পঞ্চপদী পদ্য – হেমেন ডেকা


(১)
শুৱনি অসম হ’ব এদিন বিদেশীমুক্ত
হেঁপাহেৰে সজাম আমাৰ ঘৰ পৰিত্যক্ত
উভতি আহিবই আহিব সুদিন
উন্নতিৰ বজাম আমিয়েই বীণ
নেতা হৈ লওঁ, পাছতো আঁচনি কৰিম ব্যক্ত৷


(২)
আন্দোলন-ধৰ্মঘট, পথ-অৱৰোধ কৰিলোঁ বহুত
পুত্তলিকা দাহ কৰি বাটৰ নাট দেখুৱালো প্ৰভুত
চান্দা তুলি পাতো আমি সজাগতা সভা
ভোজ-ভাতে বঢ়ায় অনুষ্ঠানৰ শোভা
জাতি উদ্ধাৰৰ বহু সপোন সদায়ে ৰাখিছো বুকুত৷

(৩)

বুদ্ধিজীৱীৰ মহিমাৰ নুবুজোঁ একো মাথা মুণ্ড
বৌদ্ধিক ভেল্কিৰে সমাজক এচামে কৰে খণ্ড খণ্ড
সঁচা কোনটো মিছা কোনটো সেই কথা ধোঁৱাচ্ছন্ন
সুবিধা পালেই বাগৰ মাৰি চিত্ত কৰে প্ৰসন্ন
শব্দৰ বানত উটি ভোদা জনতাই ভোগে দণ্ড৷


Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
নীলাক্ষি দেৱী ডেকা
2 years ago

প্ৰতিবাৰৰ দৰে এইবাৰো ভাল লাগিল দাদা

Copying is Prohibited!