নীতিগত শিক্ষাৰ উৎস: বেদ, মহাকাব্য, মহাপুৰাণ আদি (মিতালী গোস্বামী)

প্ৰস্তাৱনা:

ভাৰতীয় সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। বেদ, মহাকাব্য, পুৰাণ আদিৰ মাজতেই এই সংস্কৃতিৰ মূল নিহিত হৈ আছে। সমন্বয়ৰ এই মহা সংস্কৃতিক আৰু অধিক মহান কৰিছে ইয়াৰ মাজত বৰ্তি থকা সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, মূল্যবোধ আদিৰ নৈতিক শিক্ষাই। প্ৰকৃত মানৱ গঢ়িবলৈ যি আদিপাঠৰ প্ৰয়োজন সেই আদিপাঠ সন্নিৱিষ্ট হৈ আছে প্ৰাচীন ভাৰতীয় গ্ৰন্থসমূহৰ বুকুত। তেন ত্যক্তেন ভূঞ্জীথা মা গৃধঃ কস্যস্বিদ্ধনম্-ঈশাৱাস্যোপনিষদত উল্লেখিত এনে মহান বাণীক সম্বল হিচাপে লৈ ভাৰতীয় সংস্কৃতিৰ জন্ম।[] ত্যাগৰ মাজেদিহে কৰ্মসম্পাদন কৰা উচিত; পৰধন অথবা অন্যৰ সম্পদলৈ আকাঙ্ক্ষা কৰা অনুচিত। কাৰণ দৃশ্যমান জগতৰ সকলো বস্তু ঈশ্বৰ অথবা ব্ৰহ্মৰদ্বাৰা পৰিব্যাপ্ত। মায়াৰ প্ৰভাৱত জীৱমাত্ৰৰে ভিন্নতা পৰিদৃষ্ট হ’লেও প্ৰকৃত সত্য কিন্তু এটাই, জীৱব্ৰহ্মণয়োৰভেদঃ— জীৱ আৰু ব্ৰহ্ম ভেদহীন। গতিকে সমাজৰ প্ৰগতিত হেঙাৰ সৃষ্টি নকৰাকৈ এনে মহান সত্যজ্ঞানেৰে উদ্বুদ্ধ হৈ সহজ-সৰল উপায়েৰে, শুদ্ধপথেৰে জীৱন-যাপন কৰি ব্ৰহ্মৰ দিশলৈ আগুৱাই যোৱাটোৱেই প্ৰত্যেক ব্যক্তিৰ জীৱনৰ লক্ষ্য হোৱা উচিত। এই সত্যসম্পৰ্কে অৱগত হোৱাজনে অন্যক ভাল পাবলৈ, শ্ৰদ্ধা কৰিবলৈ তথা বিদ্বেষহীন হৈ সহানুভূতি, ত্যাগ আদিৰ মাজেৰে জীয়াই থাকিবলৈ সক্ষম হয়। সকলোতে একে আত্মাৰ অনুভৱৰদ্বাৰা ব্যক্তিবিশেষৰ আদৰ্শ মহান হয়। ভাৰতীয় চিন্তা তথা দৰ্শন এনে মহান আদৰ্শৰ সমষ্টি। এই দেশৰ সংস্কৃতিত নিহিত আছে অন্যৰ প্ৰতি শ্ৰদ্ধা, মৰম, ভালপোৱা তথা ত্যাগৰ ভাৱ। ত্যাগৰ মাজেদি ভোগ এয়াই হৈছে ভাৰতীয় সংস্কৃতিৰ মূলমন্ত্ৰ। নিজৰ বস্তু এবিধ অন্যক দি দিয়াটোৱেই কেৱল ত্যাগক নুবুজায়। ত্যাগ হৈছে নিজৰ অহং ভাৱৰ পৰিত্যাগ; লোভ, মোহ আদিৰ পৰিত্যাগ। অয়মাত্মা ব্ৰহ্মঃ, প্ৰজ্ঞানং ব্ৰহ্মঃ আদি ভাৰতীয় দৰ্শনৰ মহাসত্যসমূহ উপলব্ধি কৰাজনে ভাৰতীয় সংস্কৃতিৰ এনে মহান অৰ্থ অতি সহজে অনুধাৱন কৰিবলৈ সক্ষম হয়।

 

সমাজখনত বসবাস কৰা প্ৰত্যেকজন লোকে সমাজৰ প্ৰগতিৰ অৰ্থে নৈতিক দিশটোৰ সতে জড়িত কিছুসংখ্যক নীতি-নিয়ম পালন কৰে। এনে নীতি-নিয়মসমূহৰ নিৰ্দ্ধাৰক সমাজখন নিজে। কিছুমান বিষয়ক উচিত বুলি সমৰ্থন কৰি সমাজৰ ফালৰপৰা আদৰি লোৱা হয়; আৰু অন্য কিছুমানক অনুচিত বুলি গণ্য কৰি নিন্দা কৰা হয় অথবা দলিয়াই পেলোৱা হয়। নৈতিক শিক্ষা মানৱীয় আচাৰ-ব্যৱহাৰৰ সতে জড়িত এনে এটা দিশ যাৰ দ্বাৰা সমাজৰ বাবে উপকাৰী বিষয়সমূহক উচিত বুলি গ্ৰহণ কৰিবলৈ তথা অদৰকাৰী আৰু অনিষ্টকাৰী বিষয়বোৰক অনুচিত বুলি আঁতৰাই পেলোৱাৰ জ্ঞানপ্ৰদান কৰা হয়। স্খলিত তথা পতিত সমাজ এখনক তুলি ধৰিবলৈ এনে শিক্ষা বিশেষভাৱে প্ৰয়োজনীয়।

 

চতুৰ্বেদ, ৰামায়ণ, মহাভাৰত, ওঠৰ পুৰাণ আদিয়ে প্ৰাচীন কালৰপৰাই ভাৰতভূমিত নৈতিক শিক্ষাপ্ৰদানত গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়াইছে। পঞ্চতন্ত্ৰ, হিতোপদেশ, নীতিশতক, নীতিমঞ্জৰী, অৰ্থশাস্ত্ৰ আদিৰ পাতত সন্নিৱিষ্ট হৈছে নৈতিকতাৰ জ্ঞান। অভিজ্ঞানশাকুন্তলম্, কিৰাতাৰ্জুনীয়ম্, মেঘদূতম্আদি প্ৰায়বোৰ প্ৰসিদ্ধ গ্ৰন্থইও বহন কৰিছে নৈতিকতাৰ পাঠ। এক অৰ্থত ক’বলৈ গ’লে সমগ্ৰ সংস্কৃত সাহিত্যতে নিহিত হৈ আছে এনে গভীৰ উপলব্ধি যিয়ে প্ৰকৃত মানৱ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

 

বেদৰ পাতত নৈতিক শিক্ষাৰ উন্মেষ:

প্ৰাচীন ভাৰতীয় সমাজ-সংস্কৃতি তথা বুৰঞ্জীক সজীৱ ৰূপত বৰ্তমানৰ সমাজৰ আগত উদঙাই দিয়া গ্ৰন্থৰাজিয়েই হৈছে বেদ। বেদ এখন মাত্ৰ গ্ৰন্থ নহয়; ই গ্ৰন্থসমষ্টিৰ বিপৰীতে ব্যৱহাৰ কৰা এটা শব্দ যাৰ অৰ্থ হৈছে জ্ঞান। ইয়াৰ বুকুত নিহিত হৈ আছে প্ৰতিবিধ জ্ঞানৰ উৎস— বিজ্ঞান, চিত্ৰকলা, সঙ্গীত, শিল্প, চিকিৎসা বিজ্ঞান আদি। নীতিগত শিক্ষাৰ আদিতম পাঠ বৈদিক সাহিত্যৰ মাজতেই আছে। ঋক্, যজুঃ, সাম, অথৰ্ব— এই চাৰি সংহিতা আৰু এইসমূহৰ ব্ৰাহ্মণ, আৰণ্যক, উপনিষদ তথা বেদাঙ্গসমূহৰ সমষ্টিক লৈয়েই বৈদিক সাহিত্য গঠিত।

 

প্ৰকৃতি পূজনৰ মাজতেই বেদৰ জন্ম বুলি ক’লে হয়তো ভুল কোৱা নহ’ব। আদিতম গ্ৰন্থ ঋগ্বেদ। এই বেদত সন্নিৱিষ্ট মন্ত্ৰসমূহ দৰাচলতে বিভিন্ন প্ৰাকৃতিক পৰিঘটনাৰ প্ৰতি লক্ষ্য কৰি প্ৰাকৃতিক শক্তিসমূহৰ সন্তুষ্টিবিধানৰ অৰ্থে ঋষিসকলে অৱতাৰণা কৰা প্ৰশংসাবচন। এই প্ৰশংসাবচনত শক্তিসমূহক দেৱতা আখ্যা প্ৰদানেৰে দেৱত্ব তথা বিভিন্ন মানৱীয় ৰূপত নিৱদ্ধ কৰি মানৱত্ব প্ৰদান কৰা হৈছে। অগ্নি, বায়ু, ইন্দ্ৰ, সূৰ্য, মিত্ৰ, বৰুণ আদি হৈছে বৈদিক দেৱতা। অগ্নি মানেই পাৰ্থিৱ অগ্নি, ইন্দ্ৰ হৈছে বৰষুণ। বায়ু আৰু সূৰ্যও তেনেদৰে আমি বাস্তৱত ঢুকি পোৱা বায়ু আৰু সূৰ্যহে। তেওঁলোকৰপৰা শক্তি, বল-বিক্ৰম, বিজয়, সন্তান, ধন, ধান্য আদি কামনাৰে ঋষিসকলে যি প্ৰাৰ্থনা জনাইছিল সিয়েই কালক্ৰমত মন্ত্ৰৰূপে পৰিগণিত হ’ল। মন্ত্ৰঃ মননাৎ এই নিৰুক্তিৰে ‘মন্ত্ৰ’ শব্দৰ উৎপত্তি।[২]

 

বেদকালীন মানৱৰ সৰলতাৰ প্ৰকাশেই হৈছে বৈদিক মন্ত্ৰসমূহ। এইসমূহৰপৰা এটা দিশ উন্মোচিত হয় যে যি শক্তিত তেওঁলোকে দেৱত্ব প্ৰদান কৰিছিল সেই শক্তিয়েই তেওঁলোকক শাসন তথা উচিত পথত পৰিচালিত কৰিছিল বুলি তেওঁলোকে বিশ্বাস কৰিছিল। ‘বৰুণ’ হৈছে অন্যতম বৈদিক দেৱতা যিগৰাকীক নৈতিকতাৰ দিশটোৰ সতে প্ৰায়েই সাঙোৰা হয়। বৰুণদেৱে পাপীসকলক নিজৰ পাশেৰে পাশবদ্ধ কৰি শাস্তিপ্ৰদান কৰে— এয়াই বৈদিক মানৱৰ সৰল বিশ্বাস।[৩] অথৰ্ববেদত বৰুণ দেৱতাৰ স্তুতিৰে নৈতিকতাৰ শিক্ষা দিয়া দেখা যায়। কুকৰ্মকাৰীসকলক বৰুণে পাপ অনুসাৰে শাস্তিপ্ৰদান কৰে। বৰুণৰ স্তুতি অথৰ্ববেদত পোৱা গৈছে এইদৰে— হে বৰুণ, তোমাৰ, (উত্তম, মধ্যম, অধম) যি পাশ সাতোটি সাতোটিকৈ (পাপীবিলাকক বান্ধিবলৈ) পাতি থোৱা আছে; সেই পাশে মিছলীয়াবিলাকক ছিন্ন কৰক আৰু যিসকল সত্যবাদী, তেওঁলোকক মুক্ত কৰি দিয়ক।। হে বৰুণ, তোমাৰ শতসংখ্যক পাশেৰে এই অসত্যবাদীক বান্ধি থোৱাঁ। মানুহৰ সাধু-অসাধু চৰিত্ৰ দেখি থকা হে বৰুণদেৱ, মিছা কথা কোৱা কোনো লোক যেন তোমাৰপৰা সাৰি যাব নোৱাৰে। তেনে লোকৰ পেট জলোদৰ ৰোগৰদ্বাৰা নষ্ট হৈ তৰোৱালৰ খাপৰ নিচিনাকৈ বন্ধনৰহিত হৈ সৰি পৰক।। (অথৰ্ববেদ, ৪/১৬/৬,৭) পাপৰপৰা মুক্ত কৰি পুণ্যৰ দিশে আগবঢ়াই নিবলৈ জনতাই বেদোক্ত মন্ত্ৰৰ জৰিয়তে বাৰংবাৰ বৰুণ তথা মিত্ৰদেৱক প্ৰাৰ্থনা জনাইছে।[৪] শতপথব্ৰাহ্মণ আদিতো নীতিদাতাৰ ৰূপত বৰুণৰ স্তুতি কৰা হৈছে।[৫] বেদত কেৱল যে বৰুণ অথবা মিত্ৰকে নৈতিক দিশটোৰ লগত সাঙোৰা হৈছে তেনে নহয়; প্ৰায়বোৰ বৈদিক দেৱতাই কম-বেছি পৰিমাণে অন্যায়ৰ বিৰোধিতা কৰি ন্যায়ৰ পক্ষত থিয় দিয়া দেখা গৈছে। প্ৰখ্যাত অক্ষসূক্ত(ঋগ্বেদ,১০/৩৪)ত পাশাখেল পৰিত্যাগ কৰি কৃষিকৰ্মত নিহিত হ’বলৈ জুৱাৰীজনক নিৰ্দেশ দিয়া হৈছে। পত্নী, মাতৃ আদিৰ প্ৰতি তেওঁ কৰা অৱজ্ঞাৰদ্বাৰা নৈতিকতাৰ উলঙ্ঘন হৈছে। সেয়ে সূক্তটোৰ মাজেৰে জুৱাৰীজনক নিজৰ কৰ্তব্য তথা দায়িত্বৰ প্ৰতি সচেতন কৰাৰ চেষ্টা কৰা হৈছে। পাশাৰ দৰে ক্ৰীড়াই কিদৰে মানুহৰ ঘৰ-সংসাৰ বিনষ্ট কৰে তাকো বুজাবলৈ চেষ্টা কৰা হৈছে। আকৌ বিবাহসূক্ত(১০/৮৫/৪৬)ত স্বামীগৃহত আচৰিবলগীয়া কৰ্মসমূহৰ জ্ঞানদানেৰে সম্ৰাজ্ঞী শ্বশুৰে ভৱ সম্ৰাজ্ঞী শ্বশ্ৰ্বাং ভৱ। ননন্দৰি সম্ৰাজ্ঞী ভৱ সম্ৰাজ্ঞী অধি দেৱৃষু।। এনে মন্ত্ৰোচ্চাৰণেৰে নৱবিবাহিতাক স্বামীগৃহত সম্ৰাজ্ঞী হোৱাৰ যি আশীৰ্বাদ দিয়া হৈছে তাৰ মাজতো সমাহিত হৈছে নৈতিকতাৰ পাঠ। বোৱাৰীগৰাকীৰ যিবোৰ কামে নতুন ঘৰখনত তেওঁক সম্ৰাজ্ঞীৰূপে থিয় কৰাব তাৰ শিক্ষা দিয়া হৈছে। ইয়াৰোপৰি সংবাদসূক্তসমূহৰ কক্ষীৱৎ-স্বনয় সংবাদ (ঋগ্বেদ,১/১২৫), যম-যমী সংবাদ (ঋগ্বেদ,১০/১০), পুৰুৰৱা-উৰ্ৱশী সংবাদ (ঋগ্বেদ,১০/৯৫), সৰমা-পণি সংবাদ (ঋগ্বেদ,১০/১০৮) আদিৰ মাজত পোৱা যায় ত্যাগ, একতা, সত্যবাদিতা, প্ৰতিশ্ৰুতিপালন, সমাজৰদ্বাৰা সমাদৃত নীতিৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ শিক্ষা। ভ্ৰাতৃত্ববোধৰ মহান শিক্ষা দিছে ঋগ্বেদৰ অন্তিম সূক্ত সংজ্ঞানসূক্তই— ওঁ সংগচ্ছধ্বং সংৱদধ্বং সং ৱো মনাংসি জানতাম্… আদি। এনে মন্ত্ৰৰ গূঢ়াৰ্থ অতি মহান। ইয়াৰোপৰি দানসূক্তসমূ্হ, ভিক্ষুসুক্ত আদিতো আছে নীতিগত বিষয়ৰ পাঠ।

 

উপনিষদসমূহেও নীতিগত শিক্ষাপ্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। বৈদিক সাহিত্যশ্ৰেণীৰ অন্যতম এই ৰচনাৰাজিত জিলিকি ৰৈছে বেদকালীন সমাজত প্ৰচলিত শিক্ষা-দীক্ষাৰ দলিল। শিক্ষাপ্ৰদানৰ আগমূহুৰ্তত উচ্চাৰণ কৰা শান্তিমন্ত্ৰসমূহত আছে নৈতিকতাৰ পাঠ। ওঁ ভদ্ৰং কৰ্ণেভিঃ শৃণুয়াম দেৱা..[৬] এনেধৰণৰ মন্ত্ৰসমূহৰ মাজেৰে সৎ বস্তু দৰ্শন, শ্ৰৱণৰ যি আকূতি ফুটি উঠিছে সিয়েই প্ৰমাণ কৰে ভাল বস্তু বা বিষয়ৰ প্ৰতি সন্মানৰ মনোভাৱ। আকৌ ওঁ সহ নাৱৱতু, সহ নৌ ভুনক্তু…[৭] আদিৰ মাজত নিহিত হৈ আছে ভ্ৰাতৃত্ববোধৰ শিক্ষা। ইয়াৰোপৰি তৈত্তিৰীয়োপনিষদৰ শিক্ষাবল্লীৰ গুৰু শিষ্যৰ কথোপকথনৰ মাজত আছে অনুশাসনৰ শিক্ষা— সত্যং বদ (সঁচা কথা ক’বা), ধৰ্মং চৰ (ধৰ্ম আচৰিবা), মাতৃদেৱো ভৱ (মাতৃক দেৱতা জ্ঞান কৰিবা), পিতৃদেৱো ভৱ (পিতৃক দেৱতা জ্ঞান কৰিবা), আচাৰ্যদেৱো ভৱ (গুৰুক দেৱতা জ্ঞান কৰিবা), অতিথিদেৱো ভৱ (অতিথিক দেৱতা জ্ঞান কৰিবা) আদি। এনেবোৰ নীতিবিষয়ক শিক্ষাপ্ৰদানেৰে ব্যক্তি এজনক সন্মানেৰে জীৱন যাপনৰ শিক্ষা দিয়া হৈছে। আচাৰ্যই ছাত্ৰক আৰু এক মহান উপদেশ দিয়া দেখা গৈছে— যানি অনৱদ্যানি কৰ্মাণি তানি সেৱিতব্যানি, ন ইতৰাণি।[৮] যি কৰ্ম নিন্দনীয় নহয় তেনে কৰ্ম আচৰণৰ আদেশহে গুৰুৱে শিষ্যক দিছে। যেতিয়াই নিন্দনীয় কৰ্ম কৰিবলৈ মানুহে কুণ্ঠাবোধ নকৰা অৱস্থা এটাৰ সৃষ্টি হয়, তেতিয়াই নৈতিকতাৰ পথৰপৰা মানুহ বিচলিত হোৱা দেখা যায় আৰু সামাজিক অৱক্ষয়ৰ সূচনা হয়। ইয়াৰপৰা ব্যক্তিৰ লগতে সমাজ-জীৱনৰ ক্ষতিসাধন হয়। ছান্দোগ্য উপনিষদৰ জাবালোপাখ্যান, শ্বেতকেতোপাখ্যান আদিৰ মন্ত্ৰৰাজিৰ মাজতো ঠায়ে ঠায়ে বিচাৰি পোৱা যায় নৈতিকতাৰ পাঠ।

 

নৈতিকতাৰ পথাৰখনত বিশেষভাৱে অৱদান যোগোৱা ৰচনাৰাজি হ’ল সূত্ৰসাহিত্য, স্মৃতিসাহিত্য আদি। গৌতমসূত্ৰ, নাৰদস্মৃতি, যাজ্ঞৱল্ক্যস্মৃতি, মনুস্মৃতি আদি প্ৰায়বোৰতেই ধৰ্মসম্পৰ্কে বিস্তৰভাৱে আলোচনা কৰি নৈতিকতা, মানৱতা আদিৰ শিক্ষা দিয়া হৈছে। সূত্ৰ-স্মৃতিজাতীয় প্ৰায়বোৰ ৰচনাৰাজিতে অৱশ্যে একেধৰণৰ বিষয়েই আলোচিত হৈছে। মনুসংহিতাৰ আধাৰত এইবিষয়ত কিছু আলোকপাত কৰা হ’ল। অভিবাদনশীলস্য নিত্যং ৱৃদ্ধোপসেৱিনঃ। চত্বাৰি সম্প্ৰৱৰ্ধন্তে আয়ুৰ্ৱিদ্যা যশো ৱলম্।।[৯] ইয়াত বালকক বৃদ্ধৰ প্ৰতি প্ৰণাম তথা সেৱা শুশ্ৰূষা জনোৱাৰ উপদেশ দিয়া হৈছে। ইয়াৰ ফলত বালকৰ আয়ু, বিদ্যা, যশ আৰু বল বৃদ্ধি পায়। সত্যং ব্ৰুয়াৎ প্ৰিয়ং ব্ৰুয়াৎ…[১০] আদিৰে সত্য কথা কোৱাৰ উপদেশ দিয়া হৈছে। আকৌ অধাৰ্মিকক তীব্ৰ ককৰ্থনা কৰা হৈছে এনে শ্লোকৰ মাজেৰে— অধাৰ্মিকো নৰো যো হি যস্য চাপ্যনৃতং ধনম্। হিংসাৰতশ্চ যো নিত্যং নেহাংসৌ সুখমেধতে।। (মনুসংহিতা,৪/১৭০) অৰ্থাৎ, যিজন অধাৰ্মিক, মিথ্যা ভাষণেই যাৰ (একমাত্ৰ) ধন, যি পৰপীড়নত তৎপৰ, সেইজন লোক ইহলোকত (কেতিয়াও) সুখী হ’ব নোৱাৰে। দানৰ অৱতাৰণাৰে ত্যাগৰ বাবে মনুসংহিতাত উদ্গনি জনোৱা হৈছে।[১১] আকৌ হিংসাৰ পথ পৰিত্যাগ কৰি অহিংস নীতি গ্ৰহণৰ উপদেশ দিয়া হৈছে। চৰাচৰ জগতত (বধ্যাদি) যিবোৰ হিংসা বেদবিহিত, সেইবোৰক হিংসা বুলি ধৰিব লাগে।[১২] হিংসা নকৰাজনে যিহকে ধ্যান কৰে, যি কাৰ্য্য কৰে আৰু যিহতে মনোনিৱেশ কৰে সেয়াই অনায়াসে লাভ কৰে বুলি মনুসংহিতাত উল্লেখ কৰা হৈছে। মনুসংহিতা অথবা অন্যান্য সূত্ৰ তথা স্মৃতিত উপলব্ধ হোৱা এনেধৰণৰ প্ৰায়বোৰ জ্ঞানগৰ্ভ পাঠেই হৈছে নৈতিকতাৰ পাঠ। ইয়াৰোপৰি ৰাজ্যশাসন সম্পৰ্কীয় অনেক উপদেশ, নাৰী-পুৰুষৰ ধৰ্মবিষয়ক অনেক জ্ঞান ধৰ্মশাস্ত্ৰসমূহৰ শ্লোকসমূহৰ মাজেৰে দিয়া হৈছে।

 

মহাভাৰত-ৰামায়ণৰ পাতত উচ্চাৰিত দান, ধৰ্ম আদি:

মহাকাব্য মহাভাৰত আৰু ৰামায়ণৰ পাততো সন্নিৱিষ্ট হৈছে নৈতিকতাৰ পাঠ। বিশ্বমানৱক নৈতিকতাৰ জ্ঞান দিবলৈ এই গ্ৰন্থসমূহৰ মাজেৰেও যৎপৰোনাস্তি চেষ্টা চলোৱা হৈছে। মহাভাৰতৰ শান্তিপৰ্ব এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখনীয়।

 

ধৰ্ম অবিহনে সমাজ তথা জাতি এটাৰ কোনো অস্তিত্ব নাথাকে। ধৰ্মই সমাজখন ৰক্ষা কৰে। মহাভাৰতত ধৰ্মসম্পৰ্কে কোৱা হৈছে এইদৰে, ধাৰণাদ্ধৰ্মমিত্যাহু ধৰ্মেণ বিধৃতঃ প্ৰজাঃ।[১৩] যিয়ে ধাৰণ কৰে তাকেই ধৰ্ম বুলি কোৱা হয়; ধৰ্মৰদ্বাৰা প্ৰজাসকলক ধৰি ৰখা হয়। অৰ্থাৎ সমাজ বা ব্যক্তিৰ বাবে যি ভাল বা যিটো উচিত বুলি গণ্য কৰা হয় সেয়াই হৈছে ধৰ্ম। তেনে ধৰ্মই সমাজখন ধৰি ৰাখে; ব্যক্তিক অনুচিত কৰ্মৰপৰা বিৰত কৰে। ব্যক্তিয়েই হৈছে সমাজখনৰ প্ৰথম প্ৰয়োজন। মহাভাৰতৰ ভাষাত মানৱৰ পৰম ধৰ্ম হৈছে অহিংসা। মহাভাৰতত কোৱা হৈছে— অহিংসা পৰমো ধৰ্মঃ।[১৪] অহিংসা সৰ্বোত্তম নৈতিক আদৰ্শ, সৰ্বোচ্চ আত্ম-নিয়ন্ত্ৰণ তথা ঈশ্বৰপ্ৰদত্ত সৰ্ববৃহৎ উপহাৰ। ইয়াৰ বলতেই মানুহ সহনশীল হয়, ক্ষমাশীল হয়। মানুহক ভালপোৱা তথা মৰম দিবলৈ, ত্যাগৰ উপৰিও সমানতাৰ চকুৰে চাবলৈ অহিংসাই শিকায়। মুঠৰ ওপৰত সকলোধৰণৰ ব্যক্তিকেন্দ্ৰিক তথা সামাজিক প্ৰগতিত অহিংসনীতিয়ে অৱদান যোগোৱা দেখা যায়। ব্যক্তিবিশেষৰ বাবে এনে বিভূতি অবিহনে সমাজত সুস্থ সমযোজন কৰা অসম্ভৱ। ইয়াৰ উপৰিও অতিথিপালন, ৰাজ্যশাসন আদিৰ লগত জড়িত বিভিন্ন নৈতিক পাঠ মহাভাৰতৰ পাতত আছে।

 

নীতিগত জ্ঞান আগবঢ়োৱাত ৰামায়ণো পাছ পৰি ৰোৱা নাই। ৰামচন্দ্ৰৰ পিতৃভক্তি, লক্ষ্মণ-কুম্ভকৰ্ণৰ ভ্ৰাতৃৰ প্ৰতি স্নেহ, শ্ৰদ্ধা, সমীহ আদি, ভৰতৰ আনুগত্য, হনুমানৰ প্ৰভূভক্তি, সীতাৰ স্বামীভক্তি, বিভীষণৰ অন্যায় প্ৰতিবাদৰ সৎসাহ আদিয়ে দাঙি ধৰে নৈতিকতাৰ মহান আদৰ্শ। ৰামায়ণৰ মহান শ্লোক অপি স্বৰ্ণময়ী লঙ্কা ন মে লক্ষ্মণঃ ৰোচতে। জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰিয়সী অতিকৈ প্ৰসিদ্ধ। জননী আৰু জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ— লোভহীনতাৰ ইয়াতকৈ ডাঙৰ দৃষ্টান্ত আৰু কি হ’ব পাৰে! এনেধৰণৰ অনেক নীতিগত জ্ঞানেৰে সমৃদ্ধ হৈ আছে আদিকাব্যৰূপে পৰিচিত ৰামায়ণকাব্য।

 

মহাপুৰাণৰ পাতত নৈতিকতা:

প্ৰাচীন ভাৰতৰ সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি বুৰঞ্জী বাস্তৱ প্ৰেক্ষাপটত দাঙি ধৰাত মহাপুৰাণসমূহে বিশেষ ভূমিকা লয়। মহাপুৰাণক পঞ্চম বেদ বুলি কোৱা হয়। ইয়াৰ সংখ্যা ওঠৰখন— ব্ৰহ্ম, পদ্ম, বিষ্ণু, শিৱ বা ৱায়ৱীয়, ভাগৱত, নাৰদীয়, মাৰ্কণ্ডেয়, অগ্নি, ভৱিষ্য অথবা ভৱিষ্যত, ব্ৰহ্মবৈৱৰ্ত, লিঙ্গ, বৰাহ, স্কন্দ, ৱামন, কুৰ্ম, মৎস্য, গৰুড় আৰু ব্ৰহ্মাণ্ডপুৰাণ। নৈতিকতাৰ জ্ঞান দিয়াৰ স্বাৰ্থত এইশ্ৰেণী ৰচনাৰাজিৰ সৃষ্টি কৰা হোৱা নাই যদিও ঠায়ে ঠায়ে উন্মোচিত হৈছে নৈতিকতাৰ পাঠ। ধৰ্মবিষয়ক আলোচনা, বৰ্ণধৰ্ম, আশ্ৰমধৰ্ম আদিয়ে মহাপুৰাণসমূহত বিশেষভাৱে স্থান পাইছে। ইয়াৰোপৰি দেৱ-দেৱীবিষয়ক আলোচনা এইশ্ৰেণীৰ ৰচনাৰাজিৰ প্ৰধান বৈশিষ্ট্য।

 

মহাপুৰাণৰ পাতত নৈতিকতাৰ সন্ধান কৰিবলৈ হ’লে এইসমূহত আলোচিত দান, ধৰ্ম, আচাৰ-ব্যৱহাৰ, সদাচাৰ আদি বিষয়ক আলোচনাসমূহলৈ দৃষ্টি দিবলগীয়া হয়। ষষ্ঠৰিপু তথা অহংকাৰ, দম্ভ আদি দমনৰ উপদেশে প্ৰায়বোৰ মহাপুৰাণতে বিশেষ স্থান লাভ কৰিছে।[১৫] আটাইকে সমানতাৰ চকুৰে চোৱাৰ পাঠ পুৰাণৰ পৃষ্ঠাত আছে। অতিথিৰ্যস্য ভগ্নাশো গৃহাৎ প্ৰতিনিৱৰ্ততে। স দত্বা দুষ্কৃতং তস্মৈ পুণ্যমাদায় গচ্ছতি —এয়াই হৈছে অতিথিসেৱাৰ মহান উপদেশ।[১৬] ‘নৰসেৱা নাৰায়ণ সেৱা’ এনে বাণী প্ৰায়বোৰ ভাৰতীয়ৰ মুখে মুখে শুনা যায়। মহাপুৰাণে কৈছে, অতিথি যিগৰাকী গৃহস্থৰ ঘৰৰপৰা ভগ্ন হৃদয় লৈ উভতিবলগীয়া হয়, তেওঁক নিজৰ দুষ্কৃত কৰ্মৰ ফল দান কৰি তেওঁৰপৰা আৰ্জিত পুণ্য লগত লৈ যায়। অতিথিসেৱাৰ মহান নৈতিক আদৰ্শৰ শিক্ষা এইকেইটা শব্দৰ মাজতেই সমাহিত হৈ আছে। এনেধৰণৰ নৈতিক উপদেশমূলক আদৰ্শই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। দানসম্পৰ্কীয় আলোচনাই অতি সুন্দৰৰূপত পুৰাণৰ পাতত ঠাই পাইছে। মৎস্যপুৰাণত ৰাজধৰ্মবিষয়ক আলোচনাৰ মাজতে কোৱা হৈছে— সৰ্ৱেষামপ্যুপায়ানাং দানং শ্ৰেষ্ঠতমং মতম্।[১৭] সকলোধৰণৰ উপায়ৰ ভিতৰতে দান হৈছে শ্ৰেষ্ঠ। দানেই প্ৰজাক জীয়াই ৰাখে। ষোল্লবিধ মহাদানৰ কথাও এই পুৰাণৰ পাতত আলোচিত হৈছে। অন্যান্য পুৰাণসমূহতো এইবোৰ বিষয়ৰ ওপৰত বিস্তৃত আলোচনা পোৱা যায়।

 

উপসংহাৰ:

বেদ, মহাকাব্য, মহাপুৰাণসমূহৰ পাতত এনেদৰেই উচ্চাৰিত হৈছে নৈতিকতাৰ পাঠ। বিষ্ণুশৰ্মাৰদ্বাৰা ৰচিত পঞ্চতন্ত্ৰ, নাৰায়ণৰ হিতোপদেশ, কৌটিল্যৰ অৰ্থশাস্ত্ৰ আদিৰ সৃষ্টিও হৈছে বিভিন্ন প্ৰকাৰৰ জ্ঞানপ্ৰদানৰ অৰ্থে। নীতিশতক, নীতিমঞ্জৰী আদি গ্ৰন্থসমূহৰ নামৰ মাজতেই সোমাই আছে তাৰ বিষয়বস্তুৰ পৰিসৰ। অভিজ্ঞানশাকুন্তলম্, কিৰাতাৰ্জুনীয়ম্, মেঘদূতম্ আদি প্ৰায়বোৰ গ্ৰন্থৰদ্বাৰাও নীতিবিষয়ক শিক্ষাদানৰ প্ৰয়াস কৰা দেখা গৈছে। অভিজ্ঞানশাকুন্তলম্! ভাৰতীয় আদৰ্শৰ উলংঘনেই হৈছে শকুন্তলাই জীৱনত লাভ কৰা ঘাত-প্ৰতিঘাত আৰু সংঘাতৰ কাৰণ। দুষ্যন্তৰজাৰ সতে ব্যস্ত শকুন্তলাই অতিথি দুৰ্বাসাৰ প্ৰতি কৰা অৱজ্ঞাৰ ফলতেই নাটকখনিৰ সমগ্ৰ ঘটনাৰাজিৰ সৃষ্টি। আকৌ মেঘদূতম্সৃষ্টিৰ কাৰণ ইন্দ্ৰিয়দমনত অসমৰ্থ যক্ষৰ নিজ কৰ্তব্যৰ প্ৰতি অৱহেলা। কিৰাতাৰ্জুনীয়মৰ বাক্যবোৰেও ঠায়ে ঠায়ে নীতিগত বিষয়ৰ অৱতাৰণাৰে নৈতিকতাৰ শিক্ষাপ্ৰদানত অৰিহণা যোগাইছে।

 

প্ৰকৃততে, সমগ্ৰ সংস্কৃত সাহিত্য হৈছে এক বৃহৎ কমাৰশাল যিয়ে নৈতিকতাৰ ফালেদি আঢ্যৱন্ত মানৱ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বৰ্তমানৰ সমাজখন অৱক্ষয়ৰ গৰাহত পৰিছে। সমাজৰ এনে অৱক্ষয়ৰ প্ৰধান কাৰণ হৈছে মানুহৰ মাজত থাকিবলগীয়া নৈতিকতাৰ অভাৱ। নীতিগত জ্ঞানেৰে ব্যক্তিসত্বাক সম্পদৱান কৰিব পাৰিলেহে ভাৰতীয় সমাজ তথা সু-উচ্চ ভাৰতীয় সংস্কৃতিৰ মান ৰক্ষা হ’ব, অস্তিত্ব সংৰক্ষিত হ’ব। দান, ধৰ্ম, অহিংসাৰ জ্ঞান অবিহনে পশু আৰু মানৱৰ কোনো বিভেদ নাই; ভাৰতীয় সমাজ আৰু সংস্কৃতিৰো কোনো স্থিতি নাই। সমাজখন সসম্মানে মূৰ তুলি জীয়াই থাকিবলৈ হ’লে নীতিবিষয়ক জ্ঞানৰ প্ৰয়োজন নুই কৰিব নোৱাৰি। আৰু এনে প্ৰয়োজন পূৰণেৰে সুসংস্কৃত তথা সভ্য মানু্হৰ সমাজ এখন গঢ়িবলৈ প্ৰাচীন ভাৰতীয় সাহিত্যহে সক্ষম। প্ৰাচীন ভাৰতীয় সাহিত্য মানে হৈছে বেদ, মহাকাব্য, মহাপুৰাণ আদি। বেদ, মহাকাব্য তথা মহাপুৰাণসমূহৰ মাজতেই মূলতঃ নিহিত হৈ আছে নৈতিকতাৰ বিশুদ্ধ পাঠ যিয়ে সুস্থ সমাজ এখনৰ গঢ় দিব পাৰে।

 

পাদটীকা:

[] ঈশাৱাস্যোপনিষদ্, ১

[২] নিৰুক্ত, ৭/১২

[৩] ঋগ্বেদসংহিতা, ১/২৪/১৫; ১/২৫/২১; ৬/৭৪/৪; ১০/৮৫/২৪ ইত্যাদি

[৪] ঋগ্বেদসংহিতা, ২/২৮/৫; ৫/৮৫/৭,৮; অথৰ্ববেদ, ৪/২৯/৪; ৬/৯৭/২ ইত্যাদি।

[৫] শতপথ ব্ৰাহ্মণ, ১১/৬/১

[৬] শান্তিপাঠ, প্ৰশ্নোপনিষদ, মুণ্ডকোপনিষদ, মাণ্ডুক্যোপনিষদ

[৭] শান্তিপাঠ, কঠোপনিষদ

[৮] তৈত্তিৰীয়োপনিষদ,১/১১/২

[৯] মনুসংহিতা,২/১২১

[১০] তত্ৰৈৱ, ৪/১৩৮

[১১] তত্ৰৈৱ, ৪/২২৫-২৩৫

[১২] তত্ৰৈৰ, ৫/৪৪

[১৩] মহাভাৰত, ১২/১০৯/১১

[১৪] তত্ৰৈৱ, ১৩/১১৫/১

[১৫] মাৰ্কণ্ডেয় পুৰাণ, ২৪/১৫,১৬; ২৫/৩২, বিষ্ণুপুৰাণ, ৩/৯/১৬ ইত্যাদি

[১৬] বিষ্ণুপুৰাণ, ৩/৯/১৫; মাৰ্কণ্ডেয় পুৰাণ, ২৬/৩৩

[১৭] মৎস্যপুৰাণ,২২৪/১

 

সন্দৰ্ভগ্ৰন্থ:

১/ অথৰ্ববেদসংহিতা, বিশ্ববন্ধু (সম্পা.), বিশ্বেশ্বৰানন্দ বেদিক ৰিচাৰ্চ ইনষ্টিটিউট, ১৯৬১-৬২

২/ অথৰ্ববেদ, কেশদা মহন্ত, অসম প্ৰকাশন পৰিশদ, ২০০৭

৩/ ঋগ্বেদ-সংহিতা, বৈদিক ৰিচাৰ্চ ইন্ষ্টিটিউট, ১৯৩৩-১৯৪৬

৪/ একাদশোপনিষদঃ, স্বামী অচিন্ত্য ভগৱান, মতিলাল বেনাৰসীদাস, দিল্লী, ১৯৬৬

৫/ নিৰুক্ত, পাচ্যবিদ্যা সংশোধন মন্দিৰ, ১৯৪০

৬/ মৎস্যপুৰাণ, নাগ পাব্লিচাৰ্চ, দিল্লী, ১৯৮৩

৭/ মনুসংহিতা, কিৰণ শৰ্মা, চন্দ্ৰপ্ৰকাশ, ২০০৮

৮/ মহাভাৰত, গীতাপ্ৰেছ, উত্তৰপ্ৰদেশ

৯/ মাৰ্কণ্ডেয় পুৰাণ, কে. এল যোশী, পৰিমল পাব্লিকেশ্যন, ২০১২

১০/ বিষ্ণুপুৰাণ, নাগ পাব্লিচাৰ্চ, দিল্লী, ১৯৮০

১১/ শতপথব্ৰাহ্মণ, বোম্বে, ১৯৪০

 

One thought on “নীতিগত শিক্ষাৰ উৎস: বেদ, মহাকাব্য, মহাপুৰাণ আদি (মিতালী গোস্বামী)

  • October 3, 2015 at 12:05 am
    Permalink

    Comment text..সুন্দৰ সমাহাৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!