পাঠশালা (-ভাৰ্গৱ মেধি)

পাঠশালা

এক এ এক এ দুই
এক এক গুন এক
মাত আৰু এবাৰ জোৰকৈ,দীঘলকৈ
অ ,আ, ক, খ
ৰামধেনুৰ কুহিপাতঁৰ আকাশত
ফলি পেঞ্চিলৰ পৃথিবীখনত
মোৰ পাঠশালাৰ দুৱাৰদলিত ।

মা দেউতাৰ সপোন, গাওঁ খনিৰ বুকুৰ আশা
কিলাকুতিৰ ভাজঁটিত মৰাপাটৰ বস্তাটি,
চুচুক চামাককৈ লুকাই পৰা কুহিপাতঁখনি, ফলিখনি
তললৈ নামি পৰা হাফ পেন্টটিত টান,
বেনু, কিলিপৰ মাজত জোনালীজনীৰ চিকমিকিয়া ফোঁটটিৰ হাঁহিবোৰ,
উজ্বল কাজলৰুপী চকুকেইটি,
বেগা বেগিকৈ খোজ, দীঘল চেন্দেল পাতৰ শব্দটি,
আৰু
সন্মুখত হাতবাউলি…
আমাৰ ৰঙৰ পাঠশালা খনিৰ ।
উফন্দি পৰা পকেটখনিত,
কবি,মূলা ঠাৰিৰ দুই ইঞ্চিৰ ৰসাল টুকুৰাবোৰ,
কেতিয়াবা ভিজা কানিৰ টুকুৰাতো,
ফলিত উদ্গিৰীত অ, আ, ক,খ
ধেনুভিৰীয়া কলটি, আমটি আৰু আমিতাটো,
উদিত সুৰুজটোৰ লগত পাহাৰখনি,
শ, ক্ষ ৰ জিলাপী পাকটিত,
জিভাত লাগি ধৰা যুক্তাক্ষৰবোৰ,
ফলি পিহি পিহি সাঁচ পেলোৱা
চেকে ঘৰ সজা চোলাটিত ,
চুলিত জাতিস্কৃত তৰাৰূপী
পেঞ্চিলৰ বগা বগা গুৰিবোৰ..
এয়াই পাঠশালা।
খৰখেদাকৈ দুৱাৰদলিত পদার্পণ
চাৰ, বাইদেউৰ সন্মুখত দীঘল নমস্কাৰ
ভগবানৰ ওচৰত শৰণ,
নিচিনো তোমাক ক’ত আছা প্রভু্…
জোৰকৈ মুখত উপস্থিত ধ‌্বনিটো,
মাজে মাজে দুষ্টালিৰ ফুচ ফুচ,কান্দোন
হাতৰ তলুৱাখনিত বেটৰ চাত চাত শব্দবোৰ,
মেজৰ তলিত মুৰ
আচহুৱা কাহ পৰি জীন যোৱা পৰিবেশতো,
কিছু সময় নিচ্চুপ,
জোনালীৰ বেনু গুঠিত দীঘলকৈ টান,
আকৌ গুণগুণনি..
এয়াই পাঠশালা, আজন্মৰ চাকিগচি ।
মুৰৰ ওপৰত সুৰুজ
এক দুই তিনি..
জিৰনি
সময় নিজকে বিলাই দিয়াৰ
দুৱাৰৰ ফাকেৰে মুক্ত মাৰাথন দৌৰত ।
হাও,কাবাদি,লুকা ভাকুৰ পাঠশালাত,
ৰং ৰং.. কি ৰং
অলং দলং, গল্লাৰ পাঠশালাত,
এয়াই পাঠশালা
সময়ে কাঢ়ি লোৱা পাঠশালা ।
ঘড়ীৰ কাটাত তিনি টা
থৈলা খনিৰ হুমুনিয়াহ ,
চিলিঙত থকা কালফেচাটোৰ ঘপা মৰা চাওনি,
বেৰাৰ ফাকবোৰৰ মাজে মাজে বেলিটোৰ হুমুনিয়াহ,
ধুলিকণা পোহৰাই তোলা হেলনীয়া ৰশ্মিবোৰ,
মুকুতিৰ চিঞৰ বোৰ,গানবোৰ..
সময়ৰ ভতিয়নিত,
স্মৃতিৰ চেকুৰাত,
নাৱৰিয়াই নাও বাই বাই…
অক্লান্তহীন পথিকত
মৰিচীকাৰ
মোৰ
পাঠশালা,পাঠশালা, পাঠশালা…….।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!