নুৰুল আমিন– ইচ্ছা নাছিল

ইচ্ছা নাছিল
ঠিক এনেকুৱা হ’বলৈ
ইচ্ছা নাছিল
ঠিক এনেকৈ ভাবিবলৈ
ইচ্ছা নাছিল
ইয়াতে
ঠিক এইখিনিতে
ঠিক এনেকৈয়ে
ডুবি থাকিবলৈ
ঠিক এনেকৈয়ে
জঁপিয়াই থাকিবলৈ
অলপো ইচ্ছা নাছিল
চাই থাকিবলৈ ইচ্ছা নাছিল
চকু মুদি থাকিবলৈ ইচ্ছা নাছিল
খৰিকোছাত জুই একুৰা কিয়বা শুই আছিল
সীমাৰ বেৰখন দিয়াৰ ইচ্ছা নাছিল
তলাটো মাৰি থোৱাৰ ইচ্ছা নাছিল
শত্ৰুতা চপাই স্নায়ুৰোগত ভোগাৰ ইচ্ছা নাছিল
প্ৰেমৰ পিয়লাত জয়ৰ নিচা খোৱাৰ ইচ্ছা নাছিল
সকলোৱে ৰামায়ণ পঢ়াৰ পাছতো
কপৌহাল মূধচত কিয়বা ৰৈ আছিল
বেপাৰীৰ স্বাৰ্থত ধাৰ্মিক হোৱাৰ ইচ্ছা নাছিল
ধাৰ্মিকৰ হুকুমত ভোট দিয়াৰ ইচ্ছা নাছিল
ক্ষূদ্ৰ সত্বাৰ নামত কাজিয়া কৰাৰ ইচ্ছা নাছিল
ৰাষ্ট্ৰীয়তাৰ নামত সৰু সৰু জাতিবোৰ মাৰি পেলোৱাৰ ষড়যন্ত্ৰ সহ্য কৰি থকাৰ ইচ্ছা নাছিল
ইমান যুদ্ধৰ পাছতো ফুলবোৰ কিয়বা ফুলি আছিল
ইমান শিশু লঘোণে মৰাৰ পাছতো কিয়বা গছত ইমান ফল ওলমি আছিল
এনেকৈ জীয়াই থকাৰ অলপো ইচ্ছা নাছিল
এনেকৈ মৰি থকাৰ অলপো ইচ্ছা নাছিল
গন্ধসৰৈৰ এই নাওখন কোনেবাই জ্বলাইছে
যি পানীত আছিল
সি পাৰত গোন্ধাইছে


Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!