পলাশে ৰঙোৱা ফাগুন (কংকন কলিতা)


নৰা ভঙা পথাৰত
বগলী বহিছে,
পাখি ছিগা বতাহৰ আঁচোৰ..
অভুক্ত ধৰনী কঁপাই বাগৰিছে
পলাশে ৰঙোৱা ফাগুন…

বৰলুইতৰ চৰত
বালিচন্দা জিলিকিছে,
আপোনমনা বালিমাহীৰ নাচোন..
বুটি বঠা বায়
ডিঙা মেলি মাছুৱৈ,
পঁজাত কেঁচুৱাৰ কান্দোন…

আইৰ আঁচলৰ গাঁঠিত
টকা কুৰি, দহোটা
বিহুটি আহিবৰে হ‘লচোন…
সীমান্তৰ পহৰাত জীউ
হাতত লৈ পোনাকণ
পিতাইৰ দা খনত মামৰে ভৰুণ..
 

Leave a Reply

Your email address will not be published. Required fields are marked *