নৰক :: ভবিষ্যদ্দ্যোতক কাল্পনিক পৰমাণু উপন্যাসিকা (জয়দীপ চক্ৰৱৰ্তী)
আমাৰ আমখা পাৰ্টিৰ নেতা কেজেৰু ছাৰ মৃত্যুৰ পিছত ধৰ্ণাদিয়াৰ পাপত চিধাই নৰক পালেগৈ…। নৰকত গৈ পাইয়ে চিধাই ডিঙিৰ মাফলাৰ খন খুলিলৈ নৰক ইমিগ্ৰেচনত সাৰি পাতিবলৈ গৈ দেখে প্ৰতিখন দেশৰ বাবে বেলেগ বেলেগ দুৱাৰৰ ব্যৱস্থা… ! পিছে আমেৰিকা, ইংলেণ্ড, ভেনিজুৱেলা, চাইনা আদি দেশৰ নৰক ইমিগ্ৰেচনত এজনো মানুহ নাই… আমেৰিকাৰ ইমিগ্ৰেচনৰ দুৱাৰৰ কাষতে মাখি মাৰি বহি থকা আমেৰিকান নৰক ইমিগ্ৰেচন অফিচাৰে কেজেৰু ছাৰক মাত লগালে: – কাম দিছ ওৱে ছাৰ… ইউ কেন গেট ইন থ্ৰু দিছ গেইট অলচ… বিক’জ ৰুলছ আৰ চেম ইন অল গেটছ !!! কেজেৰু ছাৰ আগবাঢ়িগৈ আমেৰিকাৰ নৰকৰ ৰুল সুধিলে… ইমিগ্ৰেচনৰ অফিচাৰে ক’লে- ছাৰ, নৰকৰ ৰুল চবতে একেই… মানে প্ৰথমতে আপোনাক ইলেকট্ৰিক চেয়াৰত বহুৱাই ১ঘন্টাৰ বাবে শ্বক দিয়া হ’ব…. তাৰ পিছত গৰম কয়লাৰ বিছনাত আপোনাক ১ঘন্টা শুবলৈ দিয়া হব… আৰু শেষত দৈত্যকায় এজনে আপোনাক পিঠিত ১০০টা বেত্ৰাঘাত কৰিব… ছো চিম্পল ! পিছে আমাৰ কেজেৰু ছাৰে অলপ ভয় খালেও অফিচাৰক ধন্যবাদ এটা দি ক’লে আই উইল গ’ থ্ৰু মাই কান্ট্ৰি গেইট। এনেদৰেই আন দুই এখন গেটত নিয়মটো সুধি একেই পোৱা সত্বেও সেই বোৰত এজনো মানুহ নেদেখি ছাৰে অচৰিত হৈ মনতে ভাবিলে যে সেই উন্নত দেশ সমূহৰ সকলো মানুহেই কিজানি নৰকৰ সলনি স্বৰ্গহে পায়… পিছে আমাৰ দেশত দেখোন যুধিষ্ঠিৰৰ বাহিৰে আনে স্বৰ্গ যোৱাটো শুনাই নাই… গান্ধীজীয়েও স্বৰ্গ পাইছিল নে নাই তাৰো নিশ্চিতভাৱে কোনো তথ্য নাই ছাৰৰ হাতত, সিবিলাক কাম আৰ.টি.আইৰেও নিসিজে আমাৰ ছাৰে পিছে নিজেই স্বৰ্গ পাবলৈ ক্ষিণ আশা এটা কৰিছিল, পিছে এতিয়া দেখোন নৰকেই গতি হ’ল ছাৰৰো… এইবোৰ ভাবিচিন্তি গৈ গৈ অৱশেষত ৩৩৭নং দুৱাৰৰ বাহিৰত দূৰৰ পৰাই কেজেৰু ছাৰে প্ৰায় ১৭ কিলোমিটাৰ মান দৈৰ্ঘৰ মস্ত শাৰী এটা দেখা পালে… কেজেৰু ছাৰে ভাবিলে সেয়া নিশ্চই ভাৰতৰে গেট হ’ব কাৰণ ভাৰতৰ বাহিৰে ইমান পাপিষ্ঠ আৰু ক’ৰবাত যে ওলাব সেয়া ধাৰণাৰ বাহিৰত! পিছে শাৰীটোৰ অলপ ওচৰ পোৱাৰ পিছত দেখে যে তাতে ভাৰতৰ মানুহতকৈ স্বেতকায় মানুহেহে বেছি, মানুহ বোৰ কাৰ আগত কোনে যাব পাৰে তাৰ বাবে হেতা-উপৰা লগাইছে… আনকি মহিলাৰ শাৰীতো পুৰুষে মহিলাৰ পোছাকত সোমাই পৰিছে…! ঠাইয়ে ঠাইয়ে মানুহবোৰে হতাহতি, ঘোচা- ঘোচি কৰিছে… নৰক চিকিউৰিটি অফিচাৰ বোৰে দূৰৰ পৰা চাই আছে, দুই এজনে চাধাও মাৰি আছে শাৰীটোৰ অৰাজকতাৰ পিনে সিহঁতৰ কোনো ভ্ৰূক্ষেপেই নাই। শাৰী পতা বহুতৰে নাকে মুখে তেজ ওলাইছে…মুঠতে চাৰিও ফালে এক অৰাজক বিশৃংখল পৰিস্থিতি…।
কেজেৰু ছাৰে প্ৰথম বাৰৰ বাবে শাস্তি পাবৰ বাবে মানুহে ইমান দীঘলীয়া শাৰীপাতা দেখিলে… য’ত ইঙ্গ-বঙ্গ, এমেৰিটাছিয়ান-মোঙ্গোলিয়ান, কং-অভং, ভাজ-নিভাজ, ডাইনা-বামা, মাওবাদী-বাপেৰবাদী, তাৰ বিবাদী আদি নিৰ্বিশেষে সকলো পলিটিচিয়ান আৰু আম পাপিষ্ঠই একেল’গে সাৰি পাতিছে। ই যেন ভিন্নতাৰে মাজত একতাৰ এডাল ১৭ কি.মি. দীঘলীয়া শাৰী… কৰক না মাৰামাৰি তাতে কিডাল যায় আহে, আম পাপিষ্ঠ, খাছ পাপিষ্ঠ সকলে যে এনেদৰে একেটা শাৰীত থিয় দিছে সেইটোৱেই বা কি কম কথা…!!! পিছে এয়া কি দেশৰ শাৰী জনাটো অতিকৈ প্ৰয়োজনীয়, পিছে ইমান দুৰৰপৰা গেট খনৰ লিখাখিনিও মনিবই নোৱাৰি, সেয়ে কেজেৰুছাৰে শাৰী পতাৰ আগতে মূল গেট খনলৈ আগবাঢ়িগৈ দেশৰ নামটো আৰু নিয়ম খিনি চাই অহাটোৱে উচিত বুলি ভাবিলে আৰু গেটৰ ফালে আগবাঢ়িব ধৰিলে…! এনেদৰে কেজেৰু ছাৰে আধা শাৰী আগবাঢ়িছে মাথো, শাৰী পতা মানুহবোৰে ছাৰক চিঞৰিব ধৰিলে… আবে লাইনচে আও… দুই এজনে ছাৰৰ গালৈ লক্ষ্য কৰি চিয়াহীও মাৰি দিলে… নাই এই অৰাজকতা ছাৰৰ ভাল নালাগিল, ছাৰে গৈ নৰক চিকিউৰিটি অফিচাৰক কমপ্লেইন দিয়াত শাৰীভাঙি দুজনমান হৃষ্ট-পুষ্টই আহি ছাৰকে উল্টা কেইটামান কাণতলীয়া দি দিলে তথাপিও চিকিউৰিটি অফিচাৰে দূৰৰপৰা নিৰৱে চাই ৰ’ল … ছাৰে মনতে বেজাৰ পালে… চাল্লা ভাৰতৰ নৰকতো কৰাপচন এনেই ভিতৰলৈ গৈ নৰক যাতনা খাবই লাগিব… গতিকে বাহিৰত ফ্ৰিখিনিৰ প্ৰতি সহিষ্ণু হৈ লাভ নাই… এইবাৰ মেইন গেটত গৈ ইমিগ্ৰেচন অফিচাৰকে কমপ্লেইন দিবলৈ ওলাল ছাৰে। মনে মনে ছাৰ দৃঢ় সঙ্কল্পিত যদিহে ইমিগ্ৰেচন অফিচাৰক কমপ্লেইন দি কাম নহয় ধৰ্ণা দিয়াৰ দৰকাৰ ইয়াতো, শাৰীৰ মাজৰ পৰাই কিছু মানুহ নিশ্চিতভাৱে ওলাই পৰিবই…!
নানা লাঞ্ছনা- বঞ্চনা সহি ১৭ কিলোমিটাৰ মান দৈৰ্ঘৰ মস্ত শাৰীটো অতিক্ৰমী কেজেৰুছাৰে অৱশেষত মেইন গেটৰ কাষত উপস্থিত হ’ল ছাৰৰ গোটেই দেহাতে কালিমা…। ছাৰে ভবাৰ দৰেই সেইখন ভাৰতৰে নৰক ইমিগ্ৰেচনৰ দুৱাৰ, কাষত ভাৰত নৰক ইনফৰ্মেশ্বন চেন্টাৰ বুলি এটা কাউন্টাৰ… তাতে এগৰাকী উগ্ৰসুন্দৰীয়ে নিজৰ ছেলফোনত হিন্দুস্থানী পানী পানী গীত শুনি আছে ! কেজেৰু ছাৰে চিধা তাত গৈ উপস্থিত হ’ল… আৰু প্ৰথমতে ভাৰতৰ নৰকত কিবা কম শাস্তিৰ ব্যৱস্থা আছে নেকি বুলি সুধিলত গ’ম পালে যে ইলেকট্ৰিক চেয়াৰ, গৰম কয়লাৰ বিছনা আৰু বেত্ৰাঘাত সহিতে শাস্তিমূলক ব্যৱস্থা সকলোখিনি একেই ! তেতিয়া হ’লে সেই ইউৰোপিয়ান, আমেৰিকান, চাইনিজ আদি বোৰ মানুহো ইয়াত শাৰী পতাৰ কাৰণ কি ? ইয়াৰ বাবে কোন জগৰীয়া…? কিয় ইমান অৰাজকতা…? কাউন্টাৰৰ উগ্ৰসুন্দৰী জনীয়ে হাঁহি হাঁহি ক’লে- ছাৰ ইয়াত ইলেকট্ৰিক চেয়াৰতো আছে পিছে ৭ দিন মানত এবাৰ হে কিবাকৈ এঘন্টাৰ বাবে ইলেকট্ৰিচিটি আহে, কয়লা মাফিয়া কেইটাই ইয়াত কয়লা আহিপোৱাৰ আগতেই সিখিনোকো গুম কৰি দিয়ে আৰু বেত্ৰাঘাত কৰা মানুহ কেইটা অসমৰ চৰকাৰী অফিচ কেইটাৰ পৰা ডেপুটেচনত লৈ অহা… সিহঁতি ২টামান কোব মাৰাৰ পিছতে বাকিখিনি সময় চাধা-চিগাৰেট-তামোল খোৱাতে যায়… !!! কেজেৰু ছাৰে কান্ধৰ বেগটোত হাত সোমোৱাই নিজৰ মাফলাৰ আৰু টুপিটো উলিয়াই পিন্ধি ল’লে… আৰু ১৭ কি.মি. শাৰীটোত পুৰণি আমখোৱা কেইটামান পায় নেকি বিচাৰিবলৈ ধৰিলে….!!!