পথ অৱৰোধ – (মনজিৎ)

পথ অৱৰোধ
– মনজিৎ

এফালে:
চিগাৰেট এটা বধো বুলি বাছ পৰা নামিল শইকীয়া। চিগাৰেটত হোপা দিওতেই হঠাতে পুৰণি বন্ধুৰ আর্বিভাৱ। হাতত চাহলৈ পুৰণি দিনৰ সোঁৱৰণ। সময়ৰ খেয়াল কৰিবলেই নহ’ল। বন্ধুক বিদায় দি উপলব্ধি কৰিলে বাছ খনে ইতিমধ্যে latitude longitude সলনি কৰিলেই । পকেটত হাত দি মনত পৰিল ফোনটোৰ লগতে মানুহজনীও চোন বাছতেও গুছি গ’ল। সেইজনীৰো যি হে টোপনি, ভুমিকম্পই জোকাৰি উঠালেহে উঠোৱা। ‘কেনে দায়িত্বজ্ঞান নাইকিয়া মানুহহে? গিৰিয়েকটো মাজ ৰাস্তাত থাকি গ’ল অথচ খৱৰেই নাই।’ শইকীয়াই মনতে ভোৰৰ ভোৰালে।
আনফালে:
শইকীয়ানী সাৰ পাই, চাই দেখে মানুহটো নাই। মাথা গৰম,হেৰাল মৰম। ফোন কৰিলত ফোনটোও তেওঁৰ বেগতে বাজিল। যাত্রীৰ দায়িত্ব ল’ব নোৱাৰে যদি বাছ চলাইছে কিয় বুলি হেন্দিমেনকে এজাউৰি বকিলে। ‘এচোৱা পাৰ হৈ আহিলো এতিয়াহে মানুহটো নাই বুলি গম পাইছেহি নেকি?’ এই বুলি হেন্দিমেনেও ঔ-মেন গৰাকীক কাউন্টাৰ
দিলে। তাক ৰিপ্লাই নিদি বেগটো খোচৰাত লাগিল। দেখিলে অলপ টকাহে আছে। আৰম্ভ হৈ গ’ল শইকীয়ানীৰ ভোৰভোৰনি ‘কেনে দায়িত্বজ্ঞান নাইকিয়া মানুহহে?মই একমাত্র ঘৈণীয়েক জনীয়ে এই নামমাত্র টকাৰে শ্বপিং কৰিম কেনেকে? একলেণ্ড যাম কেনেকে? আৰে কমচে কম ক্রেডিট কার্ডখনটো থৈ যাব পাৰিলে হয়।’
এঠাইত:
ৰাজপথত গাড়ীৰ এটা দীঘল লাইন। নাই নাই বুলিও প্রায় দুই কিলোমিটাৰ মান যোৰা। কোনোবা অভিমানী সংগঠনে চৰকাৰৰ ওপৰত অভিমান কৰি হেনো ৰাজপথ ভেটিছে। উইংগাৰ এখনৰ পিছফালে কোনোমতে টিকাতোক ভেটি এদোখৰ দি অহা শইকীয়াই যেন কিছু আশাৰ বতৰা পালে। কৃষ্ণ-গুৰুৰ নামলৈ নামি গৈ কৃষ্ণ-গুৰুক বিছৰাত লাগিল।(কৃষ্ণ-গুৰু বাছ খনৰ নাম)। দেৰ কিলোমিটাৰ মান আতৰত মানুহজনীৰ সৈতে বাছখন উদ্ধাৰ কৰিলে। প্রায় দুঘন্টাৰ মুৰত দু্য়ো মুখা-মুখি। দেখা-দেখি হৈয়ে বিৰোধীৰ ভাৱত অৱর্তীণ। ইজনে সিজনলে এৰিলে “তোমাৰ দায়িত্বজ্ঞান নাই
নেকি??” বাণপাত। থিক তেনেতে হেণ্ডিমেনে চিঞৰিলে ‘ৰাস্তা খুলিলে ৰাইজ বহি লওক জাগাই জাগাই।’ বাছ চলিল,খং গলিল। কাজিয়াও ৰ’ল, আমাৰ সাধুও শেষ হ’ল।
মৰেল:
Divided By লেক অফ দায়িত্ববোধ
United By পথ অৱৰোধ!

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!