পাটিমূতুৰা ৰোগ (ডা: ভূপেন্দ্ৰ কুমাৰ শইকীয়া)
পাটিমূতুৰা ৰোগ
সহৃদয় পাঠকসকলৰ বহুতেই হয়তো পাটিমূতুৰা মাছৰ নাম শুনিছে। গৰৈ প্ৰজাতিৰ এই মাছ কোনো কোনোবাই হয়তো খায়ো পাইছে? পঁইতা ভাতৰ লগত পোৰা মাছৰ পিটিকাৰ জুতিয়েই বেলেগ! অসমৰ খাল, বিল, পথাৰসমূহত এসময়ত এই বগা-হালধীয়া বৰণৰ দেখাত সাইলাখ গৰৈ বা চেঙেলি মাছৰ আকৃতিৰ মাছবিধ প্ৰচুৰ পোৱা গৈছিল। এতিয়া ই বিলুপ্ত প্ৰজাতিৰ মাছৰ ভিতৰত পৰিছে বুলি মোৰ ধাৰণা। অসমৰ গ্ৰাম্য জীৱনৰ লোক বিশ্বাসমতে এইবিধ মাছ খালে পাটিত মূতা ৰোগ (?) আৰোগ্য হয়। আজি পাঠকসকলক সচৰাচৰ চৰ্চা নকৰা এইবিধ ৰোগৰ বিষয়ে দুআষাৰ কম। ইয়াক ঠিক ৰোগ নুবুলি এক অৱস্থা বুজাবলৈ ব্যৱহাৰ কৰিলেহে শব্দৰ সঠিক প্ৰয়োগ কৰা হব। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে কেঁচুৱাই দিনতে হওক বা ৰাতিয়েই হওক বাৰম্বাৰ বিছনাত প্ৰস্ৰাৱ কৰে। মাকে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত কেঁচুৱাক বিচনাৰ পৰা দাঙি প্ৰস্ৰাৱ কৰোৱালে বিচনাখন নিভিজাকৈ ৰাখিবলৈ বহুক্ষেত্ৰত সফল হয়। তাকে নকৰিলেই কেঁচুৱাই বিচনাত প্ৰস্ৰাৱ কৰে। ডাঙৰ হৈ অহাৰ লগে লগে বিছনাত মূতা বা প্ৰস্ৰাৱ কৰাৰ পৰিমাণটো কমি আহিবলৈ ধৰে। শিশুৱে ৫ বছৰ বয়স নোহোৱালৈকে এইদৰে নিজৰ অজ্ঞাতে কম-বেছি পৰিমানে বিচনাত প্ৰস্ৰাৱ কৰে। ৫ বছৰ বয়সৰ পাছত মাত্ৰ পোন্ধৰ শতাংশ শিশুৱেহে এই অভ্যাস ত্যাগ নকৰে। আকৌ ১০বছৰ বয়স হলে ৯৫ শতাংশ শিশুৱেই বিচনাত প্ৰস্ৰাৱ নকৰা হয়। সংখ্যাগতভাৱে বিছনা ভিজোৱা ল’ৰাৰ সংখ্যা বিচনা ভিজোৱা ছোৱালীৰ দুগুণ। পাঠকে শুনিলে আচৰিত নহ’ব: ০-৫%ৰ পৰা ২-৩% প্ৰাপ্তবয়স্কৰো বিচনাত নিজৰ অজ্ঞাতে প্ৰস্ৰাৱ কৰাৰ সমস্যা থাকে।
গতিকে শিশুৱে বিচনাত প্ৰস্ৰাৱ কৰা-নকৰাটো বয়সৰ লগত জড়িত এক স্বাভাৱিক প্ৰক্ৰিয়া। মূত্ৰাশয় পৰিপূৰ্ণ হোৱাৰ অনুভূতি মগজুলৈ যোৱাৰ লগে লগে শিশুৱে সাৰ নাপালে আপোনাআপুনি বিচনাতে লগে লগে প্ৰস্ৰাৱ নিৰ্গত হয়। বহু অভিভাৱকে ভুল ধাৰণাৰ বশৱৰ্তী হৈ নিজ সন্তানক ‘এলেহুৱা’ বুলি অবাবতে কটু কথা শুনাই শিশুৰ ওপৰত অপ্ৰয়োজনীয় মানসিক চাপৰ সৃষ্টি কৰে।
অৱশ্যে ডায়েবেটিজ, মূত্ৰ প্ৰণালীৰ সংক্ৰমণ, ৰাজহাঁড়ৰ বিকাৰ, নিদ্ৰাজনিত ৰোগ আদিৰ ক্ষেত্ৰতো শিশুৰ
বিচনাত নিজ অজ্ঞাতে প্ৰস্ৰাৱ কৰা অৱস্থা এটা হব পাৰে। এটেনচন ডেফিচিট হাইপাৰএক্টিভ ডিচঅৰ্ডাৰ ( ADHD ) নামৰ মানসিক ৰোগীয়েও অন্ততঃ তিনিগুণ বেচিকৈ প্ৰস্ৰাৱ কৰে।
কিন্তু এনে ধৰণৰ শাৰীৰিক বিজুটি থকা ৰোগীৰ সংখ্যা উল্লেখযোগ্য নহয়। কেইদিনমানৰ আগতে এজন আৰবী ভদ্ৰলোক নিজৰ ১২ বছৰীয়া সন্তানৰ এই বিচনাত প্ৰস্ৰাৱ কৰাৰ সমস্যাৰ প্ৰতিকাৰ বিচাৰি আমাৰ চেম্বাৰলৈ আহিছিল। ইতিমধ্যে তেওঁ বিভিন্ন চিকিৎসক আৰু মনোবিজ্ঞানীৰ কাষ চাপি নিৰাশ হৈছে।পৰীক্ষা কৰাত ল’ৰাজনৰ উল্লেখিত শাৰীৰিক বিসংগতিৰ একোৱেই চকুত নপৰিল। তেওঁক এতিয়া এণ্টি-ডাইউৰেটিক হৰম’নেৰে চিকিৎসা আৰম্ভ কৰিলোঁ। আশাকৰো সুফল পাব। ফলাফল জানিবলৈ দুসপ্তাহমান অপেক্ষা কৰিব লাগিব।
পাৰ্চি চিকিৎসা বিষয়ৰ লিখক এভিচনাই খৃষ্টাব্দ ১০২৫ চনতেই মনোবিজ্ঞান আৰু বিচনাত প্ৰস্ৰাৱ কৰা ৰোগৰ সম্বন্ধৰ বিষয়ে লিখি বিজ্ঞলোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছিল। এগৰাকী শিশু বিশেষজ্ঞ ডাক্তৰ বৱাৰ্ড বেনেটে এই পাটিত মূতা ৰোগৰ ওপৰত অলপতে “ Waking up dry : A guide to help children overcome bed wetting” নামৰ কিতাপ এখন ৰচনা কৰি বিশ্ববাসীৰ সমাদৰ লভিবলৈ সমৰ্থ হৈছে।
এতিয়া বিচনা ভিজোৱাৰ কাৰণ সমূহৰ বিষয়ে অলপ চৰ্চা কৰোঁ। প্ৰমুখ কাৰণ হ’ল জেনেটিক্ছ অৰ্থাৎ বংশগতি।
ল’ৰালি কালত যদি পিতৃ-মাতৃৰ এজনৰ এনে অসুখীয়া অৱস্থা আছিল, তেনেহলে সন্তানৰ ৪৪% সম্ভাৱনা থাকে আৰু উভয়ে যদি বিচনা ভিজাইছিল তেন্তে সন্তানৰ সম্ভাৱনা ৭৭%। জিনৰ ক্ৰম’জ’ম নং 12q আৰু 5, 8, 13ক ইয়াৰ বাবে জগৰীয়া বুলি ঠাৱৰ কৰা হৈছে। শৰীৰত থকা এণ্টি ডাইউৰেটিক হৰম’নৰ পৰিমাণ কম হ’লেও প্ৰস্ৰাৱ বেছি হব। শৌচ-কচা থকা শিশুৰ পেটৰ মলৰ হেঁচাত প্ৰস্ৰাৱ লগাৰ ভাব আহিব পাৰে। আকৌ যাৰ টোপনি অতি গভীৰ তেনে শিশুৱে প্ৰস্ৰাৱ লগাৰ অনুভূতি নিজে উপলব্ধি নকৰিবও পাৰে।
চিকিৎসকৰ দ্বাৰা অভিভাৱকক কি পৰামৰ্শ দিয়া হয়?
-ৰাতি বিচনালৈ যোৱাৰ আগতে সন্তানক প্ৰস্ৰাৱ কৰোৱাব।
– পানী বা আন জুলীয়া খাদ্য সন্ধিয়াৰ পৰা কমকৈ খাবলৈ দিব।
– সন্তানক বিচনা নিভিজোৱা দিনৰ বাবে প্ৰসংশা কৰক আৰু সৰুসুৰা উদগণিমূলক বটাও দিয়ক।
– কেতিয়াও ইয়াৰ বাবে আনৰ সন্তানৰ লগত তুলনা নকৰিব।
গালি-গালাজে শিশুৰ মনত হীন ভাৱহে জগাই তুলিব।
-মনত ৰাখিব চাহ, কফি, এলকহলযুক্ত টনিক আদিয়ে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰে।
-প্ৰয়োজন সাপেক্ষে তুলি নিভিজাবলৈ অইল ক্লথ, ডাইপাৰ আদিৰ প্ৰয়োগ কৰিব পাৰে।
– শিশুক বুজনি দিয়ক- ই একো বেমাৰ নহয়। বয়স বঢ়াৰ লগেলগে এই ত্ৰুটি আঁতৰ হব।
উপসংহাৰ :
বজাৰত এলাৰ্ম চিষ্টেম ওলোৱাৰ বাতৰি শুনিছোঁ। ইয়াক ব্যৱহাৰ কৰিলে নিদ্ৰামগ্ন শিশুটিৰ মূত্ৰাশয় ভৰ্তি হোৱাৰ লগে লগে এলাৰ্মে তাক জগাই তুলিব, যাতে সাৰ পাই স্বাভাবিকভাবে নিজে প্ৰস্ৰাৱ কৰিব পাৰে। ছিনথেটিক অৰ্থাৎ কৃত্ৰিমভাবে তৈয়াৰী কৰা ডেচ্ম’প্ৰেচিন নামৰ এণ্টিডাইউৰেটিক হৰম’নৰ ব্যৱহাৰ বহুক্ষেত্ৰত ফলপ্ৰসু হ’ব পাৰে।