পাতিদৰং অঞ্চলৰ মাঘৰ দোমাহী — খগেশ সেন ডেকা

কামৰূপ জিলাৰ উত্তৰ-পূব সীমান্ত অঞ্চলটো অতীতত পাতিদৰং নামেৰে জনাজাত আছিল। অতি সম্প্ৰতি বাইহাটা চাৰিআলিকেন্দ্ৰিক এই ভূখণ্ড পূব কামৰূপ হিচাপে অধিক পৰিচিত। মোগল ফৌজদাৰসকলৰ শাসন কালত ছেক ইব্ৰাহীম কড়োৰীয়ে যি পৰগণা বিভাজন কৰিছিল, তাৰ ভিতৰত পাতিদৰং আছিল এটা উল্লেখযোগ্য পৰগণা। এই পৰগণা দৰঙ আৰু কামৰূপৰ সীমা বৰনদীৰ পশ্চিম আৰু পূব পাৰে অৱস্থিত গাঁওবোৰক লৈ গঠিত হৈছিল। এই নামৰ অৱশেষ এতিয়াও চিপাঝাৰ অঞ্চলৰ ১৮৯৪ চনৰ বিখ্যাত কৃষক বিদ্ৰোহৰ থলী পথৰুঘাট বা পাথৰিঘাটৰ নিকটৱৰ্তী পাতিদৰং গাঁও আৰু কামৰূপ জিলাৰ পূব সীমামূৰীয়া পাতিদৰং মৌজাই বহন কৰি আছে।

অসমৰ অন্যান্য প্ৰান্তৰ দৰে পাতিদৰং অঞ্চলতো ৰঙালী, কঙালী আৰু ভোগালী — এই তিনিটা কৃষিভিত্তিক বিহু উৎসৱ মহা পয়োভৰেৰে পালন কৰা হয়। অৱশ্যে এই অঞ্চলত পূৰ্বে বিহু শব্দটোৰ প্ৰচলন নাছিল। ইয়াৰ স্থানীয় উপভাষাত বিহু মানে ‘দুমেহি’। দুমেহি বা দোমাহী বুলিলে দুটা মাহৰ মাজৰ সংক্ৰান্তিৰ দিনটোক বুজা যায় যদিও, পুহ-মাঘ, চ’ত-ব’হাগ আৰু আহিন-কাতিৰ সংক্ৰান্তিৰ দিনকেইটা উজনি-নামনি সমগ্ৰ অসম জুৰি বিশেষ উৎসৱৰূপে পালন কৰা হয়। মাত্ৰ নামনিত বিহুৰ সলনি ঠাইভেদে দুমেহি, দম্হি, দম্ভি শব্দৰ ব্যৱহাৰ লক্ষ্য কৰা যায়। সেই অনুসাৰে পাতিদৰং অঞ্চলত তিনিওটা বিহুৰ নাম ক্ৰমান্বয়ে মাঘোৰ দুমেহি, ব’হেগোৰ দুমেহি আৰু কাতিৰ দুমেহি। এই তিনিওটা উৎসৱ পালনৰ ক্ষেত্ৰত আন অঞ্চলত নথকা কেতবোৰ স্থানীয় বৈশিষ্ট্য লক্ষ্য কৰা যায়। এই লেখাটিত বাকী দুটা বিহু বা দোমাহীৰ কথা বাদ দি অকল মাঘৰ দোমাহীৰ (মাঘোদ্দুমেহি) যৎ কিঞ্চিৎ আভাস দিবলৈ বিচৰা হৈছে।

নক’লেও চলে, এই অঞ্চলত ব’হাগৰ দোমাহীতকৈ মাঘৰ দোমাহীৰ আদৰ আগৰে পৰাই অনেক গুণে বেছি। উদযাপনৰ ৰেহ-ৰূপ কিছু সলনি হ’লেও আজিও তাৰ আদৰ সমানেই অনুভূত হয়। অসমীয়া নৱবৰ্ষ যদিও ব’হাগৰ এক তাৰিখৰ পৰা গণনা কৰা হয়, এই অঞ্চলত কামে-কাজে সৌ সিদিনালৈকে মাঘ মাহৰ প্ৰথম দিনটোক নতুন বছৰৰ আৰম্ভণি বুলি ধৰা হৈছিল। মাটি-বাৰীৰ বন্দবস্ত, খেতি কৰিবৰ বাবে মানুহ ৰখা আদি যাবতীয় সকলো কাম মাঘ মাহৰ এক তাৰিখৰ পৰাহে হিচাপ কৰা হৈছিল। গাঁৱৰ জমা-জৰিকে ধৰি ৰাজহুৱা ধনৰ হিচাপ-নিকাচো মাঘৰ বিহুৰ দিনা পুৱা মঠ বা ভেলাঘৰৰ দাঁতিত পুঁজি পুওৱাৰ অচিলাতে কৰি লোৱা হৈছিল। পথাৰত হাল বোৱা কামো আৰম্ভ হৈছিল এক মাঘৰ পৰা।

এই অঞ্চলৰ চাকৰি বা আন কোনো কৰ্মসূত্ৰে বাহিৰত থকা লোকসকল উৰুকাৰ দিনা যেনে তেনে আহি ঘৰ চাপে। বহাগৰ দোমাহীৰ প্ৰতি কিন্তু তেনে টান দেখা পোৱা নাযায়। মুঠতে আমাৰ বাবে মাঘৰ দোমাহীক অতীতৰে পৰা আমাৰ অঞ্চলত বিশেষ মৰ্যাদা দিয়া হৈ আহিছে। অতীতত পুহ মাহ সোমোৱাৰে পৰা এই বিহুৰ প্ৰস্তুতি পৰ্ব আৰম্ভ হৈছিল। আজিও সেই পৰ্ব প্ৰায় একেই আছে।

সম্প্ৰতি পৰিস্থিতিৰ কিছু পৰিৱৰ্তন ঘটিলেও এই অঞ্চলত পুহ মাহ সোমোৱাৰে পৰা এই দোমাহীৰ প্ৰস্তুতি আৰম্ভ হয়। আগতে সৰু সৰু ল’ৰাবোৰে চিৰা-পিঠা ভাজিবৰ বাবে বাঁহনি চলাথ কৰি জেংখৰি লুৰি চোতালৰ এচুকত দমাই ৰাখিছিল। তাৰ লগতে চুঙা পিঠা পুৰিবৰ বাবে পথাৰৰ পৰা নৰা আনি ৰ’দত শুকাই দম কৰি থৈছিল।

গাঁৱৰ প্ৰায়বোৰ পৰিয়ালতে ঢেঁকীত চিৰা আৰু সান্দহ গুড়ি খুন্দা কামটো এৰাতি এদিন ধৰি চলিছিল। চিৰাৰ বাবে নিৰ্বাচিত ধানখিনি এৰাতি এদিন পানীত তিয়াই ৰাখিছিল। সেইদৰে গুড়া সান্দহৰ বাবেও চাউল সাজু কৰি ৰখা হৈছিল। তেতিয়াৰ দিনত গাঁৱৰ গাভৰু ছোৱালীবোৰে খবৰ পালেই উপযাচি ৰাতি টোপনি খতি কৰি চিৰা আৰু গুড়া সান্দহ ভজা আৰু খুন্দা কামত সহায় কৰি দিছিলহি। এই কামটো বিহুৰ কেইদিনমান আগতে কৰা হৈছিল। চিৰাৰ বাবে ধান ৰ’দোৱা, পানীত তিওৱাকে ধৰি সান্দহৰ প্ৰস্তুতি কেইবাদিন ধৰি চলিছিল।

মাঘৰ দোমাহী উপলক্ষ্যে কেইবাদিন আগৰে পৰা চৌকাৰ ছাইৰ পৰা প্ৰস্তুত খাৰনিৰে কাপোৰবোৰ সিজাই জাক জাক গাভৰুৱে নৈ, ৰাজহুৱা পুখুৰী আদিত ধুই পথাৰত মেলি দিয়াটো আছিল অতীতৰ এই অঞ্চলৰ গ্ৰাম্য জীৱনৰ এক অঘোষিত নিয়ম। সেয়া আছিল এক নয়ন জুৰোৱা দৃশ্য। বজাৰত চাবোন আৰু ডিটাৰজেণ্ট পাউদাৰ ওলোৱাত আৰু ঘৰে ঘৰে দমকল হোৱাত এই দৃশ্য দেখিবলৈ নোপোৱা হ’ল। তেতিয়াৰ দিনত মানুহে মূৰ গা ধুইছিল কলাখাৰ অথবা ঔ টেঙাৰ বীজেৰে।

উৰুকাৰ দিনা সন্ধিয়াৰ আগে আগে ঘৰে ঘৰে চুঙা পিঠা পোৰা হয়। এই অঞ্চলত চুঙা পিঠা বুলিলে বৰা ধানৰ চাউলেৰে বাঁহৰ চুঙাত সিজোৱা পিঠাক বুজায়। চুঙা পিঠাৰ বাবে আঁপইতা কোঁটোহা বাঁহ (কটা বাঁহ) সবাতো উৎকৃষ্ট। এই বাঁহেৰে পোৰা চুঙা পিঠা বাঁহৰ ভিতৰৰ আঁহেৰে সৈতে সুন্দৰকৈ এৰাই আঁহে। কোঁটোহা অবিহনে ভলুকা, মকাল বা জাতি বাঁহেৰেও কাম চলোৱা হয়। জাতি বাঁহৰ চুঙাৰ পৰা পিঠা এৰুৱাবলৈ বৰ অসুবিধা। চুঙা পিঠাৰ বাবে আগদিনা ৰাতিয়ে বৰা চাউল তিয়াই ৰখা হয়। পাছদিনা দুপৰীয়া চুঙাবোৰ ধুই-পখালি তাত জোখ মতে পানী দি চাউল ভৰোৱা হয়। সাধাৰণতে চুঙাবোৰ দুপবীয়া হয়। দুই পাবৰ মাজৰ গাঁথিটো লোহাৰ জোং এডালেৰে ফুটা কৰি দুয়োটা পাবতে চাউল ভৰাব পৰা কৰি লোৱা হয়। চাউল ভৰাওঁতে সেইবাবে শলা এডালেৰে খুচি খুচি ভৰাব লাগে। চাউল আৰু পানী ভৰাই চুঙাৰ মুখত ধানখেৰেৰে টানকৈ এটা সোপা দিয়া হয়। গুড়ি পিঠা চাউলৰ গুড়িৰ সৈতে জুলীয়া গুড় সানি সেই গুড়ি জাতি বাঁহৰ সৰু এপবীয়া চুঙাত ভৰাই পোৰা হয়। গুড়ি পিঠা চাউলৰ চুঙাতকৈ কম পৰিমাণে পোৰা হয়।

চুঙাবোৰ সাজু কৰাৰ পাছত সুবিধাজনক ঠাইত দুয়োফালে দুটা কলগছৰ টুকুৰাৰ খুঁটি পুতি ওপৰত দীঘলকৈ কলগছ (কলদাঁহি) এডাল দি তাত চুঙাবোৰ আওজাই বিপৰীতফালে আগতে শুকাই-উবাই থোৱা নৰাৰে জুই দিয়া হয়। মাজে মাজে চুঙাবোৰ লুটিয়াই বগৰাই ভিতৰৰ চাউলবোৰ ভালদৰে সিজিবলৈ দিব লাগে। এটা সময়ত চুঙা পিঠা পোৰা পৰ্ব সমাপ্ত হয়। চুঙা পোৰাৰ পাছত জুহালৰ আখলত বিবিধ প্ৰকাৰৰ পিঠা আৰু লাৰু তৈয়াৰ কৰাৰ পৰ্ব চলে। এনে পিঠাৰ ভিতৰত বৰা চাউলৰ গুড়িৰে খোলাত জুলীয়া গুৰেৰে ভজা নাৰিকল/তিল দিয়া পিঠা উল্লেখযোগ্য। এই পিঠাৰ আকৃতি দুই প্ৰকাৰৰ। এবিধ অৰ্ধচন্দ্ৰাকৃতিৰ আৰু আনবিধ দুয়োফালে জাপ খুওৱা। ইয়াৰ স্থানীয় নাম “হাপে’নে পিঠে।” মান্যভাষাত খোলা চাপৰি পিঠা। এই অঞ্চলত আকৌ খোলা চাপৰি পিঠা (খোলা চাপেৰি পিথে) বুলিলে হাজাৰমুখী পিঠাকহে বুজা যায়। পিঠাৰ লগতে নাৰিকল আৰু তিলৰ লাৰুও সজা হয়।

দোমাহীৰ দিনা সকলোৱে চাউলৰ চুঙা পিঠা দৈ আৰু জুলীয়া গুড়েৰে খায়। আগেয়ে গাঁৱৰ প্ৰতিঘৰ মানুহৰে কুঁহিয়াৰৰ খেতি আছিল। সকলোৱে লগ লাগি কুঁহিয়াৰ-শাল পাতি কুঁহিয়াৰৰ ৰস উলিয়াই, পগাই, কলহত ভৰাই, কল-বখুৱাৰ সাঁফৰ দি চাঙত থৈ দিছিল। কুঁহিয়াৰ পেৰা আৰু গুড় পগোৱাটো আছিল প্ৰতিখন গাঁৱৰে একোটা উৎসৱৰ লেখীয়া। আজি কালি “সাত পো সাত নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি” নীতি মানি এতিয়া মানুহে কুঁহিয়াৰ খেতি কৰিবলৈ এৰি পেলাইছে। কাৰণ এই খেতিত যথেষ্ট পৰিশ্ৰম হয়। মানুহো লাগে বেছি। যৌথ পৰিয়ালত আগেয়ে সেই সুবিধা আছিল। বৰ্তমান একক পৰিয়ালৰ দ্বাৰা কুঁহিয়াৰৰ খেতি চম্ভালা কঠিন হৈ পৰাটোৱেই এনে খেতিৰ প্ৰতি অনীহা অহাৰ ঘাই কাৰণ। কুঁহিয়াৰৰ কথা বাদেই এতিয়া ধানখেতি কৰা মানুহো লাহে লাহে নোহোৱা হৈ আহিছে। সম্প্ৰতি এই অঞ্চলৰ মানুহে দোমাহীৰ আগে আগে কামৰূপ আৰু দৰঙৰ সীমা বৰনদীৰ পাৰৰ ডুমুনীচকীত বহা শনিবৰীয়া হাটৰ পৰা জুলীয়া গুড় কিনি আনে। কোৱা বাহুল্য যে দৰং জিলাত এতিয়াও প্ৰচুৰ পৰিমাণে কুঁহিয়াৰ খেতি হয়। দৰঙত জুলীয়া গুড়ক ‘চুৰা’বোলে।

আগতে উৰুকাৰ ভোজ গাঁৱৰ চেঙেলীয়া ল’ৰাখিনিয়ে লগ লাগি মঠ বা নামান্তৰে ভেলাঘৰৰ তলত খাইছিল। ভাত ৰান্ধিছিল আহল-বহল মঠটোৰ ভিতৰত। এই ভোজৰ মুখ্য আকৰ্ষণ আছিল বিশেষ প্ৰজাতিৰ হাঁহৰ মাংস। এই হাঁহ কিন্তু এলামূলা হাঁহ নহয়। চীনা আৰু পাতিহাঁহৰ ক্ৰছ এবিধ বিশেষ হাঁহ। ইয়াৰ স্থানীয় নাম ‘কে’চ্চে হাঁহ’। ‘কে’চ্চে’ শব্দটোক মান্য ভাষাৰ নিয়মেৰে বান্ধি আজিকালি ‘কেৰেচীয়া’ কৰা হৈছে। ‘কে’চ্চে’ শব্দটো ইংৰাজী cross-ৰ অপভ্ৰংশ যেন অনুমান হয়। এসময়ত স্থানীয় গালি-গালাজতো এই শব্দটোৰ বহুল প্ৰয়োগ হৈছিল। কোৱা বাহুল্য যে, এই প্ৰজাতিৰ হাঁহ অকল মাংসৰ বাবেই বিখ্যাত। এই হাঁহে কণী নিদিয়ে। বহুতে ব্যাৱসায়িক ভিত্তিত এইবিধ হাঁহ পোহে। মাইকী পাতিহাঁহৰ (মতা আৰু মাইকী হাঁহ বুজাবলৈ স্থানীয়ভাৱে ক্ৰমে হঁহা আৰু হাঁহ্নী শব্দ দুটাৰ প্ৰচলন লক্ষণীয়) সৈতে মতা চীনা হাঁহ এটা ৰাখিলে সময়ত পাতিহাঁহে যি কণী দিয়ে, সেই কণী উমনি দি এইবিধ হাঁহৰ উৎপাদন কৰা হয়। পাতিদৰং অঞ্চলত এইবিধ হাঁহৰ চাহিদা যথেষ্ট বেছি। এই হাঁহৰ মাংসেৰে উৰুকাৰ ভোজ খোৱা নিয়ম এতিয়াও আছে যদিও, পূৰ্বৰ সমাজো নাই, তেনে উৎসাহো নাই। ব্যক্তিকেন্দ্ৰিকতাৰ বুকুত সকলো যেন হেৰাই গ’ল। গাঁৱৰ সমাজবোৰো এতিয়া বিভিন্ন খেলত বিভক্ত হ’ল।

উৰুকাৰ দিনা ৰাতি মঠৰ তলত ভোজ-ভাত খোৱা চেঙেলীয়া ল’ৰাবোৰে মানুহৰ বাৰীৰ জেওৰা আদি গৃহস্থৰ বিশেষ অনিষ্ট নোহোৱাকৈ ভাঙি আনি জুইত পুৰিছিল। সেই লৈ দোমাহীৰ দিনা কোনো কোনো গৃহস্থই গুৱাল-গালি দিয়াটো আছিল তেনই সাধাৰণ কথা। বৰং সেই গালিৰ মাদকতা খেলুৱৈসুলভ মানসিকতাৰে সকলোৱে উপভোগ কৰিছিল।

ভেলাঘৰক এই অঞ্চলত মঠ বুলি কয়। মঠ বোলাৰ কাৰণ হ’ল, ইয়াৰ আকৃতি মন্দিৰৰ মঠটোৰ দৰে। সাধাৰণতে মাজত এডাল বাঁহ পুতি লৈ তাত ঘূৰণীয়াকৈ কেইবাডালো বাঁহৰ আগলি ঘোৰ খুৱাই একেলগে বান্ধি তাৰ চাৰিওফালে কলগছৰ শুকান চোঁচনি মেৰিয়াই মঠ সজা হয়। মঠৰ আকৃতি অনুসাৰে চোঁচনি বন্ধা ‘বেচা’ৰ সংখ্যা কম-বেছি হয়। ডাঙৰ আকৃতিৰ মঠ সাজিবলৈ বাঁহৰ গুৰিৰফালে সামান্য এৰি গোটেই বাঁহডালেই ব্যৱহাৰ কৰা হয়। মাজৰ খুটাটোৰ পৰা যিমানেই আঁতৰত কাষৰ বাঁহবোৰ পুতিব মঠ সিমানেই ডাঙৰ হ’ব। মঠৰ ভিতৰৰ অংশৰ নাম ‘গভাল’ (গৰ্ভগৃহ)।

মঠ সাজিবলৈ অনা বাঁহৰ নাম জখ্লা (জখলা)। এই জখলাৰ অব্যৱহৃত গুৰি অংশৰ স্থানীয় নাম ‘গহ্ৰে’নে’। সেইবোৰেৰে বিহুৰ দিনা পুৱা পুঁজি পুওৱা হয়। আগতে মূল মঠটোৰ পৰা সামান্য আঁতৰত নৰাৰে সজা পুঁজিটোত কোনে প্ৰথমে জুই দিব পাৰিব সেই লৈ এক অঘোষিত প্ৰতিযোগিতা চলিছিল। বৰেৰ পুৱাই (বোৱাৰী পুৱা/দোকমোকালি) উঠি গা-পা ধুইহে পুঁজিত জুই লগোৱা নিয়ম আছিল। পুঁজিত জুই লগাই তাৰ ওপৰত ৰৈ যোৱা বাঁহৰ গুৰিবোৰ (গহ্ৰে’নে) এডাল দুডালকৈ জাপি দি জ্বলোৱা হয়। বয়সস্থসকল হাতত তামোল-পাণ লৈ কিছু পলমকৈ পুঁজি পুৱাবলৈ আহে। এযোৰ তামোল-পাণৰ আধা মঠৰ গুৰিত দি বাকী আধাৰ তামোলটো পুঁজিৰ জুইত দি পাণপাত আঁতৰত পেলাই দিয়ে। স্থানীয় লোক-বিশ্বাস অনুসৰি পাণ হেনো পুৰিব নাপায়। সি যি কি নহওক, তাৰ পাছত পুঁজিৰ ছাইৰে কপালত ফোঁট লয়। সেই ছাই নি গোহালিৰ গৰুৰ কপালত ফোঁট দি চৰিবলৈ এৰি দিয়ে। সেইদিনাৰ পৰা ব’হাগৰ দোমাহী পৰ্যন্ত গৰুক দৰখ নিদি (এৰাল দিয়া) মুকলি মূৰীয়াকৈ ঘূৰি ফুৰিবলৈ দিয়াটো আছিল নিয়ম। আজিকালি ৰবি শষ্য কৰিবলৈ লোৱাৰ পৰাহে বাৰ মাহে গৰুক দৰখত ৰখা হয়। কোনো কোনো পৰিয়ালে পুঁজিৰ গুৰিত লগ লগা মানুহখিনিৰ মাজত লাৰু-পিঠাও বিলায়। সেই দিনা পুৱাই উঠি ঘৰ-চোতাল মচি-কাচি পৰিষ্কাৰ কৰা হয়। দিনৰ ভাগত মঠৰ গুৰিত বা ৰাজহুৱা নামঘৰত ৰাইজে মিলি নাম-কীৰ্তন কৰে।

দোমাহীৰ দিনা পুঁৱতি নিশা কোনো কোনোৱে নিজৰ ঘৰৰ চোতালৰ এচুকত একুৰা জুই ধৰি বাঁহৰ আগলিৰ হিলৈ ফুটায়। এই অঞ্চলত সেই দিনা দোকমোকালি পৰত ‘বাৰী জগোৱা’ নিয়ম অতীতৰে পৰা চলি আহিছে। বাৰী জগোৱা মানে টাঙোন এডালেৰে নাৰিকল, তামোল, আম, কঠাল আদি গছত কোবাই কোবাই “আম, কঠাল, লেতুক, পলেম লাগ লাগ লাগ ঐ” বুলি চিঞৰা। তেতিয়াহে হেনো লাগনি গছৰ ডাল ভৰি ভৰি ফলমূল লাগে।

আগতে দোমাহীৰ দিনা দিনৰ ভাগত ভাত ৰন্ধা নিয়ম নাছিল। ৰাতিৰ বাহী ভাতকে সকলোৱে খাইছিল। এতিয়া অৱশ্যে ‘তেহিনো দিৱসা গতা’। আজিকালি বাহী ভাত-আঞ্জা কোনেও নাখায়।

অঞ্চলটোত মঠ বা আন কথাত ভেলাঘৰ সন্ধিয়া জ্বলোৱা নিয়ম। চেঙেলীয়া ল’ৰাবোৰে হাতত জুইৰ জোৰ লৈ লগে ভাগে মঠ জ্বলায়। ওচৰৰ কোনো কোনো গাঁৱত ৰাতিপুৱাই আকৌ ৰাতিপুৱাই মঠ জ্বলায়। জুই কম হৈ অহাৰ লগে লগে ফটকা ফুটাৰ দৰে বাঁহৰ আগলিৰ হিলৈ ফুটাটো মঠ জ্বলাৰ এক বিশেষ আকৰ্ষণ। এই দোমাহীত লাৰু-পিঠা, দৈ-চিৰা আদি খোৱাই কাম। সন্ধিয়া মঠ জ্বলোৱা হোৱাৰ পাছত দিনত খোৱা পিঠা আদিৰ পৰা হোৱা অপকাৰ গুচাবলৈ ৰাতিৰ সাজত প্ৰায় প্ৰতিঘৰ মানুহে অমিতাৰ খাৰ খায়।

আগেয়ে মাঘৰ পহিলা দিনটোত পুৱাবেলা ৰাতিৰ বাহী ভাত-আঞ্জা খোৱা নিয়ম আছিল। ইয়াৰ নাম মাঘ পন্তা (মাঘৰ পঁইতা)। এই ভাত খালে হেনো বাঘৰ সমান বল হয়। সেয়া তেতিয়াৰ জন-বিশ্বাস। আজিকালি চৰুত ৰাতিৰ বাহী ভাত কাৰোৱেই নাথাকে। গতিকে মাঘ-পন্তা এতিয়া কোনেও নাখায়।
বিয়া-বাৰু কৰোৱা মানুহবোৰে এই দিনটোতে শহুৰেকৰ ঘৰত এপাক মাৰি সেৱা এটি জনাই অহাটো এই অঞ্চলৰ মাঘৰ দোমাহীৰ এক অঘোষিত নিয়ম। সেই নিয়মৰ আজিও হেৰ-ফেৰ হোৱা নাই।


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments