পত্নী- মূল: জৈনেন্দ্ৰ কুমাৰ – অনুবাদ: মিতালী বৰ্মন

 চহৰৰ এটি পৰিত্যক্ত ঘৰ৷ সন্মুখৰ চৌকাত অঙঠা লৈ ঘৰটোৰ দ্বিতীয় মহলাত এগৰাকী নাৰী বহি আছে৷ অঙঠাৰ জুই লাহে লাহে ছাঁই হৈ গৈ আছিল৷ তাইহে জানো কি ভাবি আছিল; বয়স প্ৰায় বিশ-বাইশমান হ’ব, শাৰীৰিকভাবে কিছু ক্ষীণ আৰু সম্ভ্ৰান্ত কুলৰ বুলি অনুমান কৰিব পাৰি৷

এটাৰ পাছত আনটো অঙঠা পুৰি ছাঁই হোৱা জুইলৈ তাইৰ নজৰ গ’ল৷ আঁঠুৰ ওপৰত হাতেৰে ভেঁজা দি তাই উঠিল৷ উঠি গৈ অলপ কয়লা আনিলে৷ কয়লাখিনি জুইত ঢালি দি একাষৰীয়াকৈ এনেকৈ বহিলে যেন এতিয়া কি কৰিব তাকেই মনত পেলাবলৈ যত্ন কৰিছে৷ ঘৰতো আন কোনো নাই আৰু সময়ো নিশা বাৰ বাজি গ’ল৷

ঘৰটোত মাথোঁ দুটাই প্ৰাণী- পতি আৰু পত্নী৷ মানুহজন ৰাতিপুৱাই যি ওলাই গ’ল এতিয়ালৈ উভতি অহা নাই আৰু মানুহজনীয়ে চৌকাৰ গুৰিতে বহি ৰৈ আছে৷

সুনন্দাই ভাবে- নাই ভাবেনো ক’ত? অচল ভাবেৰেইতো তাই তাতে বহি আছে৷ ভাবিবই যদি লাগে তেন্তে কয়লাবোৰ যাতে নুনুমায় তাকেহে ভবা উচিত৷

… তেওঁ জানো কেতিয়া আহিব? এক বাজি গ’ল৷ যিয়েই নহওক লাগিলে, মানুহে নিজৰ শৰীৰটোৰ যত্ন ল’ব লাগে৷ … আৰু সুনন্দা বহি আছিল৷ তাই একো কৰি থকা নাছিল৷ যেতিয়া তেওঁ আহিব তেতিয়া ৰুটি সেকি দিব৷ তেওঁ বা ক’ত ক’ত ইমান সময় লগায়! আৰু কিমান পৰ বহিম? মোৰ দ্বাৰা বহি থকাটো সম্ভৱ নহয়৷ কয়লাবোৰতো জুইৰ উত্তাপ বিৰিঙি উঠিছে৷ তাই বিতুষ্ট হৈ আঙঠাৰ ওপৰত তাৱাখন পাতি দিলে৷ নাই, এতিয়া তাই ৰুটি সেকিয়ে পেলাব৷ বিৰক্তি আৰু খঙত তাই আটাৰ থালখন সশব্দে মুখৰ আগলৈ টান মাৰি আনিলে আৰু ৰুটি বেলিবলৈ ধৰিলে৷ কিছুসময় পাছত তাই সিহঁতৰ চিৰিত শব্দ শুনিলে৷ তাইৰ মুখখনলৈ যেন কিছু তন্ময়তা আহিল৷ কিছু মুহূৰ্তৰ বাবে সেই আভা তাইৰ মুখত ৰৈ নোহোৱা হ’ল আৰু তাই আগৰদৰে কাম কৰি থাকিল৷

কালিন্দীচৰণ, তাইৰ মানুহজন আহিল৷ তেওঁৰ পিছে পিছে তেওঁৰ তিনিজন বন্ধুও আহিল৷ নিজৰ মাজতে কথা পাতি আহিছিল আৰু বেছ উত্তেজিত হৈ আছিল৷ কালিন্দীচৰণে তেওঁৰ বন্ধু তিনিজনৰ সৈতে চিধাই নিজৰ কোঠালিলৈ সোমাই গ’ল৷ তেওঁলোকৰ মাজত বিতৰ্ক চলি আছিল৷ কোঠালিত সোমাই মুহূৰ্তমানৰ বাবে ৰৈ আকৌ আৰম্ভ কৰিলে৷ এই চাৰিওজন মানুহে দেশ উদ্ধাৰ কৰিবলৈ কঁকালত টঙালি বান্ধিছে৷ সেই বিষয়তে আলোচনা হৈ আছিল৷ ভাৰতমাতাক স্বতন্ত্ৰ কৰিবই লাগিব- আৰু এয়া নীতি-অনীতি, হিংসা-অহিংসালৈ চোৱাৰ সময় নহয়৷ মিঠা কথাৰ বহুত পৰিণাম পোৱা গ’ল৷ মিঠা কথাৰে বাঘৰ মুখৰ পৰা নিজৰ মূৰটো বাহিৰলৈ উলিয়াই আনিব নোৱাৰি৷ সেই সময়ত বাঘটো হত্যা কৰাই একমাত্ৰ উপায়৷ সন্ত্ৰাস! অ হয়, সন্ত্ৰাস! আমি সন্ত্ৰাসবাদলৈ ভয় কৰা উচিত নেকি? কিছুমান এনে মানুহো আছে যিয়ে কয়, “সন্ত্ৰাসবাদী মুৰ্খ, সিহঁত কালিৰ শিশু৷“ হয়, সিহঁত হয় মুৰ্খ আৰু কালিৰ শিশু৷ সিহঁতক বয়সোপলব্ধ বুদ্ধিৰ প্ৰয়োজন নাই৷ আমাৰ নিজে জীয়াই থাকিবলৈ অভিলাষ নাই৷ আমাৰ নিজৰ পুত্ৰ-কন্যালৈ মোহ নাই৷ আমাৰ বাবে ধন-সম্পদৰো একো গৰজ নাই৷ তেন্তে আমি মৰিবলৈ কিয় মুক্ত নহয়? উৎপীড়নৰ উপশম ঘটাবলৈ কিছু উৎপীড়নৰ অৱকাশ হ’বই! যিয়ে ভয় কৰে এইবোৰলৈ সিহঁতে ভয় কৰি থাকক৷ ভয় আমাৰ দৰে ডেকাসকলৰ বাবে নহয়৷

তাৰপাছত এই চাৰিওজন মানুহে নিজে কি কি কৰা উচিত তাৰে আলোচনা কৰিবলৈ ল’লে৷

এইসময়তে হঠাৎ কালিন্দীচৰণৰ মনত পৰিল যে তেওঁ নৈশ আহাৰ খোৱা নাই আৰু তাৰ বন্ধুসকলকো খোৱাৰ কথা সোধা নাই৷ সেইবাবে তেওঁ বন্ধুসকলৰ ওচৰত ক্ষমা বিচাৰি তাৰ পৰা উঠিল আৰু সুনন্দাৰ কাষ পালেগৈ৷

সুনন্দা য’ত আছিল তাতেই আছে৷ তাই ৰুটি সেকি উঠিছিল৷ তাৱাখন লুটিয়াই চৌকাৰ কয়লাৰ আঙঠাবোৰ হেঁচা মাৰি থোৱা হৈছিল৷ তাই দুহাতৰ আঙুলিত মূৰটো ভেজা দি বহি আছিল৷ তেনেকৈ বহি বহি যেন তাই উদাস হৈ পৰিছিল৷ তাইৰ স্বামী কালিন্দীচৰণে বন্ধুসকলৰ লগত কিয় আৰু কি কথা পাতি আছিল তাই সকলো শুনি আছিল৷ সেই উদ্যমৰ কাৰণ তাই বুজি নাপায়৷ উৎসাহ তাইৰ বাবে এক অপৰিচিত সংজ্ঞা৷ সেয়া তাইৰ বাবে কিছু নিলগৰ বস্তু; আকাংক্ষিত, মনোৰম আৰু চিৰসেউজ৷ তাই ভাৰতমাতাৰ স্বতন্ত্ৰতাৰ কথা বুজিবলৈ বিচাৰে, কিন্তু না তাই ভাৰতমাতা বুজি পায় না স্বতন্ত্ৰতা৷ তাই এই মানুহবোৰে ইমান উছাহত পাতি থকা কথাবোৰৰ একো অৰ্থ বুজি নাপায়৷ তথাপি তাইৰ প্ৰকৃত উদ্যমৰ প্ৰতি বৰ আকাংক্ষা আছে৷ জীৱনৰ চেতনা যেন লাহে লাহে তাইৰ মনৰ মাজত নুমাই আহিবলৈ ধৰিছে, তথাপি তাই জীয়াই থাকিব বিচাৰে৷ তাইৰ বৰকৈ হেঁপাহ জাগে যে তাইৰ মানুহজনে তাইৰ লগতো দেশৰ কিছু কথা পাতিব৷ হয় তাইৰ বুদ্ধি অলপ কম কিন্তু লাহে লাহে তায়ো বুজি নাপালেহেঁতেন নেকি! তাই ভাবে, কমকৈ পঢ়া-শুনা কৰিলোঁ, তাতনো মোৰ কি দোষ? এতিয়াতো পঢ়িবলৈ সাজু! কিন্তু পত্নীৰ লগত পতিৰ ধৈৰ্য হেৰাই যায়৷ যিহওক, তাই ভাবে যে তাইৰ কাম সেৱা-সৎকাৰ কৰাহে৷ মাত্ৰ ইয়াকে সাৰোগত কৰি কিবা বুজি পোৱাৰ ইচ্ছাকো তাই এৰি পেলাইছে৷ তাই অলসভাবে তাইৰ স্বামীৰ লগত থাকে আৰু কেতিয়াও তেওঁৰ পথত বিঘিণি হ’বলৈ নিবিচাৰে৷ তাই মাথোঁ ইমানেই বুজি পায় যে যদি তাইৰ মানুহজনে আৰামী জীৱন এৰিছে, ঘৰ-বাৰী এৰিছে, জানি-বুজি বিধ্বস্ত আৰু বিপৰ্যস্ত জীৱন এটা বাচি লৈছে এয়াও নিশ্চয় কিবা ভালৰ বাবেই কৰিছে৷ এই কথাটোকে মুঠি বান্ধি ধৰি তাই তিলমানো আপত্তি নকৰাকৈ গিৰিয়েকৰ লগত থাকি প্ৰতিটো বিপদ-বিঘিনি পাৰ কৰি আহিছে৷ “তুমি কিয় মোৰ লগত কষ্ট খাব লাগে“- এইবুলিও মানুহজনে কৈছিল আৰু তেওঁৰ এই কথাত তাই স্তব্ধ হৈ পৰিছিল৷ ভাবি ভাবি পাৰ নাপালে যে চোৱা কেনে এক কথা ক’লে! তাই জানে যে যাক চৰকাৰ বুলি কোৱা হয় সেই চৰকাৰখন এওঁলোকৰ এই কাম-কাজত অসন্তুষ্ট৷ চৰকাৰ চৰকাৰেই৷ তাইৰ মনত কোনো স্পষ্ট ধাৰণা নাই যে দৰাচলতে চৰকাৰ মানে কি! কিন্তু এই যিবোৰ বিষয়া আছে, তেওঁলোক সাংঘাতিক শক্তিশালী আৰু তেওঁলোকৰ ওচৰত নানা ধৰণৰ শক্তি আছে৷ এই ফৌজ, পুলিচ-চিপাহী আৰু মেজিষ্ট্ৰেট আৰু মুন্সি, চাপ্ৰাচী আৰু থানেদাৰ আৰু ভাইচৰয়- এই সকলোবোৰ চৰকাৰী৷ এইসকলৰ লগত কিদৰে যুদ্ধ কৰিব পৰা যাব! হাকিমৰ লগত কাজিয়া কৰা ভাল কথা নহয়, কিন্তু এওঁ এই যুদ্ধৰ বাবেই শৰীৰ-মন একাকাৰ কৰি সাজু হৈ আছে৷ যিহওক; কিন্তু এওঁলোকে ইমান চিঞৰি চিঞৰি কিয় কথা পাতে? তাই এইটোৱে বেয়া পায়৷ সাধাৰণ পোচাক পিন্ধা পুলিচৰ মানুহ এজন অনবৰত সিহঁতৰ ঘৰৰ বাহিৰত টহল দি থাকে৷ এওঁলোকে সেই কথাটোনো কিয় পাহৰি যায়? ইমান চিঞৰি চিঞৰি কিয় কথা পাতে?

বহি বহি তাই এইবোৰ কথাকে মনৰ মাজত পাগুলি আছিল৷ দুই বাজিবৰ হ’ল৷ তেওঁলোকৰ খোৱা-বোৱালৈয়ো মন-কাণ নাই আৰু মোলৈয়ো৷ মোৰতো বাৰু একো নহয়, কিন্তু নিজৰ শৰীৰলৈতো যত্ন দিব লাগে! এনেকুৱা অমনোযোগিতাৰ বাবেইতো সেই সন্তানটো হেৰাই গ’ল৷ তাইৰ মনটো যিমানেই ইফালে-সিফালে ব্যস্ত নাৰাখক কিয়, কিন্তু যেতিয়াই অকলে থাকে অৱশেষত ঘূৰি-ঘূৰি মনটো সেই সন্তানটোৰ অনুপস্থিতিত আহি থমকি ৰয়৷ তেতিয়া তাইৰ সন্তানটিৰ সেই কথাবোৰ- সেই মৰম লগা চকুযুৰি, সৰু সৰু আঙুলিবোৰ আৰু অকণমানি ওঁঠলৈ মনত পৰে৷ সেই কল্লোল মনত পৰে৷ তাৰ মৃত্যুটো সকলোতকৈ বেছিকৈ মনত পৰে৷ এই মৃত্যু মানে কি? মৃত্যুৰ কথা তাই ভাবিবও নোৱাৰে৷ যদিও তাই জানে যে সকলোৱে এদিন নহয় এদিন মৰিব লাগিব, তাই মৰিব, তাইৰ মানুহজন মৰিব৷ কিন্তু মুহূৰ্তমানৰ বাবে ভুলতেও সেই কথা ভাবিলে তাই ভয়ত কঁপি উঠে৷ এয়া তাই সহিব নোৱাৰে৷ সন্তানটিৰ স্মৃতিয়ে তাই প্ৰতিবাৰে কোবাই থৈ যায়৷ তেতিয়া তাই বিহ্বল হৈ চকুযুৰি মছে আৰু হঠাতে ইফাল-সিফালৰ কিছুমান কাম উলিয়াই লৈ সেইবোৰত নিজক ব্যস্ত কৰি লয়৷ কিন্তু যিমানে যি নকৰক কিয়, অকলশৰে থকা সময়ত ৰৈ ৰৈ সেই মৃত্যুৰ কথা, মৃত্যুৰ চিন্তা তাইৰ মনলৈ আহি থাকে আৰু তাই অসহায় হৈ পৰে৷

তাই উঠিল৷ উঠি গৈ এতিয়া বাচনবোৰ মাজি পেলাব, চৌকাটোও চাফা কৰিব৷ উস্ এনেয়ে বহি মই কি কি যে ভাবি থাকোঁ!

এনেতে কালিন্দীচৰণ চৌকাৰ কাষলৈ আহিল৷

সুনন্দাই কঠোৰ দৃষ্টিৰে শূন্যলৈ চাই থাকিল, তাইৰ মানুহজনলৈ নাচালে৷

কালিন্দীয়ে ক’লে, “সুনন্দা, খোৱা মানুহ আমি চাৰিজন৷ ৰন্ধা-বঢ়া হৈ গ’লনে?“

সুনন্দাই আচাৰৰ থাল, বেলনা-বেলনামাৰি, ডেক্সি আৰু খালী বাচন-বৰ্তনবোৰ সামৰি উঠি গ’ল, একোকে নক’লে৷

কালিন্দীয়ে ক’লে, “শুনিছানে, মোৰ লগত আৰু তিনিজন মানুহ আছে৷ খাবলৈ ৰান্ধিব পৰিবা যদি কোৱা নহ’লে এইখিনিৰে কাম চলাম৷“

সুনন্দাই একোকে নক’লে৷ মনেমনে তাইৰ খুব খং উঠিল৷ এওঁ তাইৰ লগত ক্ষমাপ্ৰাৰ্থীৰ দৰে কথা কিয় কৈছে, হাঁহিমুখে ক’ব নোৱাৰে নেকি যে খাবলৈ আৰু অলপ কিবা ৰান্ধি দিয়া৷ যেন মই কোনোবা পৰহে! ভাল কথা বাৰু, তেন্তে ময়ো কাৰো গোলাম নহওঁ যে কেৱল এওঁৰে কামত লাগি থাকিম৷ মই খোৱা-চোৱাৰ কথা একো নাজানো আৰু তাই মৌন হৈয়ে ৰ’ল৷

কালিন্দীচৰণে অলপ টানকৈ ক’লে, “সুনন্দা!“

সুনন্দাৰ মনৰ ভিতৰত এনে এক আন্দোলন জাগ্ৰত হ’ল যে হাতত থকা ডেক্সিটো খুব জোৰেৰে দলি মাৰি দিলে৷ তাই কাৰো খং সহিবলৈ নহয়৷ তাইৰ মনলৈ এবাৰো নাহিল যে অলপ আগেয়ে এই মানুহজনলৈ কেনে এক প্ৰেম আৰু হিতৰ কথা চিন্তা কৰি বহি আছিল৷ এই মুহূৰ্তত তাই ভিতৰি ভিতৰি খঙত দগ্ধ হৈ গৈছে৷

“কিয়? কথা এটা ক’বও নোৱাৰা নেকি?“
সুনন্দাই নামাতিলে৷
“তেন্তে ভাল কথা বাৰু! কোনেও একো নাখায়৷“

এইদৰে কৈ খঙতে হাত-ভৰি আচাৰি কালিন্দীচৰণ উভতি গ’ল৷

কালিন্দীচৰণক তেওঁৰ দলত উগ্ৰ বুলি কোৱা নাযায়, কিছু পৰিমাণে তেওঁক উদাৰ বুলিহে কোৱা হয়৷ লগৰ বেছিভাগে বিবাহিত, কিন্তু কালিন্দীচৰণ কেৱল বিবাহিতই নহয়, ইতিমধ্যে তেওঁ এটি সন্তান হেৰুৱাই পেলাইছে৷ দলত তেওঁৰ কথা-বতৰাৰ মান আছে৷ দলৰ কিছু মানুহ তেওঁৰ ঢিলা মনোভাৱৰ বাবে অসন্তুষ্টও হৈ আছে৷ তেওঁ দলত বিবেকৰ প্ৰতিনিধি আৰু সদস্যসকলৰ অতপালি কমোৱাত হাঁকোটাৰ দৰে কাম কৰে৷

বিতৰ্কটো এইবাবেই হৈছিল কাৰণ কালিন্দীৰ মতে আমি সন্ত্ৰাস পৰিত্যাগ কৰাৰ দিশে ধাৱমান হ’ব লাগে৷ সন্ত্ৰাসৰ দ্বাৰা বিবেক কুণ্ঠিত হয় আৰু ইয়াৰ ফলত মানুহ হয় উত্তেজিত হৈ থাকে নহয় ভয়ত সংকুচিত হৈ থাকে৷ এই দুয়োটি পৰিস্থিতিয়ে ভাল নহয়৷ আমাৰ লক্ষ্য চাৰিওফালে বুদ্ধিক জাগ্ৰত কৰাৰহে, আতংকিত কৰা নহয়৷ চৰকাৰে ব্যক্তি আৰু ৰাষ্ট্ৰৰ বিকাশৰ ওপৰত বহি তাক তল পেলাবলৈ বিচাৰিছে৷ বিকাশৰ পথৰ এই অৱৰোধকে আমি আঁতৰাবলৈ বিচাৰোঁ- এইটোকেই মুক্ত কৰিবলৈ বিচাৰো৷ সন্ত্ৰাসৰ দ্বাৰা এই কামটো নহ’ব৷ যিসকল বল-শক্তিৰ অহংকাৰত উন্মত্ত হৈ আছে, সেইসকলৰ সেই অহংকাৰ আঁতৰাই তেওঁলোকৰ মনত কৰ্তব্যৰ ভাৱনাৰ উদয় কৰোৱাটোহে আচল কাম৷ আমি স্বীকাৰ কৰিব লাগিব যে এই অহংকাৰ ঠেকা-খুন্দা খাই, আহত হৈহে নাইকিয়া হ’ব৷ এই আঘাত দিবলৈ আমি অৱশ্যে সাজু হৈ থাকিব লাগিব, কিন্তু এইধৰণৰ সৰু-সুৰা কথাবোৰ উচিত নহয়৷ ইয়াৰ পৰা চৰকাৰৰ একো বিঘিনি নহয়, ইয়াৰ বিপৰীতে সিহঁতে নিজৰ কাম কৰাৰ প্ৰাসংগিকতাৰ ওপৰত সন্তুষ্টহে হ’ব৷

কিন্তু যেতিয়া সুনন্দাৰ কাষৰ পৰা উলটি আহিল তেতিয়া কালিন্দীক নিজৰ পক্ষত দৃঢ় হৈ থকা যেন নালাগিল৷ তেওঁ যেন “হয়, সন্ত্ৰাসৰো প্ৰয়োজন আছে“ বুলিও সহমত দিব৷ তেওঁ ক’লে, “এয়া ভাল হ’ল যে আমি অলপ কাম আৰম্ভ কৰি দিলোঁ৷“ তাৰ লগে লগে আকৌ ক’লে, “আপোনালোকৰ ভোক লগা নাইনে? তেওঁৰ গা ভাল নহয়, সেইবাবে ইয়াততো ৰন্ধা-বঢ়া কৰা হোৱা নাই৷ কওকচোন কি কৰা যায়! ক’ৰবাৰ হোটেললৈ যায় নেকি?“
এজনে ক’লে যে বজাৰৰ পৰা কিবা খোৱা বস্তু ঘৰলৈ অনোৱা হওক৷ আন এজনে ক’লে যে হোটেললৈয়ে যোৱা হওক৷ এইদৰে কথা-বতৰা পাতি থাকোঁতে সুনন্দাই এখন ডাঙৰ থালত খোৱাবস্তুবোৰ সাজি তেওঁলোকৰ মাজত থ’লে আৰু থৈয়ে একো নোকোৱাকৈ গুচি গ’ল৷ আকৌ এবাৰ আহি থালখনৰ ওচৰত চাৰি গিলাচ পানী থৈ আগৰবাৰৰ দৰে একেদৰে নিৰবে গুচি গ’ল৷

কালিন্দীক যেন কিবা এটাই খোঁচ মাৰি গ’ল৷

তিনিওজন বন্ধু মৌন হৈ ৰ’ল৷ পতি-পত্নীৰ মাজত যে কিবা এটা সংঘাত চলি আছে তেওঁলোকে অনুভৱ কৰিব পাৰিলে৷ শেষত এজনে কৈ উঠিল, “কালিন্দী, তুমিতো কৈছিলা যে ঘৰত খাদ্য প্ৰস্তুত কৰা হোৱা নাই৷ “
কালিন্দীয়ে তৎক্ষণাত ক’লে, “মানে মই বুজাব বিচাৰিছিলোঁ যে পৰ্যাপ্ত পৰিমাণে নাই৷“
আন এজনে ক’লে, “যথেষ্ট আছে৷ সব চলি যাব৷“
“চাওঁচোন, আৰু কিবা আছে নেকি!“ এইবুলি কালিন্দী উঠি গ’ল৷

আহি সুনন্দাক ক’লে, “তোমাক তালৈ খোৱাবস্তু লৈ যাবলৈ কোনে কৈছিল? মই কি কৈছিলোঁ?“
“যোৱা থালখন উঠাই লৈ আহাগৈ৷ আমি কোনেও ইয়াত নাখাওঁ৷ আমি হোটেললৈ যাম৷“

সুনন্দাই একো নক’লে৷ কালিন্দীও কিছু পৰ নিতাল মাৰি তাতে থিয় হৈ থাকিল৷ বহুধৰণৰ কথা তেওঁৰ মনলৈ আৰু ডিঙিৰ কাষলৈ আহি থাকিল৷ তেওঁ তেওঁৰ অপমান হোৱাটো বুজি পাইছিল আৰু এই অপমান তেওঁৰ বাবে অসহনীয় আছিল৷

তেওঁ ক’লে, “কোনোবাই যে কিবা কৈ আছে একো শুনা নাই নেকি? কিয়?“
সুনন্দাই আকৌ মুখখন আনফালে ঘূৰাই দিলে৷
“মই ইয়াত অবাবত বকি থাকিবলৈ ৰৈ আছোঁ নেকি?“
সুনন্দা ভিতৰি ভিতৰি অসহ্য হৈ উঠিছিল৷
“মই সুধিছো যে মই কৈ থৈ যোৱাৰ পাছতো খোৱাবস্তু লৈ যোৱাৰ কি দৰকাৰ আছিল?“ সুনন্দাই উভতি চালে আৰু নিজৰ মাতটো যথাসম্ভৱ কোমল কৰি ক’লে, “নোখোৱা নেকি! এক বাজি গ’ল দেখোন!“
কালিন্দী নিৰস্ত্ৰ হ’বলৈ ধৰিলে আৰু এয়া তেওঁ ভালকৈ বুজি উঠিল৷ এইবাৰ তেওঁ যেন ধমকিৰ সুৰত সুধিলে, “আৰু খোৱাবস্তু আছেনে?“
সুনন্দাই লাহেকৈ ক’লে, “আচাৰ লৈ যোৱা৷“
“আৰু খোৱাবস্তু নাই! বাৰু দিয়া আচাৰ৷“
সুনন্দাই আচাৰ আনি দিলে আৰু কালিন্দীও গুচি গ’ল৷

সুনন্দাই নিজলৈ বেলেগকৈ একো উলিয়াই ৰখা নাছিল৷ তাইৰ মনলৈ নাহিলেই যে তায়ো খাব লাগে৷ এতিয়া কালিন্দী ওলাই যোৱাৰ পৰতহে যেন তাইৰ মনত পৰিল যে তাই নিজলৈ একো উলিয়াই নাৰাখিলে৷ তাইৰ নিজৰ ওপৰতে খং উঠিল৷ তাইৰ মনটো কঠোৰ হ’ল; এইবাবে নহয় যে তাই খোৱাবস্তু বেলেগকৈ উলিয়াই নাৰাখিলে৷ এইক্ষেত্ৰততো তাইৰ মনত স্বাভিমান জাগি উঠে৷ মনটো ইমান পৰ্য্যন্ত কঠোৰ হ’ল যে তাই ভাবিলে, এনে কথানো তাই কিয় ভাবিব লাগিছে? ছিঃ এয়াও ভাবিবলগীয়া কথানে? আৰু তেতিয়াই বিতৃষ্ণাৰ ভাবটো বাঢ়ি গ’ল৷ তেওঁ এবাৰো নুসুধিলে, তুমি কি খাবা- হঠাৎ এই ভাবটোৱে তাইৰ মনটো কোবাই জোকাৰি থৈ গ’ল৷ মই খাম আৰু তেওঁৰ বন্ধু ভোকত থাকিব- এয়া মই কৰিব বা সহিব পাৰিলোঁহেঁতেন নেকি? কিন্তু তেওঁ যদি এবাৰ সুধিলেহেঁতেন কিনো হ’লহেঁতেন! এই কথাটোৰ বাবে তাইৰ মনটো ভাগি চুৰমাৰ হোৱাৰ দৰে হ’ল৷ তাইৰ যিকণ মান আছিল সেইকণো যেন মাটিত মিহলি হৈ গ’ল৷ ৰৈ ৰৈ তাই নিজকে তিৰস্কাৰ কৰি ক’বলৈ ধৰিলে, “ছিঃ ছিঃ সুনন্দা, এই সৰু-সুৰা কথাবোৰ তই এতিয়াও ধৰি থাকনে? তেওঁৰ বাবে এৰাতি লঘোণে থকাৰ পূণ্য আৰ্জিবলৈ পোৱা বাবে তই সুখীহে হ’ব লাগে৷ মইনো কিয় তেওঁক বিৰক্ত কৰিব লাগে? এতিয়াৰ পৰা একো অশান্তি নিদিওঁ৷ কিন্তু তেওঁ নিজৰ শৰীৰৰতো যত্ন নলয়৷ এইটো ভাল কথা নহয়৷ মই কি কৰোঁ?

তাই বাচন মাজিবলৈ আৰম্ভ কৰিলে৷ তেওঁলোকে চিঞৰি চিঞৰি কথা-বতৰা পতা তাইৰ কাণত পৰিল৷ মাজে মাজে হাঁহিৰ খলকনিও শুনা গ’ল৷ হঠাৎ তাইৰ ভাব হ’ল, বাচনখিনি পিচতো মাজিব পৰা যাব৷ যদি তেওঁলোকক কিবা লাগে- এয়া ভাবিয়ে তাই ল’ৰালৰিকৈ হাত ধুই সেই কোঠালিটোৰ দুৱাৰৰ বাহিৰত বেৰত আউজি থিয় হৈ থাকিল৷

এজন বন্ধুৱে ক’লে, “আৰু আচাৰ আছে নেকি? আৰু অলপ আচাৰ আনিবলৈ কোৱা বন্ধু৷“

কালিন্দীয়ে অভ্যাসবশতঃ চিঞৰি মাত লগালে, “আচাৰ আনা, আচাৰ৷“ যেন সুনন্দা ক’ৰবাত বহু দূৰতহে আছিল৷ কিন্তু তাইতো বাহিৰতে বেৰৰ লগত চেপেটা লাগি ৰৈ আছিল৷ তাই আচাৰ আনি চুপচাপ থ’লে৷
তাইক কোঠালিটোৰ পৰা যাবলৈ ওলোৱা দেখি কালিন্দীয়ে অলপ ডাঙৰকৈ ক’লে, “অলপ পানী লৈ আনিবা৷“

সুনন্দাই পানী আনি দিলে৷ দি কোঠালিটোৰ পৰা ওলাই আহিল আৰু দুৱাৰৰ কাষত আগৰ দৰে থিয় হৈ থাকিল যাতে তেওঁলোকে কিবা বিচাৰিলেই লগে লগে আনি দিব পাৰে!
********************

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!