নৃ-ভৌগোলিক মনোবিৱৰ্তনবাদ (উচ্চজিৎ কলিতা)

নৃ-ভৌগোলিক মনোবিৱৰ্তনবাদ (Ethnogeographic Psycho-Evolutionism)

(ভগৎদাৰ নৃ-ভৌগোলিক সুবিধাবাদৰ (Ethno-Geographic Opportunism) পম খেদি)

“জাতীয়” ধাৰণাবোৰৰ জন্মৰ বীজ লুকাই আছে মানুহে “সমাজ” পাতি জীয়াই থকা পদ্ধতিটোত। এতিয়া বিজ্ঞানৰ অগ্ৰগতি দেখি আমি মাজে মাজে ব্যক্তিগতভাবেও জীয়াই থাকিব পাৰিম যেন লাগে (আচলতে নোৱাৰোঁ, নেপালখনে গোটেই বিশ্বৰ সহায় বিচাৰি হাহাকাৰ কৰিব ধৰিছে)। কিন্তু সমাজ বোলা ধাৰণাটোৰ সৃষ্টিও মানুহৰ জীয়াই থকাৰ তাড়না বা অইন জীৱকূলৰ মজত জীয়াই থকাৰ তাগিদাতে সৃষ্টি হৈছিল। বুদ্ধিমত্তাৰ বিকাশ হৈ সমাজ পাতি সংঘবদ্ধ হৈ জীয়াই থকাৰ চেষ্টা নকৰাহেঁতেন মানুহ নামৰ প্ৰজাতিটো বাঘ-ভালুক-সিংহ-কুকুৰনেচীয়াৰ মাজত বান্দৰ বা চিম্পাঞ্জীৰ দৰেহে জীয়াই থাকিলহেঁতেন বা হয়তো নাথকিলেইহেঁতেন। মানুহৰ বহুত বেছিকৈ দৌৰিব পৰা শক্তি, শিল আদি ভাঙিব পৰা প্ৰচণ্ড শাৰীৰিক শক্তি, টাৰ্জানৰ দৰে ডালে-পাতে গছ বগাব পৰা শক্তি, পানীত সাঁতুৰি পানীৰ তলত থকাৰ শক্তি, নিজৰ শক্তিৰে চিকাৰ কৰি খোৱাৰ শক্তি আদি একোৱেই নাই। মানুহৰ মাত্ৰ “বুদ্ধি” বোলা বস্তুটোহে আছে আৰু ইয়ে সমাজ, দেশ, জাতীয় আৱেগ আদি সকলোবোৰৰে জন্ম দিছে। একেবাৰে প্ৰাথমিক স্তৰত অস্তিত্বৰ সংগ্ৰাম বা আৱেগ সামাজিক মানুহৰ বুদ্ধিমত্তাৰ জৈৱিক প্ৰকাশ। জাতীয় আৱেগবোৰো এনেকৈয়ে সৃষ্টি হোৱা; তাৰে কিছুমান মৰে, কিছুমান জীয়াই থাকে আৰু কিছুমান কিছুমানৰ বাবে নিজকে জীয়াই ৰখাৰ সঁজুলি বা সুবিধা হৈ পৰে।
অজস্ৰ জাতীয়া আৱৰ্জনাৰ জন্ম দিলেও পিছে এই “সমাজ” পাতি জীয়াই থকাৰ বুদ্ধি বা সমলবিধেহে বিৱৰ্তনৰ ইতিহাসত মানুহ নামৰ প্ৰাণীটিক জীয়াই ৰাখিলে। জীয়াই থাকিবলৈ শিকাৰ পাচত প্ৰাকৃতিক সমলৰ ওপৰত সীমা বান্ধি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰো সুবিধা কৰি ল’লে। জীৱ-জন্তুবোৰেও বোলে নিজৰ এলেকাত আনৰ প্ৰৱেশ নামানে।
সমাজ পতাৰ আদিম ধাৰণাটোৰ সৃষ্টি নহ’লে ধৰ্ম আদি নাথাকিলহেঁতেন, বৈজ্ঞানিক ধাৰণা বোলা বস্তুৰো জন্ম নহ’লহেঁতেন। মুঠতে বান্দৰ-শিয়াল-বাঘ-ভালুক আদি থাকিলহেঁতেন। মানুহ নাথাকিলহেঁতেন। “সমাজ” ধাৰণাটোৰ ভালখিনিয়ে আমাক আগুৱাইছে আৰু আৱৰ্জনাবোৰো সৃষ্টি হৈ আছে।
বাঘ-ভালুক-সিংহ-হৰিণা-তিমি-হাংগৰ আদিৰ মাজত আদিম “জৈৱিক মানুহ”ৰ “মানুহ” হৈ থাকিব বিচৰা সংগ্ৰামী আৱেগৰ লগত কিজানি আজিৰ আধুনিক “মানসিক মানুহ”ৰ আমেৰিকান, ব্ৰিটিছ, জাপানীজ, ইৰাণী আদিৰ মাজত “অসমীয়া” হৈ থাকিব বিচৰা জাতীয় আৱেগৰ বৰ বেছি পাৰ্থক্য নাই।
ইয়াক নৃ-ভৌগোলিক মনোবিৱৰ্তনবাদ (Ethno-Geographic Psycho-Evolutionism) বুলিব পাৰি নেকি ??

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!