নিৰ্য্যাতন, জীৱনবোধৰ শিক্ষা ইত্যাদি- (ডাঃ সংগীতা কাকতি)

জাপানত থকা মোৰ প্ৰায় এবছৰেই হ’ল যদিও ইয়াৰ থলুৱা প্ৰায়বোৰ খাদ্যকেই মই এতিয়াও আপোন কৰি ল’বগৈ পৰা নাই। সাগৰীয় মাছবোৰৰ কেচেমা-কেচেম গোন্ধ এটা পাওঁ, নোৱাৰাতহে কেতিয়াবা খাওঁ। শামুক আৰু অক্টোপাচৰতো কাষেই চাপিব নোৱাৰোঁ। ভাগ্যক্ৰমে মই থকা ঠাইৰ পৰা এক কিলোমিটাৰমান দূৰত নেপালী দোকান এখন আছে। তাতে ৰৌমাছ, মচুৰ দাইল আদি ভাৰতীয় ৰন্ধনৰ যোগাৰবোৰ পোৱা যায়। সেইবোৰকে আনিবলৈ প্ৰায় শনিবাৰেই তালৈ যাওঁ। বস্তু আনিবলৈ যোৱাৰ লগতে তালৈ যোৱাৰ অইন এটা কাৰণ হ’ল অসমতে ডাঙৰ হোৱা, এতিয়াও তেজপুৰতে পৰিয়াল থকা দোকানখনৰ নেপালী কৰ্মচাৰীজন। তেওঁৰ সৈতে অসমীয়াত কথা পাতিবলৈ পাওঁ, মনটো ভৰি উঠে। প্ৰত্যেকবাৰ যাওঁতেই ঘৰুৱা দুই-এষাৰ কথা পতা হয় তেওঁৰ সৈতে। এইবাৰ লগ পাওঁতে অৱশ্যে তেওঁ মোক চিন্তিত কণ্ঠেৰে ক’লে, “বাইদেউ, যোৰহাটৰ ঘটনাটো গম পাইছেনে? মোৰ ছোৱালী দুজনীও অকলে অকলে স্কুললৈ যায় তেজপুৰত। ভয়েই খাইছোঁ পৰিস্থিতিবোৰ দেখি-শুনি, দিল্লীৰ দৰেই অসুৰক্ষিত হৈ পৰিলচোন আমাৰ অসমখন!” ফেচবুকৰ পাততেই যোৰহাটৰ ঘটনাটোৰ ভুক্তভোগী ছোৱালীজনীৰ কথা গম পাইছিলোঁ। নেপালী কৰ্মচাৰীজনৰ পৰা ঘটনাটোৰ পিছত হোৱা প্ৰতিক্ৰিয়াৰ কিয়দাংশও জানিবলৈ পালোঁ। তেওঁ জনালে, ঘটনাটোক লৈ কৰাই ৰাজনীতি কৰিছে; কোনোৱে সম্ভাব্য প্ৰতিকাৰস্বৰূপে জলকীয়া গুৰি, চুৰী-কটাৰি আৰু পুলিচৰ পহৰাৰ পৰামৰ্শ আগবঢ়াইছে। কথাখিনি শুনি মোৰ ব্যক্তিগত অভিজ্ঞতা দুটামান মনত পৰিল।

প্ৰথম অভিজ্ঞতাটো অলপ পুৰণি। মই তেতিয়া মেডিকেল কলেজত নামভৰ্তি কৰোৱা ডেৰবছৰমানহে হৈছে। ৰোগ আৰু ৰোগীৰ বিষয়ে একোৱেই গভীৰ জ্ঞান নাই। তথাপি বন্ধত ঘৰলৈ যাওঁতে মোক লগ ধৰিবলৈ নিজৰ লগতে ওচৰ-পাজৰৰ গাঁওবিলাকৰ মানুহ কিছুমান আহে। গাঁৱৰ সহজ-সৰল মানুহবোৰে হস্পিটেল নতুবা ডাক্টৰ একোৰেই আও-ভাও নাপায়। সেয়ে কিছুমানে হস্পিটেলৰ ভাল ডাক্তৰৰ ঠিকনা বিচাৰি আহে, কিছুমানে বেলেগ ডাক্তৰে দিয়া ঔষধ-পাতিবোৰৰ বিষয়ে বহলাই সুধিবলৈ আহে। তেনে কাৰণতে এদিন আমাৰ ঘৰলৈ আহিছিল শুধ বগা পাঞ্জাৱী চোলা আৰু ধূতি পিন্ধা মানুহ এজন, লগত তেওঁৰ পোন্ধৰ বছৰীয়া পুতেকটো। তেওঁলোকক আগতে দেখা মনত নপৰে, ঘৰ আমাৰপৰা অলপ দূৰৈৰ গাঁও এখনত। “কি জানো হৈছে, ই দেখোন অনবৰতে মনটো মাৰি থাকে অ’ আই। পেটটোত হজমী শক্তিও একেবাৰে নোহোৱা হ’ল, কিবা খালেই পায়খানা কৰিবলৈ দৌৰ মাৰে। কোনোবাই কিবা বেজালি কৰিছে যদিও ক’ব পৰা নাই। কিবা এটা দিহা দিব পাৰিবিনে আইজনী! আমাৰ সকলোৰে খোৱা-শোৱা নোহোৱা হৈছে তাক দেখি।” চৰম অসহায়তাত ডুব গৈ মানুহজনে কৈছিল মোক। মোৰ অলপীয়া জ্ঞানেৰে মই একো ধৰিব পৰা নাছিলোঁ তাৰ কি হৈছে, নোৱাৰিবৰ কথাই। তথাপিও কিতাপত পঢ়া ৰোগবিলাকৰ লক্ষণৰ সৈতে কিবা মিল আছেনেকি মনত পেলাই আছিলোঁ। লগতে ভাবিও আছিলোঁ আমাৰ কোনজন প্ৰফেচৰক এবাৰ গৈ দেখুৱাই আহিবলৈ তেওঁলোকক অনুৰোধ কৰিম। তেনেতে অতপৰে এটাও মাত নমতা ল’ৰাটোৱে হঠাৎ মোৰ চকুলৈ চাই কৈছিল, “বা, আপোনাক অকলে অলপ কথা ক’ব পাৰিমনে?” নোৱাৰাৰ কথাই নাহে। লৈ গৈছিলোঁ তাক বেলেগ এটা কোঠালৈ। ইতস্ততঃভাৱে সি আৰম্ভ কৰিছিল, “মোৰ নিশ্চয় এইড্চ হৈছে।” চক খাই উঠিছিলোঁ মই। আমাৰ গাঁওবিলাকক এতিয়াও শিপাব পৰা নাই সেই বেমাৰটোৱে। তেনেহলে এই অকণমানি ল’ৰাটোৰ মূৰত সোমাল কিয় কথাষাৰ! অপ্ৰস্তুত নকৰাকৈ ভালকৈ সুধিলোঁ তাক আচলতে কথাটো কি।

সিও লাজ-ভয় সকলো মিহলাই লাহে লাহে কৈ গৈছিল। দুবছৰমানৰ আগৰে কথা। তাতকৈ বয়সত ভালেমান ডাঙৰ তাৰ সম্পৰ্কীয় ককায়েক এজন প্ৰায়ে সিহঁতৰ ঘৰত থকাকৈ আহে। আহিলেই সিহঁত দুটাক একেখন বিচনাতে শুবলৈ দিয়ে ঘৰত, গাঁৱত আলহীৰ বাবে আচুতীয়া ‘গেষ্ট ৰূম’ৰ ব্যৱস্থা তেনেই আচহুৱা কথা। এদিন তেনেকৈ শুই থাকোঁতেই মাজনিশা হঠাৎ এক অদ্ভুত যন্ত্ৰণাত সাৰ পাই উঠিছিল সি। সমকামিতা কি চিনি নাপায় সেই সৰু ল’ৰাটোৱে, কিন্তু নিজৰ সম্পৰ্কীয় এজনৰ সেই পাশৱিক অত্যাচাৰৰ বলি হ’ব লগা হ’ল সি সেইদিন ধৰি তাৰ পিছতো কেইবাবাৰো। সেই ককায়েকজন আলহী হৈ আহিলেই সি ভয়ত বিতত হয়, অথচ কাকো একো ক’বও নোৱাৰে। সেই ঘটনা চলিয়েই থাকিল ককায়েকজনে কেইমাহমানৰ আগত বিয়া কৰোৱাৰ আগলৈকে। এতিয়া তেওঁৰ সুখৰেই সংসাৰ। অৰ্থাৎ তেওঁ প্ৰকৃততে সমকামীও নাছিল, বৰঞ্চ নিজৰ কামনা চৰিতাৰ্থ কৰিবৰ কাৰণে কেতিয়াবা সেই সৰু ল’ৰাটোক ব্যৱহাৰ কৰিছিল। সেই ঘটনাৰ পিছৰ পৰাই সি মানসিকভাৱে ভাগি পৰিবলৈ ধৰিলে। খোৱা-বোৱা, পঢ়া-শুনা একোতে মন বহাব নোৱাৰা হ’ল। শেহতীয়াকৈ বিজ্ঞানৰ কিতাপত আৰু কাকত-আলোচনীত যেতিয়া পঢ়িলে যে দীৰ্ঘদিনীয়া ডায়েৰিয়া এইড্চৰ লক্ষণ, যেতিয়া গম পালে সেই অসুখটো বিয়পাৰ মাধ্যমবোৰ; সি প্ৰায় নিশ্চিত হ’ল যে তাৰ এইড্চেই হ’ল। যি কি নহওক, মেডিকেল কলেজত মাতি নি তাৰ মনৰ সন্দেহ দূৰ কৰিবলৈ যাৱতীয় পৰীক্ষাখিনি কৰোৱালোঁ। তাৰ এইড্চ নোলাল, ‘ইৰিটেবল বাৱেল চিন্ড্ৰম’ বুলি বেলেগ অসুখ এটাহে ধৰা পৰিল।

দ্বিতীয় অভিজ্ঞতাটো পাঁচবছৰ মানৰ আগৰ। মুম্বাইত উচ্চশিক্ষাৰ বাবে গৈ মই দেখিছিলোঁ, ছোৱালী সহপাঠীবোৰো হস্পিটেলত কাম কৰি বেছ দেৰিকৈ হোষ্টেললৈ উভতে। মোৰ পেথ’লজিষ্ট ৰূমমেটজনী ৰাতি বাৰবজাৰ আগত ৰূম কাচিৎহে সোমাইছিলহি। সিহঁতৰ গ্ৰুপটোত গোটেইকেইজনী ছোৱালী। লগত এটাও ল’ৰা নোহোৱাকৈও মাজনিশাও সিহঁতে পাৰেলৰ হস্পিটেলৰ পৰা চেম্বুৰত থকা হোষ্টেললৈ টেক্সীৰে আহে। একো উৎকণ্ঠা নাই, একো দূৰ্ঘটনা নাই। মই আৰু মোৰ উৰিয়ান বান্ধবী এগৰাকীও কেতিয়াবা দেৰিকৈ উভতিছিলোঁ। দুজনী ছোৱালী ৰাতি দহ-এঘাৰ বজাত ঘূৰি ফুৰোঁতে কোনো বেয়া চাৱনি, কোনো অশ্লীল শব্দৰ ফৰ্মূটি পৰাহি নাছিল কেতিয়াও। কেতিয়াবা একেবাৰে অকলেও দেৰিকৈ উভতিব লগা হৈছিল কামৰ হেঁচাত। তেনেকৈ দেৰিকৈ অকলে উভতা দিন এটাতে মই এক শিঁহৰণকাৰী অভিজ্ঞতাৰ সন্মুখীন হৈছিলোঁ।

টেক্সীত অহা-যোৱা কৰিবলৈ সুচল হ’লেও মই মুম্বাইৰ লোকেল ট্ৰেইনবিলাকত উঠি উপভোগ কৰিছিলোঁ। ভিন্ন মানুহ, ভিন্ন সংগ্ৰামৰ ঠাই সেই ট্ৰেইনবিলাকৰ খিড়িকীৰ কাষৰ চিট এটাত বহি মই প্ৰায়ে ভাৱত ডুব গৈছিলোঁ। সেইখিনি সময়তে প্ৰায়ে ঘৰলৈ নতুবা আত্মীয়-স্বজনলৈ ফোনো কৰিছিলোঁ; সময়খিনিৰো সদুপয়োগ হয়, একাত্ম হৈ কথাও পাতিব পাৰি। সেই ঘটনাটোৰ দিনা মই খাৰঘৰ নামৰ অলপ আওঁহতীয়া ঠাইত অৱস্থিত আমাৰ হস্পিটেলৰ গৱেষণা কেন্দ্ৰটোৰ পৰা চেম্বুৰ অভিমুখী লোকেল ট্ৰেইনত বহিছিলোঁগৈ গধূলি প্ৰায় আঠমান বজাত। সেইদিনাই আগবেলা আমাক ডিব্ৰুগড়ত পঢ়ুওৱা শিক্ষয়িত্ৰী এগৰাকীয়ে মোলৈ ফোন কৰিছিল। ব্যস্ততাৰ বাবে ভালকৈ কথা নাপাতি ফোনটো ৰাখি দিছিলোঁ তেতিয়া, সেয়ে ট্ৰেইনত উঠিয়েই তেওঁলৈ ফোন লগালোঁ। বহুতদিনৰ মূৰত কথা পাতিলোঁ তেওঁৰ স’তে, বহুত কথাই পাতিলোঁ প্ৰায় পোন্ধৰ মিনিটমান সময় ধৰি। ফোনত কথা পাতোঁতে মই খুবেই একাত্ম হৈ পৰোঁ, বাকী কি হৈ আছে চৌদিশে একোৱেই চকুত নপৰে। সেইদিনাও চকুত নপৰিল মই থকা ডবাটোৰ বাকী মহিলা তিনিগৰাকী কেতিয়ানো উঠি নামি গ’ল। কাণতো নপৰিল, নিশ্চয় ঘোষণা কৰিছিল যে সেই ট্ৰেইনখন গন্তব্যস্থানলৈ নগৈ ‘কাৰশ্যেদ’লৈহে যাব। যেতিয়া কোবাল গতিত ভালেমান পৰ ক’তো নোৰোৱাকৈ ট্ৰেইনখন চলিবলৈ ধৰিলে, তেতিয়াহে মোৰ হুঁচ আহিল। ফোনটো কাটি বাহিৰলৈ চালোঁ, একোকে নমনা আন্ধাৰতো মই ধৰিব পাৰিলোঁ যে সাধাৰণতে অহা-যোৱা কৰা ৰাস্তাটো নহয় সেইটো। কি কৰোঁ কি নকৰোঁকৈ শেষত লগৰ কাৰোবাৰ পৰামৰ্শ লওঁ বুলি ভাবোঁতে দেখিলোঁ ফোন ইতিমধ্যে সংযোগসীমাৰ বাহিৰত। তীব্ৰবেগে চলি থকা ট্ৰেইন এখনৰ পৰা জপিয়াই দিয়াৰ সাহস নাছিল মোৰ। অলপদেৰি তেনেকৈয়ে গৈ থকাৰ পিছত ট্ৰেইনখন ৰ’লগৈ। বাহিৰলৈ চালোঁ, ট্ৰেইনখন সোমোৱা ফালটো বাদ দি বাকী কেওফালে টিনপাটৰ বেৰা দিয়া কাৰখানাৰ নিচিনা প্ৰকাণ্ড ঘৰ এটা। পিছত জানিলোঁ, চানপাৰা ৰেইল্ কাৰশ্যেদ আছিল সেয়া, তাতে ট্ৰেইনবোৰ ৰাখি থয় ৰাতিৰ সময়চোৱাত। প্লেটফৰ্ম নাছিল তাত, যেনে তেনে জপিয়াই তললৈ নামিলোঁ। আন এটা ডবাৰ পৰাও দুজন মানুহ নামিল, মোৰ নিচিনাই অসাৱধান হয়তো। আমাক দেখা পাই ঘৰটোৰ সিমূৰৰ পৰা হাতুৰি-বটালি লৈ কাম কৰি থকা আদহীয়া মানুহ এজন আগুৱাই আহিল। জনপ্ৰাণীহীন বিশাল এলেকা এটাত অকলশৰীয়া এজনী ছোৱালী আৰু তিনিজন গজগজীয়া মতা মানুহ। কোনো দূৰ্ঘটনাই অসম্ভৱ নাছিল সেই পৰিস্থিতিত, আনকি হত্যাকাণ্ডও। বাহিৰত একো প্ৰকাশ নকৰিলেও ভিতৰি ভিতৰি তাকে ভাবি কঁপি উঠিছিলোঁ মই। পিছে কোনেও কল্পনা কৰিবও নোৱাৰা ঘটনা এটাহে ঘটিছিল বাস্তৱত। “কি হ’ল বেটী, নতুন নহয়নে মুম্বাইত?” হাতুৰি লৈ থকা মানুহজনে সুধিছিল মোক। মই মূৰ জোকাৰিছিলোঁ, তেতিয়ালৈ মুম্বাইত মোৰ এবছৰ পাৰ হৈ গৈছিল ইতিমধ্যে। “তেনেহ’লে ইমান অসাৱধান কিয়, নাজানা নেকি দেশৰ গতি-মতি কি?” সেয়া মাত্ৰ আৰম্ভণিহে আছিল, তাৰপিছত নিজৰ জীয়েকক হোৱা হ’লে যেনেকৈ কোনোবাই দাবী-ধমকি দিলেহেঁতেন, তেনেকৈ ওৰেটো ৰাস্তা বুজাই-বঢ়াই মোক তেওঁলোকে ১০ মিনিটমানৰ দূৰত থকা মেইন ৰাস্তাত অ’টোত তুলি থৈ গৈছিলগৈ। তেওঁলোকক ভৰিত ধৰি সেৱা কৰিবলৈ মন গৈছিল মোৰ বিদায়ৰ সময়ত। নিদিলে তেওঁলোকে, মোৰ পৰা সেৱাৰ সলনি আগলৈ তেনে ভুল নকৰাৰ প্ৰতিশ্ৰুতিহে আদায় কৰিলে। মানুহকেইজন মাৰাঠী আছিল। মাৰাঠী মানুহবোৰৰ প্ৰতি, সেই বিশাল অন্তৰৰ মানুহবোৰক বুকুত লৈ ফুৰা মুম্বাই মহানগৰীখনিৰ প্ৰতি কৃতজ্ঞতাত গদ্‌গদ্‌ হৈ পৰিছিলোঁ মই সেইদিনা। সেই কৃতজ্ঞতাৰ মাত্ৰা সামান্যতমো কমাব পৰা কোনো অপ্ৰীতিকৰ ঘটনা নঘটিল তাৰপিছত তাত কটোৱা চাৰিটা বছৰতো।

দুয়োটা অভিজ্ঞতাই মোক জোকাৰি থৈ গৈছিল। সেয়ে সেইকেইটা মুহূৰ্ত্তৰ স্মৃতিখিনি জীয়া ছবি একোখন হৈ মনলৈ উৰা মাৰি আহিল সেইদিনা। সেয়ে যোৰহাটৰ ছোৱালীজনীৰ যন্ত্ৰণা মৰ্মে মৰ্মে উপলব্ধি কৰি থকাৰ সময়তে মই এইটোও অনুভৱ কৰিছিলোঁ যে মই লগ পোৱা সেই পোন্ধৰ বছৰীয়া ল’ৰাটোৰ ওপৰত হোৱা শাৰিৰীক তথা মানসিক নিৰ্যাতনখিনিও কোনোগুণে কম নাছিল। আচলতে এচাম লোকৰ বিকৃত মানসিকতাৰ ফল এই নিৰ্যাতনবোৰ। সংখ্যাত কম হ’লেও নাৰীৰ লগতে ভালেমান পুৰুষো হয়তো এনে নিৰ্যাতনৰ বলি হয়। গতিকে এই যুঁজখন পুৰুষৰ বিৰূদ্ধে নাৰীৰ সাৰ্বজনীন যুঁজ হোৱাতকৈ সেই বিকৃত মানসিকতাৰ লোকসকলৰ বিৰূদ্ধে নাৰী-পুৰুষ নিৰ্বিশেষে সমাজৰ প্ৰত্যেকজন সচেতন নাগৰিকৰ যুঁজ হোৱা উচিত।

তদুপৰি ৰাজপথত প্ৰতিবাদী সমদল উলিয়াই কৰা যুঁজে কোনোবাদিনা কিবা নিৰ্যাতনৰ সমস্যা নিৰ্মূল কৰিছে বুলিও মই বিশ্বাস নকৰোঁ। দিল্লীৰ ‘ডামিনী কাণ্ড’ৰ পিছত সমগ্ৰ দেশজুৰি চলা প্ৰতিবাদী সমদলে উত্তাল কৰি তুলিছিল চৌপাশ। মই নাভাবোঁ তাৰ ফলত পৰৱৰ্ত্তী সময়ত নিৰ্যাতনৰ সংখ্যা সামান্যতমো হ্ৰাস পালে বুলি। পুলিচৰ পহৰা তীক্ষ্ন হওক, সকলোৱে হাতত জলকীয়া গুৰি-চুৰি কটাৰি ৰাখক; ভাল কথা। কিন্তু ৰাস্তাই-ঘাটে হোৱা নিৰ্যাতনখিনি সমস্যাৰ হিমবাহটোৰ সমুদ্ৰপৃষ্ঠৰ ওপৰৰ অংশটোহে (tip of the iceberg) মাত্ৰ। সমীক্ষা অনুযায়ী বেছিভাগ নাৰী নিৰ্যাতিত হয় নিজৰ নতুবা নিকট আত্মীয়ৰ ঘৰত, একেবাৰেই চিনাকি কাৰোবাৰ দ্বাৰা। মোৰ মতে এই সমস্যাবিলাকৰ নিৰ্মূল কৰাৰ একমাত্ৰ মাধ্যমটো হৈছে মানসিকতাৰ উৎকৰ্ষ সাধন। মই মুম্বাইৰ কাৰশ্যেদত লগ পোৱা মানুহকেইজনো পুৰুষেই আছিল। কোনো পহৰা নাছিল তেওঁলোকৰ সৈতে মই অকলেই অহা সেই জঁয়াল পথটোত, মোৰ হাততো একো অস্ত্ৰ নাছিল যাৰ ভয়ত মোৰ আঙুলী এটাও স্পৰ্শ নকৰাকৈ তেওঁলোকে মোক সুৰক্ষিত স্থানত থৈ গৈছিল। তেওঁলোক আচলতে একো একোজন মানুহ আছিল। মানৱতাবোধৰ সেই মানসিকতা বহন কৰি থকাজনৰ সন্মুখত কোনো অসুৰক্ষিত নহয়। সমাজৰ প্ৰত্যেকজন নাগৰিকৰ মনত মানৱতাবোধ ৰোপণ কৰাৰ দায়িত্ব প্ৰতিখন ঘৰৰ, প্ৰতিখন স্কুলৰ। জাপানত মই দেখিছোঁ, শিশুসকলক স্কুলৰ প্ৰথম বছৰকেইটাত আখৰ পৰ্যন্ত নিশিকায় বৰঞ্চ খেলা-ধূলাৰ মাজেৰে কেৱল শিষ্টাচাৰ আৰু জীৱনবোধ শিকায়। সেইবোৰ সুক্ষ্ম অথচ আপুৰুগীয়া গুণ গভীৰভাৱে সোমাই পৰে প্ৰতিজন শিশুৰ মন-মগজুত। সেয়ে জাপানত সকলোধৰণৰ অপৰাধৰে সংখ্যা হয়তো তুলনামূলকভাবে কম। সেয়ে মই ভাবোঁ, আমাৰ ঠাইবোৰতো সমাজবিদ-মনোবিজ্ঞানী-শিক্ষাবিদ সকলোৱে আলোচনা কৰি শিক্ষাব্যৱস্থাৰ অলপ সংশোধন ঘটাই ব্যৱহাৰিক শিক্ষা প্ৰদানেৰে (সামাজিক আচৰণবিধি, শিষ্টাচাৰ আদিৰ বিষয়ে) শিশু অৱস্থাতে সিহঁতক চাৰিত্ৰিকভাৱে স্খলিত হ’ব নোৱাৰাকৈ ভৱিষ্যতৰ সুনাগৰিক হিচাপে গঢ়ি তোলক। সমাজৰ পৰা সকলোধৰণৰ বিকৃত মানসিকতা লোপ পাওক আৰু যিকোনো ধৰণৰ নিৰ্যাতনৰ বলি হৈ ৰাজপথত প্ৰতিবাদী সমদল সৃষ্টি হ’ব পৰা পৰিস্থিতিৰেই জন্ম নহওক।
********************

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!