পঞ্চপদী পদ্য_ হেমেন ডেকা

(১)
তেৰাসৱ উচ্চাকাংক্ষাৰ দাস
ৰিপুদগ্ধ দূষিত শ্বাস-প্ৰশ্বাস

সাজে কথাৰ আল্পনা
কৰে সুন্দৰ কল্পনা

সোণসেৰীয়া গাদীৰ অভিলাষ৷

(২)
বুকুত জাগি উঠে অযুত আশা
মধুৰ কণ্ঠত অভিনৱ ভাষা

খোজত গীতৰ ছন্দ
মনত অধীৰানন্দ

ভোটৰ অংকই শেষ ভৰসা!

(৩)
আহক নিৰ্বাচন- খেলিম ভোট
মিডিয়াত দেখো বিতৰ্কৰ ভূত

ৰাইজে কি পালে
সেই অনা দেলে

আমিহে দেশ কৰিম মজবুত!

(৪)
বুদ্ধিত বিয়াগোম বিমৰিষ বৰুৱা
বাৰেবঙলুৱা বাদ্য বজায় বঢ়িয়া

বাদনৰ বিপুল বাহাৰ
বাটে বাটে ব্যাকুল বিহাৰ

বাখৰুৱা ব্যঞ্জনাত বিভোৰ বাটৰুৱা৷

(৫)
পেচাত পৰিৱৰ্তনকাৰী পণ্ডিত
পুৰস্কাৰ পালে পৰমাকাংক্ষিত

প্ৰচণ্ড প্ৰচাৰ প্ৰত্যাশী
প্ৰচুৰ প্ৰশস্তি পিপাসী

প্ৰীতিভোজনত পৰাণ প্ৰফুল্লিত!

(৬)
কথা-কাণ্ডত কপটতা
কূটনীতিক কাণ কটা

কণ্ঠ কোকিল
কিন্তু কুটিল

কাজিয়াত কি কুশলতা!

(৭)
অদ্ভুত ঐক্যৰ ভাঙোন
অপ্ৰীতি অতিকৈ আপোন

অপূৰ্ণ আশা
অচিন তৃষা

অতল তলিত সপোন৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!