~নৱবৰ্ষৰ প্ৰাক্ক্ষণত তোমালৈ এখন পত্ৰ ~ (পঞ্চানন প্ৰিয়ম)
~নৱবৰ্ষৰ প্ৰাক্ক্ষণত তোমালৈ এখন পত্ৰ ~ (পঞ্চানন প্ৰিয়ম)
মৰমৰ জান ,
মৰম ল’বা | চিঠি লিখাৰ অভ্যাস নাই , তোমালৈতো ফোন, এছ এম এছ কৰিয়ে থাকো | সেয়েহে মনতে ভাবিলো এইবাৰ নতুন বছৰৰ প্ৰাক্ক্ষণত তোমালৈ বুলি এখন চিঠিকে লিখো | চিঠিতনো কি লিখিম ? লিখিম বুলিতো বহুত কিবা কিবি ভাবিছিলো | কিন্তু হাতত যেতিয়া কলম তুলি ল’লো শব্দবোৰ ভাষাহীন হৈ ক’ৰবাত গৈ লুকাই থাকিল | তুমি বাৰু এতিয়া কি কৰিছা ? সাৰে আছানে ? নে নিৰ্জন ৰাতি শেতেলীত পৰি সপোন ৰাজ্যত বিচৰণ কৰিছা ? বাৰু যিয়েই ন’হওক মাজত মাত্ৰ এটা দিন | তাৰ পিছত আমি আকোৱালী ল’ম এটি নতুন বছৰ | হেৰাই যাব আমাৰ মাজৰ পৰা সুখ-দুখ , হাঁহি-কান্দোনেৰে ভৰপূৰ আন এটা বছৰ | হয়তো হেৰাই যাব পাৰো ম ই, তুমি আৰু আমাৰ বহুতো বন্ধু-বান্ধবী | জানাই মোৰটো বন্ধু-বান্ধবী বহুত | আৰু এওঁলোকৰ যত্ন ,মৰম ভালপোৱা এই বোৰৰ মাজতেইতো মই উটি ভাঁহি ফুৰো | ঋতু, শশাংক, ফাৰুক লগতে ৰাজশ্ৰী, দিপামণি, স্মিতা ইহঁতেতো মোৰ বহুত যত্ন লয় | এই যে কেতিয়াবা মই লিখা মেলা কৰোঁ, ইহঁতে মোক বহুত প্ৰেৰণা দিয়ে লগতেতো তোমাৰ উত্সাহ আছেই | আৰু ফেচবুক বন্ধু মনো দা (মনোৰঞ্জন মজুমদাৰ), ময়ূৰী বাইদেউ (Moyurie Dutta) এওঁলোকৰ লগতে প্ৰায় সকলোখিনি বন্ধু-বান্ধবীয়েই মোৰ প্ৰেৰণাৰ উত্স | অ’হ তোমাক জোনাকৰ কথা কোৱাই নাই | তাই মোৰ ভন্টি | তাই কেতিয়াবা কিছুমান নকৰিব লগিয়া কাম কৰি ফুৰে | কিন্তু কেতিয়াবা ভাল লাগে | মৰম লগা, লগতে মোৰ কবিতাৰ একান্ত ভক্ত হাঃ হাঃ | আৰু এষাৰ কথা পাহৰিছিলোয়ে, মোৰ এই বছৰৰ অন্তিম কবিতা “উকা কাগজৰ ইচ্ছাপত্ৰ” তোমালৈ উত্সৰ্গা কৰিছো | ছেঃ লিখোঁতে লিখোঁতে ঢেৰ কিবা কিবিখন লিখিলো | তুমি ছাগে পঢ়ি আমনিহে পাবা | আৰুনো কি লিখিম… যাব লগিয়া সময় বোৰতো আমাৰ মাজৰ পৰা আঁতৰিয়ে গ’ল | ধৰি ৰাখিবতো নোৱাৰি | মাথো জিপাল হৈ থাকিব এমুঠি স্মৃতি | যি স্মৃতি অনাগত ভবিষ্যতত প্ৰেৰণা হৈ থিয় দিব আমাৰ সন্মুখত | আৰু ইয়াৰ দ্বাৰাই আহিব লগা সময় বোৰক আমি নতুনকৈ তথা সুন্দৰকৈ সজাব পাৰিম | আজিলৈ আৰু নিলিখো… শেষত নতুন বছৰৰ হিয়া ভৰা উলগ যাঁচিলো | নতুন বছৰটিয়ে তোমালৈ লৈ আনক সুখ-শান্তিৰে সমৃদ্ধ অনাবিল আনন্দ | তোমাৰ জীৱন সুখৰ হওঁক এয়াই মোৰ ভগৱানৰ ওচৰত একান্ত প্ৰাৰ্থনা | লগতে তোমাৰ পৰিয়ালৰ সকলোলৈ মোৰ হিয়া ভৰা মৰম, শ্ৰদ্ধা আৰু নৱবৰ্ষৰ শুভেচ্ছা থাকিল |
ইতি
তোমাৰ প্ৰিয়ম