নৰখাদক~ উৎপল শিভম

 

মা তুমি কিয় নকলা__
মানুহৰ বেশত যা দানবো ফুৰে!
দেউতাৰ মুখৰ সাধুত কাহানিও নুশুনিলো__
নৰখাদক নৰাধমৰ ভয় লগা কাহিনী!
এতিয়া মোক দানবে পালে মা…
কামুৰি আচুৰি চিগি পেলালে..
দেউতাৰ বুকুত আলফুলে নিশা টোপনি যোৱা মোৰ___
মাখনৰ দেহা!
পৰীৰ দেশৰ কাহিনী আৰু শুনিব নাপাম মা__
ৰক্তাক্ত হল মোৰ__
গাৰ তলৰ মজিয়া!
পৰী হৈ উৰি যাম মই তৰাৰ দেশলৈ__
তোমাক মই জুমি জুমি চাম মা!
তুমি যে ইমান ধুনীয়া;
তোমাৰ বুকুৰ অমৃতৰ হেঁপাহেই নপলাল অ মা!
সপোনত আহি __
তোমাৰ আৰু দেউতাৰ মাজত শুই যাম!
মোৰ ঠাইকন খালী ৰাখিবা মা!
লাহে লাহে নেদেখা হৈ আহিচো__
পোহৰৰ ছায়া!
পিশাচবোৰে দকচি খালে তোমাৰ পৰীজনিৰ কোমল দেহা!
মা মই ডক্তৰ হম!
দেউতাক মস্ত এটা বেজী দিম!
সকলো শেষ হল মা!
দেউতালৈ মনত পৰিছে__
মোৰ ছুলিবোৰ দেউতাই বৰ ভাল পাই__
সিহঁতে আজুৰি চিগি পেলালে অ দেউতা!
মোক তুমি বজাৰৰ পৰা আনি দিয়া ফুতুকি চোলাতোও___
ফালি চিৰি নোহোৱা কৰিলে!
আইতা কত?
ককা কত__?
মোৰ যাবৰ হল অ!
পৃথিৱী চাবলৈ হেঁপাহ মোৰ___
চুবুৰি নেদেখোতেই সমাপ্তি হল!
কাৰ্টুনৰ কিতাপখন __
ৰং পেঞ্চিল বোৰ__
আৰু ডাঙৰ পুতলাটোলৈ; বৰকৈ মনত পৰিছে!
দেউতাক কবা নাকান্দিবলৈ__
ককা- আইতাক কবা
আকাশলৈ চাই মোক__
মাছ -মাম দিবলৈ!
সিহঁতবোৰ ৰক্তাক্ত কৰি মোৰ দেহ__
আঁতৰি গল মা!
এইয়া কি ….?
এজনে ডাঙি আনিছে এডাল লোৰ মাৰি!
মোৰ ভয় লাগিছে দেউতা!
মাৰ আচলখন কত?
কত মোৰ লুকাব পৰা আইতাৰ কোলা?
বুজিছো …..
মোৰ যাবৰ হল!
অ দেউতা…
অফিচ গলে সদায় যে মোক চুমা দি যোৱা!
আজি মই যাও___
মোক এটা চুমা দিয়া!
মা মোক এবাৰ সাবতি লোৱা..
মোৰ মূৰলৈ টোৱাই মাৰিডাল আগুৱাই আহিছে…;
ককা-আইতা…
মোক বিদায় দিয়া!

মূৰত আকাশখন ভাগি পৰিল___
আহ্! ! যন্ত্ৰনা!
বহুত কষ্ট পাইছো…….
দেউতা……….!
মা…………………….._!
মই আহিলো!
টা টা…… মা……
বাই বাই দেউতা!
যদি পাৰা সিহঁতক শাস্তি দিবা!
অ দেউতা! সিহঁতক ফাচি দিবা!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!