নেওতা – তুষাৰ ৰঞ্জন কাশ্যপ

“ভকত আহক। বৌটি, আলহী,  ভকত বহক।” নোমলে শিকোৱাৰ দৰেই পোৱালি ভাটৌটোৱে টকটকাই,  নোমলে বেচ ফুৰ্তি পাই!

“ভোক লাগিলে কি ক’বি ভকত?”- নোমলে লেনিয়াই লেনিয়াই ভাটৌটোক সোধে।

“বৌটি ভোক ভোক।”-নোমলে মাকক বৌটি বুলি মাতে, দেখি ভাটৌটোৱেও মাতে।নোমলে উৎসাহ পায়। এইবাৰ সি গাল-দুখন আগবঢ়াই দিয়ে ভকতলৈ। ঠোঁটটোৰে চপককৈ অদ্ভুত শব্দ এটা কৰি ভাটৌটোৱে শূন্যতে চুমা খাই। নোমলে খিলখিলাই হাঁহে।

“অই গোটগৰু, পঢ়া-পাতিৰ ফালে কৰিছ সেইয়া। সন্ধিয়া লাগিলে পঢ়াত বহিবলৈ তোক সদায় মই ক’ব লাগে। বিয়োগ নেওতাখন মাতিবলৈ দিলে মাতিব নোৱাৰ। যেতিয়াই দেখোঁ খালি ভকত আৰু ভকত।”

ডাঙৰটো ককায়েকৰ ধমক এটা বা এচাৰিদালৰ কোব এটা নোখোৱালৈকে নোমলে ভকতৰ লগ এৰি পঢ়াৰ ওচৰলৈ নাযায়। আচলতে তাৰ পঢ়া শুনা এইবোৰ কৰিবলৈ একেবাৰে মন নোযোৱা নহয়, কিন্তু যিমান পঢ়িলেও তাৰ কথাবোৰ মনত নৰয়। স্কুলত গঙাৰাম মাষ্টৰৰ চিটিপনিৰ কোব কেইটা সদায় সিয়েই বেছিকৈ খায়। ককায়েক দুটা পঢ়া-শুনাত গাঁৱখনৰ ভিতৰতে চোকা, ডাঙৰটো ককায়েকে কষ্ট কৰি মেলি হ’লেও কলেজৰ ডিগ্ৰীটো ল’লে, নোমলৰ সৰুটো ককায়েককো ভাল বিভাগ এটাত পঢ়ুৱালে। গাঁৱৰ দুই একে ককায়েকহঁতৰ কথা কৈ নিজৰ ল’ৰা-ছোৱালীবোৰক উদাহৰণ দিয়ে। সেইহেন দুটা ককায়েকৰ ভায়েক হৈ সি নেওতাখন ভালকৈ গাব নোৱাৰে,  স্কুলত তাক সকলোৱে হাঁহে। নোমলৰ লাজ লাগে নিজলৈয়ে, পঢ়িবলৈ মন নোযোৱা হয় তাৰ। ডাঙৰ ককায়েকৰ চিটিপনি দালৰ কোব কেইটা, কাণচেপা কেইটাৰ ভয়তহে সি অনিচ্ছাসত্বেও গৈ কিতাপখন মেলে। ককায়েককে শুনাই দুশাৰীমান চিঞৰি চিঞৰি পঢ়াৰ পাছতেই আকৌ নোমলৰ মনটো কৰবালৈ উৰা মাৰে।

“মাত, মাত, পাঁচৰ ঘৰৰ নেওখন আজি মুখস্থ দিম বুলি কৈছিলি।”-এচাৰিদাল লিৰিকি বিদাৰি ডাঙৰ ককায়েকে তাক নেওঁতাখন মাতিবলৈ কয়। নোমলৰ বুকুখন ধাপাংকৈ মাৰে। ভয়ে ভয়ে সি মাতে পাঁচৰ পাঁচ গ’ল থাকিল শূন্য। ছয় পাঁআআআআ.….চ গ’ল থাকিল……..এক, সাআআআ…তৰ পাঁআআআআ…চ গ’ল…………….। বাৰেপতি খোকোজা লাগে নোমলৰ। আচলতে ককায়েকৰ প্ৰতি থকা ভয়টোৱে তাৰ মনত থকা খিনিকো পাহৰাই পেলায়।

নোমলৰ কোমল গালখনত ডাঙৰ  ককায়েকে কেটেপ কেটেপকৈ বঢ়াই দিয়া চৰ কেইটাৰ শব্দ মাকে চৰুলৈকে শুনে। একেজাপেই উঠি আহে মানুহজনী য’ৰে বন ত’তে এৰি। এই কণমানি ল’ৰাটোতে যেন তেওঁৰ জীওটো সোমাই থাকে। ল’ৰাটোৱে কেনেবাকৈ অকণমানো কষ্ট পোৱা তেওঁৰ মনটোৱে সহিব নোৱাৰে। ডাঙৰটো ককায়েকৰ লগত পেটমচা নোমলৰ বয়সৰ পাৰ্থক্য প্ৰায় একুৰিৰ ওচৰা ওচৰি। ককায়েকহাল আৰু নোমলৰ মাজত আৰু তিনিটা লৰা-ছোৱালী জন্মিছিল। তাৰে দুটা জন্মতেই গ’ল,  এজনীক হেনো হাইজাই নিলে। নোমল জন্মহোৱাৰ সময়লৈ মাকৰ বয়সে দুকুৰি পাৰ কৰিছিল। ল’ৰাটো জন্মতে তেনেই নিশকতীয়াটো আছিল, জন্ম হোৱাৰ সময়ত মগজতো অলপ দুখ পাইছিল। মাক-বাপেকহালেতো আশা একেবাৰে এৰিয়েই পেলাইছিল। ওচৰৰে মাণিকী বুঢ়ীয়ে পুৱা-গধূলি সেক-পোতক দি দি তাক অকনমান তজবজীয়া কৰিলে। নুমলীয়া কাৰণে তাৰ নামটো হেনো দেউতাকেই নোমল ৰাখিছিল। পিছে সি হে বাপেকৰ মৰম ভালকৈ নাপালে। নোমলৰ ছমাহ পুৰ নৌহওঁতেই অচিন বেমাৰত পৰি বাপেক এদিন গ’লগৈ। সেই তেতিয়াৰ পৰাই ককায়েক দুটাতকৈ তালৈ মাকৰ মৰমতো বাঢ়িল। মাকৰ মনে তাক মূৰত থ’লে ওকণিয়ে খাব,  মাটিত থ’লে পৰুৱাই পাব।

“ডাঙৰ মইনা অ’, সেই অকণমান কথাটোতে লাগি তাক তেনেকৈনো মাৰিব লাগে নে? সি জানো দুখ নাপায়।”-মাকৰ মন, নোৱাৰে সহিব।

“তোৰ এইবোৰ কথাৰ কাৰণেই সি দিনে দিনে লাই পাই গৈছে বৌটি। বয়সৰ জোখাৰে সি এল.পি স্কুলৰ দেওনাখন কেতিয়াবাই পাৰ কৰিব লাগিছিল। কিন্তু এতিয়ালৈকে নেওতা কেইখনকে মনত ৰাখিব নোৱাৰিলে সি।”-ডাঙৰ ককায়েকে গৰজি উঠে।

“হ’ব দে চোন, তাৰনো বয়স হৈছে কিমান, তাতে ল’ৰাটো তেনেই নিশকতীয়া। তই তেনেকৈ চৰটো,  কিলটো দি থাকিলে সি চোন কিবা শিকক চাৰি তোলৈ ভয়হে কৰিবলৈ ল’ব। তোৰ নিজৰেই ভায়েৰ নহয় জানো সি। তইচোন তাক সতীয়া ভাইটোৰ দৰেহে চাৱ।”-মাকৰ কথাত সাহস পায় নোমলে।

“নিজৰ ভাই বুলি তাৰ ভালটো ভাবিয়েই ইমানখিনি কৰিছিলোঁ। ঘৰতে থকা কামবন নোহোৱা এটা দমৰা বনাব খুজিছ যদি তোৰটোৱেই হওক। মই আৰু একো নকওঁ। আগলৈ যেতিয়া ডাঙৰ হৈ এদিন কান্দিব তেতিয়া কিন্তু মোক মনত নেপেলাবি, আজিৰ তাৰিখত ক’লোঁ তোক।”-ককায়েকে ভোৰভোৰায়।

“ডাং কাইদ’, তোমালোকে আগলে ডাঙৰ চাকৰি কৰিবা অহয়,  মোক তাৰ পা পঞ্চাশ টকা পঞ্চাশ টকা দুয়োটাই দি দিবা মোৰ তেনেকৈয়ে হৈ যাব।” 

নোমলৰ কথাবোৰত মগজটো গৰম হৈ আহে ককায়েকৰ। একো নকৈ সি ওলাই যায় ফো-ফোৱাই। ককায়েকে জানে মাকৰ সন্মুখত নোমলৰ গাত হাত উঠোৱা মানে হিতে বিপৰীত হোৱা। সৰুটো ককায়েকে সেইবোৰৰ ভূ নাৰাখে, অৱশ্যে ৰাখিবলৈ ইচ্ছাও নকৰে। সি নিজৰ পঢ়াশুনাক লৈয়ে ব্যস্ত থাকে। সৰুটো ককায়েকে চহৰৰ ডাঙৰ কলেজত থাকি পঢ়ে,  চৰকাৰী ধন পায় পঢ়িবলৈ! কিবা এটা ডাঙৰ  বিভাগত পঢ়ে তাৰ সৰুটো ককায়েকে,  পঢ়িলেই ডাঙৰ অফিচাৰ হয়,  নোমলে তেনেকৈয়ে জানে। বন্ধত ঘৰলৈ আহিলে তালৈও কিবা কিবি আনে,  সি বেচ ফূৰ্তি পায়। সৰুটো ককায়েক ভাল,  ডাঙৰটোহে কিবা সেই ভাওনাৰ দৈত্যদালৰ নিচিনা, তাৰ চিৰশত্ৰু। নোমলৰ কুমলীয়া মনটোৱে তেনেকৈ ভাৱে।

তাৰ মাজতে দুৰণিৰ চহৰ এখনত ডাঙৰটো ককায়েকৰ অতদিনে লাগি লাগি থকা চাকৰিটো হ’লগৈ! চহৰখনত ঘৰ ভাড়া কৰি থাকিবলৈ ল’লে ককায়েকে। ককায়েক তেনেকৈ ঘৰলৈ আহিব নোৱাৰে। বিহুৱে পূজায়ে বা দীঘলীয়া বন্ধ পালেহে ঘৰলৈ আহে,  মাহেকে পষেকে ঘৰলৈ টকা পঠায়। নোমলৰ কাৰণে যেন গাখীৰতে ম’হৰ খুটিহে হ’ল। আগতে ককায়েকৰ চৰটো বা ধমকটো খাইয়েই সি পঢ়াৰ ওচৰত বহিছিল। এতিয়া তাক টানকৈ কথা কোৱা মানুহ এটা নোহোৱা হ’ল ঘৰখনত। নোমলৰ পঢ়া পাতি সেইফালেই ধোৱাচাঙত উঠিল। ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰীটো লৈ ওলোৱাৰ পাছতে তাৰ সৰুটো ককায়েকৰো চাকৰিটো হ’ল। নোমলৰহে আৰু পঢ়া শুনা নহ’ল, এল.পি স্কুলৰ দেওনাখন পাৰ নকৰাকৈয়ে সি স্কুল এৰিলে।

বছৰবোৰ বাগৰি যায়,  ভাটৌটোও এদিন ঢুকায়। চেঙেলীয়াৰ পৰা ডেকালৈ পৰিৱৰ্তন হয় নোমল। পঢ়া-শুনা কৰিব নোৱাৰিলেও ঘৰ-বাৰী পথাৰৰ কামবোৰ কৰিব জনা হ’ল সি। আগতে ককায়েকহঁতে আধিলৈ দিয়া মাটি কেইডৰাত নিজেই খেতি কৰিবলৈ ল’লে সি। দেউতাকৰ বেমাৰৰ সময়ত বন্ধকত থোৱা মাটি দুবিঘাও মোকোলালে এদিন নোমলে। আগৰ স্কুলত নেওতাখন মাতিব নোৱাৰা নোমলে কাষৰে দেওবৰীয়া আৰু বৃহস্পতিবৰীয়া হাটখনলৈ ইদিন তামোল পোণ, সিদিন পাঁচলি কেইটা নি আঙুলিতে গণি গণি বেচিব জনা হ’ল। ককায়েকহালৰহে ঘৰলৈ আহ-যাহ আগতকৈ কমিল। টাউনতেই মাটি কিনি ঘৰ-বাৰী কৰিলে দুয়োটা ককায়েকে,  বিয়া বাৰুও তাতেই কৰালে। নোমল আৰু মাক গৈছিল ককায়েকহঁতৰ বিয়ালৈ। পিছে চহৰীয়া আও-ভাওবোৰৰ মাজত নিজকহে কিবা ভুচুং পহু যেন লাগিল তাৰ। বিয়াঘৰৰ আলহীবোৰৰ মাজতো ককায়েকহঁতে যেন তাক নিজৰ ভাই বুলি চিনাকি দিবলৈ লাজহে পালে,  হয়তো নিজৰ নামটো লিখিবলৈকে তাৰ এপৰ লাগে,  সেইবাবে।

“অ’ পোনা, নিজৰ হাতেৰে কেঁচা মিঠৈকেইটা দলিয়াই বোৱাৰীজনীক পদূলিৰ পৰা আনি ঘৰ সুমুৱাবলৈ মনটো থাকি গ’ল। আৰুনো কেইটাদিন থাকিম চাগে? ককায়েৰহঁতেতো সেইয়াই কৰিলে, তই মোৰ মনটো বুজ দেখিহে ক’লো।”

মাকে ফোপাই ফোপাই কোৱা কথাবোৰত মনটো সেমেকি যায় নোমলৰ। বিয়াৰ কথা নভবা নহয় সি। সিখন গাঁৱৰ মিনতিৰ মনটো পোৱা তিনি বছৰেই পাৰ হ’ল। কিন্তু বিয়াখন বোলোঁতে গহনা-গাঠৰি,  পাটৰ কাপোৰযোৰকে আদি কৰি বহুত কথা আহি যায়। তাৰ ভাবিবলৈকে চোন ভয় লাগে। শালিখেতিৰ ধানকেইটা, বাৰীৰ পাঁচলিকেইটাৰে আকালো নাই ভঁৰালো নাইৰ দৰে চলি থকা ল’ৰা সি। ককায়েকহালো আজিকালি নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত হৈ পৰিল। সি কামত ধৰাৰ পৰা ঘৰখনলৈ টকা-সিকাটো বাদেই বিহু বুলি মাকজনীক কাপোৰ এসাজ দিবলৈও এৰিলে ককায়েকহালে। সিহঁত দুটাই  যে তাক বিয়া বুলি কিবা এপদ দি সহায় কৰিব সেইয়া নোমলৰ মনে নকয়। মাকৰ অন্তৰখনে দুখ পোৱাটো তাৰ মনটোৱে নসহে।

তথাপি ইচ্ছা থাকিও নোমলে মাকৰ মনৰ আশাটোহে পূৰণ কৰিব নোৱাৰিলে। মিনতিৰ ঘৰত বিয়াৰ কথাবতৰা চলিছিল। নোমলে দেৰি নকৰিলে, কোনোবা এদিন সন্ধিয়া মিনতিক আনি সি ঘৰ সুমুৱালেহি। মাকজনীয়ে সেইদিনা এসোঁতা ভালকৈয়ে কান্দিলে। সহিব নোৱাৰি নোমলেও কান্দিলে,  কাহানিও তাৰ গাত টোপ এটাও পৰিবলৈ নিদিয়া মানুহজনীৰ মনটো ভঙাৰ দুখত। মনটোত দুখ এটা লৈয়ে মানুহজনী গ’লগৈ, নোমলে সেইদিনা হিয়া ঢাকুৰি কান্দিলে। ককায়েকহঁতো আহিল, সকাম ভাগ বৰ ডাঙৰকৈয়ে পাতিলে মাকৰ সিহঁতকেইটাই। নোমলৰ গোৱৰ মাটিৰে লিপা ঘৰখনৰ পদূলিলৈ কাজৰ দিনা এসোপামান ডাঙৰ ডাঙৰ গাড়ী আহিল, নোমল আৰু মিনতিয়ে আলহী সেৱা কৰিহে তৎ পালে। ভোজৰ দিনা ৰাইজখনক বিদায় দিয়াৰ সময়তো আকৌ এসোঁতা কান্দিলে সি আৰু মিনতিয়ে।

দিনবোৰ পাৰ হয়,  নোমল আকৌ সহজ হয়। খোকোজা নলগাকৈ চলি থাকে সিহঁতৰ সংসাৰখন। তাৰ মাজতে এদিন পাহি আহিল মিনতিৰ কোলালৈ। মাক নোহোৱা উকা উকা ঘৰখন আকৌ পাহিৰ কলকলনিৰে ভৰি পৰিল। নোমলৰ মতেতো সেইয়া মাকেই ঘূৰি আহিল আকৌ সিহঁতৰ মাজলৈ পাহিৰ ৰূপত। মাক ঢুকুৱাৰ পাছৰে পৰা ককায়েকেহালে একেবাৰেই আহিবলৈ এৰিলে গাঁৱৰ ঘৰখনলৈ। মাকৰ সকাম ভাঙি ৰাইজখনৰ লগতেই ওলাই যোৱা ককায়েকহাল সকামৰ পাছত এবাৰেই আহিছিল ঘৰখনলৈ,  পৈত্তিক সম্পত্তিখিনি তিনিভাগ কৰিবলৈ। ককায়েকহঁতৰ সিদ্ধান্তত মাত নামাতিলে নোমলে। হয়তোন!! বাপেকৰ সম্পত্তিখিনিৰ ওপৰত সিহঁতহালৰো সমানে অধিকাৰ আছে। নিজৰ ভাগৰ মাটিখিনি বেছি ককায়েকহাল গ’লগৈ। নোমলে মাথো মূৰ দুপিয়াই গ’ল ককায়েকহঁতৰ সিদ্ধান্তত। সিহঁতনো মানুহ কেইটা?  তিনিটাহে, ভাগত পৰা খিনিৰেই চলি যাব পাৰিব বছৰটো।

“হেৰা কাইলৈ ডাঙৰ কাইদ’ৰ তালৈকে এপাক যাম বুজিছা।ককাইদ’ৱে কিবা এটা দিহা দিব।”-বিচনাত পৰি থকা মিনতিৰ দূৰ্বল শৰীৰটোলৈ চাই হুমুনিয়াহ এটা পেলাই কয় নোমলে। এৰা ঢুকুৱাৰ আগতে তাক মাকেও কৈছিল,-

“পোনা বিপদে আপদে ককায়েৰহঁতৰ লগ নেৰিবি, চাবি তোক নিৰাশ নকৰে সিহঁতে। সিহঁতহালো মোৰেইহে পেটৰ পোৱালি।”

মিনতিৰ শেঁতা পৰা মুখখনলৈ চাবই নোৱাৰে সি,  চালেই সৰসৰকৈ চকুলো সৰে তাৰ। আগৰ সেইহেন মানুহজনীৰ এতিয়া জঁকাটোহে আছেগৈ। বেমাৰটোৱে বহু দিন আগৰ পৰাই গজালি পুতিছিল মিনতিৰ শৰীৰত। প্ৰথমতে সিহঁতে সাধাৰণ মূৰঘূৰণি বুলিয়েই ভাবি লৈছিল। চাৰিআলিৰ জগতৰ ফাৰ্মাচীৰ বড়ি দুটামান খালেই আৰাম পাইছিল তাই। পাচলৈ মূৰঘূৰণিটো সঘনাই হ’বলৈ ল’লে। গাঁৱৰে কোনোবা দুটামানে কৈছিল তাক,-

“যাচোন, ইয়াৰ পিলসোপা খাই থকাতকৈ এবাৰ চহৰতে দেখুৱাই আহ।”

মিনতিক লৈ এদিন চহৰৰ ডাক্তৰৰ ওচৰলৈ গ’ল নোমল। ডাক্তৰে এসোপামান পৰীক্ষা-নিৰীক্ষা কৰিবলৈ দিলে মিনতিৰ।

“ব্ৰেইন টিউমাৰ, সোনকালে অপাৰেচন নকৰিলে পেচেন্টৰ কণ্ডিচনটো ক্ৰিটিকেললৈ গৈ থাকিব।”

ডাক্তৰে সেইদিনা কোৱা কথাবোৰৰ বেছিভাগেই নুবুজিলে নোমলে,  মাত্ৰ বুজিলে মিনতিৰ সাংঘাটিক ডাঙৰ বেমাৰ এটা হৈছে,  যিটোৰ পৰা বচাবলৈ তাক ভালেমান টকাৰ প্ৰয়োজন। আকাশখন মূৰৰ ওপৰতে খহি পৰাৰ যেন লাগিল তাৰ। সাঁচতীয়া পইচাখিনি পৰীক্ষা-নিৰীক্ষাৰ নামতেই শেষ হ’ল। মাটিখিনি বন্ধকত দিলে দুটকামান পোৱা যাব কিন্তু সেইখিনিৰে মিনতিৰ অপাৰেচনৰ খৰচটোকে নোলায়। মূৰে কাম নকৰা হয় নোমলৰ।

“মোৰ বৰ ডাঙৰ বেমাৰ এটা হৈছে নে? পইচা বহুত লাগে ভাল কৰিবলৈ হয়নে বাৰু? আমাৰনো ইমানখিনি পইচা ক’ত আছে? আপুনি  মিছাতেই কেলৈ কষ্ট কৰি মৰিব লাগে মোৰ কাৰণে?”

মিনতিৰ কথাষাৰে বুকুখন একেবাৰে চেপি খুন্দি শেষ কৰি পেলোৱা যেন লাগে নোমলৰ। চকুপানী ৰখাব নোৱাৰে সি। বেমাৰটোৱে খুলি খুলি খাইছে মিনতিক। কোনোবাই ধৰি নিদিলে উঠা-মেলা কৰিব নোৱাৰে। কেইবাদিনো অকলে উঠিবলৈ লৈ মূৰ ঘুৰাই পৰিছে তাই। দিনটো ইটোৰ পিছত সিটো কৰি ফুৰা মানুহজনীৰ এতিয়া বিচনাখনেই সংগী হ’ল। দেওবৰীয়া বজাৰখনলৈ নগ’লে সপ্তাহটো চলিবলৈ টান হয় সিহঁতৰ। মিনতিক তেনেকৈ এৰি যাবও নোৱাৰে সি ঘৰখনত। সোনকালে টকাৰ যোগাৰ নহ’লে মানুহজনীক বচাবলৈ যে টান হব, সেইকথা বুজে নোমলে। হাজাৰটা চিন্তাত ভাঙি পৰে সি।

“ককাইদ’ৰ তালৈ ইমানদিন পাছত যাব? শুদাহাতে যাবলৈ ভাল হ’ব জানো?  নাৰিকল এটা ৰুকি দিয়া হ’লে মই ইয়াতে বহি লস্কৰা দুটামান কৰি দিব পাৰিলোহেতেন ল’ৰা-ছোৱালীহাললৈ!”,- বিচনাত পৰাৰে পৰাই কোনোমতে মাতটো উলিয়াই কথাষাৰ কয় মিনতিয়ে।

“এইটো দেহাৰে নালাগেচোন তুমি সেইবোৰ কৰিবলৈ। বাৰীত পাঁচলি দুটামান ওলাব নহয় তাকে লৈ যাম।”

ৰাতিপুৱাই ককায়েকৰ তালৈ ওলাল নোমল। মোনাটোত ঘৰৰে গঁৰালটোৰ ডেকেৰুৱা হাঁহ এজনী ভৰাই ল’লে সি,  বাৰীৰে কোমোৰা এটাও ল’লে লগত। ডাঙৰ ককায়েকে আগতে হাঁহ খাই ভাল পাইছিল, মনত আছে তাৰ।

“পাহি অ’, মাৰক অশান্তি নকৰিবি দেই। মাৰে কিবা এটা খুজিলে বিচাৰি আনি দিবি।মই সোনকালেই পামহি নহয় দৌ।”

পাহিয়ে মূৰ দুপিয়ালে। ছোৱালীজনীৰ মুখখনলৈ চালে শোকটোৱে খুন্দা মাৰি ধৰে তাৰ। কিমাননো বয়স হৈছে তাইৰ, দ্বিতীয় শ্ৰেণী পাইছেগৈহে! তাইয়ো যেন কথাবোৰ অলপ অলপ কিবা বুজি পাইছে। মাকক তেনেকৈ আমনি নকৰে তাই আজি কালি। ইমান কম বয়সতে যথেষ্ট বুজা হৈছে তাই।

চহৰৰ পৰা উভতি আহি সি ঘৰ পোৱালৈ সন্ধিয়াই হৈছিল।পদূলিৰ মুখৰ পৰাই গাঁৱৰ ৰাইজখনক দেখি বুকুখন চিৰিংকৈ মাৰিলে তাৰ। সন্ধিয়াখন গাঁৱৰ ৰাইজখনে তাৰ ঘৰত আহি আকৌ কি কৰিছে?

“দেৰি কৰিলি অ’ নোমল। তই অহালৈ তাই নৰ’লেই!”-

নঙলামুখতে ৰৈ থকা মাঘি দাইটিৰ কথাষাৰত সেইখিনিতেই ধমহকৈ লুটি খাই পৰিল নোমল। হাতৰ মোনাটোত থকা  ডাঙৰ ককায়েকলৈ বুলি লৈ যোৱা চীনা হাঁহটোৱে থেকেচকৈ মাটিত পৰি জোৰেৰে পেকপেকাই  চিঞৰি দিলে। তুলসীৰ তলত সেইয়া মিনতিক শুৱাই থৈছে ৰাইজখনে। কোনোবা দুটাই ধৰি ধৰি লৈ আনিলে তাক সেইখিনিলৈ। মিনতিৰ নিঠৰ দেহটোলৈ চাই চাই পাহীক বুকুত সাৱটি ধৰি জোৰেৰে চিঞৰি দিলে সি,-

“হেৰা, কি কথাত নো বেয়া পালা মোক?  ইমাননো লৰালৰি হ’ল নে তোমাৰ,  মই অহালৈকে ৰ’ব নোৱাৰিলা নেকি?”

কোনোবা এজনীয়ে তাৰ হাতত সেন্দুৰৰ টেমাটো তুলি দিলে। শেষবাৰৰ কাৰণে মিনতিৰ কঁপালত বেলিটো আঁকি দিলে নোমলে।

“সৰুতে যেতিয়া নেওতাখন মুখস্থ মাতিবলৈ দিছিলো তেতিয়া মোলৈ খং উঠিছিল তোৰ। তেতিয়া চাগে মোক তোৰ চিৰশত্ৰু যেন লাগিছিল। তেতিয়াই যদি পঢ়া-শুনা অলপ ভালকৈ কৰিলিহেঁতেন আজি এনেকৈ ঘৈণীয়েৰৰ জীৱনটো বচাবলৈ লোকৰ পদূলিয়ে পদূলিয়ে ঘূৰিব লগা নহ’লহেতেন। সেইদিনাই তোক কৈছিলোঁ নহয় ডাঙৰ হৈ যেতিয়া এদিন কান্দিবি,  তেতিয়া কিন্তু মোক মনত নেপেলাবি।”

ডাঙৰ ককায়েকে দুপৰীয়া কোৱা কথাখিনিলৈ চেৰেং চেৰেংকৈ মনত পৰিল নোমলৰ। ৰাইজখনক তাতে এৰি ল’ৰ মাৰি ভিতৰ সোমাল সি। পাহীক যোৱাবাৰ বজাৰৰ পৰা আনি দিয়া নেওতাৰ কিতাপখন আনি চোতালতে বহি লৈ চিঞৰি চিঞৰি মাতিবলৈ আৰম্ভ কৰি দিলে নোমলে। খৰি দিবলৈ যো-জা কৰি থকা ৰাইজখনে সেইফালেই তভক মাৰিলে। নোমলৰ সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। ডাঙৰ ডাঙৰকৈ পঢ়িছে সি নেওতাবোৰ। জীৱনত এদিন ডাঙৰ ভুল এটা কৰিছিল সি, যাৰ বাবে সি আজি মিনতিক হেৰুৱাইছে,  অকালতে। এইমুহুৰ্ততেই যেন সি সকলোবোৰ ভুলৰ শুধৰণি একেলগেই কৰি পেলাব,  ঘূৰাই আনিব তাৰ মৰমৰ মিনতিক। চকুৰ আগত হৈ থকা কথাবোৰ একো বুজিব নোৱাৰি এবাৰ চোতালত শুৱাই থোৱা মাকৰ দেহটোলৈ চাই,  এবাৰ বাপেকলৈ চাই কান্দোনত গছৰ পাত সৰুৱালে পাহিয়ে। পাহিৰ কান্দোনৰ লগে লগে নোমলেও ডাঙৰ ডাঙৰকৈ গাই গ’ল সেই তাহানিৰ এল.পি স্কুলত গোৱা সুৰটোৰেই—-

“একৰ এ গ’ল থাকিল শূন্য

দুইৰ এ গ’ল থাকিল এক

তিনিৰ এ গ’ল থাকিল দুই।।”

০০০০০

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!