ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

পানবজাৰ আৰু তুমি: দেৱজ্যোতি মহন্ত

শুক্ৰেশ্বৰ ঘাটত
তোমাৰ কাজল কাজল দুচকু
মোৰ চহৰত
আজিও কেৱল বৰষুণ ।
কাছাৰী ষ্টপেজৰ
ধুনীয়া অৰু দীঘল বাছকেইখন
ৱেষ্টাৰ্ন বুক ষ্টৰৰ
নতুন কিতাপৰ শাৰীবোৰ
আৰু ৰাজগড় ৰোডৰ
আটাইতকৈ জৰাজীৰ্ণ ৰিক্সাখন …..
আজিও আছেনে তোমাৰ সোঁৱৰণীত
পানবজাৰ হেনো
অলপো সলনি হোৱা নাই,
নাই মাথো তোমাৰ হাঁহিৰ খিলখিলনি
আৰু মোৰ
দীঘল বাছকেইখনত উঠি
ভঙাগড়লৈ যোৱাৰ হাবিয়াস …..

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!