পানীপুৰী বিক্ৰীৰপৰা ক্ৰিকেটৰ শতপতিলৈঃ এটি অনুপ্ৰেৰণামূলক যাত্ৰা
লেখক- ড° মেহদী আল কাওছাৰ
ভাৰতীয় ক্ৰিকেট দলৰ ২২ বছৰীয়া তৰুণ অপেনিং বেটাৰ যশস্বী জয়ছৱালে ২০২৪ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৫খন মেচৰ টেষ্ট শৃংখলাত একেৰাহে দুখন টেষ্ট মেচত দুটা শতক অৰ্জন কৰি সকলো খেলপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। অষ্ট্ৰেলিয়াত চলি থকা বৰ্ডাৰ-গাভাস্কাৰ টেষ্ট চিৰিজৰ প্ৰথমখন খেলৰ দ্বিতীয় ইনিংছত শতৰান অৰ্জন কৰা যশস্বীয়ে অষ্ট্ৰেলিয়াত যিদৰে খেল প্ৰদৰ্শন কৰি আছে এই ধাৰা অব্যাহত ৰাখিলে ভবিষ্যতে ভাৰতীয় ক্ৰিকেট জগতত তেওঁ বহু সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ব।
কিন্তু যশস্বীৰ এই যাত্ৰা ইমান সহজ নাছিল। ২০০১ চনৰ ২৮ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ ভাদোহীৰ সূৰিয়াৱানত জন্ম লাভ কৰা যশস্বী জয়ছৱালৰ পিতৃ ভূপেন্দ্ৰ জয়ছৱাল এখন সৰু হাৰ্ডৱেৰ ষ্ট’ৰৰ গৰাকী আৰু মাতৃ কাঞ্চন জয়ছৱাল হ’ল গৃহিণী। চাৰিটা সন্তানৰ ভিতৰত যশস্বী।কনিষ্ঠ। তেওঁৰ এজন জ্যেষ্ঠ ভাতৃ আৰু দুগৰাকী জ্যেষ্ঠা ভগ্নী আছে। দহ বছৰ বয়সতে যশস্বী জয়ছৱালে ক্ৰিকেটৰ প্ৰশিক্ষণ ল’বলৈ মুম্বাইৰ আজাদ ময়দানলৈ যায়। প্ৰথমতে কামৰ বিনিময়ত গাখীৰৰ দোকানত থকাৰ সুবিধা পাইছিল যদিও প্ৰেকটিছৰ সময়সূচীৰ বাবে সঘনাই কাম কৰিব নোৱৰাৰ ফলত দোকানীজনে আৰু তেওঁক দোকানত থাকিবলৈ দিয়া নাছিল। ফলত তেওঁ আজাদ মৈদানতেই কাম কৰা মানুহবোৰৰ লগত এটা টেণ্টত থাকিবলৈ লৈছিল।
আজাদ ময়দানৰ টেণ্টত থাকোঁতে যশস্বীয়ে ৰাতি পানীপুৰী বিক্ৰী কৰি কিছু পইছা উপাৰ্জন কৰিছিল। তিনি বছৰ টেণ্টত বাস কৰাৰ পাছত জয়ছৱালৰ প্ৰতিভা ২০১৩ চনৰ ডিচেম্বৰ মাহত চাণ্টাক্ৰুজত ক্ৰিকেট একাডেমী চলোৱা জ্বালা সিঙৰ চকুত পৰে। তেওঁ জয়ছৱালক থকাৰ ব্যৱস্থা কৰি দিছিল আৰু লগতে যশস্বীৰ আইনী অভিভাৱকো হৈছিল।
২০১৯ চনৰ ৭ জানুৱাৰীত ২০১৮–১৯ বৰ্ষৰ ৰঞ্জী ট্ৰফীত মুম্বাই দলৰ হৈ জয়ছৱালৰ প্ৰথম শ্ৰেণী ক্ৰিকেটত অভিষেক ঘটে। তাৰোপৰি ২০১৯ চনৰ ২৮ ছেপ্টেম্বৰত ২০১৯–২০ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত লিষ্ট-এৰ হৈ জয়ছৱালৰ অভিষেক ঘটে। ২০১৯ চনৰ ১৬ অক্টোবৰত ঝাৰখণ্ডৰ বিৰুদ্ধে বিজয় হাজাৰে ট্ৰফীৰ এখন খেলত তেওঁ ১৫৪টা বলত ২০৩ ৰান সংগ্ৰহ কৰে আৰু ১৭ বছৰ ২৯২ দিন বয়সত লিষ্ট-এ ক্ৰিকেট ইতিহাসৰ আটাইতকৈ কম বয়সীয়া ডাবল চেঞ্চুৰিয়ান হিচাপে পৰিগণিত হয়। ২০২০ চনৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপত জয়ছৱালে সৰ্বাধিক ৰান সংগ্ৰহ কৰি প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল। ২০২৩ চনৰ জুলাই মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেছত যশস্বী জয়ছৱালৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটে আৰু প্ৰথম ইনিংছতে তেওঁ শতক অৰ্জন কৰে। ঘৰুৱা ক্ৰিকেটত যশস্বী মুম্বাই দলৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ খেলে।
জীৱনত লক্ষ্য স্থিৰ থাকিলে আৰু সেই লক্ষ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিলে নিশ্চিতভাৱে মানুহ সফল হয়। যশস্বীৰ এই যাত্ৰা যেন কেতিয়াও থমকি নৰয়। যুৱ প্ৰজন্মৰ বাবে যশস্বী জয়ছৱাল সঁচাকৈয়ে এক প্ৰেৰণা।