পাতালী মন(-কৌস্তুভমনি শইকীয়া দত্ত)
দুখ..
হ’ব পাৰে গোপন ।
তথাপি,
নিৰন্ন নহয়
মোৰ বিষন্ন হৃদয়…
সংগোপনে তুমি দিয়া
সুমিষ্ট বিষাদেৰে
আপ্যায়িত মন ।
তোমাৰ প্ৰশস্তি হৈ
খহি পৰে
দুফোঁটা অমৃত অশ্ৰু….
বুজিছাই….
শুকান নহয়
গভীৰ পাতালী মন ।
দুখ..
হ’ব পাৰে গোপন ।
তথাপি,
নিৰন্ন নহয়
মোৰ বিষন্ন হৃদয়…
সংগোপনে তুমি দিয়া
সুমিষ্ট বিষাদেৰে
আপ্যায়িত মন ।
তোমাৰ প্ৰশস্তি হৈ
খহি পৰে
দুফোঁটা অমৃত অশ্ৰু….
বুজিছাই….
শুকান নহয়
গভীৰ পাতালী মন ।