নিৰ্বাচিত কথা-বতৰা
আপোনাসৱে “য়ংজা কিম” (Youngja Kim)ৰ বিষয়ে নিশ্চয় শুনিছে । তেখেত দক্ষিণ কোৰিয়াৰ এগৰাকী বাসিন্দা আৰু পেচাত লিখক ।
শুনি চাগে আচৰিত হ’ব যে তেখেতৰ বেছিভাগ কিতাপেই অসমৰ ওপৰত লিখা । ইতিমধ্যে তেওঁ অসমৰ চাহৰ ওপৰত কোৰিয়ান ভাষাতেই এখন কিতাপ লিখি প্রকাশ কৰি উলিয়াইছে । কিতাপখনৰ নাম “আচ্চাম চ্চা চ্চা ” । কোৰিয়ান ভাষাত ‘চ্চা’ মানে চাহ । এই সূত্রেই তেওঁ ভালেকেইদিন অসমত আছিল… প্রধানতঃ শিৱসাগৰ, গুৱাহাটী আৰু মাজুলীত । অলপতে তেখেতে জনালে… মাজুলীৰ ওপৰত লিখি উলিওৱা তেখেতৰ দ্বিতীয়খন কিতাপো প্রকাশৰ পথত ।
মাত্র দুই-তিনিমাহ অসমত থাকিয়েই তেখেতে কিছু কিছু অসমীয়াও শিকি পেলাইছে । “কি খবৰ”, “লগ পাই ভাল লাগিল” ইত্যাদিৰ দৰে অতি চমু আৰু সহজকৈ ক’লেও এগৰাকী বিদেশী মহিলাৰ মুখত অসমীয়া শুনিবলৈ পাই সঁচাকৈয়ে ভাল লাগিছিল । মনত পৰিছিল সেইসকল অসমীয়াৰ কথা – যিসকলে নিজকে অসমীয়াতকৈ ইংৰাজীহে বেছি ভালকৈ ক’ব পাৰোঁ বুলি কৈ গৌৰৱবোধ কৰে ।
— in Daejeon, South Korea.
প্ৰাচীন কালৰে পৰা দৰং তথা মঙ্গলদৈ অঞ্চল কলা-কৃষ্টিৰ ক্ষেত্ৰত চহকী । জিলাখনত সেই গৌৰৱ আজিও একেদৰেই অব্যাহত আছে । এই আপুৰুগীয়া কৃষ্টিসমূহ হ’ল — ব্যাসৰ ওজাপালি, সুকন্নানী ওজাপালি, দেওধনী নৃত্য, বৰঢুলীয়া, ঢেপাঢুলীয়া, কালীয়া, খুলীয়া ভাৱৰীয়া, চিয়াগীত, নাঙেলীগীত, মহৌখুন্দা গীত, আইনাম, অপেশ্বৰীৰ নাম, বিয়া নাম, চেওঁচাপৰি নাম, থিয়ানাম, চেৰাঢেক ইত্যাদি ।আৰু ইয়াৰ ভাৱ-ভাষা,সুৰ-লালিত্য পৰিবেশন প্ৰক্ৰিয়া আদিত সম্পূৰ্ণই দৰঙীয়া চাপ বিদ্যমান ।
আঘোণৰ পূৰ্ণিমাত প্ৰচলিত মহ খেদা প্ৰথা আৰু নামনি অসমত (বজালী অঞ্চলত) প্ৰচলিত কিছুমান মহখেদা গীত :
যোৱাকালি আছিল আঘোণৰ পূৰ্ণিমা তিথি | নামনি অসমত (!) এই দিনটোত পালন কৰা হয় মহ খেদা দিন(ৰাতি) হিচাপে | লোকবিশ্বাস যে, এই দিনটোত মহ খেদা গান গালে মহবোৰ গাত বা হাবি জংঘলৰ ভিতৰত সোমায় | লগতে কীট-পতংগৰ পৰিমাণো কমে |
আঘোণ মাহ | খেতিয়কসকলৰ বাবে এটি গুৰুত্বপূৰ্ণ মাহ | এই মাহতো অসমৰ পথাৰৰ সোণালী মাহ | পথাৰত জিলিকে থাকে সোণগুটিবোৰ, আৰু খেতিয়কসকলে এই পূৰ্ণিমাৰ পাচতেই খেতি চপাবলৈ আৰম্ভ কৰে | সেয়েহে গাওঁৰ মানুহে গধূলি সময়ত মহখেদা গানৰ মাজেৰে গৃহস্থসকলক আশীৰ্ব্বাদ দিয়ে যাতে এইবাৰ মানুহঘৰৰ খেতি নদন-বদন হয় |
মহখেদা উত্সৱক বৰপেটা জিলাত এক বিশেষ পৰম্পৰা হিচাপে মান্য কৰা হয় | এই উত্সৱ সকলো মানুহৰ ঘৰে ঘৰে গৈ মহখেদা গানৰ মাজেৰে পালন কৰা হয় |
তলত আমাৰ গাওঁ (বনগাওঁ) ত প্ৰচলিত কেইটামান মহখেদা গান উল্লেখ কৰা হ’ল, যদিও ইয়াৰ সকলো শব্দৰে অৰ্থ ময়ো বিচাৰি নাপাওঁ—–
১. আঘোণৰ পূৰ্ণিমা
চাকি-বাতি জ্বলোৰে
চন্দুকতো খুলোৰে
আমাক বিদায় দিয়োৰে……
২. অ’ হৰিৰ চৰণে
মালতী (মা লক্ষ্মী) ৰ শৰণে
মালতী (মা লক্ষ্মী) দিচেম্বৰ (দিছে বৰ)
ভাখৰি (ভঁৰাল) ভৰি মাটিত পৰ
বাঁহৰ পাত চিকিমিকি
আমাক লাগে বগা সিকি
৩. ওহোহো মোহোহো
মহ খেদবা যাউ যো
মহে বুলে হাউং হাউং
তেপৰ মূৰা খাউং খাউং
তেপৰত নহ’ল নুন
চাউল লাগে একোডোন
সেই চাউলেদি নহ’ল ডুনি
আইথেৰ ঘৰ লৰিচৰি
আইথেৰ ঘৰৰ বগা ভালুক
জাপ দি আহে আমাৰ ভালুক
আমি প্ৰায়ে বৃন্দাৱনলৈ গৈ থাকো | বৃন্দাৱনৰ গলিয়ে গলিয়ে খোজকাঢ়োতে যেতিয়া সৰু সৰু কুঠৰীবিলাকৰ সন্মুখদি পাৰ হওঁ তেতিয়া সদায় মামনি বাইদেউৰ “আধালিখা দস্তাৱেজ”লৈ মনত পৰে | তেখেতে হয়তো ইয়াৰে কোনোবা এটা কুঠৰীত আছিল, ৰামায়ণৰ ওপৰত গবেষণা কৰিছিল আৰু যেন জীৱনৰ দুখবোৰ পাহৰিবলৈ চেষ্টা কৰিছিল |
আজি বিদায়ৰ বেলাত অন্তৰে হাঁহাকাৰ কৰি উঠিছে |
মাজত মাথোন কেইটামান দিন| অগা পিছাকৈ গুছি গ’ল অসমীয়াক এটা উচ্চশিক্ষিত জাতিৰূপে বিশ্ববাসীৰ ওচৰত পৰিচয় কৰাই দিয়া আন্তঃৰাষ্ট্ৰীয় শিল্পী, সাহিত্যিক ডক্টৰ ভূপেন হাজৰিকা আৰু ডক্টৰ মামনি ৰয়চম গোস্বামী…
মামনি বাইদেৱে চিকিত্সালয়ত সংজ্ঞাহীন হৈ থকা সময়তে তেওঁযে আমাক এৰি যোৱাৰ আখৰা কৰিছে এই ভাৱ বাৰুকৈয়ে হৈছিল | আমি জানো মৃত্যু চিৰসত্য| এই সত্যক বা কোনে আওঁকাণ কৰিব পাৰে| তথাপিটো মনটোক বুজাব পৰা নাই|
মোৰ জীৱনৰ প্ৰাক যৌৱনতেই পঢ়িছিলো “মামৰে ধৰা তৰোৱাল”, “আধালেখা দস্তাবেজ” , ”তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা”, “উয়ে খোৱা হাওঁদা”| বুজো নুবুজোকৈ সেই উপন্যাসবোৰৰ বহুতো কথাই থাকি গ’ল, কিন্তু পঢ়ি মই শিঁহৰিত হৈছিলো সেয়া মনত আছে | আজৰি সময়ত আকৌ এবাৰ পঢ়িম, সেই উপন্যাসবোৰ|
শান্তিৰ সহজ বাৰ্তাৰে জগত জয় কৰি গ’ল ভূপেনদা আৰু মামনিবায়ে| শান্তিৰ বাবে আকুল আহ্বান জনাই এতিয়া শান্তিৰেই ক’ৰবাত আশ্ৰয় লৈছেগৈ| এতিয়া আমাৰ সাংস্কৃতিক বৰঘৰটো তেনেই উদং যেন ভাৱ হৈছে (যি অনুভৱ এজন অৱসৰপ্ৰাপ্ত চাকৰিয়ালৰ অন্তিম টকাকেইটাক লৈ হয়, য’ত তেওঁৰ আৰু ঘটাৰ পথ নাই, সেয়া তেওঁৰ শেষ উপাৰ্জন, বৰ আপুৰুগীয়া সম্পদ) | এতিয়া কোনে বাৰু পূৰণ কৰিব এই শূণ্যতা……..???
ফেচবুকৰ লগত পৰিচয় হোৱা মোৰ বেছি দিন হোৱা নাই । ফেচবুকৰ একাউণ্টটো খোলাৰ পিছত আন বহুতৰ দৰে মইও আৰম্ভণিৰ কেইদিনমান আনবোৰৰ গতি-বিধি নিৰীক্ষণ কৰি থাকোঁতেই গ’ল । লাহে লাহে দুই-এজন বন্ধুৰ ‘আপডেট’বোৰে মোক আকৰ্ষণ কৰিবলৈ ধৰিলে, কিয়নো তেওঁলোকক মই অসমীয়াত লিখা দেখিবলৈ ধৰিলো । তেনেবোৰৰ মাজৰ তিনিটা শব্দই মোক কেৱল আকৰ্ষিত কৰায়ে নহয়, কৌতুহলী কৰি তুলিবও ধৰিলে… ‘অসমীয়াত কথা বতৰা’ – এটা অগতানুগতিক নাম, অথচ নামটোতে লুকাই আছে অসমীয়া মনৰ আপোন আপোন এটা ভাৱ….
অকণমান দোমোজাত ৰৈ, মনত কিছু খু-দুৱনি লৈ গোটৰ দুৱাৰত মইও টোকৰ মাৰিলো । এজনে আদৰি নি গোটৰ মজিয়াত বহাৰ সুযোগ দিলে । গোটৰ আটাইবোৰ অচিনাকি, এজনকো লগ পোৱা নাই কাহানিও; অথচ, লাহে লাহে তেওঁলোকে দেখোন হৈ পৰিল আপোনতকৈও আপোন…সময়ৰ লগে লগে মই যেন নিজকে এখন বেলেগ জগততহে আৱিষ্কাৰ কৰিবলৈ ধৰিলোঁ ।
কি পোৱা নাই এই গোটৰ পৰা…… গোটৰ আলোচনাৰ পৰাই শিকিলোঁ, বুজিলোঁ, অসমীয়াত লিখিবও পৰা হ’লো…কেৱল লিখিব পৰাটোৱে নহয় আন দহজনক এতিয়া সহায়ো কৰিব পৰা হ’লো অসমীয়াত লিখিবলৈ ।
গোটৰ মজিয়াত কোনো এদিন যদি আমি নদী-বান্ধক লৈ বিতৰ্ক কৰিছোঁ, আন এদিন আকৌ অসমীয়া লিপিৰ স্বীকৃতিৰ বাবে সহমতো পোষণ কৰিছোঁ…চৰকাৰৰ নীতিৰ সমালোচনা কৰিছোঁ, দুৰ্নীতিক লৈ ক্ষোভ উজাৰিছোঁ, সময়ে সময়ে আকৌ অসম আৰু অসমীয়াৰ ভাল খবৰবোৰত আনন্দও পাইছোঁ মনে-প্ৰাণে… ভূপেনদাক হেৰুৱাই যিদৰে ম্ৰিয়মাণ হৈ পৰিছোঁ, Unicode.org ত অসম অসমীয়া লিপিৰ অন্তৰ্ভুক্তিত আহ্লাদিতও হৈছোঁ একেদৰে, সকলোৱে একেলগে…
কাৰোবাৰ কবিতা পঢ়ি যদি আবেগিক হৈ পৰিছোঁ, আন কাৰোবাৰ ৰস-ৰচনাত আকৌ প্ৰাণ খুলি হাঁহিছো…আপুৰুগীয়া গীতবোৰ শুনিছোঁ, গীতৰ আঁৰৰ নজনাবোৰ জানিব পাৰিছোঁ…কেতিয়াবা ধেমালি কৰিছোঁ, কেতিয়াবা আকৌ ‘কুইজ, কুইজ’ খেলিছোঁ…লেখাবোৰৰ মাজেৰে নজনা কথা কিমান যে জানিছোঁ ! কিমান ক’ম, কিমান লিখিম…..
(সাহিত্য ডট অৰ্গ, শ্ৰব্য নাট, ভূপেন হাজৰিকাৰ গীতৰ ইউনিক’ড ৰূপান্তৰণ আদিৰ কথা নক’লোৱেই যেনিবা !!)
এই আপাহতে প্ৰশাসকবৃন্দক অভিনন্দন জনালোঁ ইমান সু-সংগঠিত তথা সুচাৰুৰূপে গোটটো পৰিচালনা কৰি আগবঢ়াই লৈ যোৱাৰ বাবে, লগতে কৃতজ্ঞতাও জ্ঞাপন কৰিলোঁ, এই গোটৰ সদস্যাৰ গৰ্বৰে গৰ্বিত হোৱাৰ সুবিধাকণ দিয়াৰ বাবে….
সুধাকণ্ঠৰ অন্তিম ইচছা :- “গান আমাৰ অস্ত্র, জ্ঞান আমাৰ জীৱিকা, গান আমাৰ জীৱন ৷ গান (song)ৰ দ্বাৰা সমাজ পৰিৱর্তন কৰিব পাৰি আৰু গান (Gun)ৰ দ্বাৰাও সমাজ পৰিৱর্তন কৰিব পাৰি ৷ কিন্তু গান (Gun)ৰ দ্বাৰা হোৱা সমাজ পৰিৱর্তন বোধহয় বেছি স্থায়ী নহয় ৷ মোক যদি কোনোবাই প্রগতিৰ কথা শিকাবলৈ আহে, ৰাজনীতিৰ কথা শিকাবলৈ আহে, মোৰ হাঁহি উঠে৷ চাক্ষুস অভিজ্ঞতাৰ ভিত্তিত ক’ব পাৰো যে পৃথিৱীৰ কোনো দেশে ৰাজনীতিৰ জৰিয়তে স্বর্গ গঢ়িব পৰা নাই ৷ ৰাজনৈতিক ঢৌ আহে আৰু যায় ৷ কিন্তু বুনিয়াদৰ ভেটি সংস্কৃতিৰ মাজতহে অন্তর্নিহিত হৈ থাকে ৷ মই মানুহৰ বাবে গাই যাম ৷ মোৰ জীৱন দর্শন লুকাই আছে ‘সাগৰ সংগম’ গানটিৰ মাজত৷ মোৰ মৃতদেহ যেতিয়া শ্মশানলৈ নিয়া হ’ব তেতিয়া যদি সাগৰ সংগম গানটি গোৱা যায় তেনেহ’লে মোৰ আত্মাই সর্বাংগীনভাৱে তৃপ্তি লাভ কৰিব ৷ ” – ভূপেন হাজৰিকা (1987 চনৰ জুলাই সংখ্যাৰ ‘প্রসাদ’ আলোচনীৰ বর্ষপূতি বিশেষ সংখ্যাত ‘নিজেৰ কথা’ শিৰোনামাৰে প্রকাশিত ড0 ভূপেন হাজৰিকাৰ সাক্ষাৎকাৰৰ হুবহু অসমীয়া অনুবাদ) — দ্য চানডে ইণ্ডিয়ান [মঙলবাৰ, নৱেম্বৰ 29, 2011]
আপোনালোকক এটা খবৰ দিওঁ| বহুতে হয়তো নাজানে যে ভূপেন হাজৰিকাই তেওঁৰ স্বৰচিত প্ৰিয় গীত বুলি জীৱনৰ শেষ সময়ত “মহাবাহু ব্ৰহ্মপুত্ৰ” গানটোৰ নাম উল্লেখ কৰি থৈ গৈছে| এয়া বিমল মামাৰ মুখৰ পৰা শুনা কথা|
অসমীয়া সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। ভূপেন হাজৰিকাৰ ‘হে হে ঢোলে ডগৰে…’ গীতটোৰ ‘কৃষ্ণ গৰখীয়াই বায় বাঁহী/ খাচী গৰখীয়াই বায় শ্বৰাতি / / দুয়োটি বাঁহী বাঁহৰে বাঁহী/দুয়ো প্ৰকাশে একেটি সুৰক..’ অংশটোৱে অসমীয়া সংস্কৃতিৰ সুন্দৰ সংজ্ঞা আগবঢ়াইছে…
চিৰচেনেহী মোৰ ভাষা জননী —
“গড়কাপ্তানী” শব্দটো আগৰদিনৰ অসমীয়াই ভুলকৈ উচ্চাৰণ কৰি কোৱা এটা ইংৰাজী শব্দৰ পৰা সৃষ্টি হৈছে । পুৰণি ডিব্ৰুগড় চহৰৰ গড়টো চোৱাচিতা কৰিবলৈ এজন কেপণ্টেন নিয়োগ কৰিছিল আৰু তেওঁৰ বিভাগটোকে অসমীয়া মানুহে কৈছিল গড়কাপ্তানী । আমদানীকৃত এটা সুন্দৰ অসমীয়া শব্দ ,যিটোৰ প্ৰয়োগ আজিও হৈ আছে । কিন্ত আজিৰ দিনত তেনে নহয় । কাৰণ কোনো অসমীয়াই মালিকৰ ভাষাটো ভুলকৈ উচ্চাৰণ কৰি লাজত পৰিব নিবিচাৰে ।
( অ.ক.ত মোৰ প্ৰথমদিনাখনৰ পোষ্ট )
Debabrot Gogoi Ashish Majumdar গড়কাপ্তানী শব্দটো সলনি নকৰিলেই ভাল হব বুলি মোৰ ব্যক্তিগত অনুভৱ । নহলে এই ধুনীয়া একক আৰু ইতিহাসযুক্ত শব্দটো কালৰ বুকুত হেৰাই যোৱাৰ ভয় আছে । অপ্ৰিয় হলেও সত্য যে গড়কাপ্তানী শব্দটো আজিকালি আমি নকও কেৱল লিখোহে । এতিয়া যদি বিভাগটোৰ নাম চৰকাৰে সলনি কৰে তেন্তে লিখিত ভাবেও ব্যৱহাৰ নকৰিব কোনেও আৰু এনেকৈয়ে কালৰ বুকুত আমাৰ ভাষাটোৰ পৰা এটা সুন্দৰ শব্দ নোহোৱা হৈ যাব ।
Uddip Talukdar পুৰণি শব্দবিলাক সলনি কৰাৰ কোনো মানে নাই। শব্দ এটাৰ লগত যদি এটা ইতিহাস জড়িত হৈ থাকে, সেইটো ভালহে কথা। তেনেকৈ চালে, ডিগবৈ-ৰ নামটোও সলাই দিলে কেনেকুৱা লাগিব শুনিবলৈ ভাবকচোন, খান্দাবোপা !!
Debabrot Gogoi বঙালীসকলে ঠিকেই লিখে , কিন্ত আমিহে ভুলকৈ লিখো । চিলচৰ শব্দটো পুৰণি শব্দ । বঙালী সম্প্ৰদায় অহাৰ আগৰে পৰা অঞ্চলটোৰ নাম চিলচৰ হৈ আছে । চিলাৰায়ে জয় কৰা অঞ্চল । সেয়ে চিলাৰায়ৰ পৰা আহিছে ” চিল” আৰু “চৰ” মানে হৈছে অঞ্চল = চিলচৰ ।
দেশৰ সর্ববৃহৎ পৰিস্থিতিবিজ্ঞান,বিবর্ত্তন, তথা বন্যজীৱ আচৰণ আৰু সংৰক্ষণ সম্পর্কীয় শিক্ষার্থী বৈজ্ঞানিক অভিৱর্ত্তন Young Ecologist Talk and Interact (YETI), চলিত বর্ষৰ ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী (আই. আই. টি) ত অনুষ্ঠিত হ’ব ।
সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত তথা ডব্লিউ-ডব্লিউ এফ (ভাৰত),নেচাৰ কনজাৰভেশ্যন ফাউণ্ডেশ্যন (Nature Conservation Foundation,NCF), নেশ্যনেল চেন্টাৰ ফৰ বায়’লজিকেল ছায়েন্সেছ (National Centre for Biological Sciences ,NCBS), চেন্টাৰ ফৰ ইক’লজিকেল ছায়েন্সেছ (Centre for Ecological Sciences – Indian Institute of Science ,IISc), অশোক ট্ৰাষ্ট ফৰ ৰিচার্ছ ইন ইক’লজি এণ্ড এনভাইৰনমেণ্ট (Ashoka Trust for Research in Ecology and the Environment ,ATREE), ৱেষ্টার্ন ঘটছ্ পর্টেল (Western Ghats Portal) দক্ষিণ ফাউণ্ডেশ্যন (Dakshin Foundation), ফাউণ্ডেশ্যন ফৰ ইক’লজিকেল ৰিচার্ছ, এডভ’কেচি এণ্ড লার্ণিং (Foundation for Ecological Research, Advocacy and Learning, FERAL) আৰু আৰণ্যক আদি সংগঠনৰ সহযোগিতাত আয়োজিত “য়েটি” এক একক অভিৱর্ত্তন । ২০০৮ চনত নেশ্যনেল চেন্টাৰ ফৰ বায়’লজিকেল ছায়েন্সেছ , বাংগালোৰৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত পোনপ্ৰথমে অনুষ্ঠিত হোৱা “য়েটি” য়ে পর্য্যায়ক্ৰমে গৱেষক ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এক সফল ৰাষ্ট্ৰীয় মঞ্চ ৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে । যোৱা ২০০৯ তথা ২০১০ দুয়োটা বর্ষতে এই অভিৱর্ত্তন খন ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালোৰত অনুষ্ঠিত কৰা হৈছিল। এইবর্ষৰ অভিৱর্ত্তন খন মূলত: দেশৰ উত্তৰ-পূর্ব্বাঞ্চলৰ অনন্য অথচ সীমিত অধ্যয়ন হোৱা চহকী জৈৱবৈচিত্ৰতাৰ প্ৰতি গুৰুত্ত্ব প্ৰদানৰ উদেশ্যে গুৱাহাটীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
ভাৰতবর্ষৰ বৈজ্ঞানিক গৱেষণা তথা উত্তৰ-পূর্ব্বাঞ্চলৰ মানবিশিষ্ট গৱেষণাৰ ক্ষেত্ৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী (আই. আই. টি) য়ে আগবঢ়োৱা অসামান্য অৱদানৰ প্ৰতি লক্ষ্য ৰাখি এইবর্ষৰ অভিৱর্ত্তনখন আই. আই. টি গুৱাহাটীৰ পাৰিপার্শ্বিক কেন্দ্ৰ (Centre for the Environment, IITG) ৰ অংশীদাৰত্বত আয়োজন কৰা হৈছে। প্ৰতিষ্ঠাৰ কালৰে পৰা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ পাৰিপার্শ্বিক কেন্দ্ৰই পাৰিপার্শ্বিকতা তথা পৰিস্থিতিবিজ্ঞান অধ্যয়নৰ লগতে উৎকৃষ্ট গৱেষণাৰ প্ৰতি পৃষ্ঠপোষকতা আৰু অৰিহণা যোগাই আহিছে। আই. আই. টি. গুৱাহাটীৰ উপৰিও অন্যান্য স্বতন্ত্ৰ গৱেষকৰ লগতে উত্তৰ-পূর্ব্বাঞ্চলৰ ২০ খন বিশ্ববিদ্যালয়, ৩৮ টা চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান তথা ৪০ খন মহাবিদ্যালয়ৰ পূর্ণ সহযোগিতাৰে “য়েটি” ৰ আয়োজন কৰা হৈছে ।
“য়েটি” য়ে পৰিস্থিতিবিজ্ঞান তথা বন্যজীৱ সংৰক্ষণত আগ্ৰহী উদীয়মান জৈৱবিজ্ঞানীসকলক তেওঁলোকৰ গৱেষণাৰ বিষয়বস্তু উপস্হাপন, আলোচনা তথা দেশৰ বিভিন্ন প্ৰান্তৰ অন্যান্য গৱেষকসকলৰ সৈতে মত-বিনিময় কৰাৰ বৈজ্ঞানিক সহযোগিতা স্হাপনৰ এক সৌহার্দ্যপূর্ণ মঞ্চ প্ৰদান কৰিছে। ৫০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী তথা গৱেষকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’ব লগীয়া এই অভিৱর্ত্তনত গৱেষক ছাত্ৰ-ছাত্ৰীৰ ১০০ ৰো অধিক গৱেষণাপত্ৰ উপস্হাপন তথা ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পর্য্যায়ৰ উত্কৃষ্ট বিজ্ঞানীৰ দ্বাৰা পূর্ণাংগ অভিভাষণ, জনপ্ৰিয় বক্তৃতা, তথ্যচিত্ৰ প্ৰদর্শন, কর্মশালা, ভাৱ-বিনিময়পূর্ণ বৈঠক ইত্যাদিৰ আয়োজন কৰা হৈছে। অন্যান্য বিষয় সমুহৰ লগতে, এইবর্ষৰ অভিৱর্ত্তনখনত উত্তৰ-পূর্ব্বাঞ্চলৰ জৈৱবৈচিত্ৰতা সম্পর্কীয় গুৰুত্ত্বপূর্ণ বিষয়সমূহ, বনেট মেকাক সমাজৰ সামাজিক পদ্বতি অধ্যয়ন আৰু ভাৰতবর্ষত পৰিস্থিতিবিজ্ঞান তথা বন্যজীৱ সংৰক্ষণ সম্পর্কীয় গৱেষণাৰ পূর্ণ বিকাশৰ উদ্দেশ্যে তথ্যৰ ভাগবতৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অধিক গুৰুত্ত্ব প্ৰদান কৰা হ’ব। ছাত্ৰ-ছা্ত্ৰীসকলক পৰিস্থিতিবিজ্ঞানৰ গৱেষণাত ব্যৱহৃত বিভিন্ন পদ্ধতিসমূহৰ বিষয়ে পৰিচয় কৰাই দিয়াৰ উদেশ্যে একাধিক কর্মশালাৰো আয়োজন কৰা হৈছে। “য়েটি” পৰিস্থিতিবিজ্ঞান আৰু বন্যজীৱ সংৰক্ষণত আগ্ৰহী দেশৰ সকলো ছাত্ৰ-ছা্ত্ৰী তথা গৱেষকৰ বাবে মুকলি এক অনন্য মঞ্চ। সকলোকে চলিত বা প্ৰস্তাৱিত গৱেষণাৰ সাৰাংশ (abstract) জমা দি অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হ’ল। সাৰাংশ জমা নিদিয়াকৈয়ো “য়েটি” ত যোগদান কৰিবলৈ আগ্ৰহীসকলক সংস্লিষ্ট ৱেবছাইটত অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আহ্বান জনোৱা হ’ল। অনলাইন ৰেজিষ্ট্ৰেশ্যন তথা সাৰাংশ জমা লোৱা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে। সাৰাংশ জমা দিয়াৰ শেষ তাৰিখ অহা ৩০ নৱেম্বৰ,২০১১ ধার্য্য কৰা হৈছে। অধিক তথ্যৰ বাবেwww.meetyeti.com দর্শন কৰিব পাৰে।
Young Ecologists Talk and Interact
নমস্কাৰ, অঃ কঃ বঃ ত মোৰ প্ৰথম দিন। আজি মই প্ৰথমটো অসমীয়া বিজ্ঞাপন আপোনালোকক জনাব বিচাৰিছোঁ। তামোলবাৰী চাহ বাগিচাৰ চাহৰ বিজ্ঞাপন আছিল সেইটো। ‘জোনাকী’ ত প্ৰকাশ পোৱা এই বিজ্ঞাপনটো হ’ল – ‘তামোলবাৰীত তামোল নাই, আছে মাথোন চাহ/সকলোৱে খাই আমি কৰোঁ বাহ বাহ’
Top of Form
Himjyoti Talukdar জোনাকী নহয়, সেইখন বাঁহী হে আছিল
এটা ভাষা কেতিয়া কি কি কাৰনত শেষ হয় যায় । পৃথিৱিৰ পৰা আজিলৈকে কিমান ভাষা নোহোৱা হৈ গৈছে। ভবিষ্যতে নোহোৱা হব পৰা কাৰক সমুহ কি হব পাৰে !!!!
Partha P Sarmah
ভূপালৰ পৰা তিনিচুকীয়ালৈ আহি থকাৰ পৰত নভেম্বৰৰ ৫তাৰিখে বিয়লি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ওচৰেৰে পাৰ হৈছিলোঁ৷ মোৰ সহযাত্ৰী ভাইটি দেবক কৈছিলোঁ ইয়াতেই ভূপেন হাজৰিকাই M.A. পঢ়িছিল ৷ কথাটো কৈ থকা সময়তে একেলেথাৰীয়ে অহা তিনিটা চলভাষিক বাৰ্তাই জনালে যে ভূপেন হাজৰিকা আৰু নাই ৷ গাড়ী চলাই থকা সময়তে মূহূৰ্তৰ বাবে গাটো জিকাৰ খাই উঠিছিল ৷ বাটত থকাৰ বাবে তাৰ পৰবৰ্তী দৃশ্যখিনি চাব পৰা নাছিলোঁ ৷ বাটৰ পৰাই তেখেতক প্ৰণাম জনাইছিলোঁ ৷
তেতিয়াই মনত পৰিছিল ২০০৭ চনত মই মোৰ পাঠ্যক্ৰমত ভূপেন হাগৰিকাৰ গীত কেইটামান ৰাখিছিলোঁ ৷ সেইসময়ত মোৰ হাতত তাৰ ইংৰাজী অনুবাদ নথকাত তেখেতে হিন্দীত গোৱা গীত কেইটামান শ্ৰেণীত বজাই শুনাইছিলোঁ ৷ ছাত্ৰ-ছাত্ৰীখিনিয়ে কেইবাবাৰো শুনাৰ পাছত গীত আৰু সমাজ চেতনা সম্পৰ্কে আলোচনা হৈছিল৷ ভূপেন হাজৰিকাৰ লগতে আৰু কেইজনমানৰ গীতো সেই প্ৰসংগত আছিল ৷ পৰীক্ষাত তেখেতৰ গীতৰ বিষয়ে দুবাৰ প্ৰশ্নও দিছিলোঁ ৷ উত্তৰ ভাৰতীয় কোনো বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত তেখেতৰ গীত ৰখাটো সেয়েই প্ৰথম আছিল নেকি ? মোৰ এটা দুখ থাকি গ’ল যে মামণি বাইদেউৰ উপন্যাস এখন তাত পঢ়ুৱাম পঢ়ুৱাম বুলিও কামটো কৰা ন’হল ৷ কিন্তু হীৰেণ ভট্টৰ কেইটামান কবিতা আৰু অধ্যাপক হীৰেণ গোঁহাইৰ এখন ৰচনা তাত ছাত্ৰ-ছাত্ৰীয়ে পঢ়িছিল ৷
অসম জ্বলিছে | টাৰ্বাইন কঢ়িয়াই অনা ট্ৰাকৰ পথ সহস্ৰাধিক জনতাই অৱৰোধ কৰি ৰাখিছে, আৰক্ষীৰ নিৰ্বিচাৰ লাঠিচালনা, উপায়হীন উপায়ুক্ত, আঁকোৰগোজ অখিল-বাহিনী, নিৰ্বিকাৰ চৰকাৰ, ভুক্তভোগী সাধাৰণ জনতা, হাস্যকৰ বাতৰিৰ প্ৰচাৰত মত্ত News Live ! আৰু DY 365 , ৰাষ্ট্ৰীয় News Channel সমূহৰ গুৰুত্ব নাই |
শব্দ বনাম শব্দ:
“অভিনন্দন আৰু সম্বৰ্ধনা”
এই শব্দ দুটাৰ ব্যৱহাৰিক প্ৰয়োগ ভিন্ন |
যেতিয়া কোনোবাই পৰীক্ষা বা আন কিবা বিষয়ত কৃতকাৰ্য্য হয় তেতিয়া প্ৰশংসা কৰিবৰ বাবে “অভিনন্দন” ব্যৱহাৰ কৰো |
আৰু যেতিয়া কোনো এজন লোকক বহুতৰ আগত চিনাকি কৰি আদৰণি জনাওঁ তেতিয়া “সম্বৰ্ধনা” জনাওঁ | পুনৰ যদি সেই ব্যক্তিজনক আমন্ত্ৰন জনোৱা হয় তেখেতক “সম্বৰ্ধনা” নহয় “আদৰণি” হে জনোৱা হয় |
বহুক্ষেত্ৰত “অভিনন্দন” জনাবলৈ অনুষ্ঠিত কৰা সভাখনক কিন্তু “সম্বৰ্ধনা অনুষ্ঠান” বুলিহে কোৱা হয় | ঠিক যিদৰে আমি “আদৰণি” আৰু “আদৰণী” দুয়োটাই লিখো | অৰ্থাত্ “আদৰণি” জনাবলৈ পতা সভাখনক “আদৰণী সভা” বুলি লিখা হয় |
আনুষ্ঠানিক ক্ষেত্ৰত এইবোৰৰ প্ৰয়োগ অতিকৈ স্পৰ্শকাতৰ,লগতে ভাষাৰ ক্ষেত্ৰত মনকৰিবলগীয়া |
এই কথাবোৰ খুউব জটিল | বিজ্ঞজনে বুজালে কৃতাৰ্থ হ’ম |