজৰ প্ৰতি থাকিব লগা দায়িত্ব আৰু মানৱতাও যদি শিকালে হয়৷ এটা হুমুনিয়াহ ওলাই আহিল মোৰ৷ আয়ে আখৰ চিনা নাছিল সঁচা কিন্তু মানসিকভাৱে অশিক্ষিতও নাছিল৷ বহুত পঢ়া-শুনা জানি নৈতিক দায়িত্ববোধ পাহৰি যোৱা মানুহতকৈ আখৰ নিচিনা গাঁৱৰ মানুহ হৈয়ো আয়ে আমাক কোনোদিনে বেয়া কথা শিকোৱা নাছিল৷ দাদাই ডাঙৰ চাকৰি পাওঁতে কিমান যে ধনী ঘৰৰ পৰা প্ৰস্তাৱ আহিছিল দাদালৈ ছোৱালী দিবলৈ৷ দাদাই মনো মেলিছিল, তৰ্ক-বিতৰ্ক এখনো হৈছিল ঘৰত সিদিনা আইৰ স’তে দাদাৰ৷ পুহ মাহৰ ঠাণ্ডাৰ কোনোবা এটা দিন আছিল৷ মই জুহালত দুটামান আলু পুৰিব সুমুৱাই দিছিলোঁ৷ দাদা আৰু মোৰ পোৰা আলু আৰু পইতা ভাত খুব প্ৰিয় আছিল৷ সিদিনা দাদাৰ কাপোৰবোৰ ধুই থাকোঁতে মই পুখুৰীত মাছ ধৰিব সময় নাপালোঁ৷ নহ’লে চেং, গৰৈ মাছ পোৰা আৰু পদিনা বটা পালে দাদাক কোনে পায়৷ আমাৰ এখন যুদ্ধয়ে হৈছিল ভাতৰ পাতত৷ তাক বেছিকৈ লাগে৷ ময়ো দিছিলোঁ যুদ্ধত পৰাজয় হৈ৷ তিল বটা, মটৰ, বুট, মুগু বটা হোষ্টেলত খাব নাপায় বুলি সি আগতে ঘৰত থকা কেইদিন মোৰ ভাতৰ পাতৰ পৰা খুজি খুজি খায়৷ “ অ মইনা, অলপ দিয়ে বাপাহাৰে৷ মোলৈ বেয়া নালাগে তোৰ৷ হোষ্টেলত দাইলৰ পানীৰ সৈতে ভাত খাওঁ৷” মনত পৰি হাঁহি উঠি গ’ল মোৰ৷ চোতালত ৰৈ থকা দুজনমানে মোলৈ চাই থাকিল৷ ভাবিলে চাগে’ মই পগলা হ’লোঁ৷
আয়ে বুজাইছিল সিদিনা দাদাক, “ধন অ’, মোৰ সোণটো আমাৰ টকা-পইচা নাথাকোতে কাৰোবাৰ খেতি পথাৰত কাম কৰিলে বা তাঁতশালত কাপোৰ বৈ মই বেচিলে কোনোবাই মৰমতে মোক দুপইচা বেছিকৈ দিলে মই ল’বলৈ বেয়া পাইছিলোঁ৷ কৈছিলোঁ কাম যিখিনি কৰিছোঁ তাৰে পইচা দিয়ক, এনেয়ে বেছিকৈ ল’ব বেয়া লাগে মোৰ৷ তোৰ আৰু এতিয়া ভাল চাকৰি আছেয়েচোন, মই ভাবোঁ দুখীয়া ঘৰৰ ভাল ছোৱালী এজনীকে বোৱাৰী কৰি আনো দে৷ তেতিয়া সিহঁতো উদ্ধাৰ হ’ব কাৰণ মই ছোৱালী ঘৰৰ পৰা একো এটা সম্পদ এই ঘৰলৈ আনিব নিদিওঁ৷ কোনো মাক-বাপেকে মাটি বেচি, বস্তু বেচি মোৰ ভগা প্ৰজাৰ শোভা বঢ়াব নালাগে বুজিলি৷ বিয়া কৰাই যদি ঘৈণীয়েৰক এখন বিছনাত শুৱাব নোৱাৰ এই মাটিত শুৱাবি৷ তথাপি ছোৱালী জন্ম দিয়া বুলি এখন ঘৰ শেষ কৰি, ল’ৰা জন্ম দিয়া বুলি মোৰ ঘৰখন সিহঁতৰ বস্তুৰে নসজাওঁ মই৷ মোৰ এটায়ে কথা ধন, তয়ো শুন মালতী; দুখীয়া ঘৰৰ ভাল ছোৱালী এজনী আনিম৷ তাকো একো এটা সম্পদ সিহঁতৰ ঘৰৰ পৰা আনিব নোৱাৰ কিন্তু! লোকৰ ঘৰৰ দুখ-চিন্তাই মোৰ ঘৰৰ সুখ ঐশ্বৰ্য হ’ব দিব নোৱাৰোঁ মই৷” দাদাই প্ৰতিবাদ কৰিবলৈ ওলাইছিল, আই উঠি গুচি গ’ল৷ দাদাতকৈ দুবছৰ সৰু দাদাৰ কলেজত পঢ়া ছোৱালী এজনী আছিল৷ ঘৰ ৰঙিয়াত, উচ্চ মধ্যবিত্ত ঘৰৰ ছোৱালীজনীক আইক দেখুৱাই দাদাই সেৱা কাঢ়িব ইংগিত দিওঁতে ছোৱালীজনীয়ে চিঞৰি উঠিছিল, “ইছ, নোৱাৰোঁদেই পায়! তোমাৰ মাম্মীৰ ভৰিত ইমান লেতেৰা লাগি আছে৷ ইছ …!” তাইৰ ইছাত-বিছাট অৱস্থা দেখি আয়ে হাঁহিছিল, “সোণজনী লেতেৰা নহয় অ’, এয়া বোকামাটি৷ পথাৰলৈ গ’লে লাগে৷”
কথাবোৰ মনত কৰি থিয় দিওঁতে মূৰটো বেয়া লগাত বাৰাণ্ডাৰ শাল কাঠৰ খুঁটাটোতে সাৱতি ধৰিলোঁ৷ খুটাটোক ইমান সময় ভেজা দিয়ে বহি আছিলোঁ, আইৰ মুখাগ্নি কৰিব নোৱাৰাৰ দুখত৷ খুঁটাটোৰো অৱস্থা চা, ঘৰখনৰ বাৰাণ্ডাৰ চালিখন ই নহ’লেও বাগৰি পৰিব আৰু ময়ো এতিয়া ইয়াত ভেজা দিয়ে ৰাতিপুৱাৰ পৰা ৰৈ আছোঁ দাদা অহালৈ৷ অজানিতে শাল কাঠৰ পুৰণিকলীয়া খুঁটাটোক কৃতজ্ঞতা জনোৱাৰ দৰেই হাত বুলাই চাওঁতে মোৰ বুকুখন মোচৰ খাই উঠিল৷ আইঔ! কি দিন আছিল সেইটো, এই খুঁটাটোৱে আইক সহায় কৰিছিল৷ আইৰ কপালত চিৰ দিন জিলিকি থকা ৰঙা সুৰযৰ লেখীয়া ফোঁটতো মচি দিয়াৰ পৰা খুঁটাটোত জোৰকৈ সাৱতি আয়ে চিঞৰি আছিল, “মই নমচোঁ, এৰ মোক তহঁতে৷” দাদা আৰু মই আইৰ ওচৰলৈ দৌৰি আহিছিলোঁ৷ এনে লাগিছিল মোৰ পিতাইৰ মৃত্যুৰ দিনা কিছুমান মানুহে আমাৰ ৰংহে চাইছিল৷ পিতাই বেমাৰত পৰি থাকোঁতে আয়ে মন্দিৰতে দাদাৰ উপনয়ন কৰিছিল৷ টকাৰ অভাৱত আয়ে গাঁৱৰ মানুহক দাদাৰ উপনয়নৰ সময়ত এসাঁজ খুৱাব নোৱাৰি খুব দুখ কৰিছিল৷ পিতাইৰো ৰুগীয়া শৰীৰৰ সেই চকুযোৰৰ পৰা পানী বাগৰিছিল৷ গাঁৱৰ কিছুমান মানুহে কথাটো ভাল বুলি সঁহাৰি দিছিল, “হওক দে ইমান খৰচ! মন্দিৰত লগুণ দিওঁতেও অলপ হ’লেওতো খৰচ হ’ল৷ মানুহজনৰ বেমাৰৰ সময়তো তই যে সাহস কৰিছয়ে! একো নহয় দে ধনৰ মাক, কোনোৱে বেয়া নাপায়৷” আচৰিত ধৰণে যিয়ে বেয়া পাইছিল সিহঁতে আইক টানি টানি চিঞৰিছিল, “পুতেৰক মন্দিৰত উপনয়ন কৰাই এই আহুকাল আনিলি৷ এতিয়া আৰু সেন্দূৰখিনি নমচি মানুহজনক ৰৌ ৰৌ কৈ নৰকত স্থান নিদিবি৷ আয়ে গাৰ জোৰেৰে খুঁটাটোত সাৱতি ধৰি আছিল, নাযায়৷ তেনেতে আমাৰ শোৱা কোঠাৰ পৰা কোনোবা এজনীয়ে গৈ আইৰ সেন্দূৰৰ টেমাটো আনি আইৰ কপালত আৰু ডাঙৰ কৈ ফোঁট এটা আঁকি দিলে৷ অলপ সেন্দূৰ ফোট দিওঁতে মাটিত পৰিল৷ মই নিজৰ ভৰিখনৰ কলাফুলটো চুই চালোঁ৷ কেঁচা বাঁহৰ চেকনিৰ কোবৰ দাগটো তেতিয়াও আছে৷ তিনিবছৰমান আগতে এদিন দৰা-কইনা খেলোঁতে মই আইৰ সেন্দূৰৰ টেমাৰ পৰা সেন্দূৰ অলপ লৈ ফোঁট লগাইছিলোঁ৷ লগৰ কেইজনীকো লগাই দিলোঁ৷ সেন্দূৰৰ টেমাটো কাঠৰ টুলখনত উঠি তাৰ স্থানত থৈ দিওঁতে অসাৱধানবশতঃ টুলখনৰ পৰা পিচলি মোৰ সৈতে টেমাটোও মাটিত পৰি গ’ল। আইৰ ভয়তে টুলৰপৰা পৰি দুখ পালেও মই কিন্তু মাটিত পৰা সেন্দূৰবোৰ টেমাটোতে উঠাই থলোঁ যদিও মাটিত ৰঙা ৰং থাকিয়ে গৈছিল৷ এৰা সেয়ে চাগে’ ৰঙা ৰং বিবাহিত মহিলাৰ ইমান আপোন! হাতেৰে পিহিলোঁ, নগ’ল; ৰঙা ৰঙা ৰংবোৰ৷ আয়ে খেতি পথাৰৰ পৰা আহি সিদিনা সেন্দূৰ পেলোৱাৰ দোষত কেঁচা বাঁহৰ এচাৰিলে মোৰ ভৰিৰ কলাফুলত এনেকৈ পিতিলে নহয় ৰাতি মোৰ জ্বৰ উঠি গ’ল৷ পিতায়ে বুকুৰ মাজত সুমুৱাই লৈ মোক মৰম কৰি আছে৷ দাদাই কপাহী কাপোৰ এখন তিয়াই মোৰ কপালত দি আছে৷ বহুত দিনৰ পিছত সিদিনা আমাৰ ঘৰলৈ পিতায়ে বজাৰত খেতিৰ শাক-পাচলি বেচি সৰহকৈ পইচা পাই ছাগলীৰ মাংস আনিছিল৷ আয়ে মই ভাত বনাওঁ দিয়ক, আপুনি মালতীক চাব বুলি কোৱাৰ লগে লগে পিতায়ে চিঞৰিছিল, “তুমিয়ে খোৱা, মই নাখাওঁ৷ কত দিন মইনাই কৈ আছিল মাংস খাম দে পিতাই৷ মই তাইক বুজাইছিলোঁ খেতিৰ শাক-পাচলি বেছি পইচা পালে আনিম দে মইনা৷ তায়ো সুধিছিল কেতিয়া বেচিবি পিতাই৷ মই তাইক বুজাই কৈছিলোঁ ৰঙালাও, পানীলাও, পটল, জিকাবোৰ অহা বুধবাৰৰ নদলা বজাৰত বেচিম৷ তুমি সংসাৰৰ কামত ব্যস্ত থাকি নেদেখিব পৰা মই দেখিছিলোঁ ৰাতিপুৱাই উঠি তাই চকু মোহাৰি মাটিত বগুৱা বাই থকা ৰঙালাওবোৰ সদায় হাতেৰে চুই চায় আৰু চুব নোৱাৰা পানীলাও, পটল, জিকালৈ তাই ৰ লাগি চাই থাকে৷” আয়েও সমানে কৈ উঠিছিল, “আপোনাৰ অবিহনে মই কেনেকৈ থাকিম ভাবিছে এবাৰ আপুনি? সেন্দূৰ পেলালে স্বামীৰ আয়ুস কমে আপুনি নাজানে নেকি? কত সাৱধানে থওঁ মই সেন্দূৰৰ টেমাটো৷ মালতীয়ে চুব বুলি ওপৰতে থওঁ সদায়৷ তাই কাঠৰ টুলত উঠি সেন্দূৰৰ টেমাটো নমোৱাৰ সময়তো এবাৰো নাভাবিলে নে কিয় সিহঁতে চুব নোৱাৰা ঠাইত মই থৈছিলোঁ সেন্দূৰৰ টেমাটো৷”
তিনিবছৰমান আগতে মই পেলোৱা সেন্দূৰৰ দোষ লাগি পিতাই ঢুকুৱা বুলি ভাবি সিদিনা ৰাউচি জুৰি কান্দিছিলোঁ৷ মোৰ ৰাউচিজোৰা কান্দোনত দাদায়ো চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰিলে৷ আইৰ চাগে অলপ বল কমি গৈছিল৷ সেয়ে শালকাঠৰ খুটাটোত ইমান জোৰেৰে সাৱতি ধৰি থকাৰ পিছতো কেইজনীমান গাঁৱৰ তিৰোতাই আইক টানি পিতাইৰ ওচৰলৈ লৈ গৈছিল৷ আয়েও নিজৰ গাৰ বলত পিছ হুহুকিব চেষ্টা কৰোঁতে তেওঁৰ গাৰ কাপোৰবোৰ অসংযত হৈ পৰিছিল৷ সেই সময়ৰে কথা কিন্তু আজিও মোৰ মনত সজীৱ হৈ আছে৷ তিৰোতা কেইগৰাকীমানয়ে দুখেৰে আইৰ কপালৰ ৰঙা ফোঁটটো শৱ হৈ পৰি থকা পিতাইৰ ভৰিৰ বুঢ়া আঙুলিৰে জোৰ জবৰদস্তি কৰি মচি দিয়া চাই আছিল৷ দুখেৰে আইলৈ চাই থকা তিৰোতাকেইজনীয়েও আইক তেনেকুৱা কৰাত সিহঁতক এবাৰো মানা কৰা নাছিল৷ মই কান্দি কান্দি ডাঙৰ মাইৰ চাদৰৰ আঁচলখন টানিছিলোঁ৷ আমাক ইমান মৰম কৰা ডাঙৰ মায়ে সিদিনা একো প্ৰতিবাদ নকৰিলে৷ মাথোঁ মোক আৰু দাদাক বুকুৰ মাজলৈ টানি নিলে৷ মই ডাঙৰ মাইক কৈছিলোঁ, “চাচোন ডাঙৰ মাই, আয়ে সদায় মূৰত ওৰণি লৈ গাটো ঢাকি ৰাখে৷ কিন্তু আজি আয়ে পিতাইৰ কাৰণে ইমান কান্দিছে যে কাপোৰ কানি আধা খুলি গ’লগৈ৷ অথচ আইৰ গমেই নাই৷ হৰো খুৰাহঁতে বাৰু আমাৰ দুখত আহিছে নে আইৰ উদং পেট আৰু কলাফুল চাব আহিছে? কচোন ডাঙৰ মাই৷” কান্দি কান্দি ডাঙৰ মাইক কোৱা কথা কেইশাৰীৰ পিছত ডাঙৰ মায়ে মোক ইমান ধুনীয়া কৈ বুজালে যে সিদিনাৰ পিছত মোৰ প্ৰতিবাদ কৰিব পৰা শক্তিয়ে বোবা হৈ গ’ল৷ “আইঅ’, সোণজনী মোৰ; একো নক’বি, মনে মনে থাক৷ পিতাৰে মৰা মানুহ মৰি গ’ল৷ তোৰ এইবোৰ কথা কোনোবাই শুনি যদি হৰো খুৰাৰেহঁতক লগাই দিয়ে আৰু কাইলৈ যদি হৰো খুৰাৰেহঁতে তোৰ আৰু তোৰ আইৰ অনিষ্ট কৰে তেতিয়া? সময়ত তহঁতক ভাল পোৱা মানুহখিনিৰ সহায় নাপাবও পাৰ ন?” বোবা হৈ গ’লোঁ, মই নতুন বিপদ চপাই নলোৱাৰ ধাৰণাৰে৷ এৰা সেয়ে আজিলৈ সমাজৰ আগত নিজৰ অনুভৱ বা আৱেগক সন্মান নকৰিলোঁ মই৷ এক ভয়াতুৰ পিঞ্জৰাত আৱদ্ধ বাঘিণীৰ দৰে গুজৰি গুমৰি থাকিলোঁ ঠিক ঘৰৰ সীমাৰ বাঁহৰ বেৰবোৰ পিঞ্জৰা আৰু মই ঘৰৰ ভিতৰত মুক্ত মানসিকতাৰে আৱদ্ধ এক বাঘিণী৷ সকলো জানো, সকলো দেখোঁ অথচ বোবা, ভয়াতুৰ- ঘৰলৈ বিপদ চপাই নোলোৱাৰ প্ৰতিশ্ৰুতিত৷ সিদিনাখন ভৰিত দুডাল প্ৰকাণ্ড অজগৰ সাপে মেৰিয়াই ধৰাৰ দৰেই হৈছিল কাৰণ মই গাৰে জোৰ দিওঁ খোজকাঢ়ি আইৰ ওচৰলৈ যাব নোৱাৰিলোঁ৷ আই তেতিয়া মূৰ্চ্ছা গৈছিল পিতাইৰ শৱটোৰ ভৰিৰ ওচৰত পৰিয়ে৷
তিৰোতাকেইজনীৰো কাম প্ৰায় শেষেই হৈছিল৷ আইক শাল কাঠৰ খুঁটাটোৰ পৰা টানি অনা কাম৷ আইৰ হাতৰ, কাণৰ, গলৰ তামৰ আৰু ৰূপৰ অলংকাৰবোৰ জোৰেৰে খুলি দিয়া কাম৷ এৰা অৱশেষত আইৰ কপালৰ সেন্দূৰখিনি পিতাইৰ মৰাশৰ ভৰিৰ বুঢ়া আঙুলিৰে মচি দিয়া কাম৷ সতীদাহ প্ৰথা নাছিল সেয়া কিন্তু মানসিকভাবে আইক সতীদাহ প্ৰথাতে জ্বলাই দিছিল যেন বোধ হৈছিল মোৰ৷ আইৰ মনটোক শৰীৰৰ ভিতৰৰ পৰা টানি-আজুৰি আনি পিতাইৰ চিতাত জ্বলাই দিছিল৷ কিছুৱে দুখ কৰি কিছুৱে দৃশ্যখিনি নাটকৰ দৰেই উপভোগ কৰি৷
পিতাইৰ মৃত্যুৰ দিনা ময়ো দৰ্শকে আছিলোঁ৷ বুজা-নুবুজাৰ দোমোজাত যিখিনি বুজিছিলোঁ সেইখিনিকো বোবা কৰি ৰাখিব শিকিছিলোঁ৷ সময় গৈ থাকিল, এৰা কিনো পৰিৱৰ্তন হ’ল৷ তেতিয়া সৰু আছিলোঁ৷ এতিয়াতো ডাঙৰ হ’লোঁ; বুজা হ’লোঁ, তথাপি আইৰ মুখাগ্নি মই কৰিম বুলি কোৱা কথাত পুনৰ বোবা হৈয়ে গ’লোঁ৷ পাৰ্থক্য মাথোঁ আছে সময়ৰ আৰু পাৰ্থক্য আছে মোৰ স্থানৰ৷ পিতাইৰ মৃত্যুৰ পিছত আই জীয়াই আছিল সেয়ে ঘৰৰ সীমাহে পিঞ্জৰা আছিল মইৰূপী ভয়াতুৰ বাঘিণীজনীৰ বাবেই৷ বাকী ঘৰখনত মোৰ অবাধ স্বাধীনতা৷ আইক সকলো কথা ক’ব পাৰিছিলোঁ; হৰো খুৰাই আইক বেয়া চকু দিয়াৰ পৰা মোক মৰম কৰা ছলেৰে মোৰ নবঢ়া বুকুত হাত দিয়ালৈ৷ পিছে আজি মোৰ স্থানৰ পৰিৱৰ্তন হ’ল৷ আজি আৰু মই তেনেকৈ প্ৰতিবাদ কৰিব নোৱাৰোঁ; আইৰ মুখাগ্নি মই কৰিম, আইৰ মৰা সকাম মোৰ মতে কৰিম বুলি কৈ৷ জানো মই আইৰ আত্মাই কেনেকৈ শান্তি পায়৷ ছোৱালী হ’লে কি হ’ব আইৰ সৈতে একাত্মতা দাদাতকৈ বেছি আছিল মোৰ৷ পিঞ্জৰাৰ ভিতৰত আৱদ্ধ বাঘিণী বুঢ়া হ’ল এতিয়া৷ এৰা এতিয়া সেই বাঘিণীৰ গোজৰণিটোও শৰীৰৰ ছালচটাৰ ভিতৰতে থাকি চটফটাব৷ ওলাই নাহে বাহিৰলৈ প্ৰতিবাদী শব্দ হৈ৷ স্থান হেৰুৱা বাঘিণী আইৰ মৃত্যুৰ লগে লগে বোবাও হ’ল৷ লগে লগে বুঢ়াও হ’ল৷ শব্দবোৰ প্ৰতিবাদী হ’বলৈয়োতো শক্তিৰ প্ৰয়োজন হয়৷
মূৰৰ ওপৰত থকা আকাশখনলৈ মই জোৰেৰে মূৰ তুলি চালোঁ৷ আগতে সন্ধিয়া আয়ে নোৱাৰা হোৱা কেইদিন তুলসীৰ তলত মোক ধূপ, ধূনা আৰু চাকি জ্বলাব দিছিল৷ বৃহস্পতিবাৰৰ সন্ধিয়াবোৰ আমাৰ বৰ প্ৰিয় আছিল৷ সেই সন্ধিয়াৰ সময়, চাকিগছি, ধূপ আৰু ধূনাৰ সুগন্ধিবোৰৰ লগতে বৃহস্পতিবাৰৰ সন্ধিয়াৰ শৰাইখন মোৰ আন্তৰিক নষ্টালজিয়াৰে পৰিপূৰ্ণ এক মুহূৰ্ত আছিল যিয়ে সময়ৰ লগে লগে আমাকো কঢ়িয়াই লৈ গৈছিল৷ সেই সন্ধিয়াতে দাদাই বৃহস্পতিবাৰে লগৰ সমনীয়াক শৰাই খাব মাতে৷ আই বা মই সকলোকে ভগাই দিওঁ তৃপ্তিৰে৷ আজি সেই সন্ধিয়াতে ঘৰৰ সন্মুখত ৰৈ যোৱা বিলাতী গাড়ীখনৰ পৰা দাদা আৰু বৌ নামি আহিল৷ মই অলপ হাউলি চালোঁ ভতিজাটোক দেখোঁ নেকি, নাই নেদেখিলোঁ৷ দাদাই মোৰ ওচৰলৈ আহি মজিয়াতে লেপেটা কাঢ়ি বহিলে৷ “মইনা, ইয়াৰ পৰীক্ষা আছিল অ’ সেয়ে পলম হ’ল৷ মই থ’ব নগ’লে সি পৰীক্ষায়ে নিদিয়ে সৰুৰ পৰাই, তই জান দেখোন৷” মই মাত্ৰ আকাশখনলৈ চাইছিলোঁ৷ এজাক যেন শগুনে আকাশখন আৱৰি ধৰিছে৷ আমি আগবাঢ়ি গৈছিলোঁ মানুহৰূপী জন্তু ৰূপলৈ৷ আৰু এই জন্তুবোৰ দেখিয়েই শগুনজাকে উমান লৈছিল, জন্তুবোৰ জীৱিত নে? শগুনজাকে যেন হাঁহিছিল জন্তুৰ শাৰীত আমাৰ স্থান সকলোতকৈ শেষত বুলি৷ এই জন্তুবোৰ সিহঁতৰ মুখত লাগিলে সিহঁত যেন অস্পৃশ্য হৈ যাব তেনে ভাবত ওভোতনি উৰণ দিছিল শগুনৰজাকটোৱে৷ তেতিয়া সন্ধিয়াৰ আকাশত দুই-এটা তৰা জিলিকিছিল৷
কেইদিনমান আগতে ডাঙৰ মাইহঁতৰ গাভিনী গাইজনীয়ে পোৱালি এটা জন্ম দিয়াৰ পিছতে পোৱালিটো মৰি থাকিল৷ জন্তু হ’লেও গাইজনীয়ে বহুদিনেই দানা-পানীত মুখ নিদিলে৷ সেইকেইদিন গাইজনীৰ চকুৰ পৰা পানীৰ সৰু শাৰী দুটাত মহ আৰু মাখি পৰি আছিল৷
দাদাই লৰালৰিকৈ পিন্ধি থকা কাপোৰসাজ সলালে৷ সকলোৰে দিহা-পৰামৰ্শমতে সি আইৰ বাবেই নীতনিয়ম কৰিবলৈ প্ৰস্তুত হ’ল৷ বৌয়ে বগা সাজ এজোৰ পিন্ধি আহিছিল৷ দুপাহমান ফুল হাতত লৈ আইৰ শৱটোৰ ভৰিত নিজৰ হাত দুখন লগালে৷ আই জীয়াই থাকোঁতে বৌৱে শেষবাৰ কেতিয়া আইক প্ৰণাম জনাইছিল মনত কৰি থাকিলোঁ৷ ঘৰখনৰ ভৱিষ্যত ভাল হওঁক বুলিয়ে আয়ে দাদাই পচন্দ কৰা ৰঙিয়াৰ ছোৱালীজনীক বোৱাৰী নকৰিলে৷ ভাবিলে ইমান ধনী ঘৰৰ ছোৱালীৱে জানো কেঁচা বোকা মাটিৰ লগত মিলিব৷ তাতকৈ দুখীয়া ঘৰৰ ছোৱালী এজনীকে বোৱাৰী কৰি আনো৷ আইৰে পিতাকৰ গাঁৱৰ সখীৰ ছোৱালী শেৱালি দেৱীক দাদালৈ বিয়া পতাই আনিলে৷ বিয়াখনত আইৰ মতে কইনা ঘৰক একো দিগদাৰ নিদিয়াকৈ হৈ গ’ল৷ একো এপদ বস্তু সিহঁতৰ ঘৰৰ পৰা নলোৱাকৈ বৌৱে কইনা হৈ আইৰ চৰণ চুই সেৱা জনাইছিল৷ মোৰ মনত পৰে সিদিনাখন আয়ে মন মাৰি থকা দাদাক কপালত হাত বুলাই চুমা খাই কৈছিল, “মই কোৱা নাই ধন তাই বেয়া ছোৱালী বুলি কিন্তু ইমান ধনী ঘৰৰ ছোৱালী এজনীয়ে নুবুজিব তোক ইমানখিনি পোৱালৈ পিতায়েৰে জীয়াই থাকোঁতেই আৰু মৃত্যুৰ পিছতো আমি কিমান সংগ্ৰাম কৰিছিলোঁ৷ পিতায়েৰে পূৰ্ব পুৰুষৰ পৰা পোৱা খেতি মাটিবোৰ নাথাকিলে কি হ’লহেঁতেন ভাবিছনে এবাৰ৷ সেই পথাৰখনৰ বোকাক আমি সন্মান দিবয়ে লাগিব৷ আমি সেই পথাৰখনৰ বাবেই জীয়াই আছোঁ ন! সেউজীয়া কোমল ধান পুৰঠ হোৱালৈ তেনেকৈয়ে অপেক্ষা কৰিছোঁ গণি গণি ভাদ, আহিন, কাতি, আঘোণ; যেনেকৈ অপেক্ষা কৰিছিলোঁ তই আৰু মালতী ভূমিষ্ঠ হোৱা দিনলৈ৷ মাথোঁ মাহবোৰৰ নামৰ পাৰ্থক্য ঘটিছিল৷ তই ভাদমাহত আৰু মালতী পুহ মাহত৷ অসমীয়া মাহ বাৰটায়ে, ধাননি পথাৰৰ ধানবোৰেই মোৰ বাবে তোৰ আৰু মালতীৰ জন্মৰ সোঁৱৰণ আছিল। মই ৰঙিয়াৰ ছোৱালীজনী বেয়া বুলি কোৱা নাই কিন্তু তাইৰ পৰিৱেশে তাইক বুজিব দিয়া নাই দুখীয়া কি? ঘৰত সুখৰ ভাত খালে বামুণৰ ঘৰৰ মানুহ হৈ খেতিলৈ যাওঁনে৷ বিয়া হৈ আহোঁতে পিতায়েৰহঁতে মানুহ লগাই খেতি কৰিছিল৷ তেতিয়া হাজিৰা দিওঁতে টনাটনি হয়৷ তোৰ আৰু মালতীৰ জন্মৰ পিছত পিতায়েৰক ময়ে বুজাইছিলোঁ, বামুণ কুলত জন্ম লৈ চৰকাৰৰ পৰা একো সুবিধায়ে নাপাওঁ৷ পিছে খেতি কৰিবলৈ চৰকাৰেতো বাধা দিয়া নাই৷ বেদৰ কথামতে আমি চলিম সঁচা কিন্তু ধৰ্মই সৎ কৰ্মত বাধা দিয়া নাই৷ তোৰ মনত আছেনে ধন, এবাৰ পথাৰত ক’লী জহা বহুত হৈছিল৷ পিতায়েৰই ফুৰ্তিতে গোটেই চুবুৰীটোক এসাঁজ খুৱাইছিল৷ সিদিনা ৰাতি পিতায়েৰই সংস্কৃতৰ শ্লোক গাইছিল৷ এৰা বহু বছৰৰ পিছত পিতায়েৰই চুবুৰীৰ মানুহবোৰক এসাঁজ খুৱাব পাই ফুৰ্তিত ক’ব নোৱাৰা হৈছিল৷ জান সোণ, পথাৰৰ বোকাক আওকাণ কৰিব নোৱাৰোঁ মই য’ত আমাৰ ভাল বেয়া সময়বোৰ বন্ধা আছে৷ তই মোক ভুল নুবুজিবি, ময়ো ৰঙিয়াৰ ছোৱালীজনী সুখী হওক বুলিয়ে আধা বাটতে ওভোতালোঁ৷ সোণ অ’, কেতিয়াবা কোনো সম্পৰ্কত ওভোতনি যাত্ৰাও ভালৰ বাবেই হয় অ”৷
বৌৱে আই ঢুকুৱাৰ চাৰিদিনৰ দিনা যাবলৈ ওলাল ভতিজা ল’ৰাটোৱে তেওঁৰ অবিহনে থাকিব নোৱাৰে বুলি কৈ৷ দাদায়ো বাধা নিদিলে৷ আইৰ বাবেই কৰিবলগীয়া সকলো নীতি-নিয়ম সি কৰি গৈ থাকিল ৷ এবাৰ হ’লেও মই ভাবিবলৈ বাধ্য হৈছিলোঁ, আই জীয়াই থকাহেঁতেন দেখিলেহেঁতন যে দাদাৰ জীৱনতো আইৰ বাবেই সময় আছে যে৷ মই আইৰ মুখাগ্নি কৰিব নোৱাৰিলোঁ সঁচা কিন্তু দাদাৰ দৰেই ময়ো ধৰ্মমতে সকলো ব্ৰত পালন কৰি গ’লোঁ৷ সমাজৰ মানুহৰ হাক বচন মোৰ কাণত সোমাই মোৰ ইচ্ছাক বাধা দিব বুলি জানিয়ে মই যেনেকৈ আইৰ মৃত্যুৰ পিছত পৰিস্থিতিৰ দোমোজাত পৰি বোবা হৈ গৈছিলোঁ, তেনেকৈ কলাও হৈ গ’লোঁ৷ আচৰিত ধৰণে মই কাৰো কথাত গুৰুত্ব দিয়া নাছিলোঁ৷ গধূলি কলপাতত দিয়া ভাত আৰু আলু, ঘিউৰে সৈতে দাদাৰ লগত মজিয়াত বহি ব্ৰত ভাঙোঁতে সদায় দাদাই মোক এটাই প্ৰশ্ন কৰিছিল, “কি কৰিম বুলি ভাবিছ, মইনা?” মই নিৰ্বিকাৰ আছিলোঁ; এৰা ঘৃণা কৰা মানুহবোৰৰ লগত কথা পাতিবলৈয়ো শক্তিৰ প্ৰয়োজন হয় অ’! তেনেকুৱা দিন এটাতে বোধহয় আইৰ মৃত্যুৰ ছয়দিন নে আঠদিনৰ দিনা; পাহৰিলোঁ মই, দাদাই মোক কৈছিল, “মইনা, তই বহুত সাহসী হলি অ’৷ আগতে ফাগুন, চ’ত মাহত কলগছৰ পাতবোৰ বতাহত চিৰিলা চিৰিল কৈ ফালিলে তোৰ বৰ দুখ লাগে৷ মোৰ আগত কান্দি কান্দি কৈছিলি কিয় এনেকৈ কলপাতবোৰ ফালে অ’ দাদা, মোৰ বৰ দুখ লাগে৷” বতাহত কলপাত ফলা চাব নোৱাৰা ছোৱালীজনীয়ে কেনেকৈ আইৰ বেমাৰত জহি-খহি যোৱা আইৰ দেহাটো অতি যত্নৰে চোৱা-চিতা কৰিও নকন্দাকৈ থাকিলি অ’? তেতিয়াও মই বোবা হৈয়ে থাকিলোঁ৷ মানুহৰ যেনেকৈ অতিকৈ ভোক লাগিলে খোৱাৰ সময়ত গ্ৰেষ্টিকৰ প্ৰকোপত বমি বমি লাগে, খোৱাৰ ৰুচিও নাহে তেনেকৈ দাদা-বৌৱে আইক জীৱিত কালত কৰা অৱহেলা চাই চাই এতিয়া ধৰ্মমতে দাদাই আইৰ আত্মাক সৰগলৈ পঠিয়াবলৈ কৰা নীতি-নিয়মবোৰ দেখিও মোৰ কিবা বমি বমিহে লাগিছিল৷
দাদাই আইৰ ঘৰত থকা এই দুদিন বৌৱে গুৱাহাটীৰ পৰা লৰি-ধাপৰি আহে দাদাৰ বিলাতী গাড়ীত উঠি৷ গাঁৱৰ সমাজখনো বৰ আচৰিত কিন্তু দেই! সিহঁতে দাদা-বৌক নোপোৱাই পোৱা দিয়ে৷ মই বুজি নাপালোঁ সমাজখন সহজ-সৰল নে বুৰ্বক৷ আইৰ মৃত্যু দিনবোৰত কৰা নীতি-নিয়মবোৰ বৌৰ বাবেই এক উৎযাপনেই আছিল, এৰা মৃতকৰ নামত পতা উৎসৱ৷ নিজৰ ল’ৰাটোৱে গুৱাহাটীৰ ঘৰ কিয় এৰি আহিব নোৱাৰে তাৰে এশ এবুৰি অজুহাত দেখুৱাই মাজে মাজে সুন্দৰ বগা সাজপাৰ পিন্ধি, বেলেগ বেলেগ ধৰণৰ মুকুতাৰ মণি হাতে, কাণে, ডিঙিয়ে পিন্ধি বৌয়ে খুব ব্যস্তভাৱে যেতিয়া বিলাতী গাড়ীৰ পৰা নামে আমাৰ গাঁৱৰ মহিলাবোৰে বেৰি বেৰি ধৰে, “আই ৰাস্তাত আহোঁতেতো একো কষ্ট নাপালি৷ বুজো দে আই তহঁত চহৰত থকা মানুহবোৰৰ কিমান ব্যস্ততা৷” তেতিয়া মোৰ জোৰ জোৰকৈ হাঁহিব মন যায়। অই তহঁতবোৰ সচায় ইমান বুৰ্বকনে নে সৰল? নাজান নেকি ইমান সুন্দৰ বেশভূষাৰে বৌয়ে আইৰ মৃত্যু উৎসৱ হে পাতিবলৈ আহিছে৷
আইৰ মৃত্যুৰ এঘাৰ দিনত বৌয়ে আহি মোক ক’বলৈ ধৰিলে, “মালতী দুখ নকৰিবা৷ মাৰ মৃত্যুত আমিও দুঃখিত৷”
বহুদিনৰ পিছত সাৰ পোৱা মানুহৰ দৰেই মই বৌৰ চকুত চকু থৈ ক’লো, “কাৰ মৃত্যু? আইৰ? (তাচ্ছিল্যৰে হো-হোৱাই হাঁহি দিলোঁ) তুমি নাজানা বৌ আইৰ কোনোবা দিনাই মৃত্যু হৈছে৷ যেতিয়া মানুহৰ জীৱনত আশা শেষ হৈ যায়, সপোন দেখিবলৈ বাদ দিয়ে, কোনো উদ্দেশ্য নোহোৱাকৈ হাওফাওটো মাত্ৰ উশাহ-নিশাহৰ এক যন্ত্ৰ হৈ পৰে তেতিয়াই মানুহৰ মৃত্যু হয়৷ আইৰ মৃত্যু কাহানিবাই হ’ল৷ মাত্ৰ শৰীৰটোহে অত তত কঢ়িয়াই শেষত চিতাত উঠি বিদেহ হ’লগৈ৷ যি বিদেহ আত্মাৰ বাবেই অতবোৰ নীতি-নিয়ম দাদাই কৰি আছে আৰু তুমিও মাজে মাজে ভূমুকি মাৰিছাহি আইৰ মৃত্যু উৎসৱ উৎযাপনৰ বাবেই, তাতোকৈ যদি আইক জীৱিত কালত ইমান অৱহেলা নকৰিলাহেঁতেন তেতিয়া ময়ো ঠিক মানি ল’লোঁহেঁতেন; হয় আইৰ আজিয়ে আদ্যশ্ৰাদ্ধ৷ আজিৰ পৰা এঘাৰ দিন আগতে আমাৰ আইৰ সঁচাকৈ মৃত্যু হৈছিল৷”
বৌ মোৰ ওচৰৰ পৰাই উঠি গুচি গৈছিল৷ মই বৌক দোষ নিদিওঁ বা কাজিয়াও নকৰোঁ৷ আইৰ ধাৰণামতে দাদাৰ বিয়া হৈ গৈছিল৷ ৰঙিয়াৰ প্ৰেয়সীক আইৰ ধাৰণাৰে আধা ৰাস্তাতে বিদায় দি দাদাই বৌক পত্নীৰ মৰ্যাদা দিছিল৷ সিহঁতৰ বিয়াৰ পিছত বৌ আমাৰ এই ঘৰখনতে আছিলহি৷ দাদাই চাকৰিসূত্ৰে তেতিয়া তেজপুৰত থাকে৷ বৌ আৰু তেওঁৰ মাকহতৰ ঘৰৰ মানুহবোৰো খুব সহজ-সৰল আছিল৷ অতি নিঃকিন পৰিয়ালত জন্ম হোৱা বৌৰ পিতাক এজন পুৰোহিত আছিল৷ কেতিয়াবা কোনোবাই মাতিলে পূজা পাঠ কৰে, কেতিয়াবা শুভ কৰ্মবোৰো কৰে৷ অতি দুখীয়া ব্ৰাহ্মিণ পৰিয়ালত ডাঙৰ হোৱা বৌৱেও বিয়া হৈ আহি আই আৰু মোৰ ভাল লগৰীয়ে হৈছিল৷ সিহঁতৰ বিয়াৰ এমাহৰ পিছত আইয়ে এদিন দাদাক কৈছিল, “ধন অ’, শেৱালিকো তেজপুৰলৈ লৈ যাচোন৷ তোৰ কোৱাৰ্টাৰতে দুদিনমান ৰাখি অত তত ফুৰাবলৈ লৈ যা৷ শেৱালি গাঁৱৰ ছোৱালী যে তই শিকাই-বুজাই ল’লেহে তাই তহঁতৰ দৰেই চৰকাৰী ডাঙৰ বিষয়াবোৰৰ লগত উঠা-বহা, মাত-বোল কৰিব পাৰিব৷ সম্পৰ্কবোৰ সদায় মুকলিমুৰীয়া হ’ব লাগে অ’ ধন৷ কোনো লুক-ঢাক থা