পাঁচবজাৰ বাতৰি : দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

পাঁচবজাৰ বাতৰি

লিখক: দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

নিউজ এডিটৰ ডেকাই দৌৰা-দৌৰিকৈ পাঁচবজাৰ নিউজৰ হেডলাইন কেইটা লিখি অঞ্জন প্ৰতীমলৈ আগবঢ়াই দিলে।
“সন্ধিয়াৰ বাতৰি পঢ়িছো অঞ্জন প্ৰতীমে……বিষাক্ত সুৰাপান কৰি নলবাৰীত ৫০জন চিকিৎসাধীন…..স্বাস্থ্যমন্ত্ৰী অতিশয় আনন্দিত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অভূতপূৰ্ব্ব উন্নতি দেখি…..মুখ্যমন্ত্ৰী গগৈৰ গভীৰ দুখ প্ৰকাশ অসমৰ সাম্প্ৰতিক ভয়াবহ পৰিস্থিতিলৈ লক্ষ্য কৰি….আনন্দত আত্মহাৰা হ’ল প্ৰধানমন্ত্ৰী সিং ২০১২ অলিম্পিকত ভাৰতৰ সুন্দৰ প্ৰদৰ্শনত….গভীৰ উদ্বেগ চোনিয়া গান্ধীৰ অসমৰ বানপানী সমস্যাক লৈ…….উৎফুল্লিত কেটৰিনা কাইফে ‘এক থা টাইগাৰ’ৰ বাণিজ্যিক সফলতাত মুম্বাইৰ এক ষ্টুডিঅ’ৰ সন্মুখত দুঘন্টা সময় ধৰি ‘শীলা কি জৱানি’ৰ তালে তালে আজি নৃত্য প্ৰদৰ্শন কৰে…….অসম চৰকাৰৰ পাঁচজন মন্ত্ৰীয়ে কাইলৈ অশান্ত বিটিএডি ভ্ৰমণ কৰিব….দিছপুৰ এলাকাৰ পাঁচটা বলদ গৰুৱে আজি ৰাতিপুৱাৰ পৰা বিৰামহীন ভাৱে হেম্বেলিয়াই অভিলেখ গঢ়িছে….অঞ্জন প্ৰতীম পুণৰ ঘূৰি আহিব বিতং বাতৰি লৈ বিৰতিৰ পিছত…ধন্যবাদ।”
খৰ-ধৰকৈ লিখা কাৰণে দাৰি-কমা দিবই পাহৰিছিল। পিছত অঞ্জন প্ৰতীমে কোৱাত হে ডেকাই যতিচিহ্ন বোৰ বহুৱাই দিলে য’ত ত’ত। পিছত এই চিহ্নবোৰে বাতৰিৰ কি ৰূপ দিলে দৰ্শকেহে গম পালে, চাওঁকচোন –
“সন্ধিয়াৰ বাতৰি পঢ়িছো অঞ্জন প্ৰতীমে বিষাক্ত সুৰাপান কৰি।
নলবাৰীত ৫০জন চিকিৎসাধীন, স্বাস্থ্যমন্ত্ৰী অতিশয় আনন্দিত।
ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অভূতপূৰ্ব্ব উন্নতি দেখি মুখ্যমন্ত্ৰী গগৈৰ গভীৰ দুখ প্ৰকাশ।
অসমৰ সাম্প্ৰতিক ভয়াবহ পৰিস্থিতিলৈ লক্ষ্য কৰি আনন্দত আত্মহাৰা হ’ল প্ৰধানমন্ত্ৰী সিং।
২০১২ অলিম্পিকত ভাৰতৰ সুন্দৰ প্ৰদৰ্শনত গভীৰ উদ্বেগ চোনিয়া গান্ধীৰ।
অসমৰ বানপানী সমস্যাক লৈ উৎফুল্লিত কেটৰিনা কাইফ।
‘এক থা টাইগাৰ’ৰ বাণিজ্যিক সফলতাত মুম্বাইৰ এক ষ্টুডিঅ’ৰ সন্মুখত দুঘন্টা সময় ধৰি ‘শীলা কি জৱানি’ৰ তালে তালে আজি নৃত্য প্ৰদৰ্শন কৰে অসম চৰকাৰৰ পাঁচজন মন্ত্ৰীয়ে।
কাইলৈ অশান্ত বিটিএডি ভ্ৰমণ কৰিব দিছপুৰ এলাকাৰ পাঁচটা বলদ গৰুৱে।
আজি ৰাতিপুৱাৰ পৰা বিৰামহীন ভাৱে হেম্বেলিয়াই অভিলেখ গঢ়িছে অঞ্জন প্ৰতীমে।
পুণৰ ঘূৰি আহিব বিতং বাতৰি লৈ, বিৰতিৰ পিছত ধন্যবাদ।”
Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Zenith
7 years ago

😀

Copying is Prohibited!