পলিটিকেল ৰহঘৰা(প্ৰনৱ জ্যোতি দাস)

পলিটিকেল ৰহঘৰা(প্ৰনৱ জ্যোতি দাস)

স্বর্গদেৱে বোলে

ইট ইজ অলচ’ এ ইমপর্টেনট মেটাৰ

হিমন্তই শুনি

বজাই দিলে গিতাৰ।

পোৱালিয়ে প্রতি পইচা পাবা

বাংলাদেশীয়ে ঘৈনিক কলে

এক আৰু দুই

ইমানলৈকে মনত ৰাখিবা।

 

ৰকিবুলৰ নতুন সপোন

নিজক চাবলে নাই দাপোন।

দিল্লীক কয় পইচা লাগে

নহলে বিডিঅ কেইটা

শুকাই খিনাই মৰে।

 

অজন্তা বাইদেউৰ পকি দলং

কাছৰ পিঠিত নাই চলং

খোজ কঢ়াৰ অভ্যাস কৰা

অলিম্পীকত নাম কমাবা।

 

প্রদ্যুত দাৰ বিদ্যুত নাই

লেম চাকি যোগাৰ কৰাই ভাল

অখিলে কৰে টোপনি হৰণ

আহি আছে কিন্তু গেলা গৰম

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
saharia
11 years ago

!!

Copying is Prohibited!