পত্নী ১.০ ছফ্টৱেৰ (গীতাৰ্থ বৰদলৈ)

পত্নী ১.০ ছফ্টৱেৰ

গীতাৰ্থ বৰদলৈ

প্ৰতি কাৰিকৰী সহায়কৰ্তা,

যোৱা বছৰ মই বান্ধৱী ৭.০ৰ পৰা পত্নী ১.০ লৈ আপগ্ৰে’ড কৰিলোঁ। তাৰ পিছতে মই মন কৰিলোঁ যে নতুন প্ৰ’গ্ৰেমটোৱে হঠাৎ সন্তান প্ৰ’চেছিং আৰম্ভ কৰিলে যাৰ ফলত বহু মূল্যৱান সম্পদ আৰু ঠাই নোহোৱা হ’ল।

তাৰ লগতে পত্নী ১.০য়ে নিজে নিজে আন প্ৰ’গ্ৰেমসমূহতো কিবা বাগ্‌ ইন্‌ষ্টল কৰি এতিয়া গোটেই ছীষ্টেমৰ কাম-কাজত চকু ৰাখে।

এতিয়া তাচ ১০.৩, মদ্যপান ৫.০, নৈশআড্ডা ৭.৫, ফে’চবুক ৩.৬ আদি এপ্লিকেচনবোৰ নচলে। সেইবোৰ বাছনি কৰিলেই ছীষ্টেম ক্ৰাছ্‌ হৈ যায়! সেইবোৰ এপ্লিকেচন চলাবলৈ পত্নী ১.০ক বেক্‌গ্ৰাউণ্ডত ৰাখিবও নোৱাৰোঁ। মই মাজে মাজে পুনৰ বান্ধৱী ৭.০লৈ ঘূৰি যোৱাৰ কথা ভাবোঁ কিন্তু সেইটো কৰিবলৈ পত্নী ১.০ যে আন-ইনষ্টলেই নহয়!

অনুগ্ৰহ কৰি সহায় কৰক!

ধন্যবাদেৰে
এজন বিপদত পৰা ব্যৱহাৰকাৰী

 

উত্তৰ:

প্ৰিয় ব্যৱহাৰকাৰী,

এই সমস্যাটো পুৰুষৰ মাজত প্ৰায়েই দেখা যায়।

বহু লোকে বান্ধৱী ৭.০ৰ পৰা পত্নী ১.০লৈ আপগ্ৰে’ড কৰি ভাবে যে এইটো কেৱল এটা মনোৰঞ্জক আৰু সৰু-সুৰা কাম কৰিব পৰা প্ৰ’গ্ৰেম।

পত্নী ১.০ এটা “অ’পাৰেটিং ছীষ্টেম” আৰু ইয়াক উদ্ভাৱকে ‘সকলো’ বস্তু ৰান্‌ কৰিবলৈ ডিজাইন কৰিছে! পত্নী ১.০ক ডিলিট কৰি বান্ধৱী ৭.০লৈ ঘূৰি যোৱাটো, বা ইন্‌ষ্টল কৰাৰ পিছত তাৰ ফাইলবোৰ মচি পেলোৱাটো অসম্ভৱ।

আপুনি বান্ধৱী ৭.০ লৈ ঘূৰি যাব নোৱাৰে কাৰণ এই অনুমতি দিবলৈ পত্নী ১.০ক ডিজাইন কৰা হোৱা নাই।

অপোনাৰ পত্নী ১.০ মেনুৱেলখন খুলি “সতৰ্কবাণী- সহায়/সন্তান সহায়” অনুচ্ছেদটো চাওক। মোৰ মতে আপুনি পত্নী ১.০ক ৰাখি অৱস্থাটো উন্নত কৰিবলৈ চেষ্টা কৰক। আপুনি “হয় সোণজনী” নামৰ বেক্‌গ্ৰাউণ্ড এপ্লিকেছনটো ইন্‌ষ্টল কৰি মূল ছফ্টৱেৰটোৰ কাম-কাজ মসৃণ কৰাৰ চেষ্টা চলাব পাৰে।

আটাইতকৈ ভাল উপায় হ’ল- আপুনি কমাণ্ড “C: ক্ষমা” টাইপ কৰক, কাৰণ ছীষ্টেম সাধাৰণ অৱস্থালৈ আহিবৰ বাবে আপুনি অৱশেষত ‘ক্ষমা’ কমাণ্ড টিপিবই লাগিব।

পত্নী ১.০ এটা অতি ভাল প্ৰ’গ্ৰেম। মাত্ৰ ইয়াক খুব ভালকৈ চোৱা-চিতা কৰি থাকিব লাগে। পত্নী ১.০ৰ লগতে কেইবাটাও ছাপ’ৰ্ট প্ৰ’গ্ৰেম থাকে যেনে- ঘৰ সৰা ৩.০, ৰন্ধন ১.৫, শুশ্ৰুষা ৪.২ আদি।

কিন্তু আপুনি এই প্ৰ’গ্ৰেমবোৰ ব্যৱহাৰ কৰোঁতে সাৱধান হওক। ভালদৰে ব্যৱহাৰ নকৰিলে ছীষ্টেমে “গালি-শপনি ৯.৫” প্ৰ’গ্ৰেমটো মুকলি কৰিব। তেতিয়া ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু পত্নী ১.০ৰ দক্ষতা বঢ়াবৰ বাবে কিছুমান অতিৰিক্ত ছফ্টৱেৰ কিনিব লাগিব। তাৰে ভিতৰত উপযুক্ত হ’ব “শাৰী ২.১” বা “গহণা ৫.০”!

সতৰ্কবাণী:
কোনো পৰিস্থিতিতে “চুটি কাপোৰ পিন্ধা ছেক্ৰেটেৰী ৩.৩” এপ্লিকেচনটো ইন্‌ষ্টল নকৰিব! পত্নী ১.০য়ে এই এপ্লিকেচনটো সমৰ্থন নকৰে আৰু ফলত অ’পাৰেটিং ছীষ্টেমৰ অপূৰণীয় ক্ষতি হ’ব পাৰে।

ধন্যবাদেৰে
কাৰিকৰী সহায়ক

(উৎস: ইণ্টাৰনেট, লেখক: অজ্ঞাত)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!