পাই হেৰুৱাৰ বেদনা (দীপজ্যোতি শৰ্মা)
দীপজ্যোতি শৰ্মা
পাই হেৰুৱাৰ বেদনা কিমান
মোক সুধিব নাপাহৰিব……..
আত্মাৰ বেথা আৰু মনৰ অস্থিৰতা
জীৱন মৰূত ভ্ৰমি ফুৰা
প্ৰাপ্তিৰ হাবিয়াস……
দূখবোৰ ভগাই দিব পৰা হ’লে..
জীৱনবোৰ জানো সুন্দৰ নহ’লহেতেন…
বেদনাবোৰ অশ্ৰুৰে ধুব পৰা হ‘লে
হৃদয়বোৰ দেখোন
জুৰ পৰিলেহেতেন…..
পৃথিবীৰ মলিনতা…..
বৰষুণৰ পানীয়ে ধুব পাৰিলে…..
আত্মা আৰু মনৰ প্ৰশান্তি
সদায় দেখোন থাকিলেহেতেন…..
জীৱন জানো এনেকুৱাই……
দূখবোৰক সূখেৰে হৰণ কৰিলে
ভাগফল চোন
শূণ্য হয়।