পত্ৰবান্ধৱী (মৌচুমী বড়ী)
অৰুন্ধতীৰ ফে’চবুক একাউণ্ট খোলা বেছি দিন হোৱা নাই। হঠাতে এদিন তাই বন্ধু-বান্ধৱী বিচাৰি থাকোঁতে পৰীক দেখা পালে। তাই আনন্দতে জপিয়াই উঠিল। লগে লগে তাই পৰীৰ বাৰ্তা বাকচলৈ লিখিলে — “পৰী, কি খবৰ? বহু বছৰৰ মূৰত তোমাক ফে’চবুকত দেখা পাই ইমান যে ভাল লাগিছে! এতিয়া ক’ত তুমি? মোলৈ লিখিবা দেই”।
পৰীলৈ বুলি বাৰ্তা লিখি অৰুন্ধতীয়ে “ফ্ৰেণ্ড ৰিকুয়েষ্ট” পঠিয়াবলৈ তাইৰ একাউণ্টটোত চকু ফুৰালে; নাই তাই “ফ্ৰেণ্ড ৰিকুয়েষ্ট” পঠিয়াব পৰা ব্যৱস্হা ৰখা নাইচোন! “মেচেজ বক্স”ৰহে ব্যৱস্হা ৰাখি থৈছে। যি কি নহওক তাই খুব আশাৰে অপেক্ষা কৰি ৰ’ল পৰীৰ উত্তৰলৈ। কিন্তু এদিন গ’ল, দুদিন গ’ল, উত্তৰ নাহিল। উত্তৰ নহা দেখি তিনিদিনৰ পিছত তাই পুনৰ লিখিলে — “পৰী, তুমি মোৰ বাৰ্তা পাইছা যেন বোধ হৈছে যদিও উত্তৰ নাপাই বৰ মন বেয়া লাগিছে। আশা কৰোঁ, কিবা এটা লিখিবা”।
এইবাৰ দুদিন অপেক্ষাৰ অন্তত অৰুন্ধতীৰ ফেচবুকৰ বাৰ্তা-বাকচটো জিলিকি থকা দেখা পালে। লৰালৰিকৈ তাই বাৰ্তা-বাকচটো খুলিলে।
পৰীয়ে লিখিছে — “আপোনাৰ মেচেজ পাইছোঁ। কিন্তু ক্ষমা কৰিব, মই আপোনাক চিনি পোৱা নাই। অৰুন্ধতী নামৰ মোৰ কোনো বান্ধৱী নাছিল বা মই তেনে নামৰ কাকো চিনি পাওঁ বুলি মনত পেলাব পৰা নাই। আপুনি হয়তো বেলেগ কোনোবা বুলি মোকে ভাবিছে”।
পৰীৰ উত্তৰ পাই অৰুন্ধতীৰ চকুহাল সেমেকি উঠিল। তাই পৰী নহয়!! এইয়া কেনেকৈ সম্ভৱ! তাৰোপৰি মোলৈ “আপুনি” বুলিও লিখিছে! যাক ইমান বছৰে বিচাৰি বিচাৰি হঠাৎ পাই যোৱা যেন লাগিছিল অথচ তাই অৰুন্ধতীক চিনি নাপাওঁ বুলি কৈছে, ইয়াতকৈ আৰু দুখৰ কথা কিবা থাকিব পাৰেনে?
এৰা, পৰীয়ে পাহৰিবওতো পাৰে তাইক। আজি ১২ বছৰেই হ’ল পৰীৰ স’তে যোগাযোগ নথকা। ১২ বছৰত হয়তো বহু কথাই পাহৰি থাকিব পাৰি! পৰীয়ে তাইক পাহৰিলে, এইয়া কোনো অস্বাভাৱিক কথা নহয় হয়তো। কিন্তু তাই পৰীক পাহৰিব পৰা নাই কিয়? হয়তো অৰুন্ধতীৰ বাবে পৰীয়েই আছিল শৈশৱৰ প্ৰিয় বান্ধৱী! সৰুকালৰ ভাল লগা বন্ধু-বান্ধৱীক কোনোবাই বাৰু পাহৰিব পাৰেনে? অন্ততঃ অৰুন্ধতীয়ে নোৱাৰে।
অৰুন্ধতীহঁতে যেতিয়া স্কুলত পঢ়িছিল তেতিয়া আজিৰ দৰে ম’বাইল, অৰকুট, ফে’চবুক, টুইটাৰ, ৱাটচআপ আদিৰ কোনো সুবিধা নাছিল। সেই সময়ত চিঠি-পত্ৰই আছিল যোগাযোগৰ মাধ্যম। ৰাস্তাৰ কাষে কাষে ঠিয় হৈ থকা ৰঙা ৰঙৰ ডাক-বাকচটোৰ বেছ আদৰ আছিল তেতিয়া। মানুহৰ মনৰ কথাবোৰ ডাক-বাকচটোৰ মাধ্যমেৰে ইঠাইৰ পৰা সিঠাইলৈ গৈছিল আৰু ডাকোৱালজন আছিল বহুলোকৰ বাবে দেৱদূতস্বৰূপ!! আজিকালি ধূলিৰে পোত খাই অনাদৰ অৱহেলাৰে পৰি থকা ডাক-বাকচবোৰ দেখিলে অৰুন্ধতীৰ মনটো বেয়া লাগি যায়।
এদিন এখন মাহেকীয়া আলোচনীৰ পত্ৰবন্ধু শিতানৰ পৰা অৰুন্ধতীয়ে তুলি লৈছিল পৰীৰ ঠিকনা। পৰীলৈ তাই চিঠি লিখিছিল পত্ৰবান্ধৱীৰ প্ৰস্তাৱেৰে আৰু খুব সোনকালেই পৰীৰ পৰা উত্তৰো আহিছিল। অৰুন্ধতীৰ আজিও মনত আছে তাই পৰীলৈ লিখিছিল যে দুয়োজনীৰ মাজৰ চিঠিৰ আদান-প্ৰদান যেন শাকখোৱা-ভাতখোৱা কথাৰ মাজতে সীমাৱদ্ধ নাথাকে, চিঠি লিখাৰ যোগেদি যেন একপ্ৰকাৰ সাহিত্য-চৰ্চাৰ কচৰৎ হয়! অৰুন্ধতীৰ খুব মন যায় ভৱিষ্যৎ জীৱনত তাই এগৰাকী সুলেখিকা হ’ব। অৰুন্ধতীয়ে বান্ধি দিয়া নীতিকেইটাক পৰীয়ে অতি সহজে মানি লৈছিল। তাৰ পিছত কিমান যে কথাৰ আলোচনা নহৈছিল দুইজনীৰ মাজত — অৰ্থনীতিৰ পৰা বিজ্ঞানলৈ, কবিতাৰ পৰা গল্পলৈ আৰু ভৱিষ্যতৰ লক্ষ্যকলৈ….। পৰীয়ে লিখিছিল তাইৰ বোলে লতা মংগেশকাৰৰ দৰে কোনোবা বিখ্যাত গায়িকা হ’বলৈ মন যায়। অৰুন্ধতীৰ যদি ডাক্তৰ হ’বলৈ মন যায় পৰীৰ তেতিয়া প্ৰশাসনীয় বিষয়া হ’বলৈহে মন যায় ! পিছৰ চিঠিবোৰত অৱশ্যে পৰীয়ে ডাক্তৰ হ’বলৈহে মন বান্ধিছিল। অৰুন্ধতীয়ে আশা কৰিছিল তাইৰ আৰু পৰীৰ চিঠিবোৰে যেন এদিন সাহিত্যৰ মানেৰে গোটেই জগততে জিলিকি উঠে। সেয়ে তাই এখন এখনকৈ ধুনীয়াকৈ চিলাই ৰাখিছিল পৰীৰ সুমধুৰ সাৱলীল চিঠিবোৰ ! এৰা, আজিও সোণালী স্মৃতিৰ সাক্ষী হৈ পুৰণি বাকচত সযতনে পৰি ৰৈছে পৰীৰ এসময়ৰ চিঠিবোৰ!
অৰুন্ধতী বাস্তৱলৈ উভতি আহিল। তাই পৰীৰ চিঠিবোৰৰ ওপৰত হাত ফুৰালে। তেতিয়াৰ চিঞাহী কলমেৰে লিখা পৰীৰ চিঠিবোৰ পুনৰবাৰ পঢ়িলে তাই আৰু উভতি গ’ল অতীতলৈ।
তাই ভাবিলে — “কি এই আকৰ্ষণ যি তাইক পিছুৱাই লৈ গৈ থাকে?” বীৰুৱে ঠিকেই কৈছিল—“তুমি, একেবাৰে বাস্তৱত থাকিব নাজানা”। “হয় নেকি কথাটো?” – অৰুন্ধতীয়ে ভাবে।
তাই আকৌ পৰীৰ চিঠিবোৰৰ টুকুৰা কিছুমান পঢ়ি গ’ল — “মই ইতিমধ্যে আমাৰ জিলা পুথিভঁৰালটোৰ সকলো শিশু-সাহিত্য পঢ়ি শেষ কৰিছোঁ । এতিয়া কিতাপ, গান আৰু তোমাৰ চিঠিবোৰৰ মাজতে মই বিচৰা সকলোবোৰ পাইছোঁ”।
তাই আন এখন চিঠিৰ ওপৰত চকু ফুৰালে — “…কটনলৈ আহি ভয় লাগিছিল, এই পৰিৱেশ, এই প্ৰতিযোগিতাৰ বতাহ..মই বাৰু চম্ভালিব পাৰিমনে? কিন্তু তোমাৰ মাথোঁ এখন চিঠিয়ে কটনৰ এই নতুন পৰিৱেশ চম্ভালি লোৱাত মোক মনোবল দিলে। তোমাৰ চিঠিবোৰে মোক জীৱনৰ বাটত আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে। তোমাৰ এই ধাৰ মই কেনেকৈ সুজিম অৰুন্ধতী?”
ক’ব নোৱাৰাকৈয়ে অৰুন্ধতীৰ দুগাল তিতি গ’ল। এনে লাগিল, পৰীক যেন কান্দি কান্দি সাৱটি ধৰিব। ক’ত আছে বাৰু তাই? ফে’চবুকৰ এই পৰী জনীযে তাইৰ পত্ৰসখী পৰী নহয় !!
“….অৰুন্ধতী, এতিয়া অৰূপ আৰু মোৰ পঢ়া-শুনাৰ মাজতে মোৰ পৃথিৱীখন ঘূৰিব লাগিছে। জীয়াই থাকিব শিকিছোঁ প্ৰতিটো পল ! কবৰৰ পৰা উঠি অহা মৰাশ এটাই হয়তো আম এটা খাবলৈ পালে তাৰ গুটি পৰ্যন্ত চুহি চুহি খাব বিচাৰিব, ঠিক তেনেকৈয়ে মইও জীৱন কটাইছোঁ বুলি ধৰি ল’বা। তুমি সুখী হোৱা….”
“অৰু, অৰু…ক’ত আছা তুমি”, বীৰুৰ চিঞৰ শুনি অৰুন্ধতীয়ে লৰালৰিকৈ চকুপানী মোহাৰিলে আৰু পৰীৰ চিঠিবোৰ সামৰি থ’লে।
“অ’, মই গম পাইছিলোঁৱে তোমাক আকৌ অতীতে ৰিঙিয়াইছে ? কিমান বাৰ কৈছোঁ তোমাক পাৰ হৈ যোৱা দিনবোৰে তোমাক শূন্যতাৰ বাদে একো নিদিয়ে….”।
“ছ’ৰি বীৰু, তোমাৰ কথা মই শুনা নাই। ফে’চবুকত পৰীক দেখা যেন লাগিছিল, কিন্তু গম পালোঁ তাই বোলে মোৰ বান্ধৱী পৰী নহয়”।
বীৰুৱে হা হা কৈ হাঁহি পেলালে – “আঁকৰী ছোৱালীজনী, এই দুনিয়াখনত পৰী নামৰ আৰু একে উপাধিৰ কতজনী ছোৱালী থাকিব পাৰে, তুমি এজনীয়ে বুলি ধৰি লৈ তোমাৰ অতীতৰ বান্ধৱীজনী বুলি ভাবি থাকিলে কেনেকৈ হ’ব?”
“বাস্তৱত থাকা, মোৰ সোণজনী; তুমি যে পৰীৰ কথা ভাবা, পৰীয়ে জানো কাহানিবা তোমাৰ কথা ভাবিছে? আজিৰ সৰু পৃথিৱীখনত পৰীয়ে তোমাৰ কথা ভবা হ’লে তাই তোমাক কেতিয়াবাই বিচাৰি উলিয়ালেহেঁতেন। অৰু, আজিৰ পৃথিৱীত বেছিভাগ মানুহেই নিজৰ সুখৰ কথাহে চিন্তা কৰে, ইমান সৰলচিতীয়া হ’লে কেনেকৈ হ’ব কোৱাচোন? ব’লা ব’লা, নদীৰ পাৰলৈ যাওঁ, অলপ বতাহ খাওঁগৈ! তোমাক যদি আকৌ কেতিয়াবা এনেকৈ দেখা পাওঁ মই কিন্তু তোমাৰ লগত খেলিবলৈ নাহোঁ আৰু!”
বীৰুৰ সৰু ল’ৰাৰ দৰে কোৱা কথাটোত অৰুন্ধতীয়ে মিচিকিয়াই হাঁহিলে।
“চোৱা, মই কি আনিছোঁ ?”
এইবুলি কৈ বীৰুৱে পকেটৰ পৰা দুখন কাগজৰ নাও উলিয়ালে।
“ব’লা, নদীত কাগজৰ নাও উটুৱাওঁগৈ”…অৰুন্ধতীক হাতত ধৰি বীৰু নদীৰ কাষ পালেগৈ। অৰুন্ধতী আৰু বীৰু নদীৰ পাৰৰ সেউজ ঘাঁহনিডৰাত বহি পৰিল; এজাক নদীৰ পানীৰ সুবাস থকা বতাহে দুয়োকে চুই গ’ল। নদীৰ সিটো মূৰত অস্তগামী বেলিৰ হেঙুল আভা আকাশে-নদীয়ে বিয়পি পৰিল।
“অৰু, চোৱাচোন পৃথিৱীখন কিমান ধুনীয়া, আমি মাথোঁ চাবলৈ জানিব লাগে। সৌৱা চোৱা, নীড়মুখী এজাক পখী, অস্তগামী সূৰুযৰ সেন্দুৰী আভা, সেউজ দলিচাত এহাল প্ৰেমিক প্ৰেমিকা, গহীন নদী আৰু এজাক নদীৰ গোন্ধ সনা বতাহ ! আহ, কি সুন্দৰ ! ভাবিলেই ভাল লাগি যায়”।
অৰুন্ধতীয়ে মাথোঁ বীৰুৰ মুখলৈ চাই কথাবোৰ শুনি গ’ল। বীৰুৱে আকৌ কৈ উঠিল — “ব’লা, নদীত নাও দুখন উটুৱাই দিওঁ..সৰুতে আমি কিমানযে কাগজৰ নাও সাজি পানীত উটুৱাইছিলোঁ…বৰ ভাল লাগে..ব’লা ব’লা…”
বীৰুৱে তাইক টানি উঠালে আৰু দুয়ো মিলি কাগজৰ নাও দুখন পানীত মেলি দিলে।
সেইদিনাৰ হেঙুল আবেলিটোত কাগজৰ নাও দুখন পানীত ভাঁহি ভাঁহি বীৰু আৰু অৰুন্ধতীৰ পৰা আঁতৰি গৈ থাকিল। বীৰুৱে লাহেকৈ অৰুন্ধতীৰ কান্ধত হাত থ’লে আৰু তাই বীৰুৰ কান্ধত মূৰটো থৈ পানীলৈ চাই থাকিল। অৰুন্ধতীৰ এনে লাগিল তাই যেন পত্ৰবান্ধৱী পৰীক বিদায় জনাবলৈহে ইয়ালৈ আহিল !