নিৰ্বাচিত কথা-বতৰা:যৌন শিক্ষা আৰু যৌন বৈষম্য (-ঋতুপৰ্ণ গোস্বামী)
শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে দিয়া যৌন শিক্ষা সম্পৰ্কীয় এটা মন্তব্যই পুনৰ যৌন শিক্ষা সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ সামাজিক তথা ৰাজহুৱা প্ৰশ্নৰ জন্ম দিছে। তেওঁ কৈছিল যে, “Sex education should be banned in schools since it is against our culture”। পিছত, তেখেতে তেওঁৰ মন্তব্যটোৰ দ্বাৰা ঠিক তেনেকুৱা কথা এটা বুজাব বিচৰা নাছিল বুলি কয়। কিন্তু যিয়েই নহওঁক কিয়, ডা° হৰ্ষবৰ্ধনৰ মন্তব্যৰ সত্যাসত্যতাৰ উৰ্দ্ধত থাকিও ক’ব পাৰি যে, আমাৰ সমাজৰ অধিকাংশ লোকে হৰ্ষবৰ্ধনে কোৱাৰ দৰেই ভাবে।
যৌন শিক্ষাৰ লগত যৌন বৈষম্যৰ প্ৰসংগটো প্ৰধানকৈ জড়িত হৈ আছে। সেইটো দেখুওৱাটোৱে এই লেখাটোৰ মূল উদ্দেশ্য। আমি জানো যে আমাৰ সমাজত লোকচক্ষুৰ আগত থাকি এটা সাধাৰণ চুমা খোৱাটো দুৰৰে কথা ইয়াৰ বিষয়ে কথা পতাটোও অপৰাধ, বিশেষকৈ নাৰীৰ লগত। আমি এখন পিতৃতান্ত্ৰিক আৰু পুৰুষতান্ত্ৰিক সমাজত বাস কৰোঁ য’ত যৌনতা এক নিষিদ্ধ প্ৰসংগ, নাৰীৰ বাবেতো কথাই নাই। দকৈ সোমাই গ’লে আমাৰ সমাজখনৰ যৌন সম্পৰ্কীয় বহুত বিৰক্তিদায়ক আৰু আপত্তিজনক কথা ওলাই পৰিব।
আমাৰ সমাজৰ সচৰাচৰ যৌন শিক্ষা বা নৈতিকতা অতি ঠেক গণ্ডীৰ মাজত আৱদ্ধ। আমাৰ মানত যৌন শিক্ষা মানে হ’ল নাৰীয়ে কিছুমান কঠোৰ সামাজিক(?) নিয়ম (পুৰুষে সৃষ্টি কৰা) মানি চলা। আমাৰ নাৰীয়ে মুকলি মনেৰে যৌনতাৰ বিষয়ে কিবা কথা কোৱাটোও পাপ, এই নিয়ম মানি চলাসকলক বোধহয় বিবাহোপযুক্ত বস্তু (Marriage material) বুলি গণ্য কৰা হয়। যদিও আমি জানো যে ছোৱালীয়েও এক নিৰ্দিষ্ট বয়সত ল’ৰাৰ সমানে যৌনতাৰ প্ৰতি অপাৰ আগ্ৰহ অনুভৱ কৰে, তথাপিআমি তেওঁলোকক এই বিষয়ে আন্ধাৰতহে ৰাখিব বিছাৰোঁ। কৈশোৰ কালচোৱাত ল’ৰা-ছোৱালী উভয়ৰে শৰীৰ গঠন তথা হৰম’নৰ বিকাশৰ লগত সমানে যুঁজ কৰে, গতিকে এই বিষয়ে তেওঁলোক অবগত হোৱাতো অতিশয় জৰুৰী। কৈশোৰ কালত পোৱা যৌন শিক্ষাই ছোৱালীৰ অৱেগিক সচেতনতা বৃদ্ধি কৰে। কিন্তু আমাৰ সমাজত এনে কাম সম্ভৱ নে? যিখন সমাজত নাৰীয়ে চুটি কাপোৰ পিন্ধি ধৰ্ষণক নিজেই আমন্ত্ৰণ জনাই বুলি ভবা হয়, যিখন দেশৰ সংসদে ধৰ্ষণৰ ওপৰত মন্তব্য দিয়ে, “বচ্ছে লোগ ত’ বচ্ছে হ’তে হে, ওনকা ক্যা দোষ হে”।
হাজাৰজনে অস্বীকাৰ কৰিলেও এই কথা ঠিক যে আমাৰ সমাজত নাৰীক কেৱল পুৰুষৰ ভোগ্য সামগ্ৰী ৰূপেই গণ্য কৰা হয়। আমাৰ জনপ্ৰিয় চিনেমাসমূহতো নাৰীৰ তেনে পণ্য (Commodity) ৰূপেই সদায় দেখুওৱা হয়। বিজ্ঞাপনৰ ক্ষেত্ৰতটো আৰু এখোপ চৰা, পাৰফিউমৰ বিজ্ঞাপন নে কনড’মৰ বিজ্ঞাপন মন দি নাচালে ধৰিবই নোৱাৰি। এইখিনিতে মন কৰিব, “চিনেমা বা সাহিত্য-শিল্পত যৌনতা অবাঞ্চনীয়”- এইধৰণৰ অযুক্তিকৰ শুচিবায়ুগ্ৰস্ততা অমুকাৰ নাই, নাৰীক পণ্য সামগ্ৰী কৰি পেলোৱাৰ হে বিৰোধিতা কৰা হৈছে।
যৌনতাৰ এনে পুৰুষতান্ত্ৰিক আধিপত্যই হৈছে নাৰী নিৰ্যাতনৰ মূল কাৰণ। বহু উচ্চ-শিক্ষিত মানুহৰ মাজতো যৌনতাৰ ক্ষেত্ৰত অজানিতে হ’লেও পুৰুষতান্ত্ৰিক মনোবৃত্তি প্ৰৱল। নাৰী আৰু পুৰুষৰ মাজৰ শাৰীৰিক সম্পৰ্ক হ’ল প্ৰেম আৰু বিস্বাসৰ ফল, কিন্তু সেয়াও পুৰুষৰ অহং ভাৱৰ ফলত কুলষিত হৈ পৰে। কাৰণ পুৰুষসকলটো নিশ্চিত যে “মই তাইক চুলোঁ, তাইহে লেতেৰা হ’ল, মইতো একো হোৱা নাই!”
গতিকে আমাৰ সমাজৰ পৰা এনে অমানৱীয় যৌন বৈষম্য আঁতৰাবলৈ বিদ্যালয়তে সুস্থ আৰু বৈজ্ঞানিকভাৱে যৌন-শিক্ষা দিয়াটো অতিশয় দৰকাৰী। ডা° হৰ্ষবৰ্ধনৰ দৰে যৌন-শিক্ষাৰ বিৰোধিতা কৰাসকলে এখন নাৰী-পুৰুষৰ সমতাৰ মৰমীয়াল সমাজ নিবিচাৰে। তেওঁলোকৰ প্ৰত্যাহ্বান ঠান-বান কৰি আগবাঢ়ি যোৱাটোৱেই আজিৰ সময়ৰ আহ্বান। মন কৰিব, আমাৰ সমাজখন পুৰুষতান্ত্ৰিক সমাজ, গতিকে এইক্ষেত্ৰত পুৰুষৰ দায়বদ্ধতা নাৰীতকৈ বহুগুণে বেছি।
ধনশ্ৰী কলিতা: সভ্যতা সংস্কৃতিৰ দোহাই দি বহুত ধাৰণাই নিষিদ্ধ কৰা হয়। কিন্তু ভাৰত এখন এনে দেশ য’ত ঠায়ে ঠায়ে ‘ৰেড লাইট এৰিয়া’ত কেইমুঠিমান টকাত নাৰী বিক্ৰী হয়। আচৰিত কথা যেতিয়া কমনৱেলথ গেমছ হয়, তেতিয়া বেশ্যালয়বোৰ আটকধুনীয়াকৈ বিদেশী দৰ্শকৰ উপভোগৰ কাৰণে সজাই তোলা হৈছিল। সভ্যতা আৰু সংস্কৃতিৰ কথা সেই সময়ত নোলায়। এইবোৰ সেই মুখা পিন্ধা ভদ্ৰলোকৰ নিদৰ্শন।
মাচুমা খান : যৌন শিক্ষা আজিৰ যুগত এটি প্ৰয়োজনীয় শিক্ষা-বিষয় হ’ব লাগে। কাৰণ আজি মানুহবোৰ আধুনিক হোৱা নাই, কিন্তু পশ্চিমীয়াকৰণে মানুহৰ মন-মগজুৰ বিকৃতি সাধন কৰিছে। আৰু সহবাস কৰা আৰু অবৈধ যৌন সম্পৰ্ক কৰাটো হৈ পৰিছে এচাম মানুহৰ কাৰনে ফেশ্চন। ফলত বৃদ্ধি পাইছে AIDS আৰু STD ৰ সংখ্যা আৰু সমাজখনে বলি হৈছে মৃত্যুৰ বতাহত।গতিকে কম বয়সত হোৱা যৌন সম্পৰ্ক আৰু অবৈধ যৌন সম্পৰ্ক হ’লে কি কি বেয়া ফল ভুগিব পাৰে সেইবোৰ সৰু কালৰে পৰা ল’ৰা-ছোৱালীক শিক্ষা দিব পাৰিলে নিশ্চয় নতুনকৈ উঠি অহা ল’ৰা-ছোৱালীখিনিক সতৰ্ক আৰু সচেতন কৰিব পৰা যাব। আৰু আমি সকলোৱেও এই শিক্ষা গ্ৰহণত আগভাগ লবলৈ ইচ্ছুক হ’ব লাগে।
টুটু মণি বৰ্মণ : নিজে বিক্ৰী হ’ব নুখুজিলে; আন কোনেনো আপোনাক বিকিব!
ৰূপজ্যোতি কলিতা : যৌন শিক্ষাৰ প্ৰয়োজন আছে। কিন্তু তাৰ আগতে চৰিত্ৰৰ শিক্ষা বেছি জৰুৰী বুলি ভাবো। কিয়নো মবাইল আৰু ইণ্টাৰনেটৰ সহজলভ্যতাই আজিৰ যুব চামক কোন দিশে গতি কৰাইছে সেয়া আমাৰ সকলোৰে জ্ঞাত। এয়া কেবল যৌন শিক্ষাৰ অভাৱই নহয়,চৰিত্ৰ শিক্ষাৰ অভাৱৰো ফল।
ঋতুপৰ্ণ গোস্বামী:কিছু সংযোজন: যৌন শিক্ষা মানে কোনোবাই কেৱল নিৰাপদ যৌন সম্পৰ্ক, কনড’মৰ ব্যৱহাৰ বা AIDS আদিৰ কথা ক’লে তেনে চিন্তাক সংকীৰ্ণ চিন্তা বুলি হে ক’ম। যৌন শিক্ষা মানে কেৱল এয়া নহয়। পাঠ্যপুথিত সকলো দিশ সামৰাটো সম্ভৱ নহ’ব পাৰে। কিন্তু যৌন শিক্ষাৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ মনত এক গভীৰ আত্মসন্মানবোধৰ লগতে আনৰ প্ৰতিও গভীৰ সন্মান জাগি উঠাতো আৱশ্যক। ইয়াৰ ফলত ভৱিষ্যতে তেওঁলোকৰ মনত নিজৰ সংগীজনৰ প্ৰতিও গভীৰ সন্মানবোধৰ জন্ম নিশ্চয়কৈ হ’ব, শাৰীৰিক আৰু আবেগিক দুয়ো ক্ষেত্ৰতে। গতিকে এই শিক্ষা ল’ৰা-ছোৱালী উভয়ৰে বাবে অতিশয় প্ৰয়োজনীয়। তেতিয়াহে আমাৰ সমাজৰ পৰা লিংগভেদ আঁতৰিব আৰু ভৱিষ্যতে ডামিনী-কাণ্ডৰ দৰে ঘটনাও সংঘটিত নহ’ব।
নৱ বৰুৱা: এইটো আমাৰ সমাজখনৰ বাবে বৰ গুৰুত্বপূৰ্ণ বিষয়। আজিৰ পৰা কিছু দিনৰ আগতে বাতৰি কাকতত এইটো বিষয়ৰ বাতৰি এটাত পঢ়িবলৈ পাইছিলো যে বহুতো বিজ্ঞান শিক্ষকে অষ্টম শ্ৰেণীৰ এটা পাঠ পঢ়াবলৈ সংকোচ কৰে আৰু পাঠটো এৰি থৈ যায় আৰু ছাত্ৰ-ছাত্ৰীক নিজে পঢ়িবলৈ কয়। তেওঁলোকৰ যুক্তি হৈছে যে নিজৰ ল’ৰা-ছোৱালীৰ দৰে ছাত্ৰ-ছাত্ৰীৰ সৈতে এনে ধৰণৰ যৌন সম্পৰ্কীয় কথাবোৰ আলোচনা কৰাটো লজ্জাজনক। মই ভাবো এনেকুৱা কথাবোৰ কেৱ্ল শিক্ষক আৰু ছাত্ৰই নহয় মাক দেউতাকেও এটা নিৰ্দিষ্ট বয়সৰ পৰা বিজ্ঞানৰ এটা বিষয় হিচাবে আলোচনা কৰিব লাগে।
ধনশ্ৰী কলিতা: ইয়াতে কিমানজন এনেকুৱা ব্যক্তি আছে যিয়ে এই শিক্ষা গ্ৰহণ কৰিছে? যদি কৰা নাই কৈ থওঁ, এই শিক্ষাৰ আৰম্ভণিতে শিকোৱা হয় সংযম, বয়ঃসন্ধিকালৰ মানসিক সমস্যা, প্ৰথম ঋতুমতী হোৱাৰ সমস্যা তথা প্ৰথম বীৰ্যপাতৰ মানসিক দোমোজা ইত্যাদি, লগতে চৰিত্ৰ গঠনৰ পৰা কুমাৰী মাতৃত্বৰ সমস্যালৈকে। ইয়াতে ইমানলৈ শিকোৱা হয় ল’ৰা-ছোৱালীয়ে নিজৰ মাজত কেনেকৈ ইমানখিনি দূৰত্ব বাহাল ৰাখিব পাৰে যাতে কোনো সমস্যা নহয়। লগতে যৌনব্যাধিৰ ভয়াবহতা আৰু উপযুক্ত বয়সত (বিয়া) মাত্ৰ এজন সংগীৰ লগত যৌন সম্পৰ্ক গঢ়ি তুলি সুস্থিৰ জীৱন যাপনেৰে নতুন প্ৰজন্ম সৃষ্টিৰ গুৰুত্ব দিয়া আদিহে শিকোৱা হয়। গতিকে একো নজনাকৈ বক্তব্য ৰখাটো ভাল নহয়।
দীপ বৰা: যৌন শিক্ষাৰ লগতে চৰিত্ৰ গঠন, নিয়মানুবৰ্তিতা, বৰজনকসন্মান, যোগভ্যাস, ত্যাগ আদিৰো জ্ঞান দিয়াৰ প্ৰয়োজনীয়তা আছে। বয়:সন্ধিকালত বা কৈশোৰ অৱস্থাত শাৰীৰিক পৰিবৰ্তনৰ লগে লগে মানসিক স্থিতিৰো পৰিবৰ্তন হয়। সাধাৰণতে এই অৱস্থাতে কিশোৰ-কিশোৰীসকলে এইসমুহ জ্ঞান আন আন উৎসৰ পৰা শিকে। আৰু এই শিক্ষণ প্ৰক্ৰিয়াত এওঁলোকে সাধাৰণতে সস্তীয়া চবি সংলগ্ন বা মচলাৰে পৰিপূৰ্ণ সাহিত্যৰ প্ৰতি আকৃষ্ট হয়। আৰু কোনো কোনো অত্যুৎসাহী হৈ এই কৰ্ম কৰি পেলাই। সেই সময়ত তেওঁলোকে ভাল বেয়া বিচাৰ নকৰে বা কৰিব পৰাকৈ তেওঁলোকৰ চিন্তা পৰিপক্ক নহয়।
পশ্চিমীয়া সংস্কৃতি, MMS, ইণ্টাৰনেট আদি উপকৰণসমুহে এওঁলোকক সহজেই আকৃষ্ট কৰে। সেয়ে এওঁলোকক সঠিক ৰাস্তাৰেই জ্ঞান দিব লাগে যাতে এওঁলোকেও ভাল বেয়াৰ মুল্যাঙ্কন কৰিব পৰা হয়। এই সমস্ত প্ৰক্ৰিয়াত আমাৰ ডাঙৰ ভুলটো হ’ল এই বিজ্ঞানসমূহক লাজ, ভয়, শংকা আদিৰে ঢাকি ৰাখিবলৈ চেষ্টা কৰাটো। অনুসন্ধিৎসু মন আৰু বিকৃত আলোচনা বা সস্তীয়া সাহিত্যই এই বয়:সন্ধিকালৰ কালৰ প্ৰজন্মক প্ৰকৃত সত্যৰ পৰা আঁতৰত ৰাখে। এই অৱস্থাত এওঁলোক সহজেই প্ৰলোভিতও হয় আৰু সেয়ে কৈশোৰ কালৰে পৰাই যৌন অপৰাধমূলক কামো সংঘটিত কৰে।
ধ্ৰুৱ জ্যোতি: গোস্বামী ডাঙৰীয়া, চাঞ্চল্য সৃষ্টি কৰাতকৈ বস্তুনিষ্ঠ বিশ্লেষণ আগবঢ়ালে সকলোৰে লাভ হয়। সমাজৰ প্ৰতি থকা দায়বদ্ধতাও প্ৰকাশ পায়। বস্তুনিষ্ঠ বিশ্লেষণ মানে মই ক’ব বিচাৰিছো— শিশুক যৌন শিক্ষা কিমান বয়সৰ পৰা দিয়া উচিত, বয়স অনুযায়ী কেনেদৰে আগবাঢ়িব কথাবোৰ, এই শিক্ষা কোনে কোনে দিয়া উচিত, অকল পাঠ্যপুথিয়েই নে আৰু বেলেগ উৎসৰ পৰা উপলব্ধ হোৱা উচিত? মাক-দেউতাক, শিক্ষক আদিয়ে সংকোচবোধ কৰিলে সমাধানৰ উপায় কি? কাকো চাপ প্ৰয়োগ কৰি দায়িত্ব দিবতো নোৱাৰি আৰু! ফলপ্ৰসু আৰ্হি এটা কেনেকুৱা হ’ব পাৰে বুলি কোনোবাই সুধিলে বৰ অসুবিধা লাগে নহয়নে?
ৰিতুপৰ্ণ গোস্বামী :চাঞ্চল্য সৃষ্টি কৰা বুলি ধৰি ল’লেও, আপোনাৰ বক্তব্যত যৌনতাৰ প্ৰতি অসহজ ভাৱহে প্ৰকাশ পোৱা দেখা গৈছে। মোৰ ক্ষেত্ৰত কিন্তু তেনে অসহজ ভাৱনাই। আৰু যৌনতাৰ শিক্ষাপদ্ধতিৰ বিষয়ে বহলাই আমাৰ ক্ষুদ্ৰ মগজুৰে আলোচনা কৰাত আমি অপাৰগ। তাৰ বাবে বাবে ক্ষমা কৰিব। এই সম্পৰ্কে প্ৰসিদ্ধ সমাজবিজ্ঞানীসকলৰ বিভিন্ন প্ৰৱন্ধ আছে। বিছাৰি পঢ়ি চালেই গম পাব পদ্ধতিৰ বিষয়ে। মোৰ এই লেখাটোত পদ্ধতিৰ বিষয়ে লিখা হোৱা নাই, যৌন বৈষম্যৰ বিষয়েহে লিখিছোঁ।