পর্টেবল ঘৰ (মহানজ্যোতি দত্ত)

Mahan J Dutta

পর্টেবল ঘৰ

যি দুৱাৰেৰেই নোসোমাওঁ লাগে
মোৰ ঘৰটো খুলি দেখুৱাব লাগে
পুলিচক, চিকিউৰিটি গার্ডক, আর্মিৰ সন্মুখত।
সিহঁতৰ বলিষ্ঠ নোমাল হাতবোৰে
খেপিয়াই চায় বাহিৰ ভিতৰ
মোৰ চুটকেচৰ ঘৰ
বিৰক্ত হ’লেও নাই উপায়
নহ’লেও আছে বোমাৰ ভয়।
তাতে আকৌ ঘৰভৰা মোৰ—
লাম-লাকটু বেবেৰিবাং!
পেলাবলেও সত নাযায়… আই ঐ দেহি!
বজাৰত চেণ্টিমেন্তৰ মূল্য সকলোতকৈ বেছি
বেচোতাৰ হেনো বেছি ক্ষতি।
সদায় পুৱা মোৰ ঘৰৰ দুৱাৰ খোলো
আৰু উলিয়াই লওঁ টুথব্রাছ, ফণি, আইনা, নিউজপেপাৰ
ঘৰটোকে জাপি-কুঁচি ৰাস্তাও টানি লৈ ফুঁৰো
লোকেল ট্রেইনত সোমাব নোৱাৰো
(চার্চগেট লোকেলৰ) ভীৰৰ কথা কোনেনো নাজানে বাৰু?
অট’ই মুৰ জোকাৰি কয়— “নোৱাৰো”
মোৰ এই চুটকেচ ঘৰ…
সুবিধাও বহুত ইয়াৰ
যতে ততে পাতিব পাৰি ঘৰ
বাচষ্টেণ্ড ষ্টেচন ৰেষ্টুৰেণ্ট মল…
ৰাতি হৈ পৰিলেই আলহী,
আৰু টোপোলা খুলিলেই টোপনি!
চুটকেচৰ মোৰ ঘৰ,
আৰু ঘৰজুৰি মোৰ টোপোলাৰ ভাৰ
তাৰে এটাত বান্ধ খাই পৰো মই
আৰু বান্ধ খাই থকা যত আহ-পাহ-হুমুনিয়াহ
চুটকেচৰ ঘৰেই ভাল
চহৰ মহানগৰ আলিগলি
গতিশীল চিৰকাল!


 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!