নৱবৰ্ষৰ চিন্তা: প্ৰণৱজ্যোতি বৰা

(অশ্লীলতাক প্ৰতিনিধিত্ব কৰা সকলো ধৰণৰ ৱেবচাইটলৈ পিঠি দিয়ক। মুঠেও সঁহাৰি নজনাব। বৰং উপযুক্ত ব্যৱস্থা হাতত লওক যাতে চৰিত্ৰহীন নিলাজসকলে সেইবোৰ বন্ধ কৰিবলৈ বাধ্য হয়।…

ভয়াৱহ সমস্যালৈ পৰ্যবসিত হৈ পৰিছে যৌন নিৰ্যাতনৰ ঘটনাবোৰ। ইয়াৰ পৰা সমাজখনক, দেশখনক, মানৱ সভ্যতাক মুক্ত কৰাটো অতিকৈ আৱশ্যক হৈ পৰিছে। সেয়েহে ইন্টাৰনেট আৰু কম্পিউটাৰ লগত জৰিত সকলো পক্ষলৈ বিনম্ৰ অনুৰোধ জনাইছো যাতে অশ্লীলতাক প্ৰতিনিধিত্ব কৰা সকলো ধৰণৰ ৱেবচাইটলৈ পিঠি দিয়ক। মুঠেও সঁহাৰি নজনাব। বৰং উপযুক্ত ব্যৱস্থা হাতত লওক যাতে চৰিত্ৰহীন নিলাজসকলে সেইবোৰ বন্ধ কৰিবলৈ বাধ্য হয়।

উদাহৰণ স্বৰূপে যদি আমি ফে’চবুকলৈ লক্ষ্য কৰো
অসমীয়া ছেক্স, আছাম ফোন ছেক্স, আছামিজ ছেএক্সী গাৰ্ল, আছামিজ ছেক্স চাট আদি বহু গোট আছে। লগতে বহু কেইটা অশ্লীল ৱেবচাইটত Assam বা Assamese শব্দটোৰ ব্যৱহাৰ কৰা দেখা  যায়।
ইন্টাৰনেটত অশ্লীলতাৰ লগত Assam বা Assamese শব্দটোৰ ব্যৱহাৰ কৰা সকলোৰে প্ৰতি মোৰ বিনম্ৰ অনুৰোধ যে তেওঁলোক যদি প্ৰকৃতাৰ্থত অসম মাতৃৰ সন্তান তেনেহ’লে Assam বা Assamese শব্দটো
অশ্লীলতা শূন্য অন্য কিবা গুৰুত্বপূৰ্ণ বিষয়ৰ লগতহে ব্যৱহাৰ কৰে যেন।
মোৰ বিশ্বাস নিজৰ জাতিৰ সন্মান ৰক্ষাৰ হেতুকে সকলোৱে এই বিষয়টোত গুৰুত্ব দিব।
আৰু অন্যান্য ক্ষেত্ৰতো দিহা পৰামৰ্শ দি এখন সুন্দৰ চিৰ চেনেহী অসম গঢ়াত বৰঙণি আগবঢ়াওক।
ধন্যবাদ।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!